ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es26 পৃষ্ঠা ৮৪-৯৭
  • জুলাই

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
  • উপশীৰ্ষক
  • বুধবাৰ, ১ জুলাই
  • বৃহস্পতিবাৰ, ২ জুলাই
  • শুক্ৰবাৰ, ৩ জুলাই
  • শনিবাৰ, ৪ জুলাই
  • দেওবাৰ, ৫ জুলাই
  • সোমবাৰ, ৬ জুলাই
  • মঙ্গলবাৰ, ৭ জুলাই
  • বুধবাৰ, ৮ জুলাই
  • বৃহস্পতিবাৰ, ৯ জুলাই
  • শুক্ৰবাৰ, ১০ জুলাই
  • শনিবাৰ, ১১ জুলাই
  • দেওবাৰ, ১২ জুলাই
  • সোমবাৰ, ১৩ জুলাই
  • মঙ্গলবাৰ, ১৪ জুলাই
  • বুধবাৰ, ১৫ জুলাই
  • বৃহস্পতিবাৰ, ১৬ জুলাই
  • শুক্ৰবাৰ, ১৭ জুলাই
  • শনিবাৰ, ১৮ জুলাই
  • দেওবাৰ, ১৯ জুলাই
  • সোমবাৰ, ২০ জুলাই
  • মঙ্গলবাৰ, ২১ জুলাই
  • বুধবাৰ, ২২ জুলাই
  • বৃহস্পতিবাৰ, ২৩ জুলাই
  • শুক্ৰবাৰ, ২৪ জুলাই
  • শনিবাৰ, ২৫ জুলাই
  • দেওবাৰ, ২৬ জুলাই
  • সোমবাৰ, ২৭ জুলাই
  • মঙ্গলবাৰ, ২৮ জুলাই
  • বুধবাৰ, ২৯ জুলাই
  • বৃহস্পতিবাৰ, ৩০ জুলাই
  • শুক্ৰবাৰ, ৩১ জুলাই
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
es26 পৃষ্ঠা ৮৪-৯৭

জুলাই

বুধবাৰ, ১ জুলাই

ধাৰ্ম্মিকক পৰিত্যক্ত হোৱা মই দেখা নাই।—গীত. ৩৭:২৫.

ঈশ্বৰৰ এনে কিছুমান সেৱক আছে, যিসকলে বৃদ্ধ হৈ পৰিছে, বেমাৰ বা অক্ষম হয়। তেওঁলোকে যিহোৱাৰ সেৱাত যিমান কৰিব বিচাৰে, সিমান কৰিব নোৱাৰে। সেইবাবে, তেওঁলোকে নিজকে একেবাৰে অযোগ্য বুলি ভাবে আৰু ভাবিব পাৰে যে ‘মই এতিয়াও যিহোৱাৰ কোনো কামৰ যোগ্য হওঁ নে?’ গীতমালা ৭১-ৰ লেখকজনৰ মনতো হয়তো এনেধৰণৰ প্ৰশ্ন আহিছিল। তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল। “মই বলহীন হোৱা কালত মোক নেৰিবা।” (গীত. ৭১:৯, ১৮) কিন্তু তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে যদি তেওঁ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থাকে, তেনেহʼলে যিহোৱাই তেওঁক নিশ্চয় চম্ভালিব আৰু তেওঁক সঠিক পথ দেখুৱাব। তেওঁ এয়াও জানিলে যে যদি আমি নিজৰ পৰিস্থিতিৰ অনুসৰি সম্পূৰ্ণৰূপে কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে এয়া চাই যিহোৱাই বৰ আনন্দিত হয়। মৰমৰ বৃদ্ধ ভাই-ভনীসকল, আপোনালোকে নিজকে যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। আপোনালোকে হয়তো দিনক-দিনে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে, কিন্তু যিহোৱাৰ লগত থকা আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হৈ গৈ আছে। (গীত. ৯২:১২-১৫) সেইবাবে, আপোনালোকে কি কৰিব নোৱাৰে তালৈ ধ্যান দিয়াৰ পৰিৱৰ্তে আপোনালোকে কি কৰিব পাৰে তালৈ ধ্যান দিয়ক। w২৪.১০ ২৮ ¶১৪-১৬

বৃহস্পতিবাৰ, ২ জুলাই

মূৰ্তিবোৰক উছৰ্গা কৰা বস্তুবোৰ খোৱাৰ বিষয়ে আমি জানোঁ যে মূৰ্তি এই জগতত একোৱেই নহয়।—১ কৰি. ৮:৪.

কিছুমান ক্ষেত্ৰত বাইবেলত কোনো নিয়ম দিয়া নাই। এনে পৰিস্থিতিত আমি বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিৰ্ণয় লʼবলগীয়া হয়। কিন্তু এনে পৰিস্থিতিত যিসকল খ্ৰীষ্টান পৰিপক্ক নহয়, তেওঁলোকৰ বাবে নিৰ্ণয় লʼবলৈ কঠিন হʼব পাৰে। এনে পৰিস্থিতিত কিছুমানে যি ভাল পাই সেয়াই কৰে আৰু আন কিছুমানে এই ক্ষেত্ৰত কিবা নিয়ম বনোৱা উচিত বুলি ভাবে। প্ৰাচীন সময়ত কৰিন্থৰ মণ্ডলীতো এনেধৰণৰ কিছুমান লোক আছিল। তেওঁলোকৰ মনতো কিছুমান প্ৰশ্ন আছিল। মূৰ্তিৰ আগত অৰ্পণ কৰা বস্তু খাব পাৰি নে নোৱাৰি? সেইবাবে, তেওঁলোকে পাঁচনি পৌলক এই বিষয়ে সুধিছিল, যাতে তেওঁ কোনো নিয়ম বনাই দিয়ে। কিন্তু পৌলে কোনো নিয়ম বনোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ তেওঁলোকক জনালে যে এই বিষয়টো বিবেকৰ ওপৰত এৰি দিয়া হৈছে আৰু প্ৰতিজনে ‘নিজৰ নিৰ্ণয় নিজে লোৱাৰ অধিকাৰ আছে।’ পৌলে তেওঁলোকক কিছুমান সিদ্ধান্ত জনালে, যাৰ যোগেদি তেওঁলোকে এনেধৰণৰ নিৰ্ণয় লʼব পাৰে যাতে বিবেকে তেওঁলোকক খুচি নাথাকে আৰু আনে উজটি খোৱাৰ কাৰণো নহয়। (১ কৰি. ৮:৭-৯) পৌলে তেওঁলোকক বুজালে যে কোনো নিৰ্ণয় লোৱাৰ বাবে তেওঁলোকে আনক সোধা বা কোনো নিয়ম বনোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে নিজৰ বুজা শক্তি ব্যৱহাৰ কৰি সঠিক নিৰ্ণয় লʼব পাৰে। এইদৰে পৌলে তেওঁলোকক পৰিপক্ক হʼবলৈ শিকালে। w২৪.০৪ ৫ ¶১৪

শুক্ৰবাৰ, ৩ জুলাই

মই যিহোৱাই প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁ।—যিৰি. ১৭:১০.

যোনাৰ সময়ত, নীনবিৰ লোকসকলে অনুতাপ কৰিবলৈ সুযোগ পাইছিল, কিন্তু চদোম আৰু ঘমোৰাৰ লোকসকলে সুযোগ পোৱা নাছিল। যীচুৱে কৈছিল যে “যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” (যোহ. ৫:২৯) সেইবাবে, আমি কʼব পাৰোঁ যে চদোম আৰু ঘমোৰাৰ কিছুমান লোকক আকৌ জীয়াই তোলা হʼব আৰু আমি তেওঁলোকক যিহোৱা আৰু যীচুৰ বিষয়ে শিকাবলৈ সুযোগ পাম। যিহোৱাই প্ৰতিজন মানুহৰ ‘মনৰ বিচাৰ’ কৰে আৰু হৃদয় পৰীক্ষা কৰে। সেইবাবে, ভৱিষ্যতে যেতিয়া যিহোৱাই কাক জীয়াই তুলিব বুলি নিৰ্ণয় লʼব, সেই সময়ত তেওঁ ‘প্ৰতিজন মানুহৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি তেওঁলোকক প্ৰতিফল দিব।’ যদি প্ৰয়োজন হয়, তেনেহʼলে তেওঁ কঠোৰতাৰে ব্যৱহাৰ কৰিব, কিন্তু সম্ভৱ হʼলে দয়া দেখুৱাব। সেইবাবে, কোনো এজন ব্যক্তিক জীয়াই তোলা নহʼব বুলি কোৱাটো উচিত নহয়। যিসকল লোকৰ বিষয়ে বাইবেলত কোৱা হৈছে, আমি কেৱল তেওঁলোকৰ বিষয়েহে এইদৰে কʼব পাৰোঁ। w২৪.০৫ ৫-৬ ¶১৫-১৬

শনিবাৰ, ৪ জুলাই

ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।—যিচ. ৪১:১৩.

প্ৰাচীন সময়ত ঈশ্বৰৰ বহুতো সেৱকক এনে দায়িত্ব দিয়া হৈছিল, যি তেওঁলোকক কঠিন লাগিছিল। কিন্তু যেতিয়া তেওঁলোকে ঈশ্বৰৰ বাৰ্ত্তাৰ ওপৰত ধ্যান দিলে, তেতিয়া তেওঁলোকে সাহস পালে আৰু সেই দায়িত্ব পূৰ কৰিব পাৰিলে। ভৱিষ্যবক্তা যিৰিমিয়াৰ বিষয়ে চিন্তা কৰক। যিহোৱাই তেওঁক প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছিল, কিন্তু তেওঁ ভয় কৰিছিল। তেওঁ যিহোৱাক এইদৰে কʼলে, “মই কথা কব নাজানো; কিয়নো মই লৰা মানুহ।” (যিৰি. ১:৬) তেনেহʼলে নিজৰ ভয় নিয়ন্ত্ৰণ কৰিবলৈ কি কথাই তেওঁক সহায় কৰিলে? তেওঁক যিহোৱাৰ বাৰ্তাই সাহস দিলে। তেওঁ এইদৰে কʼলে, “মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে।” (যিৰি. ২০:৮, ৯) যিৰিমিয়াক এনে লোকসকলক প্ৰচাৰ কৰিব লাগিছিল, যিসকলে তেওঁৰ কথা শুনিব বিচৰা নাছিল। তথাপিও যেতিয়া তেওঁ এই বাৰ্তাৰ ওপৰত ধ্যান দিলে যে এয়া কিমান গুৰুত্বপূৰ্ণ, তেতিয়া তেওঁ বাৰ্তা শুনাবলৈ আগবাঢ়ি আহিলে। আজি আমিও যিহোৱাৰ বাৰ্তা বা তেওঁৰ বাক্যৰ পৰা সাহস পাওঁ। পাঁচনি পৌলে ভাই-ভনীসকলক সঠিক জ্ঞান লৈ থাকিবলৈ উৎসাহিত কৰিলে। কিয় বাৰু? যাতে তেওঁলোকে এনেধৰণৰ আচাৰ-ব্যৱহাৰ বজাই ৰাখিব পাৰে, যি যিহোৱাৰ সেৱকসকলৰ হোৱা উচিত আৰু সকলো প্ৰকাৰৰ ভাল কাম কৰি ফল উৎপন্ন কৰি গৈ থাকে।—কল. ১:৯, ১০. w২৪.০৪ ১৪-১৫ ¶২-৪

দেওবাৰ, ৫ জুলাই

চাদোক পুৰোহিতে . . . চলোমনক অভিষেক কৰিলে।—১ ৰাজা. ১:৩৯.

চাদোকে দায়ূদৰ বিশ্বাসী হৈ থাকিল, যদিও মহা পুৰোহিত অবিয়াথৰে দায়ূদৰ পুত্ৰ অদোনিয়াক সহযোগ কৰিছিল, যিয়ে ৰাজসিংহাসন কাঢ়ি লʼব বিচাৰিছিল। দায়ূদে চাদোকৰ ওপৰত বহুত ভৰসা কৰিছিল, সেইবাবে যেতিয়া তেওঁ অদোনিয়াৰ ষড়যন্ত্ৰৰ বিষয়ে গʼম পালে, তেতিয়া চাদোক, নাথন আৰু বনায়াক মাতি চলোমনক ৰজা পাতিবলৈ কʼলে। (১ ৰাজা. ১:৩২-৩৪) খন্তেকৰ বাবে চিন্তা কৰকচোন, যেতিয়া চাদোকে নাথন আৰু আন সেৱকসকলে দায়ূদৰ বিশ্বাসী হৈ থকা দেখিলে, তেতিয়া চাদোকে কিমান সাহস পালে। সেইবাবে, তেওঁ দায়ূদৰ বিশ্বাসী হৈ থাকিব পাৰিলে। পাছত যেতিয়া চলোমন ৰজা হʼল, তেতিয়া তেওঁ “অবিয়াথৰৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।” (১ ৰাজা. ২:৩৫) যেতিয়া আপোনাৰ কোনো আপোনজনাই যিহোৱাক এৰি গুচি যায়, তেতিয়া চাদোকৰ দৰে নিজৰ কামেৰে দেখুৱাওক যে আপুনি যিহোৱাৰ বিশ্বাসী হৈ আছে। (যিহো. ২৪:১৫) এইদৰে কৰিবলৈ যিহোৱাই আপোনাক সহায় কৰিব। সেইবাবে, প্ৰাৰ্থনা কৰি থাকক আৰু যিহোৱাৰ বিশ্বাসী হৈ থকা বন্ধুসকলৰ লগত থাকক। মনত ৰাখক যে বিশ্বাসী হৈ থাকিলে যিহোৱাই আনন্দিত হʼব আৰু ইয়াৰ বাবে তেওঁ আপোনাক পুৰস্কাৰো দিব।—২ চমূ. ২২:২৬. w২৪.০৭ ৬ ¶১৬-১৭

সোমবাৰ, ৬ জুলাই

আহা আমি উত্তম কাম কৰিবলৈ হাৰ নামানোঁ।—গালা. ৬:৯.

গীতমালা ১৫:২ পদত কোৱা হৈছে যে যিহোৱাৰ বন্ধুসকলে “যথাৰ্থ আচৰণ” কৰে অৰ্থাৎ নিষ্কলংক হৈ থাকে আৰু সদায় সঠিক কাম কৰে। এই পদৰ পৰা জানিব পাৰি যে যিহোৱাৰ বন্ধু হৈ থাকিবলৈ আমি সদায় এইদৰে কৰি থাকিব লাগিব। কিন্তু আমি সঁচাকৈ নিষ্কলংক হৈ থাকিব পাৰোঁ নে? পাৰোঁ। এয়া সঁচা যে আমাৰ পৰা ভুল হয়। কিন্তু যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি তেওঁৰ দৃষ্টিত “নিষ্কলংক” হৈ থাকিব পাৰিম। যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো তেওঁৰ লগত এক সম্পৰ্ক গঢ়ি তোলাৰ আৰম্ভণিহে মাথোন। মন কৰক প্ৰাচীন সময়ত ইস্ৰায়েল ৰাষ্ট্ৰত যেতিয়া কাৰোবাৰ জন্ম হৈছিল, তেতিয়া তেওঁ নিজে নিজে যিহোৱাৰ তম্বুত আলহী হʼব নোৱাৰিছিল। উদাহৰণস্বৰূপে, কিছুমান ইস্ৰায়েলীয়ে যিহোৱাৰ উপাসনা কৰিছিল, কিন্তু তেওঁলোকে ‘সত্য আৰু শুদ্ধ মনেৰে’ এইদৰে কৰা নাছিল। (যিচ. ৪৮:১) যিসকল ইস্ৰায়েলীয়ে যিহোৱাৰ তম্বুত থাকিব বিচাৰিছিল, তেওঁলোকে যিহোৱাৰ নিয়মবোৰ জনাৰ প্ৰয়োজন আছিল আৰু সেইবোৰ পালন কৰিবলগীয়া হৈছিল। ঠিক সেইদৰে বৰ্তমান সময়ত যিসকলে যিহোৱাৰ তম্বুত থাকিব বিচাৰে বা তেওঁৰ বন্ধু হৈ থাকিব বিচাৰে তেওঁলোকে কেৱল বাপ্তিষ্মা লোৱা আৰু নিজকে যিহোৱাৰ এজন সাক্ষী বুলি কোৱাটোৱে যথেষ্ট নহয়। আমি সদায় সঠিক কাম কৰিব লাগিব। w২৪.০৬ ৯ ¶৪; ১০ ¶৬

মঙ্গলবাৰ, ৭ জুলাই

‘ঈশ্বৰৰ উদাহৰণত চলা।’—ইফি. ৫:১.

যিহোৱাই মন খুলি আমাক সহায় কৰে। তেওঁ এইদৰে বহুতো উপায়েৰে কৰে। যেনে, তেওঁ প্ৰয়োজনীয় বস্তুবোৰ দিয়ে। আমাৰ ওচৰত সকলো সা-সুবিধা নাথাকিবও পাৰে। কিন্তু যিহোৱাই এই কথাৰ ওপৰত ধ্যান দিয়ে যে আমাৰ প্ৰয়োজনীয়তাবোৰ যাতে পূৰ হয়, যেনে: আহাৰ, কাপোৰ আৰু ঘৰ। (গীত. ৪:৮; মথি ৬:৩১-৩৩; ১ তীম. ৬:৬-৮) যিহোৱাই তেওঁৰ দায়িত্ব হয় বুলি ভাবি আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে নে? নহয়। মথি ৬:২৫, ২৬ পদত লিখা তেওঁৰ শব্দৰ ওপৰত মন কৰক। যীচুৱে চৰাইবোৰৰ বিষয়ে এইদৰে কʼলে, “সিহঁতে শস্য নিসিঁচে, নাদায় আৰু ভঁৰালতো জমা নকৰে, তথাপি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে।” তাৰ পাছত তেওঁ সুধিলে, “তোমালোক সিহঁততকৈ মূল্যৱান নহয় নে?” ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহোৱাই চৰাইবোৰৰ ইমান যত্ন লয়, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰো যত্ন লʼব। সঁচাকৈ, যিহোৱা এজন পিতৃৰ দৰে আমাক বহুত প্ৰেম কৰে আৰু সেইবাবে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে।—গীত. ১৪৫:১৬; মথি ৬:৩২. w২৪.০৯ ২৬-২৭ ¶৪-৬

বুধবাৰ, ৮ জুলাই

যিসকলে ভালদৰে সেৱা কৰে, তেওঁলোকে ভাল নাম অৰ্জন কৰে আৰু . . . যি বিশ্বাস আছে, তাৰ বিষয়ে সংকোচ নকৰাকৈ কʼবলৈ সাহস পায়।—১ তীম. ৩:১৩.

সহায়ক সেৱক বাপ্তিষ্মা লোৱা এনে ভাই হয়, যিসকলক পবিত্ৰ শক্তিৰে নিযুক্ত কৰা হয়। তেওঁলোকে মণ্ডলীৰ বহুতো কামত প্ৰাচীনসকলক সহায় কৰে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে সহায়ক সেৱকসকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকে। তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁৰ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। তেওঁলোকে ভাই-ভনীসকলকো বহুত প্ৰেম কৰে। (মথি ২২:৩৭-৩৯) গতিকে বাপ্তিষ্মা লোৱা এজন ভায়ে সহায়ক সেৱক হʼবলৈ কেনেকৈ আগবাঢ়ি আহিব পাৰে? যিসকল ভায়ে সহায়ক সেৱক হʼব বিচাৰে, তেওঁলোকৰ কি কি যোগ্যতা থকা উচিত, তাৰ বিষয়ে বাইবেলত স্পষ্টকৈ কোৱা হৈছে। (১ তীম. ৩:৮-১০, ১২) যদি আপুনি সহায়ক সেৱক হʼব বিচাৰে, তেনেহʼলে সেই যোগ্যতাবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ কঠিন পৰিশ্ৰম কৰক। কিন্তু প্ৰথমে এই বিষয়ে ধ্যান দিয়ক যে আপুনি কিয় সহায়ক সেৱক হʼব বিচাৰে। w২৪.১১ ১৫ ¶৪-৫

বৃহস্পতিবাৰ, ৯ জুলাই

তোমালোকে . . . ইয়াক মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলি ভাবি গ্ৰহণ কৰিছিলা আৰু এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য।—১ থিচ. ২:১৩.

কিছুমান লোকে কয় যে তেওঁলোকে বহুবাৰ বাইবেল পঢ়িছে। কিন্তু সঁচাকৈ তেওঁলোকে বাইবেলত লিখা কথাবোৰৰ ওপৰত বিশ্বাস কৰে নে আৰু সেই অনুসৰি জীৱন-যাপন কৰে নে? বেছিভাগ লোকে এইদৰে নকৰে। কিন্তু যিহোৱাৰ লোকসকলে জগতৰ লোকসকলৰ পৰা একেবাৰে বেলেগ। আমি ইয়াত লিখা কথাবোৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। এতিয়াও ঈশ্বৰৰ বাক্য পঢ়া আৰু সেই অনুসৰি জীৱন-যাপন কৰাটো সদায় সহজ নহয়। প্ৰতিদিনে বাইবেল পঢ়িবলৈ সময় উলিয়াবলৈ কঠিন হʼব পাৰে। সেইবাবে, আমি খৰখেদাকৈ বাইবেল পঢ়োঁ আৰু তাৰ বিষয়ে গভীৰভাৱে চিন্তা নকৰোঁ। এয়াও হʼব পাৰে যে আমি বহুতো বিষয়ত শুধৰণি কৰিব লাগিব বুলি চিন্তিত হৈ পৰোঁ। এই সমস্যাবোৰ হয়তো আমাৰ বাবে বহুত ডাঙৰ বোজা যেন অনুভৱ হʼব পাৰে। কিন্তু যিহোৱাৰ সহায়ত আমি এয়া পাৰ কৰিব পাৰিম। গতিকে, আহক আমি যিহোৱাৰ বাক্য শুনি পালন কৰা ব্যক্তি হʼম। মনত ৰাখক আমি যিমানে ঈশ্বৰৰ বাক্য পঢ়িম আৰু সেই অনুসৰি জীৱন-যাপন কৰিম, সিমানে আমি আনন্দিত থাকিম।—যাকো. ১:২৫. w২৪.০৯ ৭ ¶১৫-১৬

শুক্ৰবাৰ, ১০ জুলাই

খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব।—লূক ১১:৯.

যেতিয়া আমি মনত বহুত আঘাত পাওঁ, তেতিয়া যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ জৰিয়তে আমাক শান্ত্বনা দিয়ে। যদি আপুনিও কিবা সমস্যাৰ মাজেদি পাৰ হৈছে, যাৰ বাবে আপুনি একেবাৰে ভাঙি পৰিছে, তেনেহʼলে যিহোৱাক মনৰ সকলো কথা খুলি কওক। আপোনাৰ মন যেতিয়ালৈকে শান্ত নহয়, তেতিয়ালৈকে তেওঁলৈ প্ৰাৰ্থনা কৰি থাকক। (গীত. ৮৬:৩; ৮৮:১) যিহোৱাৰ পৰা বাৰে বাৰে পবিত্ৰ শক্তি বিচাৰক। তেওঁ নিশ্চয় আপোনাৰ প্ৰাৰ্থনা শুনিব। আপুনি কিবা ডাঙৰ সমস্যাৰ মাজেদি পাৰ হৈ আছে নে আৰু একেবাৰে ভাগৰি পৰিছে নে? এনে পৰিস্থিতিত যিহোৱাৰ পবিত্ৰ শক্তিয়ে আপোনাক শক্তি দিব পাৰে, যাতে আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰে আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰে। (ইফি. ৩:১৬) যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচৰাৰ পাছত আমি কি কৰিব পাৰোঁ? এনে কামবোৰ কৰক যাৰ পৰা আপুনি আৰু পবিত্ৰ শক্তি পাব পাৰে। যেনে, সভালৈ যাওক, প্ৰচাৰ কৰক, প্ৰতিদিনে বাইবেল পঢ়ক আৰু তাৰ বিষয়ে মনন কৰক। (ফিলি. ৪:৮, ৯) বাইবেলত উল্লেখ থকা সেই লোকসকলৰ বিষয়ে মনন কৰক, যিসকলে সমস্যা সহিছিল আৰু চিন্তা কৰক যে যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছিল। w২৪.১০ ৯ ¶১২-১৪

শনিবাৰ, ১১ জুলাই

ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে।—যোহ. ৩:১৬.

যিহোৱা আৰু যীচুৰ দৰে আমিও লোকসকলক বহুত প্ৰেম কৰোঁ। (হিতো. ৮:৩১) যিসকল লোক ‘ঈশ্বৰহীন’ আৰু “আশাহীন” তেওঁলোকক দেখি আমাৰ দুখ লাগে। (ইফি. ২:১২) তেওঁলোকে বহুতো সমস্যাত ফঁচি আছে, কিন্তু আমাৰ ওচৰত এনে এডাল ৰছী আছে, যাৰ যোগদি আমি তেওঁলোকক বাহিৰলৈ উলিয়াব পাৰোঁ অৰ্থাৎ আমাৰ ওচৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা আছে। যাৰ যোগেদি তেওঁলোকে সেই সমস্যাৰ পৰা ওলাই আহিব পাৰে। আমি লোকসকলক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ। সেইবাবে, আমি যিমান পাৰোঁ সিমান লোকক শুভবাৰ্তাৰ বিষয়ে জনাবলৈ পৰিশ্ৰম কৰোঁ। এই শুভবাৰ্তা তেওঁলোকৰ বাবে বহুত মূল্যৱান। কিয়নো ইয়াৰ যোগেদি তেওঁলোকে বৰ্তমান সময়ত ভালদৰে জীয়াই থাকিব পাৰে আৰু ভৱিষ্যতে নতুন পৃথিৱীত “প্ৰকৃত জীৱন” অৰ্থাৎ সদায় জীয়াই থকাৰ আশা পাব পাৰে। (১ তীম. ৬:১৯) আমি লোকসকলক বহুত প্ৰেম কৰোঁ, সেইবাবে তেওঁলোকক জনাওঁ যে অতি সোনকালে এই দুষ্ট ব্যৱস্থাৰ একেবাৰে ধ্বংস কৰি দিয়া হʼব। (যিহি. ৩৩:৭, ৮) আমি তেওঁলোকক জনাব বিচাৰোঁ যে মহা-সংকটৰ সময়ত কি হʼব। তেওঁ মিছা ধৰ্মক একেবাৰে শেষ কৰিব আৰু তাৰ পাছত হৰমাগিদোনত এই দুষ্ট ব্যৱস্থাক শেষ কৰি দিব।—প্ৰকা. ১৬:১৪, ১৬; ১৭:১৬, ১৭; ১৯:১১, ১৯, ২০. w২৪.০৫ ১৬-১৭ ¶৮-৯

দেওবাৰ, ১২ জুলাই

মৰমৰ ভাইসকল, প্ৰতিশোধ নলʼবা, কিন্তু ক্ৰোধক সুযোগ দিয়া, কিয়নো শাস্ত্ৰত লিখা আছে, “যিহোৱাই কয়, ‘প্ৰতিশোধ লোৱা মোৰ কাম, ময়েই তেওঁলোকক শাস্তি দিম।’”—ৰোম. ১২:১৯.

পৌলে কাক “ক্ৰোধক সুযোগ” দিয়াৰ বিষয়ে কৈছে? এই পদৰ আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে তেওঁ যিহোৱাৰ ক্ৰোধৰ বিষয়ে কৈ আছিল। কিন্তু আমি কেনেকৈ যিহোৱাৰ ক্ৰোধক সুযোগ দিব পাৰোঁ? আমি তেওঁৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ যে তেওঁ নিজৰ সময় আৰু নিজৰ পদ্ধতিৰে ন্যায় কৰিব। ভাই জʼনৰ অনুভৱলৈ ধ্যান দিয়ক, যাৰ লগত অন্যায় হৈছিল। তেওঁ এইদৰে কৈছে, “সমস্যাবোৰ নিজৰ মতে সমাধান কৰাটো মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আছিল। ৰোমীয়া ১২:১৯ পদৰ পৰা মই যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ আৰু তেওঁৰ সময়ৰ বাবে অপেক্ষা কৰিবলৈ সহায় পালোঁ।” যেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ আৰু বিষয়টো তেওঁৰ হাতত এৰি দিওঁ, তেতিয়া আমাৰে লাভ হয়। বিষয়টো আমি নিজেই সমাধান কৰিব লাগে বুলি ভাবি ভাবি চিন্তিত নহওঁ। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ প্ৰতিশোধ লʼব। তেওঁ যেন আমাক কৈ আছে, ‘চিন্তা নকৰিবা, মই সকলো চম্ভালি লʼম।’ যদি আমি তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস ৰাখোঁ, তেনেহʼলে বিষয়টো তেওঁৰ হাতত এৰি দিম আৰু ভৰসা ৰাখিম যে তেওঁ ভালদৰে বিষয়টো সমাধান কৰিব। w২৪.১১ ৬ ¶১৪-১৫

সোমবাৰ, ১৩ জুলাই

প্ৰতিদিনৰ আহাৰ আমাক দি থাকা।—লূক ১১:৩.

আমি মনত ৰখা উচিত যে এইবোৰ আমাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ যোৱা উচিত নহয়। পাঁচনি পৌলেও এই কথা খ্ৰীষ্টানসকলক কৈছিল। তেওঁ তেওঁলোকক ইস্ৰায়েলীসকলৰ ঘটনা মনত পেলাই দিছিল, বিশেষকৈ চিনয় পৰ্বতত হোৱা ঘটনা। পাঁচনি পৌলে কৈছিল যে ‘তেওঁলোকে [ইস্ৰায়েলীসকলে] যিদৰে বেয়া কথাবোৰৰ ইচ্ছা কৰিছিল, ঠিক সেইদৰে আমি যেন নকৰোঁ’ তাৰ প্ৰতি ধ্যান দিয়া। (১ কৰি. ১০:৬, ৭, ১১) যিহোৱাই চমৎকাৰ কৰি ইস্ৰায়েলীসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আহাৰলৈ লোভ কৰাৰ বাবে সেই আহাৰেই তেওঁলোকৰ বাবে ফান্দ হৈ পৰিল। (গণ. ১১:৪-৬, ৩১-৩৪) যেতিয়া তেওঁলোকে সোণৰ দামুৰি বনালে, তেতিয়া তেওঁলোকে খোৱা-বোৱা আৰু আনন্দ ফুৰ্তি কৰাত লাগি থাকিল। (যাত্ৰা. ৩২:৪-৬) পৌলে ইস্ৰায়েলীসকলৰ উদাহৰণ দি খ্ৰীষ্টানসকলক সতৰ্কবাণী দিছিল। তেওঁলোকে এনে সময়ত জীয়াই আছে, যেতিয়া অতি সোনকালে (৭০ খ্ৰীষ্টাব্দত) যিৰূচালেম আৰু তাৰ মন্দিৰ ধ্বংস হʼলহেঁতেন। আজি আমিও জগতৰ একেবাৰে শেষ সময়ত জীয়াই আছোঁ। সেইবাবে, আমিও পৌলৰ এই পৰামৰ্শৰ ওপৰত ধ্যান দিয়াটো অতি গুৰুত্বপূৰ্ণ। w২৪.১২ ৬ ¶১৩

মঙ্গলবাৰ, ১৪ জুলাই

তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।—হিতো. ৫:১৮.

যিহোৱা আনন্দিত ঈশ্বৰ হয় আৰু আমিও আনন্দিত থকাটো তেওঁ বিচাৰে। (১ তীম. ১:১১) সেইবাবে, আমি জীৱনত আনন্দিত থাকিবলৈ তেওঁ আমাক বহুতো উপহাৰ দিছে। (যাকো. ১:১৭) তাৰে মাজৰ এটা হৈছে, বিয়া। যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে বিয়া পাতে, তেতিয়া তেওঁলোকে এজনে-আনজনক প্ৰেম আৰু আদৰ কৰিবলৈ প্ৰতিজ্ঞা কৰে। যেতিয়া তেওঁলোকে এই প্ৰতিজ্ঞা পূৰ কৰে, তেতিয়া তেওঁলোকে আনন্দত থাকে। দুখৰ বিষয় যে আজি বহুতো বিবাহিত দম্পতীয়ে বিয়াৰ সময়ত কৰা প্ৰতিজ্ঞা পাহৰি যায়, যাৰ বাবে তেওঁলোকে আনন্দিত নাথাকে। স্বামীসকলে নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে? নিজৰ পত্নীক আদৰ কৰিবলৈ যিহোৱাই স্বামীসকলক আজ্ঞা দিছে। যদি তেওঁলোকে নিজৰ পত্নীক আদৰ কৰে, তেনেহʼলে তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰো কৰিব।—১ পিত. ৩:৭. w২৫.০১ ৮ ¶১-২; ৯ ¶৪-৫

বুধবাৰ, ১৫ জুলাই

যিহোৱা মোৰ সহায়কৰ্তা হয়, মই ভয় নকৰিম।—ইব্ৰী ১৩:৬.

পাচঁনি পৌলে যিহূদী খ্ৰীষ্টানসকললৈ যি চিঠি লিখিছিল, তাৰ সহায়ত তেওঁলোকে আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ সাজু হʼব পাৰিলে। পৌলে তেওঁলোকক শাস্ত্ৰৰ ভালদৰে অধ্যয়ন কৰিবলৈ আৰু সঠিক জ্ঞান লʼবলৈ কৈছিল। এইদৰে কৰাৰ যোগেদি তেওঁলোকে সেই শিক্ষাক চিনাক্ত কৰি সেইবোৰ অস্বীকাৰ কৰিব পাৰিলেহেঁতেন, যাৰ যোগেদি তেওঁলোকৰ বিশ্বাস দুৰ্বল হʼলহেঁতেন। পৌলে তেওঁলোকক নিজৰ বিশ্বাস মজবুত কৰিবলৈ কৈছিল, যাতে তেওলোকে যীচু আৰু মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলৰ নিৰ্দেশনা লগে লগে পালন কৰিব পাৰে। সমস্যাৰ সময়ত কেনেকৈ ধৈৰ্য্য ধৰিব পাৰি, তাৰ বিষয়েও জনাইছিল। সমস্যাবোৰৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ পৌলে তেওঁলোকক কৈছিল, যাতে তেওঁলোকে বুজিব পাৰে যে যিহোৱাই তেওঁলোকক প্ৰশিক্ষণ দি আছে। আহক ইব্ৰীৰ চিঠিত লিখা পৰামৰ্শবোৰ আমিও পালন কৰোঁ। তেতিয়া আমিও শেষলৈকে ধৈৰ্য্য ধৰিব পাৰিম আৰু বিশ্বাসী হৈ থাকিব পাৰিম।—ইব্ৰী ৩:১৪. w২৪.০৯ ১৩ ¶১৭, ১৯

বৃহস্পতিবাৰ, ১৬ জুলাই

আমাক পবিত্ৰ কৰা হʼল, কিয়নো যীচু খ্ৰীষ্টই এবাৰেই সদায়ৰ কাৰণে নিজৰ শৰীৰ বলিদান হিচাপে আগবঢ়ালে।—ইব্ৰী ১০:১০.

যিহোৱাৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু আমাৰ পাপৰ প্ৰায়শ্চিতৰ বাবে যি মূল্য দিবলগীয়া আছিল, তাক বাইবেলৰ অনুসৰি মুক্তিৰ মূল্য বুলি কোৱা হৈছে। আদমে যি হেৰুৱাইছিল সেয়া মুক্তিৰ মূল্যৰ আধাৰতে আমি আকৌ ঘূৰাই পালোঁহেঁতেন। তেওঁ কি হেৰুৱাইছিল? আদম আৰু হৱা সিদ্ধ আছিল আৰু তেওঁলোকৰ ওচৰত অনন্ত জীৱন জীয়াই থকাৰ আশা আছিল, কিন্তু তেওঁলোকে সেয়া হেৰুৱালে। সেইবাবে, মুক্তিৰ মূল্য দিয়া ব্যক্তিজন আদমৰ দৰে হোৱাৰ প্ৰয়োজন আছিল অৰ্থাৎ আদমে যি হেৰুৱাইছিল, সেই সকলো তেওঁৰ ওচৰত থকাৰ প্ৰয়োজন আছিল। (১ তীম. ২:৬) ইয়াৰ অৰ্থ হৈছে কেৱল এনে এজন ব্যক্তিয়েহে মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন, (১) যি সিদ্ধ হʼলহেঁতেন, (২) যাৰ ওচৰত পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা থাকিলেহেঁতেন, আৰু (৩) যিয়ে আমাৰ বাবে নিজৰ বলিদান দিবলৈ সাজু হʼলহেঁতেন। যীচু এনে এজন ব্যক্তি আছিল, যি মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন। আমি এয়া কিয় কʼব পাৰোঁ? (১) যীচু সিদ্ধ আছিল আৰু “তেওঁ কোনো পাপ কৰা নাছিল।” (১ পিত. ২:২২) (২) সেইবাবে, তেওঁ পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাৰিলেহেঁতেন আৰু (৩) তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দিবলৈ সাজু আছিল।—ইব্ৰী ১০:৯. w২৫.০২ ৪-৫ ¶১১-১২

শুক্ৰবাৰ, ১৭ জুলাই

ঈশ্বৰে অলপ অলপকৈ পবিত্ৰ শক্তি নিদিয়ে।—যোহ. ৩:৩৪.

বাপ্তিষ্মা লʼবলৈ আপোনাৰ ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে। কিন্তু বিশ্বাস ৰাখক যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাক নিজৰ পৰিয়ালৰ সদস্য বনাব বিচাৰে। প্ৰথম শতিকাত যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে এই পাহাৰটোক তোমালোকে কʼবা, ‘ইয়াৰ পৰা তালৈ যা, তেতিয়া ই যাব।’ তোমালোকৰ বাবে একোৱেই অসম্ভৱ নহʼব।” (মথি ১৭:২০) যিসকল লোকে যীচুৰ এই কথা শুনি আছিল, তেওঁলোকে কিছু বছৰৰ আগতে যীচুৰ শিষ্য হৈছিল আৰু তেওঁলোকে নিজৰ বিশ্বাস বঢ়োৱাৰ প্ৰয়োজন আছিল। এই কথা কৈ যীচুৱে তেওঁলোকক আশ্বাস দিছিল যে যদি তেওঁলোকে নিজৰ বিশ্বাস বঢ়ায়, তেনেহʼলে পাহাৰৰ সমান সমস্যাবোৰ পাৰ কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰিব। ভৰসা ৰাখক, যিহোৱাই আপোনাকো সমস্যাবোৰ পাৰ কৰিবলৈ সহায় কৰিব। যেতিয়া আপুনি গʼম পাই যে কি কথাই আপোনাক বাপ্তিষ্মা লʼবলৈ বাধা দিছে, তেতিয়া তাক পাৰ কৰিবলৈ লগে লগে পদক্ষেপ লওক। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰক আৰু বাপ্তিষ্মা লওক। এই নিৰ্ণয় আপোনাৰ জীৱনৰ আটাইতকৈ ভাল নিৰ্ণয় হʼব। w২৫.০৩ ৭ ¶১৮-২০

শনিবাৰ, ১৮ জুলাই

যিহোৱা মোৰ ফলীয়া, মই ভয় নকৰোঁ।—গীত. ১১৮:৬.

যদি আমি ভৰসা কৰোঁ যে জীৱিত ঈশ্বৰ যিহোৱাই আমাক সহায় কৰিবলৈ সাজু আছে, তেনেহʼলে আমি সমস্যাবোৰ সন্মুখীন হʼব পাৰিম। কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা কেনেকৈ বঢ়াব পাৰোঁ? চিন্তা কৰক, যিহোৱাই অতীতত নিজৰ লোকসকলৰ বাবে কি কি কৰিছিল। (যিচ. ৩৭:১৭, ৩৩-৩৭) ইয়াৰ উপৰিও যিহোৱাই আজিও আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰি আছে, তাৰ বিষয়ে জানিবলৈ jw.org–ত অহা অনুভৱবোৰ চাওক। সমস্যাৰ সময়ত যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিছিল, তাৰ বিষয়েও চিন্তা কৰক। যিহোৱাই দায়ূদক যেনেকৈ সহায় কৰিছিল, ঠিক সেইদৰে আপোনাকো সহায় কৰাৰ কথা হয়তো আপোনাৰ মনত নপৰিবও পাৰে, তেতিয়া আপুনি চিন্তিত নহʼব। কিয়নো যিহোৱাই আপোনাৰ বাবে বহুত কিছু কৰিছে। তেওঁ আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে, যাতে আপুনি তেওঁৰ বন্ধু হʼব পাৰে। (যোহ. ৬:৪৪) বহুবাৰ যিহোৱাই নিশ্চয় আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল, সঠিক সময়ত আপোনাক সহায় কৰিছিল বা সমস্যাৰ সময়ত আপোনাক চম্ভালিছিল। সেই ঘটনাবোৰ মনত পেলাবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। যেতিয়া আপুনি অতীতৰ ঘটনাবোৰৰ বিষয়ে চিন্তা কৰিব, তেতিয়া আপোনাৰ বিশ্বাস বাঢ়িব যে যিহোৱাই আগলৈও আপোনাক সহায় কৰিব। w২৪.০৬ ২১ ¶৮

দেওবাৰ, ১৯ জুলাই

মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে।—ৰোম. ৫:১২.

আমি হয়তো যিহোৱাই দুখ পোৱা কাম কেতিয়াও কৰিব নিবিচাৰোঁ, কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি সহজতে বেয়া কাম কৰিবলৈ প্ৰলোভিত হʼব পাৰোঁ। (ৰোম. ৭:২১-২৩) আমাৰ ওচৰত হঠাতে এনে পৰিস্থিতি আহিব পাৰে, যেতিয়া বেয়া কাম কৰিবলৈ নিজকে বাধা দিয়াত আমাৰ বাবে কঠিন হৈ পৰিব। এনে পৰিস্থিতিত আমি কেনেকৈ যিহোৱা আৰু যীচুৰ বিশ্বাসী হৈ থাকিব পাৰোঁ? যীচুৱে কোৱাৰ দৰে আমি সতৰ্ক হৈ থাকিব লাগিব যাতে আমি কোনো বেয়া কাম নকৰোঁ। আমি সকলোৱে বেয়া কাম কৰিবলৈ প্ৰলোভিত হওঁ। কিন্তু আমাৰ সকলোৰে নিজৰ কিছুমান দুৰ্বলতা থাকে, যাৰ বাবে আমি বেয়া কাম কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, কিছুমান লোকৰ অনৈতিক কাম কৰাৰ ইচ্ছা বহুত বেছি থাকে, যেনে: অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা। কিছুমান লোকৰ আন ধৰণৰ বেয়া কাম কৰিবলৈ মন যায়, যেনে: অশ্লীল ছবি চোৱা আৰু হস্তমৈথুন কৰা। আন কিছুমান লোকৰ বেলেগ ক্ষেত্ৰত দুৰ্বলতা থাকে, যেনে: কিছুমানে মানুহলৈ ভয় কৰে, কিছুমানে নিজৰ আত্মনিয়ন্ত্ৰণ হেৰুৱাই আৰু কিছুমানে অহংকাৰ কৰে। w২৪.০৭ ১৪ ¶৩; ১৫ ¶৫

সোমবাৰ, ২০ জুলাই

এতিয়া তোমালোকে তেওঁৰ ওপৰত কৃপা কৰি তেওঁক ক্ষমা কৰা উচিত আৰু তেওঁক শান্ত্বনা দিয়া উচিত যাতে তেওঁ বেছি দুখ কৰি নিৰাশাত যেন সোমাই নপৰে।—২ কৰি. ২:৭.

খন্তেকৰ বাবে চিন্তা কৰক, প্ৰাচীনসকলে অনুতাপ কৰা মানুহজনক মণ্ডলীত পুনৰ আদৰণি নজনোৱা হʼলে বা ভাই-ভনীসকলে তেওঁক প্ৰেম নেদেখুৱা হʼলে কি হʼলহেঁতেন? সেই মানুহজনে হয়তো ‘বেছি দুখ কৰি নিৰাশাত সোমাই’ পৰিলেহেঁতেন। তেওঁ হয়তো ভাবিলেহেঁতেন যে সকলোবোৰ শেষ হৈ গʼল আৰু তেওঁৰ বাবে একো আশা নাই। আনকি তেওঁ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক শুধৰণি কৰিবলৈও চেষ্টা নকৰিলেহেঁতেন। ইয়াতকৈও আৰু এটা বেয়া পৰিণাম হʼলহেঁতেন। যদি ভাই-ভনীসকলে সেই মানুহজনক ক্ষমা কৰিবলৈ মানা কৰে, তেনেহʼলে তেওঁলোকৰেই যিহোৱাৰ লগত থকা সম্পৰ্ক বেয়া হʼলহেঁতেন। কিয় বাৰু? কাৰণ যিহোৱাৰ দৰে ক্ষমা কৰাৰ পৰিৱৰ্তে তেওঁলোকে চয়তানৰ দৰে নিষ্ঠুৰ হʼলহেঁতেন আৰু তেওঁলোকে অনুতাপ কৰা মানুহজনক দয়া নেদেখুৱালেহেঁতেন। এইদৰে কৰাৰ যোগেদি তেওঁলোকে চয়তানক সহযোগ কৰিলেহেঁতেন। কাৰণ সেই মানুহজনৰ যিহোৱাৰ লগত যি সম্পৰ্ক আছিল, সেয়া একেবাৰে শেষ হৈ যোৱাটোৱেই চয়তানে বিচাৰিছিল।—২ কৰি. ২:১০, ১১; ইফি. ৪:২৭. w২৪.০৮ ১৭ ¶৭, ১০-১১

মঙ্গলবাৰ, ২১ জুলাই

যেতিয়া তেওঁ ওপৰলৈ উঠিল, তেতিয়া . . . তেওঁ মানুহৰ ৰূপত উপহাৰ দিলে।—ইফি. ৪:৮.

যীচুৱে ‘মানুহৰ ৰূপত যি উপহাৰ’ দিছে, তেওঁলোকে আৰু এটা উপায়েৰে ভাই-ভনীসকলক সহায় কৰে। যীচুৰ নেতৃত্বত যিৰূচালেমৰ প্ৰাচীনসকলে পৌল, বাৰ্ণাব্বা আৰু আন কিছুমান ভাইক চাৰ্কিট ওভাৰচিয়াৰ নিযুক্ত কৰিছিল আৰু তেওঁলোকক মণ্ডলীবোৰত সাক্ষাৎ কৰিবলৈ পঠিয়াইছিল। (পাঁচ. ১১:২২) কিয় বাৰু? তেওঁলোকে যাতে সহায়ক সেৱক আৰু প্ৰাচীনসকলৰ দৰে মণ্ডলীবোৰক মজবুত কৰিব পাৰে। (পাঁচ. ১৫:৪০, ৪১) চাৰ্কিট ওভাৰচিয়াৰসকলে বেলেগ বেলেগ মণ্ডলীলৈ যাবলৈ বহুত পৰিশ্ৰম কৰে। কিছুমান ভায়ে এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ যাবলৈ বহু কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া হয়। তেওঁলোকে প্ৰতি সপ্তাহে কেইবাটাও ভাষণ দিয়ে, প্ৰচাৰ সভা চলায়, মেৰ পালকৰ সাক্ষাৎ কৰে, অগ্ৰগামীসকলৰ লগত সভা ৰাখে, প্ৰাচীনসকলৰ লগত সভা ৰাখে। ইয়াৰ উপৰিও চাৰ্কিট সন্মিলন আৰু অধিৱেশনৰ ব্যৱস্থা কৰে আৰু তাত ভাষণ দিয়ে। তেওঁলোকে অগ্ৰগামী সেৱা স্কুলত শিকাই আৰু চাৰ্কিটৰ অগ্ৰগামী সেৱকসকলৰ লগত বিশেষ সভা ৰাখে। ইয়াৰ উপৰিও তেওঁলোকে আৰু বহুতো দায়িত্ব চম্ভালে। যেনে, শাখা কাৰ্য্যালয়ৰ পৰা যদি কিবা গুৰুত্বপূৰ্ণ কাম আহে, তেনেহʼলে তেওঁলোকে তাক লগে লগে কৰিবলগীয়া হয়। সঁচাকৈ, চাৰ্কিট ওভাৰচিয়াৰসকলে বহুত পৰিশ্ৰম কৰে! w২৪.১০ ২১ ¶১২-১৩

বুধবাৰ, ২২ জুলাই

মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম, আৰু তেওঁবিলাকৰ পাপ মই আৰু নুসুৱৰিম।—যিৰি. ৩১:৩৪.

আজিৰ দৈনিক পাঠত লিখা কথাষাৰ যিহোৱাই কৈছে বুলি যিৰিমিয়াই উল্লেখ কৰিছে। যিৰিমিয়াই যি কৈছিল, আগলৈ গৈ সেই একেই কথা পাঁচনি পৌলেও কৈছিল। (ইব্ৰী ৮:১২) যিহোৱাই আমাৰ পাপবোৰক কেতিয়াও মনত নেপেলাই, ইয়াৰ অৰ্থ কি? বাইবেলত উল্লেখ থকা ‘মনত পেলোৱা’ শব্দৰ অৰ্থ কেৱল এয়া নহয় যে কোনো ঘটনা বা ব্যক্তিৰ বিষয়ে চিন্তা কৰা বা তেওঁক মনত পেলোৱা। ইয়াৰ অৰ্থ তেওঁৰ বাবে কিবা কৰাও হʼব পাৰে। যীচুৰ লগত যিজন অপৰাধীক কাঠত আঁৰি দিয়া হৈছিল, তেওঁ যীচুক কৈছিল, “যীচু, যেতিয়া আপুনি ৰজা হʼব, তেতিয়া মোকো মনত পেলাব।” (লূক ২৩:৪২, ৪৩) তেওঁ যীচুক কেৱল মনত পেলাবলৈ কৈছিল নে? নহয়। যীচুৰ উত্তৰৰ পৰা জানিব পাৰি যে যীচুৱে তেওঁৰ বাবে কিবা কৰাটো সেই অপৰাধীজনে বিচাৰিছিল। সেইবাবে, যীচুৱে তেওঁক কʼলে যে তেওঁ সেই অপৰাধীজনক আকৌ জীয়াই তুলিব। ঠিক সেইদৰে যেতিয়া যিহোৱাই কয় যে তেওঁ আমাৰ পাপবোৰ কেতিয়াও মনত নেপেলাব, তেতিয়া ইয়াৰ অৰ্থ হৈছে যে তেওঁ আমাৰ বিৰোধে একো নকৰিব। যিহোৱাই আমাক ক্ষমা কৰাৰ পাছত আমাৰ পাপবোৰৰ বাবে পাছত কেতিয়াও শাস্তি নিদিব। w২৫.০২ ১০-১১ ¶১৪-১৫

বৃহস্পতিবাৰ, ২৩ জুলাই

পবিত্ৰ জনাক জনাই সুবিবেচনা।—হিতো. ৯:১০.

আমি যেতিয়া ঈশ্বৰৰ বিষয়ে ভালদৰে জানিম, তেতিয়া প্ৰকৃত অৰ্থত সুবিবেচনা পাম। যেনে, তেওঁৰ কি কি গুণ আছে, তেওঁৰ উদ্দেশ্য কি আৰু তেওঁ কি ভাল পাই আৰু কি বেয়া পায়। সেইবাবে, নিজকে সোধক: ‘মই যিহোৱাক যিমান জানোঁ, সেয়া মনত ৰাখি তেওঁ আনন্দিত হোৱা কি নিৰ্ণয় লʼব পাৰোঁ?’ (ইফি. ৫:১৭) যিহোৱাক আনন্দিত কৰিবলৈ কেতিয়াবা কেতিয়াবা আমি এনে নিৰ্ণয় লʼব লাগিব যি আমাৰ পৰিয়ালৰ লোকসকলে ভাল নাপাব পাৰে। যেনে, হয়তো এজন ভাইৰ পৰিয়ালে তেওঁক এনে এজনী ছোৱালীৰ লগত বিয়া কৰাই দিব বিচাৰে, যাৰ পৰিয়ালৰ পৰা তেওঁলোকে বহুত কিছু পাব পাৰে, যদিও সেই ছোৱালীজনীৰ যিহোৱাৰ লগত মজবুত সম্পৰ্ক নাই। আনহাতে, এজনী ভনীৰ মা-দেউতাই তাইক এনে এজন লʼৰাৰ লগত বিয়া পাতিবলৈ হেচাঁ দিয়ে, যাৰ ওচৰত বহুতো টকা-পইচা আছে। কিন্তু তেওঁ উৎসাহেৰে যিহোৱাৰ সেৱা নকৰে। হয়তো তেওঁলোকৰ মা-দেউতাৰ উদ্দেশ্য ভুল নহয়, তেওঁলোকে নিজৰ লʼৰা-ছোৱালী আনন্দত থকা আৰু একো অভাৱ নোহোৱাটো বিচাৰে। কিন্তু সেই ভাই বা ভনীয়ে নিজকে এই প্ৰশ্ন সুধিব পাৰে, ‘যদি মই তেওঁক বিয়া পাতোঁ, তেনেহʼলে যিহোৱাৰ লগত মোৰ সম্পৰ্ক মজবুত হʼব নে দুৰ্বল হৈ পৰিব?’ যিহোৱাই সেই ভাই বা ভনীৰ পৰা কি বিচাৰে? মথি ৬:৩৩ পদত খ্ৰীষ্টানসকলক ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ উৎসাহিত কৰা হৈছে। আমি নিজৰ মা-দেউতা আৰু সমাজৰ লোকসকলক আদৰ কৰোঁ, কিন্তু তাতকৈও বেছি আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। w২৫.০১ ১৭ ¶৯-১০

শুক্ৰবাৰ, ২৪ জুলাই

প্ৰভুৱে মোক সহায় কৰিলে আৰু তেওঁ মোক শক্তি দিলে।—২ তীম. ৪:১৭.

আজিও আমাৰ কামৰ বিৰোধ কৰা হয়। সেইবাবে, আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে যাতে আমি উৎসাহেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। (প্ৰকা. ১২:১৭) কিন্তু যিহোৱাই আপোনাক সহায় কৰিব বুলি আপুনি কিয় বিশ্বাস কৰিব পাৰে? খন্তেকৰ বাবে যোহন ১৭ অধ্যায়ত উল্লেখ থকা যীচুৰ প্ৰাৰ্থনালৈ মন কৰক। যীচুৱে তেওঁৰ পাঁচনিসকলৰ যত্ন লʼবলৈ যিহোৱালৈ মিনতি কৰিছিল আৰু যিহোৱাই তেওঁৰ মিনতি শুনিলে। যেতিয়া পাঁচনিসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল, তেতিয়া উৎসাহেৰে প্ৰচাৰ কৰিবলৈ যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে, তাৰ বিষয়ে আমি পাঁচনিৰ কৰ্ম্ম কিতাপত পঢ়িবলৈ পাওঁ। যীচুৱে নিজৰ পিতৃক সেই লোকসকলৰো যত্ন লʼবলৈ কৈছিল, যিসকলে পাঁচনিসকলৰ পৰা শুভবাৰ্তা শুনি যীচুৰ ওপৰত বিশ্বাস কৰিলেহেঁতেন। আপুনিও তেওঁলোকৰ মাজৰ এজন হয়। আজিও যিহোৱাই যীচুৰ সেই প্ৰাৰ্থনাৰ উত্তৰ দি আছে। সেইবাবে, আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই পাঁচনিসকলক যিদৰে সহায় কৰিলে, ঠিক সেইদৰে তেওঁ আপোনাকো সহায় কৰিব। (যোহ. ১৭:১১, ১৫, ২০) জগতৰ অন্ত কাষ চাপি অহাৰ লগে লগে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আমাৰ বাবে আৰু কঠিন হʼব পাৰে। কিন্তু উৎসাহেৰে প্ৰচাৰ কৰিবলৈ যীচুৱে আমাক সহায় কৰিব বুলি আশ্বাস দিছে।—লূক ২১:১২-১৫. w২৫.০৩ ১৮ ¶১৩-১৪

শনিবাৰ, ২৫ জুলাই

মোৰ দাসবিলাকে হলে মনৰ সুখত আনন্দ-গান কৰিব।—যিচ. ৬৫:১৪.

যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বাবে তেওঁৰ লোকসকলে যিহোৱাৰ “আনন্দ-গান” কৰে। ঈশ্বৰে আমাক সত্য শিকোৱাৰ বাবে আমি সন্তুষ্টি লাভ কৰিছোঁ। লগতে তেওঁ কৰা প্ৰতিজ্ঞাবোৰৰ বাবে আমি সান্ত্বনা লাভ কৰোঁ। ইয়াৰ উপৰিও যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত তেওঁ আমাক প্ৰকৃত আশা দিছে। এইবোৰৰ বাবে ‘আমাৰ মন সুখত থাকে।’ যেতিয়া আমি লগত এইবোৰৰ বিষয়ে কথা পাতোঁ, তেতিয়া আমাৰ আনন্দ আৰু বাঢ়ি যায়। (গীত. ৩৪:৮; ১৩৩:১-৩) যিহোৱাৰ লোকসকলৰ মাজত যি প্ৰেম আৰু একতা আছে, ইয়াৰ ফলত এই প্ৰমোদবনৰ সৌন্দৰ্য্য আৰু বাঢ়ি যায়। এই প্ৰেমৰ বিষয়ে বাইবেলত কোৱা হৈছে ‘এই সৰ্ব্ব সিদ্ধিৰ বান্ধনিয়ে’ এজনে-আনজনক বান্ধি ৰাখে। (কল. ৩:১৪) ইয়াৰ পৰা জানিব পাৰি যে নতুন পৃথিৱীত আমি কেনেকৈ এজনে-আনজনৰ লগত মিলি থাকিম। সেই সময়ত আমাৰ মাজৰ প্ৰেম, একতা আৰু বাঢ়ি যাব। আমাৰ মাজৰ পৰিৱেশ সঁচাকৈ একেবাৰে বেলেগ। জগতৰ লোকসকলে আমাৰ বিষয়ে যিয়ে নকওক কিয়, কিন্তু যিহোৱাৰ আগত আমাৰ এটা ভাল “নাম” আছে আৰু তেওঁৰ সেৱকসকলৰ লগত আমাৰ এক ভাল সম্পৰ্ক আছে। (যিচ. ৬৫:১৫) যদি এজন ব্যক্তিয়ে আনন্দ আৰু সন্তুষ্টি লাভ কৰিব বিচাৰে, তেনেহʼলে প্ৰমোদবনৰ দৰে এই পৰিৱেশত আহিব লাগিব আৰু নিজেই অনুভৱ কৰিব লাগিব। w২৪.০৪ ২১ ¶৭-৮

দেওবাৰ, ২৬ জুলাই

এজনে-আনজনক উৎসাহিত কৰি থাকা।—১ থিচ. ৫:১১.

মণ্ডলীৰ ভাই-ভনীসকলে বিয়া পাতিব বিচৰা ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে? এটা উপায় হৈছে, ভাবি-চিন্তি কথা কোৱাৰ যোগেদি। (ইফি. ৪:২৯) আমি নিজকে সুধিব পাৰোঁ, ‘যিসকলে বিয়া পাতিব বিচাৰে, তেওঁলোকক মই জোকাই থাকোঁ নে? যেতিয়া মণ্ডলীৰ কোনো ভাই আৰু ভনীয়ে একেলগে কথা পাতে, তেতিয়া মই তেওঁলোকৰ মাজত কিবা চলি আছে বুলি ভাবোঁ নে?’ (১ তীম. ৫:১৩) ইয়াৰ উপৰিও অবিবাহিত ভাই-ভনীসকলক আপুনি যাতে এনে কোনো কথা নকয়, যাৰ বাবে তেওঁলোকে ভাবিব পাৰে যে বিয়াৰ অবিহনে জীৱনটো আধৰুৱা। ইয়াৰ পৰিৱৰ্তে অবিবাহিত ভাই-ভনীসকলৰ উৎসাহ বঢ়াওক। যদি কোনো ভাই বা ভনীয়ে এজনে-আনজনৰ ভাল সংগী হʼব বুলি আপুনি ভাবে, তেনেহʼলে কি কৰিব পাৰে? বাইবেলত কোৱা হৈছে, আনৰ সন্মান কৰক। (ৰোম. ১৫:২) বহুতো অবিবাহিত ভাই-ভনীয়ে তেওঁলোকৰ বাবে আনে নিৰ্ণয় লোৱাটো বা জীৱন সংগী বিচৰাটো ভাল নাপায়। (২ থিচ. ৩:১১) আনহাতে, কিছুমান ভাই-ভনীয়ে তেওঁলোকক সহায় কৰাটো বিচাৰে। কিন্তু মনত ৰাখিব, যদি তেওঁলোকে সহায় বিচৰা নাই, তেনেহʼলে বিয়া ঠিক কৰিবলৈ নিজে আগবাঢ়ি নাযাব।—হিতো. ৩:২৭. w২৪.০৫ ২৪-২৫ ¶১৪-১৫

সোমবাৰ, ২৭ জুলাই

সিহঁতৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়।—দ্বিতী. ৩২:৩১.

আজি আমি এনে সময়ত জীয়াই আছোঁ, যʼত হঠাতে আমাৰ ওপৰত সমস্যা আহিব পাৰে। ক্ষন্তেকতে আমাৰ জীৱন একেবাৰে সলনি হৈ যাব পাৰে। এনে পৰিস্থিতিত আমি কʼৰ পৰা সহায় পাব পাৰোঁ? আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ। যেতিয়া আমি চাওঁ যে যিহোৱা আমাৰ লগত আছে আৰু আমাক সহায় কৰি আছে, তেতিয়া আমাৰ বিশ্বাস বাঢ়ে যে যিহোৱা সঁচাকৈ জীৱন্ত ঈশ্বৰ। (গীত. ১৮:৪৬) কিন্তু এই পদত দায়ূদে যিহোৱাক নিজৰ “শিলা” বুলি কৈছে। দায়ূদে তেওঁক শিলা বুলি কিয় কৈছিল? আমি যাতে যিহোৱাৰ বিষয়ে আৰু ভালদৰে জানিব পাৰোঁ, সেইবাবে বাইবেলত তেওঁক শিলা বুলি কোৱা হৈছে। বাইবেলত প্ৰায়ে যিহোৱাৰ সেৱকসকলে তেওঁৰ প্ৰশংসা কৰি তেওঁক শিলা আৰু তেওঁৰ দৰে আন কোনো নাই বুলি কৈছে। দ্বিতীয় বিবৰণ ৩২:৪ পদত প্ৰথমবাৰ যিহোৱাক “শিলা” বুলি কোৱা হৈছে। তাৰ পাছত হান্নাই নিজৰ প্ৰাৰ্থনাত কৈছিল যে “আমাৰ ঈশ্বৰৰ সদৃশ কোনো শিলা নাই।” (১ চমূ. ২:২) হবক্কুকে কৈছিল যিহোৱা মোৰ “শিলা।” (হব. ১:১২) যিহোৱাও নিজকে শিলা বুলি কৈছিল।—যিচ. ৪৪:৮. w২৪.০৬ ২৬ ¶১, ৩

মঙ্গলবাৰ, ২৮ জুলাই

যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল।—২ বং. ২২:৯.

যিহোৱা সেই ইস্ৰায়েলৰ ৰজাসকলৰ পৰা আনন্দিত আছিল, যিসকলে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰিছিল। যোচিয়াৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, ‘সকলো মনেৰে যিহোৱালৈ ঘূৰা তেওঁৰ নিচিনা কোনো ৰজা তেওঁৰ আগেয়ে নাছিল, আৰু তেওঁৰ পাছতো নহল।’ (২ ৰাজা. ২৩:২৫) বৃদ্ধ বয়সত বেয়া কাম কৰা ৰজা চলোমনৰ বিষয়ে কি কʼব পাৰি? বাইবেলত লিখা আছে, “তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত সিদ্ধ নাছিল।” (১ ৰাজা. ১১:৪) ৰজা অবিয়ামো যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। তেওঁৰ বিষয়ে বাইবেলত লিখা আছে, “তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে [দায়ূদৰ দৰে] সিদ্ধ নাছিল।” (১ ৰাজা. ১৫:৩) বাইবেলত যেতিয়া ‘মন’ শব্দটো আহে, তেতিয়া তাৰ অৰ্থ হৈছে এজন ব্যক্তি অন্তৰৰ পৰা কেনেকুৱা। ইয়াত তেওঁৰ ভাৱনা, চিন্তা, দৃষ্টিভংগী, দক্ষতা, লক্ষ্য আৰু তেওঁৰ উদ্দেশ্যে, এই সকলো জড়িত হৈ আছে। যেতিয়া এজন ব্যক্তিৰ মন যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লাগি থাকে, তেতিয়া তেওঁ কেৱল দায়িত্ব বুলি ভাবি তেওঁৰ সেৱা নকৰে, ইয়াৰ পৰিৱৰ্তে মনে-প্ৰাণে এইদৰে কৰে। এই প্ৰেম আৰু উৎসাহেৰে তেওঁ গোটেই জীৱন যিহোৱাৰ সেৱা কৰে। w২৪.০৭ ২১ ¶৪-৫

বুধবাৰ, ২৯ জুলাই

মোৰ সকলো অধৰ্ম্ম মোচন কৰা।—গীত. ৫১:৯.

যিহোৱাই আমাৰ পাপবোৰ কেনেকৈ মচি পেলায়, এয়া বুজাবলৈ তেওঁ বাইবেলত আৰু এটা উদাহৰণ উল্লেখ কৰিছে। যিহোৱাই কৈছে, “মই তোমাৰ অপৰাধ আৰু পাপবোৰ মচি পেলাম, সেইবোৰক ডাঠ মেঘেৰে ঢাকি দিম।” (যিচ. ৪৪:২২, NW) যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া তেওঁ যেন আমাৰ অপৰাধবোৰ ডাঠ মেঘেৰে ঢাকি দিয়ে। তাৰ পাছত আমাৰ লগতে যিহোৱাও সেই পাপবোৰ দেখা নাপায়। আমি যিবোৰ উদাহৰণৰ ওপৰত মন কৰিলোঁ, তাৰ পৰা আমি কি শিকিব পাৰোঁ? যিহোৱাই আমাৰ পাপবোৰ ক্ষমা কৰাৰ পাছতো আমি এইদৰে ভবা উচিত নহয় যে আমাৰ পাপৰ দাগ গোটেই জীৱন থাকি যাব। যীচু খ্ৰীষ্টৰ তেজৰ যোগেদি আমাৰ পাপৰ ধাৰ সম্পূৰ্ণৰূপে পৰিশোধ কৰা হʼল আৰু ধাৰৰ ৰেকৰ্ড মচি পেলোৱা হʼল। যেতিয়া আমি নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰে। যিহোৱাৰ দয়াৰ বাবে আমি তেওঁৰ লগত পুনৰ এক ভাল সম্পৰ্কও গঢ়ি তুলিব পাৰোঁ আৰু আমি নিজকে দোষী অনুভৱ নকৰোঁ। w২৫.০২ ১০ ¶১১-১৪

বৃহস্পতিবাৰ, ৩০ জুলাই

ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে।—ৰোম. ২:৪.

যিসকলে প্ৰাচীন সমিতিত থাকে, তেওঁলোকক যিহোৱাই মণ্ডলীক শুদ্ধ বনাই ৰখাৰ দায়িত্ব দিছে। (১ কৰি. ৫:৭) কিন্তু তেওঁলোকে পাপ কৰা ব্যক্তিজনক অনুতাপৰ ফালে লৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে আৰু তেওঁ নিশ্চয় নিজকে সলনি কৰিব বুলি আশা ৰাখে। কিন্তু তেওঁলোকে এইদৰে কিয় কৰে? কাৰণ তেওঁলোকে যিহোৱাৰ দৰে হʼব বিচাৰে যি “অতি স্নেহৱান আৰু দয়ালু” ঈশ্বৰ হয়। (যাকো. ৫:১১) বৃদ্ধ পাঁচনি যোহনে এইদৰেই উৎসাহ দেখুৱাইছিল। তেওঁ লিখিছিল, “হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশায়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে।” (১ যোহ. ২:১) দুখৰ বিষয় যে কেতিয়াবা কেতিয়াবা পাপ কৰা লোকসকলে অনুতাপ নকৰে। সেইবাবে, তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়াটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। w২৪.০৮ ২৫ ¶১৯-২০

শুক্ৰবাৰ, ৩১ জুলাই

বিশ্বাসত দৃঢ়তাৰে থিয় হোৱা।—১ কৰি. ১৬:১৩.

আনৰ লগত তুলনা নকৰিব। এইদৰেও নাভাবিব যে আনে যিহোৱাৰ সেৱাত বহুত কাম কৰিছে, কিন্তু আপুনি একোৱে কৰিব পৰা নাই। কাৰণ যিহোৱাই নিজৰ সেৱকসকলৰ তুলনা কেতিয়াও নকৰে। (গালা. ৬:৪) উদাহৰণস্বৰূপে, মৰিয়মে যীচুৰ ওপৰত যি সুগন্ধি তেল ঢালিছিল, সেয়া বহুমূলীয়া আছিল। (যোহ. ১২:৩-৫) কিন্তু যিগৰাকী বিধৱাই মন্দিৰত দুই পইচা দান দিছিল, তাৰ মূল্য একেবাৰে কম আছিল। (লূক ২১:১-৪) যীচুৱে তেওঁলোকৰ তুলনা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ যি বিশ্বাস আছিল তাৰ প্ৰতি ধ্যান দিলে আৰু তেওঁলোকৰ প্ৰশংসা কৰিলে। যীচু নিজৰ পিতৃৰ দৰেই আছিল। সেইবাবে, বিশ্বাস ৰাখক আপুনি প্ৰেমৰ বাবে যিহোৱাৰ সেৱাত যি কৰে, সেয়া আপোনাক কম যেন লাগিব পাৰে। কিন্তু যিহোৱাই তাক বহুত মূল্যাংকন কৰে।আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সন্দেহ কৰোঁ। সেইবাবে, আমি নিজৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ পৰিশ্ৰম কৰিব লাগিব। এইদৰে কৰিলে আপোনাৰ চিন্তা কম হʼব আৰু যিহোৱাই আপোনাৰ যত্ন লয় বুলি আপোনাৰ বিশ্বাস বাঢ়িব। ইয়াৰ উপৰিও মনত ৰাখক আপুনি যি ত্যাগ কৰিলে, তাক তেওঁ মূল্যাংকন কৰে আৰু আপোনাক নিশ্চয় পুৰস্কাৰ দিব। গতিকে, বিশ্বাস ৰাখক যিহোৱাই নিজৰ প্ৰতিজন সেৱকক প্ৰেম কৰে আৰু তেওঁলোকৰ প্ৰতি ধ্যান দিয়ে। w২৪.১০ ২৫ ¶৩; ২৯ ¶১৭-১৮

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক