জুন
সোমবাৰ, ১ জুন
হে প্ৰভু, তুমিয়েই মঙ্গলময় আৰু ক্ষমাৱান।—গীত. ৮৬:৫.
খ্ৰীষ্টৰ মুক্তিৰ মূল্যৰ বাবে আজি আমি বহুতো আশীৰ্বাদ পাইছোঁ। যেনে, এই বলিদানৰ বাবে যিহোৱাই আমাৰ পাপ ক্ষমা কৰে। তেওঁ আমাৰ পাপ ক্ষমা কৰিবই লাগিব এনে নহয়, কিন্তু যিহোৱাই আমাৰ পাপ ক্ষমা কৰিব বিচাৰে, সেইবাবেহে এইদৰে কৰে। (গীত. ১০৩:৩, ১০-১৩) কিছুমান লোকে হয়তো ভাবিব পাৰে যে তেওঁ যিহোৱাৰ পৰা ক্ষমা পোৱাৰ যোগ্য নহয়। আচলতে আমি কোনোৱে ইয়াৰ যোগ্য নহওঁ। পাঁচনি পৌলেও ইয়াৰ বিষয়ে জানিছিল, সেইবাবে তেওঁ এইদৰে কৈছিল, ‘মই পাঁচনি বুলি মতাৰো যোগ্য নহওঁ।’ কাৰণ তেওঁ আগতে “ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অত্যাচাৰ” কৰিছিল। কিন্তু তাৰ পাছত তেওঁ কৈছিল, “আজি মই যি আছোঁ, সেয়া ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে আছোঁ।” (১ কৰি. ১৫:৯, ১০) যেতিয়া আমি নিজৰ পাপৰ বাবে অনুতাপ কৰোঁ, তেতিয়া যিহোৱাই আমাক ক্ষমা কৰে। কিন্তু আমি ইয়াৰ যোগ্য হওঁ বা আমি ইয়াৰ অধিকাৰী হওঁ বুলি তেওঁ এইদৰে নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক প্ৰেম কৰে, সেইবাবেহে আমাৰ পাপ ক্ষমা কৰে। তথাপিও যদি আপুনি যিহোৱাৰ পৰা ক্ষমা পোৱাৰ যোগ্য নহওঁ বুলি ভাবি নিৰাশ হৈ পৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে? মনত ৰাখক, যিহোৱাই সেই লোকসকলৰ বাবে যীচুৰ বলিদান দিয়া নাই, যিসকলে কেতিয়াও পাপ কৰা নাই, তাৰ পৰিৱৰ্তে যিসকলে নিজৰ পাপৰ বাবে অনুতাপ কৰে, তেওঁলোকৰ বাবেহে এই বলিদান দিছে।—লূক ৫:৩২; ১ তীম. ১:১৫. w২৫.০১ ২৬-২৭ ¶৩-৪
মঙ্গলবাৰ, ২ জুন
দয়ালু লোকে নিজ প্ৰাণৰ উপকাৰ কৰে; কিন্তু নিৰ্দ্দয়ে নিজ শৰীৰক কষ্ট দিয়ে।—হিতো. ১১:১৭.
আনে কি কয় বা কৰে সেয়া আমাৰ হাতত নাথাকে, কিন্তু সেই সময়ত আমি কি কৰিম এয়া আমাৰ হাতত থাকে। সেই সময়ত তেওঁলোকক ক্ষমা কৰাটোৱেই আমাৰ বাবে ভাল হʼব। কাৰণ আমি যিহোৱাক প্ৰেম কৰোঁ আৰু আমি আনক ক্ষমা কৰাটো তেওঁ বিচাৰে। কিন্তু আমি যদি খং কৰি থাকোঁ আৰু আনক ক্ষমা নকৰোঁ, তেনেহʼলে আমি অজ্ঞানীৰ দৰে কাম কৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্যও বেয়া হʼব পাৰে। (হিতো. ১৪:১৭, ২৯, ৩০) খং পুহি ৰাখিলে আমাৰেই হানি হʼব। সেইবাবে, যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া আমাৰেই লাভ হয়। আমি আগৰ কথাবোৰ পাহৰি যাওঁ আৰু নিজৰ আনন্দ ঘূৰাই পাওঁ। হয়তো কোনোবাই আপোনাৰ মনত বহুত আঘাত দিছে আৰু সেয়া আপুনি পাহৰিব পৰা নাই, এনে পৰিস্থিতিত আপুনি কি কৰিব? মনত ৰাখক যে কাৰোবাক অন্তৰৰ পৰা ক্ষমা কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, যেতিয়া এজন ব্যক্তিয়ে বেয়াকৈ আঘাত পায়, তেতিয়া সেই ঘাঁ ভাল হʼবলৈ সময়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে মনৰ আঘাত ভাল হʼবলৈও সময়ৰ প্ৰয়োজন হয়। ইয়াৰ পাছতহে আমি কাৰোবাক অন্তৰৰ পৰা ক্ষমা কৰিব পাৰোঁ। (উপ. ৩:৩; ১ পিত. ১:২২) ক্ষমা কৰি থাকিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰাটো অতি গুৰুত্বপূৰ্ণ। w২৫.০২ ১৬-১৭ ¶৮-১১
বুধবাৰ, ৩ জুন
টান আহাৰ পৰিপক্ক লোকসকলৰ কাৰণে হয়।—ইব্ৰী ৫:১৪.
প্ৰাথমিক শিক্ষাবোৰ হৈছে অনুতাপ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা, বাপ্তিষ্মাৰ শিক্ষা, মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শিক্ষা আৰু এনেধৰণৰ আন শিক্ষাবোৰ। (ইব্ৰী ৬:১, ২) এই বিশেষ শিক্ষাবোৰ সকলো খ্ৰীষ্টানে মানি চলিছিল। সেইবাবে, পাঁচনি পিতৰে পেন্টাকোষ্টৰ দিনা প্ৰচাৰ কৰোঁতে এইবোৰৰ বিষয়ে কৈছিল। (পাঁচ. ২:৩২-৩৫, ৩৮) যীচুৰ শিষ্য হʼবলৈ এই প্ৰাথমিক শিক্ষাবোৰ পালন কৰাটো অতি গুৰুত্বপূৰ্ণ। পৌলে কৈছিল যি যিজনে মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শিক্ষাৰ ওপৰত বিশ্বাস নকৰে, তেওঁ যীচুৰ শিষ্য হʼব নোৱাৰে। (১ কৰি. ১৫:১২-১৪) কিন্তু আমি প্ৰাথমিক শিক্ষাৰ উপৰিও আৰু কিছুমান কথা জনাৰ প্ৰয়োজন। আমি প্ৰাথমিক শিক্ষা জনাৰ উপৰিও ‘টান আহাৰো’ খোৱাৰ অতি প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে, আমি যিহোৱাৰ নিয়ম জনাৰ লগতে, সিদ্ধান্তবোৰো বুজিব লাগিব। এইদৰে কৰিলে আমি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিম। “টান আহাৰ” খাবলৈ, আমি ঈশ্বৰৰ বাক্য বাইবেল অধ্যয়ন কৰিব লাগিব, গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু শিকা কথাবোৰ পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব লাগিব। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সঠিক নিৰ্ণয় লʼব পাৰিম আৰু যিহোৱাৰ মনক আনন্দিত কৰিব পাৰিম। w২৪.০৪ ৫ ¶১২-১৩
বৃহস্পতিবাৰ, ৪ জুন
ন্যায়ৰ সময়ত . . . নীনবিৰ লোকসকলে জীয়াই উঠিব।—মথি ১২:৪১.
যিহোৱাই যোনাক মনত পেলাই দিছিল যে তেওঁলোকে ভাল-বেয়াৰ “মাজত প্ৰভেদ” অৰ্থাৎ পাৰ্থক্য কৰিব নোৱাৰে। (যোনা ১:১, ২; ৩:১০; ৪:৯-১১) এই ঘটনাৰ যোগেদি যীচুৱে লোকসকলক শিকালে যে যিহোৱা দয়ালু ঈশ্বৰ হয় আৰু তেওঁ সঠিক ন্যায় কৰে। নীনবিৰ লোকসকলে অনুতাপ কৰিছিল। নীনবিৰ লোকসকলক ‘ন্যায়ৰ সময়ত’ আকৌ জীয়াই তোলা হʼব। ইয়াত কোনটো ন্যায়ৰ বিষয়ে কোৱা হৈছে? যীচুৱে কৈছিল যে ভৱিষ্যতে মৃত লোকসকলক “ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” (যোহ. ৫:২৯) ইয়াত যীচুৱে ১০০০ বছৰৰ সময়ছোৱাত ‘ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক’ অৰ্থাৎ ভাল আৰু বেয়া লোকসকলক জীয়াই তোলাৰ সময়ৰ বিষয়ে কৈছিল। (পাঁচ. ২৪:১৫) বাইবেলত কোৱা হৈছে যে “যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব।” ইয়াৰ অৰ্থ হৈছে নতুন পৃথিৱীত জীয়াই তোলাৰ পাছত তেওঁলোকক ঈশ্বৰৰ বিষয়ে শিকোৱা হʼব আৰু তেওঁলোকৰ ন্যায় কৰা হʼব। যিহোৱা আৰু যীচুৱে মন কৰিব যে তেওঁলোকে নিজকে সাল-সলনি কৰিছে নে নাই আৰু ইয়াৰ আধাৰত তেওঁলোকৰ ন্যায় কৰিব। যদি নীনবিৰ কোনো এজন ব্যক্তিয়ে যিহোৱাৰ উপাসনাক অস্বীকাৰ কৰিব, তেনেহʼলে তেওঁক ধ্বংস কৰা হʼব। (যিচ. ৬৫:২০) কিন্তু যিসকল লোকে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼব, তেওঁলোকে জীৱন লাভ কৰিব আৰু সদায় জীয়াই থাকিব।—দানি. ১২:২. w২৪.০৫ ৫ ¶১৩-১৪
শুক্ৰবাৰ, ৫ জুন
যিসকলে হেৰাই গৈছে, তেওঁলোকক মানুহৰ পুত্ৰই বিচাৰিবলৈ আৰু উদ্ধাৰ কৰিবলৈ আহিছে।—লূক ১৯:১০.
যীচুৱে নিজৰ পিতৃৰ দৰে লোকসকসকলক দয়া দেখুৱাইছিল। (যোহ. ১৪:৯) যীচুৱে নিজৰ কথা আৰু কামৰ যোগেদি দেখুৱালে যে তেওঁৰ দয়ালু পিতৃয়ে লোকসকলক কিমান প্ৰেম কৰে আৰু পাপৰ বিৰোধে যুঁজিবলৈ তেওঁলোকক সহায় কৰিব বিচাৰে। যীচুক লগ পাই নিজকে সলনি কৰি তেওঁৰ পিছে পিছে যাবলৈ লোকসকলৰ মন গৈছিল। (লূক ৫:২৭, ২৮) যীচুৱে জানিছিল যে আগলৈ গৈ তেওঁৰ লগত কি হʼব। তেওঁ বহু বাৰ নিজৰ শিষ্যসকলক জনালে যে তেওঁৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হʼব। (মথি ১৭:২২; ২০:১৮, ১৯) তেওঁ জানিছিল যে তেওঁৰ বলিদানৰ বাবে জগতৰ পাপ দূৰ হৈ যাব। তেওঁ নিজৰ শিষ্যসকলক এয়াও জনাইছিল যে নিজৰ জীৱন বলিদান দিয়াৰ পাছত তেওঁ ‘সকলো ধৰণৰ লোকক নিজৰ ফালে আকৰ্ষিত কৰিব।’ (যোহ. ১২:৩২) তেতিয়া লোকসকলে তেওঁক প্ৰভু বুলি মানিব আৰু তেওঁৰ উদাহৰণত চলি যিহোৱাক আনন্দিত কৰিব। আনকি তেওঁলোকে “পাপৰ পৰা” সম্পূৰ্ণৰূপে “মুকলি” হʼব পাৰিব। (ৰোম. ৬:১৪, ১৮, ২২; যোহ. ৮:৩২) যীচুৱে এই সকলো কথা জানিছিল, সেইবাবে তেওঁ আনন্দেৰে আৰু সাহসেৰে এক দুখজনক মৃত্যু সহিবলৈও সাজু আছিল।—যোহ. ১০:১৭, ১৮. w২৪.০৮ ৫ ¶১১-১২
শনিবাৰ, ৬ জুন
প্ৰথমে সকলো ৰাষ্ট্ৰত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব।—মাৰ্ক ১৩:১০.
যেতিয়া আপুনি ঈশ্বৰৰ বাক্য বাইবেলৰ পৰা সত্যতা জানিলে, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? যেনে, যেতিয়া আপুনি জানিলে যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰিয়ালৰ সদস্য হোৱাটো বিচাৰে, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? লগতে যেতিয়া আপুনি জানিব পাৰিলে যে ঈশ্বৰে সকলো দুখ-কষ্ট নাইকিয়া কৰিব আৰু মৃত্যুত হেৰুৱা আপোনাৰ আপোন লোকসকলক নতুন পৃথিৱীত আকৌ জীয়াই তুলিব, তেতিয়া আপোনাক কেনেকুৱা লাগিলে? (মাৰ্ক ১০:২৯, ৩০; যোহ. ৫:২৮, ২৯; ৰোম. ৮:৩৮, ৩৯; প্ৰকা. ২১:৩, ৪) এইবোৰ জানি আপুনি নিশ্চয় আনন্দিত হৈছিল আৰু ইয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিলে আৰু এই কথাবোৰ আপুনি আনকো জনাইছিল। (লূক ২৪:৩২; যিৰিমিয়া ২০:৯ পদৰ লগত তুলনা কৰক।) বাইবেলৰ সত্যতাই আমাৰ মনক প্ৰভাৱিত কৰিলে আমি মনে মনে থাকিব নোৱাৰোঁ, ইয়াৰ বিষয়ে সকলোকে জনাওঁ। (লূক ৬:৪৫) আমি প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰে অনুভৱ কৰোঁ, তেওঁলোকে কৈছিল, “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” (পাঁচ. ৪:২০) আমি বাইবেলৰ সত্যতাক ইমানেই প্ৰেম কৰোঁ যে ইয়াৰ বিষয়ে আমি যিমান পাৰোঁ সিমান লোকক জনাব বিচাৰোঁ। w২৪.০৫ ১৫ ¶৫; ১৬ ¶৭
দেওবাৰ, ৭ জুন
আনন্দেৰ যিহোৱাৰ সেৱা কৰা।—গীত. ১০০:২.
যিহোৱাক আমি বহুত প্ৰেম কৰোঁ আৰু সকলোৱে তেওঁৰ বিষয়ে জনাটো আমি বিচাৰোঁ। সেইবাবে, আমি প্ৰচাৰ কৰোঁ। কিন্তু কিছুমান ভাই-ভনীক প্ৰচাৰ কৰিবলৈ কঠিন লাগিব পাৰে। কিয় বাৰু? হয়তো তেওঁলোকে লাজুকীয়া স্বভাৱৰ হয় বা আনৰ লগত কথা পাতিবলৈ তেওঁলোকৰ ভয় লাগে। নতুবা নমতাকৈ আনৰ ঘৰলৈ যোৱাটো তেওঁলোকক ভাল নালাগিব পাৰে। কিছুমান ভাই-ভনীয়ে যেতিয়া ঘৰ মালিকে তৰ্ক-বিতৰ্ক কৰে, তেতিয়া আমি কি কৰিম বুলি ভাবি ভয় কৰে। আন কিছুমানে হয়তো তৰ্ক কৰিব নিবিচাৰে। এয়া সঁচা যে এই ভাই-ভনীসকলে প্ৰচাৰ কৰিবলৈ ভয় কৰে। তথাপিও তেওঁলোকে এই কাম কৰিবলৈ এৰি নিদিয়ে। আপোনাৰো কেতিয়াবা প্ৰচাৰ কৰিবলৈ ভয় লাগে নে বা এয়া কৰিবলৈ ভাল নালাগে? যদি এইদৰে হয়, তেনেহʼলে চিন্তা নকৰিব। আমি সকলোৱে লোকসকলৰ লগত কথা পাতিবলৈ কেতিয়াবা ভয় কৰোঁ, কিয়নো আমি তৰ্ক কৰিব নিবিচাৰোঁ আৰু আনে আমাৰ ওপৰত ধ্যান দিয়াটো নিবিচাৰোঁ। আমি লোকসকলৰ লাভৰ কাৰণে শুভবাৰ্ত্তা শুনাওঁ। মনত ৰাখক, আপোনাৰ পিতৃ যিহোৱাই আপোনাৰ সমস্যাৰ বিষয়ে জানে আৰু আপোনাক সহায় কৰিব বিচাৰে।—যিচ. ৪১:১৩. w২৪.০৪ ১৪ ¶১-২
সোমবাৰ, ৮ জুন
প্ৰজ্ঞা নম্ৰ লোকৰ সঙ্গী।—হিতো. ১১:২.
বাইবেল পঢ়োঁতে আপুনি এবাৰতে সকলো ক্ষেত্ৰত শুধৰণি কৰিম বুলি নাভাৱিব। ইয়াৰ পৰিৱৰ্তে লিখি ৰাখক যে আপুনি কি কি ক্ষেত্ৰত শুধৰণি কৰিব। তাৰ পাছত এটা বা দুটা ক্ষেত্ৰত শুধৰণি কৰক আৰু বাকীখিনি পিছত কৰিম বুলি এৰি দিয়ক। কিন্তু প্ৰশ্ন হৈছে যে আপুনি প্ৰথমে কোনটো ক্ষেত্ৰত শুধৰণি কৰিব? আপুনি প্ৰথমে এনে ক্ষেত্ৰত শুধৰণি কৰাৰ বিষয়ে চিন্তা কৰিব পাৰে, যি আপোনাৰ বাবে সহজ হʼব বা এনে ক্ষেত্ৰৰ বিষয়েও চিন্তা কৰিব পাৰে যʼত আপোনাক সকলোতকৈ বেছি শুধৰণি কৰাৰ প্ৰয়োজন আছে। আপুনি কোনটো ক্ষেত্ৰত শুধৰণি কৰিব এয়া নিৰ্ণয় লোৱাৰ পাছত, তাৰ বিষয়ে আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে। আপুনি যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰে যাতে তেওঁ এই ক্ষেত্ৰত শুধৰণি কৰিবলৈ আপোনাৰ ইচ্ছা জগাই আৰু এয়া পূৰ কৰিবলৈ আপোনাক শক্তিও দিয়ে। (ফিলি. ২:১৩) পাছত শুধৰণি কৰিবলৈ আপুনি প্ৰয়োজনীয় পদক্ষেপ লওক। যেতিয়া আপুনি এটা ক্ষেত্ৰত শুধৰণি কৰিব, তেতিয়া আন ক্ষেত্ৰতো শুধৰণি কৰিবলৈ আপোনাৰ মন যাব। সঁচাকৈ, যেতিয়া আমি এটা ক্ষেত্ৰত শুধৰণি কৰোঁ বা কোনো এটা গুণ বঢ়াও, তেতিয়া আন ক্ষেত্ৰতো শুধৰণি কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰে। w২৪.০৯ ৬ ¶১৩-১৪
মঙ্গলবাৰ, ৯ জুন
তোমালোকে সকলো ধৰণে প্ৰমাণ কৰিলা যে তোমালোকে এই বিষয়বোৰত নিৰ্দোষী হোৱা।—২ কৰি. ৭:১১.
হয়তো আপুনি এয়া ভাবি চিন্তিত হয় যে আগতে আপোনাৰ পৰা যি ভুল হৈছিল, তাৰ বাবে আনে বহুত আঘাত পাইছে। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? আপুনি অন্তৰেৰে তেওঁৰ পৰা ক্ষমা বিচাৰক আৰু তেওঁৰ লগত পুনৰ ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক। আপোনাৰ বাবে যিসকলে আঘাত পাইছে, তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক। যিহোৱাই আপোনাক আৰু তেওঁকো সহায় কৰিব পাৰে, যাতে আপোনালোকে মনৰ শান্তি পাব পাৰে আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰে। নিজৰ ভুলৰ পৰা শিকক আৰু যিহোৱাই আপোনাক যি কাম বা দায়িত্ব দিছে, তাক আনন্দেৰে কৰক। খন্তেকৰ বাবে ভৱিষ্যবক্তা যোনাৰ উদাহৰণলৈ মন কৰক। যিহোৱাই তেওঁক নীনবিলৈ যাবলৈ কৈছিল। কিন্তু তেওঁ যিহোৱাৰ কথা নুশুনিলে আৰু বিপৰীত দিশে পলাই গʼল। তেতিয়া যিহোৱাই যোনাৰ চিন্তাধাৰা শুধৰণি কৰিলে। তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু তাৰ পৰা শিকিলে। (যোনা ১:১-৪, ১৫-১৭; ২:৭-১০) ইয়াৰ পাছত যিহোৱাই এইদৰে ভবা নাছিল যে এতিয়া যোনা তেওঁৰ সেৱা কৰাৰ যোগ্য নহয়। যিহোৱাই তেওঁক আৰু এটা সুযোগ দিলে। এইবাৰ যোনাই লগে লগে তেওঁৰ কথা মানিলে আৰু নীনবিলৈ গʼল। যোনাই নিজৰ ভুলৰ বিষয়ে চিন্তা কৰি থকাৰ পৰিৱৰ্তে, যিহোৱাই তেওঁক যি কাম দিলে তাক পূৰ কৰিলে।—যোনা ৩:১-৩. w২৪.১০ ৯ ¶১০-১১
বুধবাৰ, ১০ জুন
সেইবাবে, অনুতাপ কৰা আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহা যাতে তোমালোকৰ পাপ মচি দিয়া হয় আৰু এইদৰে যিহোৱাই শান্তিৰ দিন লৈ আহিব।—পাঁচ. ৩:১৯.
যিহোৱাই আমাৰ পাপ বা ধাৰ কেৱল বাতিল কৰে এনে নহয়, তেওঁ সেইবোৰ সম্পূৰ্ণৰূপে মচি পেলায়। ধাৰ বাতিল কৰিবলৈ সাধাৰণতে যিখন কাগজত কিমান ধাৰ দিবলগীয়া আছে সেয়া লিখা থাকে, সেই কাগজখন কলমেৰে কাটি দিয়া হয়। (সেই কাগজত এনেধৰণৰ চিন দিয়া হয়: X) কিন্তু কলমেৰে কাটি দিয়াৰ পাছতো পিছফালে যি লিখা আছে, সেয়া দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ধাৰ বাতিল কৰা আৰু তাক মচি পেলোৱাৰ মাজত পাৰ্থক্য আছে। এয়া বুজিবলৈ এই কথালৈ মন কৰক। প্ৰাচীন সময়ত লিখিবলৈ যি চিয়াঁহীৰ ব্যৱহাৰ কৰা হৈছিল, সেয়া কয়লা, আঠা আৰু পানী মিহলি কৰি বনোৱা হৈছিল। এজন ব্যক্তিয়ে এই চিয়াহীৰে লিখা আখৰ তিতা কাপোৰ বা স্পঞ্জেৰে সহজতে মচিব পাৰিছিল। সেইবাবে, ধাৰ শেষ কৰিবলৈ কাগজত যি লিখা হৈছিল, সেয়া একেবাৰে মচি পেলোৱা হৈছিল। তাৰ পাছত কাগজত একো দেখিবলৈ পোৱা নগৈছিল, যেন ধাৰ লোৱাই নাছিল। এয়া জানি আমি কিমান আনন্দিত হওঁ যে যিহোৱাই আমাৰ পাপৰ ধাৰবোৰ কেৱল বাতিল কৰে এনে নহয়, তেওঁ সেইবোৰ একেবাৰে মচি পেলায়।—গীত. ৫১:৯. w২৫.০২ ১০ ¶১১
বৃহস্পতিবাৰ, ১১ জুন
বেজাৰ নকৰিবা, কেৱল হানিহে হয়।—গীত. ৩৭:৮.
যেতিয়া লোকসকলে আমাক ভুল বুজে আৰু আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই এই সকলোবোৰ চাই আছে আৰু তেওঁ এইবোৰ এদিন নিশ্চয় ঠিক কৰিব। এইদৰে আমি অন্যায় সহন কৰিব পাৰিম। যেতিয়া আমি বিষয়টো যিহোৱাৰ হাতত এৰি দিম, তেতিয়া আমি বেছিকৈ চিন্তা নকৰিম আৰু খং পুহি নাৰাখিম। ইয়াৰ উপৰিও, আমি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম, নিজৰ আনন্দ বজাই ৰাখিব পাৰিম আৰু যিহোৱাৰ লগত আমাৰ সৰ্ম্পক মজবুত কৰি ৰাখিব পাৰিম। এয়া সচাঁ যে আমি সম্পূৰ্ণৰূপে যীচুৰ দৰে হʼব নোৱাৰোঁ। হয়তো কেতিয়াবা আমি এনে কিবা কৰোঁ বা কৈ দিওঁ, যাৰ বাবে আমি পিছলৈ গৈ দুখ অনুভৱ কৰোঁ। (যাকো. ৩:২) আনকি অন্যায় হোৱাৰ বাবে আমি অন্তৰৰ পৰা ভাঙি পৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে। ইয়াৰ উপৰিও, এই দুখ আমি গোটেই জীৱন ভুগিবলগীয়া হʼব পাৰে। যদি আপোনাৰ লগত এইদৰে হৈছে, তেনেহʼলে বিশ্বাস ৰাখক যিহোৱাই আপোনাৰ দুখ বুজি পায় আৰু যীচুৱেও আপোনাৰ দুখ বুজি পায়। কাৰণ তেওঁ এনেধৰণৰ অন্যায় সহন কৰিছিল। (ইব্ৰী ৪:১৫, ১৬) আমি কিমান আনন্দিত যে যিহোৱাই বাইবেলত ভাল পৰামৰ্শবোৰ দিছে, যিবোৰ পালন কৰি আমি অন্যায় সহন কৰিব পাৰোঁ। w২৪.১১ ৬ ¶১২-১৩
শুক্ৰবাৰ, ১২ জুন
ঈশ্বৰৰ অনুমোদন পাবলৈ তোমালোকে সেইজনৰ ওপৰত বিশ্বাস কৰা, যিজনক তেওঁ পঠাইছে।—যোহ. ৬:২৯.
যীচুৰ ওপৰত বিশ্বাস কৰিলেহে যিহূদীসকলে “অনন্ত জীৱন” পালেহেঁতেন। (যোহ. ৩:১৬-১৮; ১৭:৩) বহুতো যিহূদীয়ে এয়া মানি লʼবলৈ বিচৰা নাছিল যে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰিব লাগিব। সেইবাবে, তেওঁলোকে কʼলে, “আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আপুনি আমাক কি চমৎকাৰ দেখুৱাব?” (যোহ. ৬:৩০) তেওঁলোকে কʼলে মোচিৰ সময়ত তেওঁলোকৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ পৰা মান্না পাইছিল, যি তেওঁলোকৰ বাবে ৰুটিৰ দৰে আছিল। (নহি. ৯:১৫; গীত. ৭৮:২৪, ২৫) তেওঁলোকৰ কথাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে তেওঁলোকৰ সম্পূৰ্ণ ধ্যান সঁচা ৰুটিৰ ওপৰত লাগি আছিল। পাছ ত যীচুৱে তেওঁলোকক ‘স্বৰ্গৰ পৰা পোৱা প্ৰকৃত আহাৰ [ৰুটিৰ]’ বিষয়ে কʼলে, যি মান্নাতকৈও উত্তম আছিল। কাৰণ ইয়ে তেওঁলোকক অনন্ত জীৱন দিব পাৰিলেহেঁতেন। (যোহ. ৬:৩২) কিন্তু তেওঁলোকে এয়া জানিবলৈ চেষ্টা নকৰিলে যে যীচুৱে কোৱা ৰুটিৰ প্ৰকৃত অৰ্থ কি। তেওঁলোকৰ সম্পূৰ্ণ ধ্যান খোৱা-বোৱাৰ ওপৰত লাগি আছিল, ঈশ্বৰৰ বিষয়ে সত্য শিকাৰ ওপৰত নহয়। w২৪.১২ ৫-৬ ¶১০-১১
শনিবাৰ, ১৩ জুন
যিজনে সকলো বনাইছে তেওঁ হৈছে ঈশ্বৰ।—ইব্ৰী ৩:৪.
আপোনাৰ লʼৰা-ছোৱালীয়ে বিজ্ঞানৰ ক্লাছত প্ৰকৃতিত পোৱা আৰু বহুতো ডিজাইন আৰু আকাৰৰ বিষয়ে শিকিব। যেনে, গছৰ বিষয়ে। বেছিভাগ গছৰ পৰা ডাল ওলাই, ডালৰ পৰা সৰু সৰু ঠাৰি ওলায়। এই সকলোবোৰ একেটা ডিজাইনতে ওলাই আৰু এই ডিজাইনক ফ্ৰেক্টল বুলি কোৱা হয়। এই ডিজাইন প্ৰকৃতিৰ আৰু কিছুমান বস্তুত পোৱা যায়। কিন্তু চিন্তা কৰক, এই ডিজাইন কোনে বনালে? কোনে সকলোবোৰ ইমান বিৱস্থিতৰূপে আৰু ভাবি-চিন্তি বনালে? আপোনাৰ লʼৰা-ছোৱালীয়ে প্ৰকৃতিৰ বস্তুবোৰৰ বিষয়ে যিমানেই চিন্তা কৰিব, সিমানেই তেওঁলোকৰ এই কথাৰ ওপৰত বিশ্বাস বাঢ়িব যে এজন ঈশ্বৰ আছে, যি সকলোবোৰ বনাইছে। আপোনাৰ লʼৰা-ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকক এয়াও বুজিবলৈ সহায় কৰক যে ঈশ্বৰৰ আজ্ঞা পালন কৰাটো কিয় গুৰুত্বপূৰ্ণ। তেওঁক সোধক, “যদি ঈশ্বৰে আমাক বনাইছে, তেনেহʼলে আমি আনন্দত থাকিবলৈ কেনেধৰণৰ জীৱন-যাপন কৰিব লাগিব, তাৰ বিষয়ে তেওঁ জনাইছে বুলি তুমি নাভাবা নে?” তাৰ পাছত আপুনি তেওঁক জনাব পাৰে যে ঈশ্বৰে বাইবেলত আমাক বহুতো ভাল পৰামৰ্শ দিছে, যিবোৰ পালন কৰিলে আমি আনন্দিত থাকিব পাৰিম। w২৪.১২ ১৬ ¶৮
দেওবাৰ, ১৪ জুন
মই খবৰ পাইছোঁ যে তোমালোকৰ ইয়াত এজন পুৰুষে অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ পাপ কৰিলে আৰু সেয়া এনে পাপ, যি জগতৰ লোকসকলেও নকৰে। তেওঁ নিজৰ দেউতাৰ পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিলে।—১ কৰি. ৫:১.
ঈশ্বৰৰ প্ৰেৰণাৰে পাঁচনি পৌলে কৰিন্থৰ ভাই-ভনীসকললৈ এখন চিঠি লিখিলে। পাপ কৰা মানুহজনে অনুতাপ কৰা নাছিল। সেইবাবে, পৌলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশনা দিলে। (১ কৰি. ৫:১৩) তেওঁ এয়াও কʼলে যে সেই মানুহজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজন। পৌলে কʼলে যে সেই মানুহজনৰ লগত “সংগতি কৰিবলৈ বন্ধ কৰা।” ইয়াৰ অৰ্থ কি আছিল? পৌলে তেওঁলোকক বুজালে “এনে মানুহৰ লগত খোৱা-বোৱাও নকৰিবা।” (১ কৰি. ৫:১১) যেতিয়া আমি কাৰোবাৰ লগত খোৱা-বোৱা কৰোঁ, তেতিয়া আমি তেওঁৰ লগত কথা পাতোঁ আৰু এইদৰে আমি লাহে লাহে তেওঁৰ লগত বেছিকৈ সময় কটাবলৈ ধৰোঁ। সেইবাবে, পৌলে সেই মানুহজনৰ লগত সংগতি কৰিবলৈ বন্ধ কৰি দিব কৈছিল। এইদৰে কৰিলে মণ্ডলীৰ ভাই-ভনীসকলৰে লাভ হʼলহেঁতেন। তেওঁলোকে সেই মানুহজনৰ বেয়া প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিলেহেঁতেন। (১ কৰি. ৫:৫-৭) ইয়াৰ উপৰিও তেওঁলোকে সেই মানুহজনৰ পৰা আঁতৰি থকা হʼলে সেই মানুহজনে অনুভৱ কৰিব পাৰিলেহেঁতেন যে তেওঁ যিহোৱাৰ মনক দুখ দিছে আৰু তেওঁ নিজৰ ভুল বুজি পালেহেঁতেন আৰু অনুতাপ কৰিলেহেঁতেন। w২৪.০৮ ১৫ ¶৪-৫
সোমবাৰ, ১৫ জুন
ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে।—যোহ. ৩:১৬.
ইস্ৰায়েলীসকলে প্ৰতি বছৰে এই বিশেষ দিন পালন কৰিছিল। সেইদিনা মহাপুৰোহিতে লোকসকলৰ পাপৰ বাবে জীৱ-জন্তুৰ বলিদান দিছিল। কিন্তু এই বলিদানৰ বাবে তেওঁলোকে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পোৱা নাছিল। কিয় বাৰু? কিয়নো জীৱ-জন্তু মানুহৰ সমান নহয়। সেইবাবে, এজন ইস্ৰায়েলীয়ে যেতিয়া সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিছিল আৰু নিয়মৰ অনুসৰি বলিদান আগবঢ়াইছিল, তেতিয়া যিহোৱাই তেওঁৰ পাপ ক্ষমা কৰিছিল। (ইব্ৰী ১০:১-৪) প্ৰায়শ্চিতৰ দিন আৰু আন দিনবোৰত যেতিয়া ইস্ৰায়েলীসকলে বলিদান দিছিল, তেতিয়া তেওঁলোকৰ অনুভৱ হৈছিল যে তেওঁলোক পাপী আৰু তেওঁলোকক এটা উত্তম বলিদানৰ প্ৰয়োজন। এনে বলিদান, যাৰ সহায়ত তেওঁলোকে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পাব পাৰে। যিহোৱাই আৰু এটা ব্যৱস্থা কৰিলে যাৰ সহায়ত লোকসকলে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পাব পাৰে। তেওঁ নিজৰ মৰমৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ “বহুতো লোকৰ পাপ উঠাবলৈ এবাৰেই সদায়ৰ কাৰণে বলিদান” দিব পাৰে। (ইব্ৰী ৯:২৮) যীচুৱে ঠিক সেইদৰে কৰিলে। বাইবেলত লিখা আছে, তেওঁ “বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে” দিলে।—মথি ২০:২৮. w২৫.০২ ৪ ¶৯-১০
মঙ্গলবাৰ, ১৬ জুন
পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা।—মথি ২৬:৪১.
যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে “হৃদয় সাজু আছে, কিন্তু শৰীৰ দুৰ্বল।” (মথি ২৬:৪১খ) ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে জানিছিল আমি সঠিক কাম কৰিব বিচাৰোঁ, কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি পাপ কৰি পাওঁ। কিন্তু এই কথা কোৱাৰ যোগেদি তেওঁ নিজৰ শিষ্যসকলক সতৰ্কও কৰিছিল। যীচুৱে তেওঁলোকক কৈছিল যে তেওঁলোকে নিজৰ ওপৰত বেছিকৈ ভৰসা কৰা উচিত নহয়। ইয়াৰ কিছু সময়ৰ আগতে যীচুৰ শিষ্যসকলে সম্পূৰ্ণ বিশ্বাসেৰে কৈছিল যে যিয়েই নহওক কিয়, তেওঁলোকে যীচুক কেতিয়াও নেৰিব। (মথি ২৬:৩৫) তেওঁলোকৰ উদ্দেশ্য ভাল আছিল, কিন্তু তেওঁলোকে নাজানিছিল যে কঠিন পৰিস্থিতিত তেওঁলোকে সোনকালে দুৰ্বল হৈ পৰিব। যীচুৱে তেওঁলোকক এটা সতৰ্কবানী দিছিল যি আজিৰ দৈনিক পাঠত পঢ়িবলৈ পাইছোঁ। দুখৰ বিষয় যে শিষ্যসকলে জাগি থাকিব নোৱাৰিলে বা সতৰ্ক হৈ নাথাকিল। ইয়াৰ বাবে কি হʼল? যেতিয়া সৈনিকসকলে যীচুক গ্ৰেপ্তাৰ কৰিবলৈ আহিলে, তেতিয়া তেওঁক সহযোগ কৰাৰ পৰিৱৰ্তে শিষ্যসকলে ভয় কৰি তাৰ পৰা পলাই গʼল। শিষ্যসকলৰ দুৰ্বলতাই তেওঁলোকক প্ৰভাৱিত কৰাৰ বাবে তেওঁলোকে ভুল কৰিলে। শিষ্যসকলে কৈছিল যে তেওঁলোকে যীচুক কেতিয়াও এৰি নাযাব, কিন্তু তেওঁলোকে সেইদৰে নকৰিলে।—মথি ২৬:৫৬. w২৪.০৭ ১৪ ¶১-২
বুধবাৰ, ১৭ জুন
তেওঁৰ পুত্ৰৰ মৃত্যুৰ আধাৰত ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিল।—ৰোম. ৫:১০.
আদম আৰু হৱাই অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱাৰ লগতে আৰু কি হেৰুৱালে? যিহোৱাৰ লগত তেওঁলোকৰ যি বিশেষ সম্পৰ্ক আছিল, সেয়া তেওঁলোকে হেৰুৱালে। তেওঁলোক যিহোৱাৰ পৰিয়ালৰ ভাগ আছিল। (লূক ৩:৩৮) কিন্তু তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন নকৰিলে। সেইবাবে, যিহোৱাই তেওঁলোকক নিজৰ পৰিয়ালৰ পৰা উলিয়াই দিলে আৰু তাৰ পাছতেই তেওঁলোকৰ লʼৰা-ছোৱালী হʼল। (আদি. ৩:২৩, ২৪; ৪:১) তেওঁলোকৰ লʼৰা-ছোৱালী হোৱাৰ বাবে আমিও যিহোৱাৰ পৰিয়ালৰ ভাগ নহওঁ। সেইবাবে, যিহোৱাৰ লগত মিল হোৱা বা শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। (ৰোম. ৫:১০, ১১) এখন কিতাপত কোৱা হৈছে যে যি গ্ৰীক শব্দৰ অনুবাদ “মিল হোৱা” বা শান্তিপূৰ্ণ সম্পৰ্ক বুলি কৰা হৈছে, তাৰ অৰ্থ এয়াও হʼব পাৰে “এজন শত্ৰুৰ লগত বন্ধুত্ব কৰা।” কিন্তু আনন্দৰ বিষয় যে যিহোৱাই নিজেই আমাৰ লগত বন্ধত্ব কৰিবলৈ আগবাঢ়ি আহিছে। কেনেকৈ বাৰু? আমাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ যিহোৱাই প্ৰায়শ্চিতৰ ব্যৱস্থা কৰিলে। এই ব্যৱস্থাত এটা বস্তুৰ সলনি আন এটা বস্তু দিয়া হয়। কিন্তু দুয়োটাৰে দাম সমান হয়। আদমে যি হেৰুৱাইছিল, তাক ঘূৰাই পাবলৈ যিহোৱাই সমান মূল্য দিলে। এই ব্যৱস্থাৰ সহায়ত আমি যিহোৱাৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ আৰু পুনৰ তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ। w২৫.০২ ৩-৪ ¶৭-৮
বৃহস্পতিবাৰ, ১৮ জুন
ঈশ্বৰক আনন্দিত কৰা নিৰাশাই অনুতাপ উৎপন্ন কৰে।—২ কৰি. ৭:১০.
পাঁচনি পৌলে কʼলে, “সেই মানুহজনক বেছিভাগ লোকে যি তাড়না দিলে, সেয়াই যথেষ্ট।” (২ কৰি. ২:৫-৮) তেওঁ কʼব বিচাৰিছিল যে যিজন মানুহে আগতে নিজৰ মাহী মাকৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিছিল, তেওঁক যি উদ্দেশ্যেৰে তাড়না দিয়া হৈছিল বা শুধৰণি কৰা হৈছিল, সেয়া পূৰ হʼল। (১ কৰি. ৫:১) তেওঁক কিয় শুধৰণি কৰা হৈছিল? তেওঁ যাতে অনুতাপ কৰিবলৈ আগবাঢ়ি আহে। (ইব্ৰী ১২:১১) পৌলে অনুতাপ কৰা ‘সেই মানুহজনৰ ওপৰত কৃপা কৰি তেওঁক ক্ষমা কৰিবলৈ আৰু তেওঁক শান্ত্বনা দিবলৈ’ মণ্ডলীক নিৰ্দেশনা দিছিল। তেওঁ এয়াও কʼলে, “তোমালোকে সেই মানুহজনক যে প্ৰেম কৰা, সেয়া তেওঁক প্ৰমাণ দিয়া।” মন কৰিবলগীয়া কথা যে ভাই-ভনীসকলে মণ্ডলীত সেই মানুহজনক কেৱল আদৰণি জনাৱাটো পৌলে বিচৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোকক সেই মানুহজনক নিজৰ কথা, কাম আৰু ব্যৱহাৰেৰে এয়া প্ৰমাণ দিবলৈ উৎসাহিত কৰিছিল যে তেওঁলোকে তেওঁক ক্ষমা কৰিলে আৰু তেওঁক প্ৰেম কৰে। এইদৰে তেওঁলোকে দেখুৱাব পাৰিলেহেঁতেন যে সেই মানুহজন মণ্ডলীলৈ ঘূৰি অহাৰ বাবে তেওঁলোকে সঁচাকৈ বহুত আনন্দিত আছে। w২৪.০৮ ১৫ ¶৪; ১৬-১৭ ¶৬-৮
শুক্ৰবাৰ, ১৯ জুন
সকলোৰে আগত তোমালোকক ঠাট্টা কৰা হʼল আৰু তোমালোকক অত্যাচাৰ কৰা হʼল।—ইব্ৰী ১০:৩৩.
পাচঁনি পৌলে ভালদৰে জানিছিল যে তেওঁলোকে কেনে অনুভৱ কৰিছে আৰু সেই সমস্যা সন্মুখীন হʼবলৈ তেওঁলোকে কি কৰিব পাৰে। পৌলে খ্ৰীষ্টানসকলক মনত পেলাই দিছিল যে সমস্যা সন্মুখীন হোৱাৰ সময়ত তেওঁলোকে নিজৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰা উচিত। পৌলেও এইদৰেই কৰিছিল, সেইবাবে তেওঁ কʼব পাৰিলে, “প্ৰভু [যিহোৱা] মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম” (ইব্ৰী ১৩:৬) আজি আমাৰ কিছুমান ভাই-ভনীয়ে তাড়নাৰ সন্মুখীন হʼবলগীয়া হৈছে। তথাপি তেওঁলোকে ধৈৰ্য্যেৰে এইবোৰ সহন কৰি আছে। আমি কেনেকৈ এই ভাই-ভনীসকলক প্ৰেম দেখুৱাব পাৰোঁ? আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। যদি সম্ভৱ হয়, তেনেহʼলে প্ৰয়োজনীয় বস্তুবোৰ দি তেওঁলোকক সহায় কৰিব পাৰোঁ। বাইবেলত এইদৰে কোৱা হৈছে, “খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) সেইবাবে, আমি সকলোৱে আহিবলগীয়া সমস্যাবোৰৰ বাবে নিজকে সাজু কৰি ৰখা উচিত। গতিকে আহক আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখোঁ যে তেওঁ আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ আমাক সহায় কৰিব আৰু আগলৈ গৈ নিজৰ সকলো সেৱকক সম্পূৰ্ণ শান্তি দিব।—২ থিচ. ১:৬. w২৪.০৯ ১২-১৩ ¶১৭-১৮
শনিবাৰ, ২০ জুন
কৰিন্থৰ বহুতো লোকেও এই বাৰ্তা শুনি বিশ্বাস কৰিলে আৰু বাপ্তিষ্মা লʼলে।—পাঁচ. ১৮:৮.
বাপ্তিষ্মা লʼবলৈ কৰিন্থৰ লোকসকলক কি কথাই সহায় কৰিলে? (২ কৰি. ১০:৪, ৫) ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকে ডাঙৰ ডাঙৰ সাল-সলনি কৰিব পাৰিলে। (ইব্ৰী ৪:১২) কৰিন্থৰ যিসকল লোকে খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা স্বীকাৰ কৰিলে, তেওঁলোকে নিজৰ বেয়া অভ্যাস আৰু আচাৰ-ব্যৱহাৰ এৰিব পাৰিলে। যেনে, অতি মাত্ৰাত মদ খোৱা, চুৰ কৰা আৰু সমকামিতা। (১ কৰি. ৬:৯-১১) মন কৰক, কৰিন্থৰ কিছুমান লোকক অন্তৰৰ গভীৰতাত সোমাই থকা বেয়া অভ্যাস এৰিবলগীয়া আছিল। কিন্তু তেওঁলোকে এয়া ভবা নাছিল যে তেওঁলোকে কেতিয়াও খ্ৰীষ্টান হʼব নোৱাৰে। তাৰ পৰিৱৰ্তে, তেওঁলোকে কঠিন পৰিশ্ৰম কৰিলে যাতে তেওঁলোকে ঠেক দুৱাৰেদি যাব পাৰে যি অনন্ত জীৱনলৈ লৈ যায়। (মথি ৭:১৩, ১৪) আপুনিও বাপ্তিষ্মা লʼব বিচাৰেনে, কিন্তু নিজৰ বেয়া অভ্যাসবোৰ এৰিবলৈ যুঁজি আছে? যদি হয়, তেনেহʼলে হাৰ নামানিব। বেয়া অভ্যাসবোৰ এৰিবলৈ যিহোৱালৈ কাকূতি-মিনতি কৰক আৰু তেওঁক পবিত্ৰ শক্তি বিচাৰক। w২৫.০৩ ৬ ¶১৫-১৭
দেওবাৰ, ২১ জুন
তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক।—যাকো. ১:৫.
যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ বুদ্ধি দিব যাৰ যোগেদি আমি বুজিব পাৰিম যে আমি যি নিৰ্ণয় লৈছোঁ, তাৰ পৰা তেওঁ আনন্দিত হʼব নে নাই। তেওঁ এই বুদ্ধি “খং নকৰাকৈ উদাৰতাৰে দিয়ে।” যিহোৱালৈ বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰাৰ পাছত মন কৰক যে তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিছে। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। আপুনি কোনো এটা ঠাইলৈ ফুৰিবলৈ গৈছে আৰু হেৰাই গʼল। তাৰ পাছত আপুনি ৰাস্তাত এজন ব্যক্তিক সহায় বিচাৰি কিছুমান প্ৰশ্ন সোধে। এতিয়া আপুনি তেওঁৰ কথা মনোযোগেৰে শুনাৰ পৰিৱৰ্তে তাৰ পৰা গুচি যাব নে? নহয়, আপুনি এইদৰে নকৰে। আপুনি তেওঁৰ কথা মনোযোগেৰে শুনিব। ঠিক সেইদৰে প্ৰাৰ্থনা কৰাৰ পাছত মন কৰক যে যিহোৱাই আপোনাক কি উত্তৰ দিলে। যিহোৱাৰ চিন্তাধাৰা জানিবলৈ বাইবেলত যি নিয়ম আৰু সিদ্ধান্ত দিয়া হৈছে, সেয়া বুজিবলৈ চেষ্টা কৰক। যেনে, আপুনি সেই পাৰ্টীত যাব নে নাই সেয়া নিৰ্ণয় লোৱাৰ আগতে এয়া চিন্তা কৰক যে বাইবেলত পাৰ্টীবোৰৰ বিষয়ে কি কোৱা হৈছে, যʼত লোকসকলে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই দিয়ে। ইয়াত বেয়া সংগতিৰ বিষয়ে আৰু নিজৰ ইচ্ছাৰ পৰিৱৰ্তে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ বিষয়ে কি কোৱা হৈছে।—মথি ৬:৩৩; ৰোম. ১৩:১৩; ১ কৰি. ১৫:৩৩. w২৫.০১ ১৬ ¶৬-৭
সোমবাৰ, ২২ জুন
চোৱা, মোৰ দাসবিলাকে হলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত আতুৰ হবা।—যিচ. ৬৫:১৩.
যিচয়াৰ ভৱিষ্যবাণীত কোৱা হৈছিল যে প্ৰমোদবনৰ ভিতৰত আৰু বাহিৰত থকা লোকসকলৰ মাজত বহুত পাৰ্থক্য হʼব। আজি যিহোৱাই নিজৰ লোকসকলক সঠিক জ্ঞান দি আছে আৰু তেওঁলোকৰ একো অভাৱ হোৱা নাই। যিহোৱাই তেওঁলোকক নিজৰ পবিত্ৰ শক্তি দিছে, নিজৰ বাক্য বাইবেল আৰু প্ৰকাশন দিছে, যাতে তেওঁৰ ‘সেৱকসকলে খাব পাৰে, পান কৰিব পাৰে আৰু আনন্দত থাকিব পাৰে।’ (প্ৰকাশিত বাক্য ২২:১৭ লগত তুলনা কৰক।) কিন্তু যিসকলে প্ৰমোদবনত নাই, ‘তেওঁলোকে ভোকত, পিয়াহত আৰু লাজত পৰিবলগীয়া হয়। তেওঁলোকে সদায় ঈশ্বৰক জনাৰ ভোকতে থাকিব।’ (আমো. ৮:১১) যিহোৱাই নিজৰ লোকসকলক লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে। ইয়াৰ অৰ্থ কি আছিল? তেওঁ নিজৰ লোকসকলৰ বাবে এনে ব্যৱস্থা কৰিব যাৰ যোগেদি তেওঁলোকৰ বিশ্বাস মজবুত হৈ থাকিব। (যোৱে. ২:২১-২৪) যিহোৱাই আজি এয়া কেনেকৈ কৰি আছে? তেওঁ নিজৰ লোকসকলক আমাৰ ৱেবছাইট, বাইবেল, বাইবেল আধাৰিত প্ৰকাশন, সভা, সন্মিলন আৰু অধিবেশনৰ যোগেদি বহুতো কথা শিকাই আছে। আমি প্ৰতিদিনে এই ব্যৱস্থাবোৰৰ পৰা লাভৱান হোৱাৰ বাবে সুস্থ আৰু সতেজ হৈ থাকো। w২৪.০৪ ২১ ¶৫-৬
মঙ্গলবাৰ, ২৩ জুন
‘সদায় নম্ৰতাৰে কথা পাতা।’—কল. ৪:৬.
যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু ডেটিং কৰিব বিচাৰে, তেনেহʼলে তেওঁক ফোনত বা কʼৰবাত লগ কৰি স্পষ্টকৈ জনাব পাৰে যে আপুনি তেওঁক পচন্দ কৰে আৰু তেওঁৰ বিষয়ে বেছিকৈ জানিব বিচাৰে। (১ কৰি. ১৪:৯) কিন্তু যদি তেওঁ অলপ সময় বিচাৰে, তেনেহʼলে তেওঁক অলপ সময় দিয়ক। যদি তেওঁ ডেটিং কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ নিৰ্ণয়ক সন্মান কৰক। (হিতো. ১৫:২৮) যদি কোনোবাই আপোনাক পচন্দ কৰোঁ বুলি কয় আৰু ডেটিং কৰিব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব? তেওঁ বহুত সাহস কৰি আপোনাক এই কথাটো জনাইছে, সেইবাবে তেওঁৰ লগত মৰমেৰে আৰু আদৰেৰে কথা পাতক। তেওঁক উত্তৰ দিয়াৰ আগতে আপুনি যদি অলপ চিন্তা কৰিব বিচাৰে, তেনেহʼলে তেওঁক জনাওক যে আপোনাক অলপ সময় লগে। কিন্তু যিমান পাৰে, সিমান সোনকালে নিজৰ উত্তৰ দিয়ক। (হিতো. ১৩:১২) যদি আপুনি তেওঁৰ লগত ডেটিং কৰিব নিবিচাৰে, তেনেহʼলে মৰমেৰে আৰু স্পষ্টকৈ জনাওক। যদি আপুনি ডেটিং কৰিবলৈ সাজু আছে, তেনেহʼলে কি কৰিব? তেওঁক এই বিষয়ে জনাওক আৰু কথা পাতক যে ডেটিং কৰাৰ সময়ত আপোনালোকে কি কি কথা ধ্যান দিব আৰু এজনে-আনজনৰ পৰা কি আশা কৰিব। এই বিষয়ে আগতীয়াকৈ কথা পতাটো ভাল, কিয়নো বেলেগ বেলেগ পৰিৱেশনত ডাঙৰ-দীঘল হোৱাৰ বাবে আপোনালোকৰ আশা বেলেগ বেলেগ হʼব পাৰে। w২৪.০৫ ২৩-২৪ ¶১২-১৩
বুধবাৰ, ২৪ জুন
মই হলে . . . বাহিনীবিলাকৰ যিহোৱাৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।—১ চমূ. ১৭:৪৫.
মন কৰক, যেতিয়া দায়ূদ অলপ ডাঙৰ হʼল তেতিয়া কি হʼল। এবাৰ তেওঁ ইস্ৰায়েলী সেনাৰ ছাউনিলৈ গৈছিল, তেওঁ দেখিলে যে পলেষ্টীয়াসকলৰ বীৰ যুদ্ধা গলিয়াথৰ বাবে সকলো সৈনিকে বহুত ভয় খাই আছে। গলিয়াথে ইস্ৰায়েলৰ সৈন্যবোৰক “ইতিকিং” কৰিছিল। (১ চমূ. ১৭:১০, ১১) তেওঁক ওখ-ডাঙৰ দেখি আৰু তেওঁৰ ইতিকিং শুনি সকলো সৈনিকে বহুত ভয় খাইছিল। (১ চমূ. ১৭:২৪, ২৫) কিন্তু দায়ূদ তেওঁলোকতকৈ বেলেগ আছিল। তেওঁ চাইছিল যে গলিয়াথে কেৱল ইস্ৰায়েলৰ সেনাক নহয়, ইয়াৰ পৰিৱৰ্তে “জীৱন্ত ঈশ্বৰৰ সৈন্যবিলাকক ইতিকিং” কৰিছে। (১ চমূ. ১৭:২৬) দায়ূদে যিহোৱাৰ বিষয়ে চিন্তা কৰিছিল যে গলিয়াথে যিহোৱাক অপমান কৰিছে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই সিংহ আৰু ভালুকৰ লগত যুঁজিবলৈ তেওঁক যিদৰে শক্তি দিছিল, ঠিক সেইদৰে গলিয়াথৰ লগত যুঁজিবলৈ তেওঁক নিশ্চয় শক্তি দিব। এই ভৰসা থকাৰ বাবেই তেওঁ গলিয়াথৰ বিৰুদ্ধে যুঁজিবলৈ গʼল আৰু তেওঁক মাৰি পেলালে।—১ চমূ. ১৭:৪৫-৫১. w২৪.০৬ ২১ ¶৭
বৃহস্পতিবাৰ, ২৫ জুন
সেই যি তুমি, তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহবা, কিয়নো মই তোমাৰেই ঈশ্বৰ; মই তোমাক শক্তি দিম, তোমাক সহায়ো দিম, এনে কি মোৰ ধাৰ্ম্মিকতাৰূপ সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।—যিচ. ৪১:১০.
চিন্তা কৰক, আমি যিহোৱাৰ উপাসনা নকৰা হʼলে আমাৰ জীৱন কেনেকুৱা হʼলহেঁতেন। এইদৰে ভাবিলে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম আৰু গীত ৰচকৰ দৰে কʼব পাৰিম, “মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।” (গীত. ৭৩:২৮) আমি “জীৱনময় সত্য ঈশ্বৰৰ সেৱা” কৰোঁ, সেইবাবে এই শেষ কালত আহিবলগীয়া সকলো সমস্যা আমি সন্মুখীন হʼব পাৰিম। (১ থিচ. ১:৯) যিহোৱা জীৱিত ঈশ্বৰ আৰু তেওঁ নিজৰ উপাসকসকলক সহায় কৰে। প্ৰাচীন সময়ত তেওঁ নিজৰ সেৱকসকলক সহায় কৰিছিল আৰু আজিও তেওঁ আমাক সহায় কৰে। অতি সোনকালে আমি এনে এক মহা-সংকটৰ সন্মুখীন হʼম, যি পৃথিৱীত আগতে কেতিয়াও হোৱা নাই। কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে এনে পৰিস্থিতিটো যিহোৱাই আমাক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিব। সেইবাবে, আমি সাহসেৰে কʼব পাৰোঁ যে “প্ৰভু মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম।”—ইব্ৰী ১৩:৫, ৬. w২৪.০৬ ২৫ ¶১৭-১৮
শুক্ৰবাৰ, ২৬ জুন
তোমালোকে . . . ধাৰ্ম্মিক আৰু দুষ্ট . . . লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।—মলা. ৩:১৮.
বাইবেলত কোৱা হৈছে যে ইস্ৰায়েলত প্ৰায় ৪০ জন ৰজাই শাসন কৰিছিল। ভাল ৰজাসকলেও কিছুমান বেয়া কাম কৰিছিল। যদি আমি ৰজা দায়ূদৰ বিষয়ে চাওঁ, তেনেহʼলে তেওঁ এজন ভাল ৰজা আছিল। যিহোৱাই তেওঁৰ বিষয়ে এইদৰে কৈছিল, ‘মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনে সৈতে মোৰ পাছত চলিছিল।’ (১ ৰাজা. ১৪:৮) কিন্তু দায়ূদে কিছুমান বেয়া কামো কৰিছিল। তেওঁ এগৰাকী তিৰোতাৰ লগত অনৈতিক সম্পৰ্ক ৰাখিছিল আৰু ষড়যন্ত্ৰ কৰি তাইৰ স্বামীক হত্যা কৰিছিল। (২ চমূ. ১১:৪, ১৪, ১৫) আনহাতে ইস্ৰায়েলৰ কিছুমান ৰজা যিহোৱাৰ বিশ্বাসী নাছিল। কিন্তু তেওঁলোকে কিছুমান ভাল কাম কৰিছিল। ক্ষন্তেকৰ বাবে ৰজা ৰহবিয়ামৰ বিষয়ে চিন্তা কৰক। যিহোৱাৰ দৃষ্টিত তেওঁ ‘কু-আচৰণ কৰিছিল।’ (২ বং. ১২:১৪) কিন্তু তেওঁ যিহোৱাৰ আজ্ঞাও পালন কৰিছিল। যিহোৱাই কোৱাৰ বাবে তেওঁ দহটা ফৈদৰ ৰাজ্যৰ লগত যুদ্ধ নকৰিলে আৰু তেওঁলোকক নিজৰ বাবে ৰজা বাছনি কৰিবলৈ দিলে। ইয়াৰ উপৰিও তেওঁ বেলেগ বেলেগ চহৰত দেৱাল বনাইছিল আৰু সেইবোৰক মজবুত কৰিছিল। (১ ৰাজা. ১২:২১-২৪; ২ বং. ১১:৫-১২) যিহোৱাই কিয় কিছুমান ৰজাক বিশ্বাসী বা ভাল বুলি কৈছিল আৰু কিছুমানক কিয় কোৱা নাছিল? তিনিটা কথাৰ বাবে যিহোৱাই হয়তো এজন ৰজাক ভাল বা বেয়া বুলি কৈছিল: (১) তেওঁ যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰিছিল নে নাই, (২) তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিছিল নে নাই আৰু (৩) তেওঁ সত্য উপাসনাক সহযোগ কৰিবলৈ চেষ্টা কৰিছিল নে নাই। w২৪.০৭ ২০ ¶১-৩
শনিবাৰ, ২৭ জুন
যিহোৱাৰ ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই আৰু শিক্ষা দি ডাঙৰ-দীঘল কৰা।—ইফি. ৬:৪.
কিন্তু গভীৰ পাপ কৰা ব্যক্তিজন যদি বাপ্তিষ্মা লোৱা চেমনীয়া বয়সীয়া হয় অৰ্থাৎ যাৰ বয়স ১৮ বছৰতকৈ কম, তেতিয়া কি কৰা উচিত? এনে পৰিস্থিতিত প্ৰাচীনসকলৰ সমিতি বনোৱা হয়, যিয়ে সেই চেমনীয়া আৰু তেওঁৰ খ্ৰীষ্টান মা-দেউতাকক লগ কৰে। তেওঁলোকে এয়া জানিবলৈ চেষ্টা কৰিব যে মা-দেউতাকে নিজৰ সন্তানক অনুতাপৰ ফালে লৈ যাবলৈ কেনেকৈ চেষ্টা কৰি আছে। যদি সন্তানে নিজৰ মা-দেউতাৰ কথা মানিছে আৰু নিজৰ চিন্তাধাৰা আৰু ব্যৱহাৰ সলনি কৰিছে, তেনেহʼলে সেই দুজন প্ৰাচীনে নিৰ্ণয় লʼব যে আগলৈও মা-দেউতাকে নিজৰ সন্তানক সহায় কৰি থাকিব আৰু সমিতি বনোৱাৰ কোনো প্ৰয়োজন নাই। যিহোৱাই মা-দেউতাকক নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ আৰু প্ৰেমেৰে শুধৰণি কৰিবলৈ দায়িত্ব দিছে। (দ্বিতী. ৬:৬, ৭; হিতো. ৬:২০; ২২:৬; ইফি. ৬:২-৪) কিন্তু ইয়াৰ পাছতো প্ৰাচীনসকলে মাজে-সময়তে মা-দেউতাকৰ লগত কথা পাতিব আৰু চাব যে চেমনীয়াক কেনেকৈ সহায় কৰা হৈছে। কিন্তু বাপ্তিষ্মা লোৱা চেমনীয়াই যদি ভুল কাম কৰি আছে আৰু অনুতাপ কৰা নাই, তেতিয়া কি কৰা হয়? এনে পৰিস্থিতিত প্ৰাচীনসকলৰ এটা সমিতি বনোৱা হয়, যিসকলে সেই চেমনীয়া আৰু তেওঁৰ খ্ৰীষ্টান পিতৃ-মাতৃ বা লগ কৰে। w২৪.০৮ ২৪ ¶১৮
দেওবাৰ, ২৮ জুন
লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।—পাঁচ. ২০:৩৫.
যেতিয়া কোনোবাই আমাক উপহাৰ দিয়ে, তেতিয়া আমাৰ বহুত ভাল লাগে আৰু আমি আনন্দিত হওঁ। কিন্তু যেতিয়া আমি আনক কিবা দিওঁ, তেতিয়া আমি আৰু বেছিকৈ আনন্দিত হওঁ। আমি যাতে আমাৰ আনন্দ বঢ়াব পাৰোঁ, তাৰ বাবে তেওঁ আমাক এইদৰে সৃষ্টি কৰিছে। আমি যিমানেই বেছি আনক সহায় কৰোঁ, আমাৰ আনন্দ সিমানেই বাঢ়ে। সেইবাবে, আমি বেলেগ বেলেগ উপায়েৰে আনক সহায় কৰা উচিত। সঁচাকৈ, যিহোৱাই আমাক বহুত সুন্দৰকৈ সৃষ্টি কৰিছে। (গীত. ১৩৯:১৪) দিয়াত আনন্দ পোৱা যায়। সেইবাবে, যিহোৱাৰ বিষয়ে বাইবেলত লিখা আছে যে তেওঁ ‘পৰম-ধন্য [আনন্দিত] ঈশ্বৰ’ হয়। (১ তীম. ১:১১) আনক দিয়াৰ আৰম্ভণি যিহোৱাইহে কৰিছে। এই ক্ষেত্ৰত যিহোৱা সকলোতকৈ ভাল উদাহৰণ হয়। তেওঁৰ দৰে কোনো নাই। পাঁচনি পৌলে ঈশ্বৰৰ বিষয়ে লিখিছে, “তেওঁৰ কাৰণে আমি জীৱন পাইছোঁ আৰু আমি চলা-ফুৰা কৰিছোঁ আৰু অস্তিত্বত আছোঁ।” (পাঁচ. ১৭:২৮) বাইবেলত এয়াও লিখা আছে, “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে” অৰ্থাৎ যিহোৱাৰ পৰাহে আহে। (যাকো. ১:১৭) দিয়াত যি আনন্দ পোৱা যায়, সেই আনন্দ আমি সকলোৱে পাব বিচাৰোঁ। যদি আমি যিহোৱাৰ দৰে হৃদয় খুলি আনক সহায় কৰোঁ, তেনেহʼলে আমি নিজৰ আনন্দ বঢ়াব পাৰিম।—ইফি. ৫:১. w২৪.০৯ ২৬ ¶১-৪
সোমবাৰ, ২৯ জুন
আমি যিমান উন্নতি কৰিলোঁ, আহা আমি এই পথত সংগঠিতভাৱে চলি থাকোঁ।—ফিলি. ৩:১৬.
আমাৰ এই আলোচনাৰ পাছত কিছুমান সহায়ক সেৱকসকলে হয়তো ভাবিব পাৰে যে তেওঁলোকে প্ৰাচীনসকলৰ বাবে দিয়া যোগ্যতাবোৰ কেতিয়াও পূৰ কৰিব নোৱাৰে। কিন্তু মনত ৰাখক যিহোৱা আৰু সংগঠনে ইয়াত দিয়া সকলো যোগ্যতা আপুনি সম্পূৰ্ণকৈ পূৰ কৰিব আৰু আপোনাৰ কোনো দুৰ্বলতা নাথাকিব বুলি আশা নকৰে। (১ পিত. ২:২১) এয়াও মনত ৰাখক যে যিহোৱাই আপোনাক নিজৰ পবিত্ৰ শক্তি দিব যাৰ সহায়ত আপুনি এই যোগ্যতাবোৰ পূৰ কৰিব পাৰিব আৰু খ্ৰীষ্টান গুণবোৰ বঢ়াব পাৰিব। (ফিলি. ২:১৩) কোনো যোগ্যতা বা গুণ বঢ়াবলৈ আপুনি নিজকে শুধৰণি কৰাৰ প্ৰয়োজন আছে নে? যদি আছে, তেনেহʼলে ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। লগতে এই বিষয়ে অনুসন্ধান কৰক আৰু কোনো প্ৰাচীনক সোধক যে আপুনি কেনেকৈ শুধৰণি কৰিব পাৰে।তেনেহʼলে আগবাঢ়ি থাকক। যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাক শিকায় থাকে। এইদৰে আপুনি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিব আৰু মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰি থাকিব পাৰিব। (যিচ. ৬৪:৮) আমি প্ৰাৰ্থনা কৰোঁ যে যিহোৱাই আপোনাৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দিয়ে, যাতে প্ৰাচীন হোৱাৰ যি যোগ্যতাবোৰ দিয়া হৈছে সেয়া আপুনি পূৰ কৰিব পাৰে। w২৪.১১ ২৫ ¶১৭-১৮
মঙ্গলবাৰ, ৩০ জুন
ঈশ্বৰ অন্যায়ী নহয়। তোমালোকে পবিত্ৰ লোকসকলৰ যি সেৱা কৰিলা আৰু এতিয়াও কৰি আছা আৰু এইদৰে তোমালোকে যি কাম কৰিছা আৰু তেওঁৰ নামৰ প্ৰতি যি প্ৰেম দেখুৱাইছা, সেয়া তেওঁ নাপাহৰিব।—ইব্ৰী ৬:১০.
যদিও যিহোৱাৰ সেৱা কৰা আমাৰ বহু বছৰ হৈ গৈছে, তথাপি আমি কেতিয়াও এইদৰে ভবা উচিত নহয় যে যিহোৱাৰ পৰা ক্ষমা পোৱাটো আমাৰ অধিকাৰ হয়। এয়া সঁচা যে ইমান বছৰৰ পৰা আমি তেওঁৰ যি সেৱা কৰিলোঁ, তাৰ বাবে তেওঁ বহুত মূল্যাংকন কৰে। যিহোৱাই যীচু খ্ৰীষ্টৰ যি বলিদান দিলে, সেয়া আমাৰ সেৱাৰ দৰমহা বা মূল্য হয় বুলি ভবাটো উচিত নহয়। এই উপহাৰ তেওঁ আনন্দেৰে দিছে। সেইবাবে, আমি তেওঁৰ কাৰণে যি কৰিলোঁ, তাৰ বাবে তেওঁ আমাক ক্ষমা কৰিবই লাগিব বুলি ভবাটো ভুল হʼব। এয়া এনে হʼব যেন যীচুৱে আমাৰ বাবে নিজৰ জীৱন দিয়াৰ প্ৰয়োজনে নাছিল, তেওঁৰ বলিদান একেবাৰে ব্যৰ্থ আছিল। (গালাতীয়া ২:২১ পদৰ লগত তুলনা কৰক।) পাঁচনি পৌলে জানিছিল যে তেওঁ যিয়েই নকৰক কিয়, তেওঁ কেতিয়াও যিহোৱাৰ ক্ষমা পোৱাৰ অধিকাৰী হʼব নোৱাৰে। তথাপিও তেওঁ কিয় ইমান পৰিশ্ৰম কৰিলে? কাৰণ যিহোৱাই তেওঁক যি মহা-কৃপা দেখুৱালে, তাৰ বাবে তেওঁ কৃতজ্ঞতা দেখুৱাব বিচাৰিছিল। (ইফি. ৩:৭) পৌলৰ দৰে আজি আমিও যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰোঁ, কাৰণ আমি তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ হওঁ, তেওঁৰ পৰা ক্ষমা পোৱা অধিকাৰী হʼবলৈ এইদৰে নকৰোঁ। w২৫.০১ ২৭ ¶৫-৬