আগষ্ট
শনিবাৰ, ১ আগষ্ট
সেই সময়ত এনে মহা-সংকট হʼব, যি জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই।—মথি ২৪:২১.
আমি এয়াই প্ৰাৰ্থনা কৰোঁ যে যিমান সম্ভৱ, সিমান লোকে ন্যায়ৰ বাৰ্তা শুনক আৰু আমাৰ লগত শুদ্ধ উপাসনা কৰক। কিন্তু যিসকল লোকে এই বাৰ্তা এতিয়া নুশুনে তেওঁলোকৰ কি হʼব? মহা-বাবিলৰ ধ্বংস দেখি কিছুমান লোকে হয়তো যিহোৱাৰ ওপৰত বিশ্বাস কৰিব আৰু বিনাশৰ পৰা বাচি যাব। সেইবাবে, আহিবলগীয়া মহা-সংকটৰ বিষয়ে লোকসকলক সতৰ্কবাণী দিয়াটো আজি বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি আমি তেওঁলোকক আজি এই বিষয়ে জনাওঁ, তেনেহʼলে সেই সময়ত তেওঁলোকৰ এই বিষয়ে মনত পৰিব। (যিহিষ্কেল ৩৩:৩৩ পদৰ লগত তুলনা কৰক।) সেই সময়ত তেওঁলোকৰ মনত পৰিব যে সাক্ষীসকলে ভৱিষ্যতে কি কি হʼব, তাৰ বিষয়ে জনাইছিল আৰু অন্ত অহাৰ আগতে আমাৰ লগত মিলি যিহোৱাৰ উপাসনা কৰিব। মন কৰক, ফিলিপীৰ জেলৰ অধিকাৰীয়ে “বৰ ভূমিকম্প” দেখি যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। ঠিক সেইদৰে যেতিয়া আমি লোকসকলক শুভবাৰ্তা জনাওঁ, তেতিয়া তেওঁলোকে ধ্যান নিদিয়ে, কিন্তু এই পৃথিৱীৰ ডাঙৰ ডাঙৰ ঘটনা দেখি অৰ্থাৎ মহা-বাবিলৰ ধ্বংস দেখি হয়তো তেওঁলোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰিব।—পাঁচ. ১৬:২৫-৩৪. w২৪.০৫ ১৭ ¶৯-১০
দেওবাৰ, ২ আগষ্ট
খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি নিয়মৰ অন্ত হʼল।—ৰোম. ১০:৪.
পাঁচনি পৌলে ইব্ৰী খ্ৰীষ্টানসকলক যি চিঠি লিখিছিল, তাৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। কিছুমান ইব্ৰী খ্ৰীষ্টানে পৰিপক্ক হʼবলৈ পৰিশ্ৰম কৰা নাছিল, ‘তেওঁলোকৰ টান আহাৰ নহয়, আকৌ গাখীৰৰ প্ৰয়োজন হৈছিল।’ (ইব্ৰী ৫:১২) যিহোৱাই মণ্ডলীৰ যোগেদি তেওঁলোকক যি কথাবোৰ শিকাইছিল, নতুন বুজা-বুলি জনাইছিল, তাৰ ওপৰত তেওঁলোকে ধ্যান দিয়া নাছিল। সেইবাবে, তেওঁলোকৰ এই অৱস্থা হʼল। (হিতো. ৪:১৮) উদাহৰণস্বৰূপে, কিছুমান যিহুদী খ্ৰীষ্টানে মোচিৰ নিয়ম মানিবলৈ জোৰ দিছিল। কিন্তু যীচুৰ মৃত্যুৰ পাছত এই নিয়ম শেষ হৈ গৈছিল আৰু এইদৰে হোৱা ৩০ বছৰ পাৰ হৈছিল। (তীত ১:১০) সেইবাবে, পৌলে তেওঁলোকক টান আহাৰ দিলে অৰ্থাৎ কিছুমান গভীৰ কথা জনালে। পৌলে নিজৰ চিঠিত তেওঁলোকক বুজালে যে যিহোৱাই যীচু খ্ৰীষ্টৰ বলিদানৰ আধাৰত উপাসনাৰ এটা নতুন ব্যৱস্থা কৰিলে, যি পুৰণি ব্যৱস্থাতকৈ বহু গুণে উত্তম। তেওঁৰ কথাৰ পৰা খ্ৰীষ্টানসকলে প্ৰচাৰ কৰি থাকিবলৈ সাহস পালে।—ইব্ৰী ১০:১৯-২৩. w২৪.০৪ ৬ ¶১৫
সোমবাৰ, ৩ আগষ্ট
ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব।—পাঁচ. ২৪:১৫.
যেতিয়াৰে পৰা আদম আৰু হৱাই চয়তানৰ ফলীয়া হৈ যিহোৱাৰ বিৰোধ কৰিলে, তেতিয়াৰে পৰা এতিয়ালৈকে কোটি কোটি লোকৰ মৃত্যু হʼল। তেওঁলোকৰ কি হʼব? স্বৰ্গত জীৱন লাভ কৰাৰ আশা থকা ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজৰ যিসকলৰ মৃত্যু হৈ গʼল, তেওঁলোকে স্বৰ্গত জীৱন লাভ কৰিলে। তেওঁলোকৰ মাজৰ যিসকলে এতিয়াও পৃথিৱীত বাকী আছে, তেওঁলোকেও স্বৰ্গত অমৰ জীৱন লাভ কৰিব। (প্ৰকা. ১৪:১) ইয়াৰ উপৰিও যিহোৱাক প্ৰেম কৰা বহুতো লোকক এই পৃথিৱীত জীয়াই তোলা হʼব। তেওঁলোকে মচীহৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত আৰু শেষ পৰীক্ষাত বিশ্বাসী হৈ থাকিলে, এই পৃথিৱীত সদাই জীয়াই থাকিব। (দানি. ১২:১৩; ইব্ৰী ১২:১) হাজাৰ বছৰৰ সময়ছোৱাত বেয়া লোকসকলকো জীৱিত কৰা হʼব। তেওঁলোকৰ মাজত এনে লোকসকলো থাকিব, যিসকলে যিহোৱাৰ সেৱা কৰা নাছিল বা ‘বেয়া কামবোৰত লাগি আছিল।’ তেওঁলোকে নিজকে সলনি কৰিবলৈ আৰু যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পাব। (যোহ. ৫:২৯; লূক ২৩:৪২, ৪৩) কিন্তু কিছুমান লোক বহুত দুষ্ট আছিল। সেইবাবে, যিহোৱাই তেওঁলোকক আকৌ জীয়াই নুতুলিবলৈ নিৰ্ণয় লৈছে।—লূক ১২:৪, ৫. w২৪.০৫ ২ ¶৩; ৫ ¶১৫; ৬ ¶১৭
মঙ্গলবাৰ, ৪ আগষ্ট
তেওঁলোকে মোৰ ওচৰলৈ চাপি নিজ নিজ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ হলে মোৰ পৰা দূৰত ৰাখে।—যিচ. ২৯:১৩.
যিহোৱাৰ অনুমোদন পাবলৈ আমি “মনতে সঁচা কথা” কোৱাটো অতি গুৰুত্বপূৰ্ণ। (গীত. ১৫:২) যদিও আমি মিছা কথা নকওঁ, কিন্তু মনতে সঁচা কথা কোৱাৰ অৰ্থ হৈছে আমি সকলো বিষয়তে বিশ্বাসী হৈ থকা। (ইব্ৰী ১৩:১৮) এয়া কিয় ইমান গুৰুত্বপূৰ্ণ? কিয়নো “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগত্হে।” (হিতো. ৩:৩২) যি মানুহে “মনতে সঁচা কথা” নকয়, তেওঁ লুকাই লুকাই যিহোৱাৰ আজ্ঞা উলংঘন কৰে, কিন্তু আনৰ আগত দেখুৱাই যেন তেওঁ যিহোৱাৰ আজ্ঞা মানি চলে। এনেধৰণৰ লোক কপটীয়া হয় আৰু তেওঁ হয়তো ভাবিব পাৰে যে যিহোৱাৰ কিছুমান আজ্ঞা মানি চলাটো বুদ্ধিমানৰ কাম নহয়। (যাকো. ১:৫-৮) সেইবাবে, তেওঁ যেতিয়া ভাবে যে কোনো এটা বিষয় ইমান ডাঙৰ নহয়, তেতিয়া তেওঁ হয়তো যিহোৱাৰ আজ্ঞা পালন নকৰে। এইদৰে কৰাৰ বাবে যেতিয়া তেওঁ কোনো বেয়া পৰিণাম ভুগিবলগীয়া নহয়, তেতিয়া জীৱনৰ ডাঙৰ ডাঙৰ বিষয়তো যিহোৱাৰ আজ্ঞা উলংঘন কৰিব। তেওঁ হয়তো ভাবিব পাৰে যে তেওঁ যিহোৱাৰ উপাসনা কৰিছে, কিন্তু যিহোৱাই এনেধৰণৰ কপটীয়া লোকৰ উপাসনা কেতিয়াও গ্ৰহন নকৰে। (উপ. ৮:১১) আমি এনেধৰণৰ ব্যক্তি হোৱাৰ পৰিৱৰ্তে সকলো কথাতে বিশ্বাসী হৈ থাকিব বিচাৰোঁ। w২৪.০৬ ১০ ¶৭-৮
বুধবাৰ, ৫ আগষ্ট
সত্যৰ পেটীৰে নিজৰ কঁকাল বান্ধি . . . থিৰে থাকা।—ইফি. ৬:১৪.
আমি ঈশ্বৰৰ বাক্যত পোৱা সত্যতাবোৰক বহুত প্ৰেম কৰোঁ আৰু ইয়াৰ ওপৰতে আমাৰ বিশ্বাস নিৰ্ভৰ কৰে। (ৰোম. ১০:১৭) আমাৰ সম্পূৰ্ণ ভৰসা আছে যে খ্ৰীষ্টান মণ্ডলী “সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূলস্বৰূপ” আৰু যিহোৱাই ইয়াৰ ব্যৱস্থা কৰিছে। (১ তীম. ৩:১৫) আমি ঈশ্বৰৰ বাক্য বাইবেল আৰু তেওঁৰ সংগঠনৰ পৰা যিবোৰ নিৰ্দেশনা পাওঁ, তাৰ ওপৰত সন্দেহ কৰা আৰু ভৰসা কৰিবলৈ এৰি দিয়াটো চয়তানে বিচাৰে। (ইফি. ৪:১৪) অতি সোনকালে চয়তানে সকলো ৰাষ্ট্ৰক ফুচলাবলৈ মিছা কথা বিয়পাব, যাৰ বাবে তেওঁলোকে যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিৰোধ কৰিব। (প্ৰকা. ১৬:১৩, ১৪) ইয়াৰ উপৰিও চয়তানে যিহোৱাৰ লোকসকলক ফুচলাবলৈ বহুত চেষ্টা কৰিব। (প্ৰকা. ১২:৯) সেইবাবে, তাৰ পৰা বাচিবলৈ আমি কি কৰিব লাগিব? আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিব লাগিব আৰু সত্যতাক ধৰি ৰাখিব লাগিব। (ৰোম. ৬:১৭; ১ পিত. ১:২২) এইদৰে কৰিলে আমি মহা সংকটৰ পৰা বাচিব পাৰিম। w২৪.০৭ ৮ ¶১-৩
বৃহস্পতিবাৰ, ৬ আগষ্ট
মই আজি তোমাক যি ব্যৱস্থা দিছোঁ, সেয়ে তোমাৰ জ্ঞানে ঢুকি পাব নোৱৰা নহয়, আৰু সেয়ে তোমাৰ পৰা দূৰো নহয়।—দ্বিতী. ৩০:১১.
যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক এটা ৰাষ্ট্ৰ হিচাপে সংগঠিত কৰিছিল, তেতিয়া তেওঁলোকৰ লগত এটা চুক্তি কৰিছিল। যিহোৱাই কৈছিল যে তেওঁলোকে তেওঁৰ আজ্ঞা পালন কৰিলে যিহোৱাই তেওঁলোকক ৰক্ষা কৰিব আৰু আশীৰ্বাদ দিব। কিন্তু ইস্ৰায়েলীসকলে যদি যিহোৱাৰ আজ্ঞা পালন নকৰে, যেনে: তেওঁলোকে যদি মিছা দেৱী-দেৱতাবোৰক উপাসনা কৰি থাকে, তেনেহʼলে যিহোৱাই তেওঁলোকক যি আশীৰ্বাদ দিছিল, সেয়া তেওঁলোকৰ ওপৰৰ পৰা আঁতৰাই দিব আৰু তেওঁলোকে বহুতো সমস্যা সন্মুখীন হʼব লাগিব। কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে যিহোৱাই তেওঁলোকক সদায় দিনৰ বাবে এৰি দিব। যদি তেওঁলোকে অনুতাপ কৰে আৰু ‘নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি, তেওঁৰ বাক্যলৈ কাণ দিয়ে,’ তেনেহʼলে যিহোৱাই তেওঁলোকক আকৌ গ্ৰহণ কৰিব। (দ্বিতী. ৩০:১-৩, ১৭-২০) যিহোৱাই পুনৰ তেওঁলোকৰ কাষ চাপিলেহেঁতেন আৰু তেওঁলোকক আশীৰ্বাদ দিলেহেঁতেন। দুখৰ বিষয় যে যিহোৱাৰ লোকসকলে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে গৈছিল। ইয়াৰ বাবে তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিছিল। কিন্তু যিহোৱাই তেওঁলোকক এৰি দিয়া নাছিল, তেওঁলোকক সহায় কৰি থাকিল। তেওঁ বাৰে বাৰে নিজৰ ভৱিষ্যবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল আৰু তেওঁলোকক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ উভতি আহিবলৈ অনুৰোধ কৰিছিল।—২ ৰাজা. ১৭:১৩, ১৪. w২৪.০৮ ৯ ¶৪-৫
শুক্ৰবাৰ, ৭ আগষ্ট
যিৰূচালেমৰ মণ্ডলীৰ ওপৰত বহুত অত্যাচাৰ হʼবলৈ ধৰিলে।—পাঁচ. ৮:১.
যীচুৰ মৃত্যুৰ পাছত যিৰূচালেম আৰু যিহূদিয়াত থকা ইব্ৰী খ্ৰীষ্টানসকলৰ ওপৰত বহুতো সমস্যা আহিছিল। খ্ৰীষ্টান মণ্ডলী গঠিত হোৱাৰ কিছু সময়ৰ পাছতে তেওঁলোকক বহুত বিৰোধ কৰা হʼল। ইয়াৰ প্ৰায় ২০ বছৰৰ পাছত তেওঁলোকে আকাল আৰু দৰিদ্ৰতাৰ সন্মুখীন হʼবলগীয়া হʼল। (পাঁচ. ১১:২৭-৩০) তাৰ পাছত ৬১ খ্ৰীষ্টাব্দৰ আশে-পাশে পৰিস্থিতি অলপ ভাল হʼল আৰু ভাই-ভনীসকলে মনত শান্তি অনুভৱ কৰিলে। কিন্তু আগলৈ পৰিস্থিতি সলনি হʼবলগীয়া আছিল। সেইবাবে, যিহোৱাই পৌলৰ যোগেদি সেই খ্ৰীষ্টানসকলৰ বাবে এখন চিঠি লিখুৱালে। ইয়াত বহুত ভাল ভাল পৰামৰ্শ দিয়া হৈছিল, যাৰ পৰা তেওঁলোকৰ লাভ হʼলহেঁতেনে। পৌলৰ এই চিঠি তেওঁলোকে একেবাৰে সঠিক সময়ত পাইছিল। শান্তিৰ সময়ছোৱা শেষ হʼবলগীয়া আছিল, যীচুৱে কোৱাৰ দৰে যিৰূচালেম আৰু তাৰ মন্দিৰ ধ্বংস হʼবলগীয়া আছিল। এই চিঠিত যি ভাল ভাল পৰামৰ্শবোৰ দিয়া হৈছিল, তাক পালন কৰিলে সেই যিহূদী খ্ৰীষ্টানসকলে সেই সমস্যাবোৰ সন্মুখীন হʼব পাৰিলেহেঁতেন। w২৪.০৯ ৮ ¶১-২
শনিবাৰ, ৮ আগষ্ট
এওঁলোকৰ পৰা মই বহুত শান্ত্বনা পালোঁ।—কল. ৪:১১.
যেতিয়া আমি সমস্যাৰ মাজেদি পাৰ হওঁ, ভাই-ভনীসকলৰ যিহোৱাই আমাক প্ৰেম দেখুৱায়। ভাই-ভনীসকলে বেলেগ বেলেগ উপায়েৰে আমাক শান্ত্বনা দিব পাৰে। হয়তো তেওঁলোকে আমাৰ কথা মনোযোগেৰে শুনে বা আমাৰ লগত সময় অতিবাহিত কৰে বা আমাক উৎসাহিত কৰিবলৈ বাইবেলৰ কোনো এটা পদ দেখুৱাই অথবা আমাৰ লগত প্ৰাৰ্থনা কৰিব পাৰে। (ৰোম. ১৫:৪) ইয়াৰ উপৰিও কোনো ভাই বা ভনীয়ে আমাক নিজৰ পৰিস্থিতি যিহোৱাৰ দৃষ্টিৰে চাবলৈ সহায় কৰিব পাৰে আৰু ইয়াৰ বাবে আমি নিজকে চম্ভালিব পাৰিম। বহুবাৰ তেওঁলোকে প্ৰয়োজনীয় বস্তুবোৰ দি আমাক সহায় কৰে। যেনে, তেওঁলোকে আমাৰ বাবে আহাৰ আনি দিয়ে। আনৰ পৰা সহায় পাবলৈ আমি সহায় বিচাৰিব লাগিব। (হিতো. ১৭:১৭) আমি কেনে অনুভৱ কৰিছোঁ আৰু আমাক কিহৰ প্ৰয়োজন আছে, তাৰ বিষয়ে তেওঁলোকে যদি গʼমেই নাপায়, তেনেহʼলে আমাক কেনেকৈ সহায় কৰিব! (হিতো. ১৪:১০) সেইবাবে, আপুনি এনে বন্ধুৰ লগত কথা পাতিব পাৰে, যিজনে আপোনাৰ কথা ভালদৰে বুজি পায় আৰু বাইবেলৰ পৰা ভাল পৰামৰ্শ দিব পাৰে। তেওঁলোকক খুলি নিজৰ সমস্যাৰ বিষয়ে কওক আৰু আপোনাক কি সহায়ৰ প্ৰয়োজন আছে, তাৰ বিষয়ে জনাওক। আপুনি যদি বিচাৰে, তেনেহʼলে সেই প্ৰাচীনৰ লগত কথা পাতিব পাৰে, যি আপোনাৰ ভাল বন্ধু হয়। এজনী ভনীয়ে যদি বিচাৰে, তেনেহʼলে পৰিপক্ক ভনীৰ লগত কথা পাতিব পাৰে। w২৪.১০ ১০ ¶১৫-১৬
দেওবাৰ, ৯ আগষ্ট
যি কোনোৱে পুত্ৰক গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন [পাব]।—যোহ. ৬:৪০.
বহুতো লোকে স্বাস্থ্যৱান হৈ থাকিবলৈ খোৱা-বোৱাত ধ্যান দিয়ে আৰু নিয়মীয়াকৈ ব্যায়াম কৰে। কিন্তু তেওঁলোকে এয়া কেতিয়াও নাভাবে যে তেওঁলোকে সদায় জীয়াই থাকিব। কাৰণ তেওঁলোকে ভাবে এয়া অসম্ভৱ, এদিন নহয় এদিন সকলোৱে মৰিবই লাগিব। বৃদ্ধ বয়সত যি সমস্যাবোৰ আহে, তাৰ বাবেও লোকসকলে সদায় জীয়াই থাকিব নিবিচাৰে। যেনে, যোহন ৩:১৬ আৰু যোহন ৫:২৪ পদৰ পৰা জানিব পাৰি যে যীচুৱে কৈছিল লোকসকলে সদায় জীয়াই থকাটো সম্ভৱ, এয়া ঈশ্বৰৰ ফালৰ পৰা এক আশীৰ্বাদ হয়। এবাৰ যীচুৱে হাজাৰ হাজাৰ লোকক চমৎকাৰ কৰি ৰুটি আৰু মাছ খোৱাইছিল। এয়া এক আচৰিতজনক চমৎকাৰ আছিল। কিন্তু পাছদিনাখন যেতিয়া লোকসকলৰ ভীৰ তেওঁৰ পিছে পিছে গালীল সাগৰৰ ওচৰত কফৰনাহূমলৈ আহিল, তেতিয়া যীচুৱে তেওঁলোকক যি কʼলে সেয়া আৰু আচৰিতজনক আছিল। যীচুৱে তেওঁলোকক জনালে যে যিসকলৰ মৃত্যু হৈ গৈছে, তেওঁ তেওঁলোকক আকৌ জীয়াই তুলিব পাৰে আৰু তেওঁলোকে অনন্ত জীৱন পাব পাৰে। (যোহ. ৬:৩৯, ৪০) যীচুৰ কথাৰ পৰা জানিব পাৰি যে হয়তো বহুতো লোকক আকৌ জীয়াই তোলা হʼব। আপুনি পৰিয়ালৰ লোকসকল আৰু বন্ধুসকলৰ লগত সদায় জীয়াই থাকিব পাৰিব। w২৪.১২ ৮ ¶১-২
সোমবাৰ, ১০ আগষ্ট
‘স্বামীসকল নিজৰ পত্নীক দুৰ্বল পাত্ৰ হয় বুলি জানি তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰা।’—১ পিত. ৩:৭.
বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্টৰ অনুসৰি আজি বহুতো স্বামীয়ে নিজৰ পত্নীক মাৰ-পিট কৰে, তেওঁলোকৰ ওপৰত চিঞৰ-বাখৰ কৰে বা তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰে। কিছুমান স্বামীয়ে ঘৰত নিজৰ পত্নীৰ লগত ভালদৰে ব্যৱহাৰ নকৰে, কিন্তু আনৰ আগত এনে দেখুৱাই যেন, তেওঁ নিজৰ পত্নীক বহুত আদৰ কৰে। বহুতো স্বামীয়ে নিজৰ পত্নীসকলৰ লগত কিয় অত্যাচাৰ কৰে? ইয়াৰ বহুতো কাৰণ হʼব পাৰে। যেনে: কিছুমানে এনে পৰিয়ালত ডাঙৰ-দীঘল হৈছে, যʼত দেউতাকে নিজৰ পত্নীক মাৰপিট কৰিছিল আৰু সেইবাবে, তেওঁলোকে ভাবে যে পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰাটো ভুল নহয়। আনহাতে, কিছুমানে এনে সমাজত ডাঙৰ-দীঘল হৈছে, যʼত লোকসকলে ভাবে যে পুৰুষালী দেখুৱাৰ উপায় হৈছে নিজৰ পত্নীৰ ওপৰত অধিকাৰ চলোৱা। কিছুমান এনে ব্যক্তিও আছে, যিসকলক নিজৰ ভাবনা বা খং নিয়ন্ত্ৰণ কৰিবলৈ কেতিয়াও শিকোৱা নাছিল। কিছুমান এনে ব্যক্তি আছে, যিসকলে প্ৰতিদিনে অশ্লীল ছবি বা ভিডিঅʼ চায়, যাৰ বাবে তেওঁলোকে ভাবে যে তিৰোতাসকলে কেৱল শাৰীৰিক ইচ্ছা পূৰ কৰাৰ উপায় হয়। কিছুমান বিশেষজ্ঞৰ অনুসৰি কভিড ১৯ মহামাৰীৰ সময়ছোৱাত এয়া আৰু বেছিকৈ দেখিবলৈ পোৱা গৈছিল। কিন্তু যিয়ে কাৰণ নহওক কিয়, স্বামীসকলে নিজৰ পত্নীৰ লগত অত্যাচাৰ কৰা উচিত নহয়। w২৫.০১ ৮ ¶২-৩
মঙ্গলবাৰ, ১১ আগষ্ট
খ্ৰীষ্টই যিহেতু দুখভোগ কৰিছিল, সেইবাবে তোমালোকেও তেওঁৰ দৰে সেই একেই চিন্তাধাৰা বজাই ৰাখিবলৈ সাজু থাকা।—১ পিত. ৪:১.
যীচুৱে স্পষ্টকৈ জনাইছিল যে মোচিৰ নিয়মৰ আটাইতকৈ ডাঙৰ আজ্ঞা কি হয়। তেওঁ কৈছিল, “তুমি নিজৰ ঈশ্বৰ যিহোৱাক নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে প্ৰেম কৰিবা।” (মাৰ্ক ১২:৩০) মন কৰক, আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াত আমাৰ ভাৱনা আৰু ইচ্ছাও জড়িত হোৱা উচিত। আমি সম্পূৰ্ণ প্ৰাণেৰে আৰু সম্পূৰ্ণ শক্তিৰে তেওঁৰ সেৱা কৰা উচিত। ইয়াৰ লগতে আমি সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰা উচিত। ইয়াৰ অৰ্থ হৈছে আমি কোনো এটা বিষয়ত যিদৰে চিন্তা কৰোঁ, তাৰ পৰাও দেখুৱাব পাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ। এয়া সঁচা যে আমি কেতিয়াও যিহোৱাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে বুজি পাব নোৱাৰোঁ। কিন্তু আমি যদি ‘খ্ৰীষ্টৰ চিন্তাধাৰা’ জানিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ চিন্তাধাৰা ভালদৰে বুজি পাম। কাৰণ যীচুৰ চিন্তাধাৰা নিজৰ পিতৃৰ দৰেই আছিল।—১ কৰি. ২:১৬. w২৫.০৩ ৮ ¶১
বুধবাৰ, ১২ আগষ্ট
ঈশ্বৰে নিজৰ মহা-কৃপাৰ যোগেদি নিজৰ পুত্ৰৰ তেজেৰে মুক্তিৰ মূল্য দি আমাক মুকলি কৰিলে আৰু আমাৰ পাপবোৰ ক্ষমা কৰিলে।—ইফি. ১:৭.
তেওঁ আদমৰ দৰেই সিদ্ধ আছিল। সেইবাবে, তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দি মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন আৰু আদমে যি হেৰুৱাইছিল সেয়া আকৌ ঘূৰাই পাবলৈ সহায় কৰিব পাৰিলেহেঁতেন। (ৰোম. ৫:১৯; ১ কৰি. ১৫:৪৫) সেই কাৰণে বাইবেলত তেওঁক “শেষ আদম” বুলি কোৱা হৈছে। যীচুৱে “এবাৰেই আৰু সদায় কালৰ কাৰণে নিজকে বলিদান হিচাপে উৎসৰ্গ কৰিলে।” সেইবাবে, এতিয়া আমাক আন কোনো সিদ্ধ ব্যক্তিৰ বলিদানৰ প্ৰয়োজন নাই। (ইব্ৰী ৭:২৭; ১০:১২) এতিয়ালৈকে আমি চালোঁ যে প্ৰায়শ্চিতৰ ব্যৱস্থাৰ জৰিয়তে যিহোৱাই আমাৰ বাবে এটা বাট মুকলি কৰিছে। ইয়াৰ সহায়ত আমি নিজৰ পাপৰ পৰা ক্ষমা পালোঁহেঁতেন আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলোঁহেঁতেন। কিন্তু পাপৰ প্ৰায়শ্চিতৰ বাবে মুক্তিৰ মূল্য দিয়াটো অতি গুৰুত্বপূৰ্ণ আছিল। যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দি এই মূল্য দিলে।—ইব্ৰী ৯:১৪. w২৫.০২ ৫ ¶১২-১৩
বৃহস্পতিবাৰ, ১৩ আগষ্ট
ঈশ্বৰ বিশ্বাসযোগ্য হয় আৰু তেওঁ তোমালোকক এনে কোনো পৰীক্ষাত পৰিবলৈ নিদিব, যি তোমালোকে সহিব নোৱাৰা। কিন্তু পৰীক্ষাৰ লগতে তেওঁ তোমালোকক তাৰ পৰা ওলাই আহিবলৈ ৰাস্তাও দেখুৱাব যাতে তোমালোকে ইয়াক সহ্য কৰিব পাৰা।—১ কৰি. ১০:১৩.
যিহোৱা এজন জীৱিত ঈশ্বৰ, যেতিয়া আমি এই কথা মনত ৰাখিম, তেতিয়া সমস্যাৰ সময়ত সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিম। কেনেকৈ বাৰু? আমি মনত ৰাখিম যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি। যেতিয়া আমাৰ ওপৰত সমস্যা আহিব, তেতিয়া আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিম বুলি চয়তানে দাবী কৰিছিল। (ইয়ো. ১:১০, ১১; হিতো. ২৭:১১) সেইবাবে, যেতিয়া আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেতিয়া আমি দেখুৱাওঁ যে চয়তান মিছলীয়া আৰু আমি যিহোৱাক প্ৰেম কৰোঁ। আপুনি যʼত থাকে, তাত চৰকাৰে আমাৰ কামক নিষেধ কৰিছে নে? আপোনাৰ পইচাৰ অভাৱ হৈছে নে? প্ৰচাৰত লোকসকলে আপোনাৰ বাৰ্তা নুশুনে নে? অথবা আপুনি আন কিবা সমস্যাৰ সন্মুখীন হৈছে নে? যদি এইদৰে হৈছে, তেনেহʼলে আপোনাৰ ওচৰত যিহোৱাক আনন্দিত কৰাৰ ভাল সুযোগ আছে আৰু এয়াও মনত ৰাখক যে আপোনাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, যিহোৱাই আপোনাক সেই সমস্যা সন্মুখীন হʼবলৈ সদায় সহায় কৰিব। w২৪.০৬ ২২ ¶৯
শুক্ৰবাৰ, ১৪ আগষ্ট
প্ৰতিজনৰ ইচ্ছাই তেওঁক আকৰ্ষিত আৰু প্ৰলোভিত কৰে, যাৰ কাৰণে তেওঁ পৰীক্ষাত পৰে।—যাকো. ১:১৪.
আপুনি জানে নে আপোনাৰ কি দুৰ্বলতা আছে, যাৰ বাবে আপুনি বেয়া কাম কৰিব পাৰে? যদি আমি ভাবোঁ যে আমাৰ কোনো দুৰ্বলতা নাই আৰু আমি কেতিয়াও পাপ নকৰিম, তেনেহʼলে আমি নিজকে ঠগাৰ দৰে হʼব। (১ যোহ. ১:৮) মনত ৰাখক, পৌলে কৈছিল যে যিসকলৰ “ঈশ্বৰে নিৰ্ধাৰিত কৰা যোগ্যতা আছে,” তেওঁলোকেও যদি সতৰ্ক নহয়, তেনেহʼলে তেওঁলোকেও পাপ কৰিব পাৰে। (গালা. ৬:১, NW) সেইবাবে, আমি নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে ভালদৰে চালি-জাৰি চোৱাটো অতি গুৰুত্বপূৰ্ণ। (২ কৰি. ১৩:৫) নিজৰ দুৰ্বলতাবোৰক চিনাক্ত কৰাৰ পাছত আমি কি কৰা উচিত? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। প্ৰাচীন সময়ত চহৰৰ চাৰিওফালে দেৱাল আছিল আৰু দুৱাৰ ইয়াৰ সকলোতকৈ দুৰ্বল ভাগ আছিল। প্ৰায়ে শত্ৰুসকলে দুৱাৰতে আক্ৰমণ কৰিছিল। সেইবাবে, দুৱাৰত বিশেষভাৱে ধ্যান দিয়া হৈছিল আৰু বহুতো লোকক পহৰা দিবলৈ নিযুক্ত কৰা হৈছিল। আমাৰ দুৰ্বলতাবোৰো দুৱাৰৰ দৰে হয়। সেইবাবে, আমি এইবোৰৰ ওপৰত পহৰা দিয়া উচিত অৰ্থাৎ সতৰ্ক হৈ থকা উচিত, যাতে এই দুৰ্বলতাবোৰে আমাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।—১ কৰি. ৯:২৭. w২৪.০৭ ১৫ ¶৫-৭
শনিবাৰ, ১৫ আগষ্ট
তোমালোকে সকলো ধৰণৰ ভাল কাম কৰি ফল উৎপন্ন কৰি গৈ থাকা আৰু ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান বঢ়াই গৈ থাকা।—কল. ১:১০.
আজিৰ দৈনিক পাঠত উল্লেখ কৰা ভাল কামৰ মাজৰ এটা হৈছে, শুভবাৰ্ত্তা প্ৰচাৰ কৰা। সেইবাবে, যেতিয়া আমি বাইবেল অধ্যয়ন আৰু মনন কৰোঁ, তেতিয়া যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস মজবুত হয়। আমি বুজি পাওঁ যে শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ। যদি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব বিচাৰে, তেনেহʼলে খৰ-খেদাকৈ নপঢ়িব। ইয়াৰ অধ্যয়ন আৰু মনন কৰিবলৈ সময় উলিয়াওক। বাইবেল পঢ়াৰ সময়ত যদি আপুনি কিবা পদ বুজি নাপায়, তেনেহʼলে আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) বা আন প্ৰকাশনবোৰত এই পদৰ বিষয়ে অনুসন্ধান কৰক আৰু সেয়া ভালদৰে বুজিবলৈ চেষ্টা কৰক। যদি আপুনি সময় উলিয়াই এইদৰে অধ্যয়ন কৰিব, তেনেহʼলে ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ একেবাৰে সঠিক হয় বুলি আপোনাৰ বিশ্বাস বাঢ়িব। (১ থিচ. ৫:২১) যিমানেই আপোনাৰ বিশ্বাস বাঢ়িব, সিমানেই আপুনি লোকসকলক ইয়াৰ বিষয়ে জনাই আনন্দিত হʼব। w২৪.০৪ ১৫ ¶৪-৫
দেওবাৰ, ১৬ আগষ্ট
মই তোমালোকক এই চিঠি . . . লিখি আছোঁ যাতে তোমালোকে জানিব পাৰা যে তোমালোক সকলো কথাত আজ্ঞা পালন কৰা নে নকৰা।—২ কৰি. ২:৯.
দায়ূদে কৈছিল যে, যিহোৱা “মঙ্গলময় আৰু ক্ষমাৱান” ঈশ্বৰ। (গীত. ৮৬:৫) মীখাই লিখিলে, “অপৰাধ ক্ষমা কৰোঁতা . . . তোমাৰ নিচিনা ঈশ্বৰ কোন আছে?” আৰু তেওঁ “চিৰকাললৈকে নিজৰ ক্ৰোধ নাৰাখে।” (মীখা ৭:১৮) যিচয়াই লিখিলে, “দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্ম্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক, আৰু যিহোৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব; আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব।” (যিচ. ৫৫:৭) যিহোৱাৰ দৰে হʼবলৈ কৰিন্থ মণ্ডলীৰ ভাই-ভনীসকলক কোৱা হৈছিল যে তেওঁলোকে অনুতাপ কৰা মানুহজনক আদৰণি জনোৱা আৰু তেওঁলোকে যে তেওঁক প্ৰেম কৰে তাৰ বিশ্বাস দিয়াৰ প্ৰয়োজন আছে। যেতিয়া মণ্ডলীয়ে এই নিৰ্দেশনা পালন, তেতিয়া তেওঁলোকে “সকলো কথাত আজ্ঞা পালন” কৰে বুলি দেখুৱালে। এয়া সঁচা যে সেই মানুহজনক মণ্ডলীৰ পৰা বাহিৰ কৰা কিছুমাহহে হৈছিল। কিন্তু তেওঁক যি উদ্দেশ্যেৰে শুধৰণি কৰা হৈছিল, সেয়া পূৰ হৈছিল অৰ্থাৎ তেওঁ অনুতাপ কৰিছিল। সেইবাবে, তেওঁক বাহাল কৰিবলৈ আৰু অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাছিল। w২৪.০৮ ১৭-১৮ ¶১২-১৩
সোমবাৰ, ১৭ আগষ্ট
এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব।—মথি ২৪:৪০.
আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। অতি সোনকালে যীচুৱে পৃথিৱীত থকা সকলোৰে ন্যায় কৰিব। কিন্তু ইয়াৰ আগতে পৃথিৱীৰ কি হʼব, তাৰ বিষয়ে তেওঁ নিজৰ শিষ্যসকলক জনাইছিল। তেওঁ নিজৰ শিষ্যসকলক এটা “চিন” দিছিল, যাৰ সহায়ত তেওঁলোকে বুজি পালেহেঁতেন যে তেওঁৰ উপস্থিতি আৰু “জগতৰ ব্যৱস্থাৰ শেষ” আৰম্ভ হʼল। (মথি ২৪:৩) এই চিনৰ বিষয়ে মথি অধ্যায় ২৪ আৰু ২৫, মাৰ্ক অধ্যায় ১৩ আৰু লূক অধ্যায় ২১-ত কোৱা হৈছে। যীচুৱে তিনিটা উদাহৰণ দিছিল, যʼত আমাৰ বাবে সতৰ্কবাণী আছে আৰু ইয়াৰ সহায়ত আমি আহিবলগীয়া ন্যায়ৰ বাবে সাজু হʼব পাৰোঁ। এই তিনিটা উদাহৰণ হৈছে, ভেড়া আৰু ছাগলীৰ উদাহৰণ, বুদ্ধিমান আৰু মুৰ্খ কন্যাৰ উদাহৰণ আৰু গাগৰিৰ উদাহৰণ। এই উদাহৰণবোৰৰ পৰা বুজিব পাৰোঁ যে যীচুৱে আমাৰ কামৰ আধাৰত আমাৰ ন্যায় কৰিব। w২৪.০৯ ২০ ¶১-২
মঙ্গলবাৰ, ১৮ আগষ্ট
তোমালোকৰ মাজত সকলো কাম প্ৰেমেৰে কৰা হওক।—১ কৰি. ১৬:১৪.
যীচু আমাৰ বাবে সকলোতকৈ ভাল উদাহৰণ হয়, আহক তেওঁলৈ মন কৰোঁ। তেওঁ নিজৰ পিতৃ আৰু লোকসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ কঠিন পৰিশ্ৰম কৰিলে আৰু এনে কাম কৰিলে, যিবোৰ আন লোকসকলে সৰু বুলি ভাবিছিল। (মথি ২০:২৮; যোহ. ১৩:৫, ১৪, ১৫) ভাইসকল, যদি আপুনি প্ৰেমৰ বাবে আগবাঢ়িব বিচাৰে, তেনেহʼলে যিহোৱাই আপোনাক আশীৰ্বাদ দিব আৰু তেওঁৰ সেৱাত লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব, যেনে, সহায়ক সেৱক হোৱা। (১ পিত. ৫:৫) আজি জগতত লোকসকলে ডাঙৰ মানুহ হʼবলৈ চেষ্টা কৰে আৰু লোকসকলে তেনে লোককে প্ৰশংসা কৰে। কিন্তু যিহোৱাৰ সংগঠনত এইদৰে নহয়। যি ভায়ে যীচুৰ দৰে আনক প্ৰেম কৰে, তেওঁ ডাঙৰ হʼবলৈ বা আনৰ ওপৰত অধিকাৰ চলাবলৈ এইদৰে নকৰিব। এনে ভাইক যদি মণ্ডলীত নিযুক্ত কৰা হয়, যি নিজকে ডাঙৰ বুলি ভাবে, তেনেহʼলে তেওঁ হয়তো এনে কাম নকৰিব, যি যিহোৱাৰ ভেড়াবোৰক চোৱা-চিতা কৰিবলৈ প্ৰয়োজন হয়। হয়তো তেওঁ ভাবিব যে এই কাম কৰিলে মই সৰু হৈ যাম।—যোহ. ১০:১২. w২৪.১১ ১৫ ¶৬-৭
বুধবাৰ, ১৯ আগষ্ট
পবিত্ৰ শক্তিয়ে তোমালোকক অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে।—পাঁচ. ২০:২৮.
আজি গোটেই পৃথিৱীত ভাইসকলৰ বহুত প্ৰয়োজন আছে, যাতে তেওঁলোকে “মানুহৰ ৰূপত উপহাৰ” হʼব পাৰে। (ইফি. ৪:৮) যদি আপুনি এজন ভাই হয় আৰু আপোনাৰ বাপ্তিষ্মা হৈ গৈছে, তেনেহʼলে আপুনি সেই লোকসকলক সহায় কৰিব পাৰিব নে, যিসকলৰ ‘উপকাৰ কৰাৰ আপোনাৰ সমৰ্থ’ আছে। (হিতো. ৩:২৭) যেনে, আপুনি ভাই-ভনীসকলক সহায় কৰিবলৈ সহায়ক সেৱক হʼবলৈ চেষ্টা কৰিব পাৰেনে? আপুনি প্ৰাচীনৰ যোগ্য হʼবলৈ পৰিশ্ৰম কৰিব পাৰেনে? আপুনি নিজৰ জীৱনত সাল-সলনি কৰিব পাৰেনে আৰু ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ ফৰ্ম পূৰ কৰিব পাৰেনে? এই স্কুলে আপোনাক যীচুৰ আৰু কামত অহাৰ যোগ্য হʼবলৈ সহায় কৰিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপুনি এই দায়িত্ব লʼব নোৱাৰে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু পবিত্ৰ শক্তি বিচাৰক, যাতে আপোনাক যি দায়িত্ব দিয়া হয় তাক আপুনি ভালদৰে পূৰ কৰিব পাৰে। (লূক ১১:১৩) যীচুৱে ‘মানুহৰ ৰূপত যি উপহাৰ’ দিছে, ইয়ে প্ৰমাণ কৰে যে তেওঁ এই শেষ কালত আমাৰ নেতৃত্ব লৈ আছে। (মথি ২৮:২০) আমাৰ ৰজা যীচু খ্ৰীষ্টই আমাক প্ৰেম কৰে, আমাৰ যত্ন লয় আৰু আমাক মন খুলি দিয়ে, ইয়াৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহয় নে? তেওঁ আমাক সহায় কৰিবলৈ যোগ্য ভাইসকলক দিছে, ইয়াৰ বাবেও আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহয় নে? w২৪.১০ ২৩ ¶১৬-১৭
বৃহস্পতিবাৰ, ২০ আগষ্ট
পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।—যিচ. ৬৫:১৭.
বৰ্তমান সময়ত যিহোৱাৰ লোকসকলেও কিছুমান দুখৰ সন্মুখীন হʼবলগীয়া হয় আৰু নিৰাশ হৈ পৰে। কিন্তু যিচয়াই লিখিছিল যে সেইবোৰ ‘পাহৰোৱা হʼব, সেইবোৰ ঈশ্বৰৰ দৃষ্টিৰ পৰা লুকোৱা হʼব।’ (যিচ. ৬৫:১৬) সঁচাকৈ, যিহোৱাই আমাৰ সকলো সমস্যা, আমাৰ দুখ-কষ্ট নাইকিয়া কৰি দিব আৰু ইয়াৰ ফলত আমাৰ ওপৰত যি বেয়া প্ৰভাৱ পৰে, সেয়াও নাইকিয়া কৰি দিব। নতুন পৃথিৱীত আমি নিচিন্ত মনেৰে জীয়াই থাকিব পাৰিম। লগতে বৰ্তমান সময়ত শান্তি আৰু সতেজ অনুভৱ কৰিব পাৰোঁ। কেনেকৈ বাৰু? সভাত উপস্থিত হোৱাৰ যোগেদি। যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া এই দুষ্ট জগতৰ চিন্তাধাৰা আমি পাহৰি যাওঁ। ইয়াৰ উপৰিও পবিত্ৰ শক্তিৰ গুণবোৰ, যেনে: প্ৰেম, আনন্দ, শান্তি, কৃপা আৰু মৃদু-ভাৱ আদি গুণবোৰ বিকশিত কৰোঁ। এই গুণবোৰৰ সহায়ত আমি এই প্ৰমোদবনত শান্তিৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। (গালা. ৫:২২, ২৩) যিহোৱাৰ সংগঠনৰ এক ভাগ হোৱাটো আমাৰ বাবে এটা ডাঙৰ আশীৰ্বাদ হয়। যি লোকসকলে প্ৰমোদবনৰ দৰে এই পৰিৱেশত জীয়াই থাকিব, তেওঁলোকে ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী’ দিয়াৰ ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে, সেয়া দেখিবলৈ পাব। w২৪.০৪ ২২ ¶৯-১০
শুক্ৰবাৰ, ২১ আগষ্ট
কোনো বস্তু পবিত্ৰ বুলি হঠাতে কোৱা, আৰু সঙ্কল্প কৰাৰ পাছত বিচাৰ কৰা মানুহৰ ফান্দস্বৰূপ।—হিতো. ২০:২৫.
সঁচাকৈ ডেটিং কৰাৰ সময়ত বহুত ভাল লাগে, কিন্তু এয়া সৰু কথা নহয়। কাৰণ ডেটিং কৰাৰ যোগেদি এজন লʼৰা আৰু ছোৱালীয়ে নিৰ্ণয় লয় যে তেওঁলোকে বিয়া পাতিব নে নাই। যদি তেওঁলোকে বিয়া পতাৰ নিৰ্ণয় লয়, তেনেহʼলে চিৰজীৱন লগতে থাকিব বুলি যিহোৱাৰ আগত শপত লʼব আৰু সদায় এজনে-আনজনক প্ৰেম আৰু আদৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিব। যিহোৱাৰ আগত শপত লোৱাটো গভীৰ কথা। বাইবেলত কোৱা হৈছে যে আমি ভাবি-চিন্তি শপত লোৱা উচিত। এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰাৰ সময়ত এজনে-আনজনক জনাৰ ভাল সুযোগ পাই আৰু সঠিক নিৰ্ণয় লʼব পাৰে। কিছুমানে বিয়া পতাৰ নিৰ্ণয় লয়, আন কিছুমানে ডেটিং তাতে শেষ কৰাৰ নিৰ্ণয় লয়। যদি তেওঁলোকে ডেটিং বন্ধ কৰি দিয়ে, তেনেহʼলে এয়া কোনো বেয়া কথা নহয়। আমি বুজিব লাগিব যে ডেটিং কৰাৰ তেওঁলোকৰ উদ্দেশ্য পূৰ হʼল অৰ্থাৎ তেওঁলোকে এজনে-আনজনক ভালদৰে জানিব পাৰিলে আৰু বুজি পালে যে তেওঁলোকে এজনে-আনজনৰ বাবে ভাল জীৱন সংগী হʼব নে নাই? আমি ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী কিয় বজাই ৰখা উচিত? কাৰণ লʼৰা বা ছোৱালীয়ে ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিলে, এনে এজন ব্যক্তিৰ লগত ডেটিং নকৰিব যাৰ লগত তেওঁৰ বিয়া পতাৰ কোনো উদ্দেশ্য নাই। w২৪.০৫ ২৬-২৭ ¶৩-৪
শনিবাৰ, ২২ আগষ্ট
আমাৰ প্ৰভুৰ বিষয়ে সাক্ষ্য দিবলৈ লাজ অনুভৱ নকৰিবা।—২ তীম. ১:৮.
বহু বাৰ নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ লʼৰা-ছোৱালীয়ে ভয় কৰে। যেনে, হয়তো যেতিয়া তেওঁৰ স্কুলত বিবৰ্তনৰ বিষয়ে শিকোৱা হয়। কিয় বাৰু? কাৰণ তেওঁৰ টিচাৰে হয়তো সম্পূৰ্ণ বিশ্বাসেৰে কয় যে প্ৰমাণবোৰেও দেখুৱাই যে আমাক সৃষ্টি কৰা হোৱা নাই আমি, বিবৰ্তনৰ পৰাহে আহিছোঁ। গতিকে পিতৃ-মাতৃসকল, আপোনালোকে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে যাতে তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে আনক নিজৰ বিশ্বাসৰ বিষয়ে জনাব পাৰে? আপোনাৰ লʼৰা-ছোৱালীক আশ্বাস দিয়ক যে এজন সৃষ্টিকৰ্তা আছে বুলি বিশ্বাস কৰাৰ বাবে লাজ অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। কিয় বাৰু? কাৰণ বহুতো বৈজ্ঞানিকে বিশ্বাস কৰে যে জীৱন হঠাৎ বা নিজে নিজে অহা নাই। জীৱ-জন্তুৰ গঠন ইমানেই জটিল যে সেয়া চাই তেওঁলোকে কয় নিশ্চয় ইয়াৰ আঁৰত কোনো বুদ্ধিমান ব্যক্তিৰ হাত আছে। সেইবাবে, তেওঁলোকে বিবৰ্তনৰ শিক্ষাৰ ওপৰত বিশ্বাস নকৰে। ঈশ্বৰৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আপোনাৰ লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে? তেওঁলোকে এনে ভাই-ভনীসকলৰ অনুভৱলৈ মন কৰিব পাৰে, যিসকলে এসময়ত সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰা নাছিল। এনে কৰাৰ সময়ত তেওঁলোকে মন কৰিব পাৰে যে এজন সৃষ্টিকৰ্তা আছে বুলি কি কথাৰ পৰা তেওঁলোকৰ বিশ্বাস হʼল। w২৪.১২ ১৮ ¶১৪-১৫
দেওবাৰ, ২৩ আগষ্ট
তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু বহুত আনন্দিত হʼল।—লূক ১০:২১.
যীচুৰ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা নিশ্চয় শুনিব। সেইবাবে, তেওঁ উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিলে। উদাহৰণস্বৰূপে, ৩০ খ্ৰীষ্টাব্দৰ শেষত যেতিয়া যীচুৱে চালে যে বহুতো লোকে শুভবাৰ্তা শুনিবলৈ সাজু আছে, তেতিয়া যীচুৱে তেওঁলোকৰ তুলনা এনে খেতিৰ লগত কৰিলে, যি দাবলৈ পকি গৈছে। (যোহ. ৪:৩৫) ইয়াৰ প্ৰায় এবছৰৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “শস্য বহুত” আছে। (মথি ৯:৩৭, ৩৮) ইয়াৰ কিছু সময়ৰ পাছত তেওঁ আকৌ এবাৰ কʼলে, “শস্য বহুত . . . সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।” (লূক ১০:২) যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা গ্ৰহণ কৰিব আৰু যেতিয়া লোকসকলে এইদৰে কৰিলে, তেতিয়া তেওঁ বহুত আনন্দিত হʼল। প্ৰচাৰ কৰিলে কিমান ভাল পৰিণাম পোৱা যায়, তাৰ বিষয়ে মন কৰিবলৈ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল। এইদৰে কৰিলে তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিলেহেতেঁন। w২৫.০৩ ১৮-১৯ ¶১৫-১৬
সোমবাৰ, ২৪ আগষ্ট
ঈশ্বৰ মোৰ আশ্ৰয়ৰ শিলা।—গীত. ৯৪:২২.
যিহোৱাই আশ্ৰয় দিয়ে। যেনেকৈ ধুমুহা বতাহত এজন ব্যক্তিয়ে শিলাৰ আঁৰত বা তাৰ গুহাত আশ্ৰয় লʼব পাৰে। ঠিক সেইদৰে, সমস্যাৰ সময়ত যিহোৱাই আমাক আশ্ৰয় দিয়ে আৰু আমাক ৰক্ষা কৰে। তেওঁৰ লগত আমাৰ যি সম্পৰ্ক আছে, তাৰ ওপৰত তেওঁ কোনো বাধা আহিবলৈ নিদিয়ে। তেওঁ আমাক আশ্বাস দিছে যে আজি আমি যিবোৰ সমস্যা সহন কৰিছোঁ, সেইবোৰ সদায় দিনৰ বাবে নাথাকিব। ইয়াৰ উপৰিও তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে ভৱিষ্যতে তেওঁ এনে সকলো বস্তুক শেষ কৰিব, যাৰ পৰা আমি দুখ পাওঁ আৰু আমি মনৰ শান্তি হেৰুৱাও। (যিহি. ৩৪:২৫, ২৬) যিহোৱাক নিজৰ শিলা বনোৱা আৰু তেওঁৰ আশ্ৰয় লোৱাৰ এটা উপায় হৈছে, তেওঁলৈ প্ৰাৰ্থনা কৰা। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি “ঈশ্বৰৰ শান্তি” পাওঁ, যি আমাৰ মন আৰু মগজুকো সুৰক্ষিত কৰি ৰাখে। (ফিলি. ৪:৬, ৭) যিহোৱাই আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। তেওঁ আমাক সহায় কৰিব আৰু আমাক কেতিয়াও নেৰিব। বাইবেলত কোৱা হৈছে যে “যিহোৱা চিৰস্থায়ী শিলা।” সেইবাবে, আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। (যিচ. ২৬:৩, ৪) যিহোৱা জীৱিত ঈশ্বৰ। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব। তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব আৰু প্ৰয়োজনৰ সময়ত আমাৰ যত্ন লʼব। যিসকল লোকে যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেওঁ তেওঁলোকৰ লগতো বিশ্বাসী হৈ থাকে। সেইবাবে, আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ। (২ চমূ. ২২:২৬) আমি তেওঁৰ বাবে যি যি কৰিলোঁ, সেইবোৰ তেওঁ কেতিয়াও নাপাহৰিব আৰু ইয়াৰ বাবে তেওঁ আমাক পুৰস্কাৰ নিশ্চয় দিব।—ইব্ৰী ৬:১০; ১১:৬. w২৪.০৬ ২৭ ¶৪-৬
মঙ্গলবাৰ, ২৫ আগষ্ট
সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।—হিতো. ৪:২৩.
আমি সেই ৰজাসকলৰ দৰে কেনেকৈ হʼব পাৰোঁ, যিসকলৰ মন সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰতে লাগি আছিল। আমি সেই কথাবোৰৰ পৰা আঁতৰি থাকিব লাগিব, যাৰ বাবে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম কমি যাব পাৰে। আমি টিভি বা ইণ্টাৰনেটত কি চাওঁ, কেনেধৰণৰ লোকসকলৰ লগত বন্ধুত্ব কৰোঁ আৰু দিনে-ৰাতিয়ে টকা-পইচাৰ বিষয়ে চিন্তা কৰি থাকোঁ নে? আমি এই কথাবোৰলৈ ধ্যান দিয়া উচিত। যদি আমাৰ অনুভৱ হয় যে এইবোৰৰ বাবে বা আন কিবা কাৰণৰ বাবে যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম কমিবলৈ ধৰিছে, তেনেহʼলে আমি লগে লগে পদক্ষেপ লোৱা উচিত আৰু সেইবোৰৰ পৰা আঁতৰি থকা উচিত। (মথি ৫:২৯, ৩০) আমাৰ মন যাতে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লাগি থাকে, তাৰ বাবে আমি ধ্যান দিয়া উচিত। আমি ভাবিব পাৰোঁ যে আমি ঈশ্বৰৰ সেৱাৰ লগত জড়িত কামবোৰ কৰি আছোঁ। সেইবাবে, বেয়া কথাই আমাৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু এইদৰে ভবাটো উচিত নহয়। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক, চিন্তা কৰক আপুনি নিজৰ ঘৰখন চাফ-চিকুণ কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে, কিন্তু আপুনি যদি ঘৰৰ খিৰিকী খুলি ৰাখে, তেনেহʼলে কি হʼব? যেতিয়া বতাহ বলিব, তেতিয়া হয়তো ধূলি-বালি আকৌ ঘৰত সোমাই যাব। ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কৰ লগতো এইদৰেই হʼব পাৰে। তেওঁৰ লগত থকা সম্পৰ্কক ভাল কৰি ৰাখিবলৈ আমি পৰিশ্ৰম কৰাৰ লগতে নিজৰ মনৰ খিৰিকী বন্ধ কৰা উচিত। এইদৰে কৰিলে চয়তানৰ জগতৰ ধূলি আমাৰ মনত সোমাই নপৰে। যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমি নিজৰ মন যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে লগাব নোৱাৰিম আৰু তেওঁৰ প্ৰতি আমাৰ যি প্ৰেম আছে, সেয়া লাহে লাহে কমি যাব পাৰে।—ইফি. ২:২. w২৪.০৭ ২১ ¶৬-৭
বুধবাৰ, ২৬ আগষ্ট
তোমাক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তোমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকা।—মথি ৫:৪৪.
যীচুৰ কিমান কষ্ট হৈছিল, আমি কল্পনাও কৰিব নোৱাৰোঁ। ইয়াৰ উপৰিও, তেওঁলোকে যীচুক বদনাম কৰিলে আৰু তুচ্ছ বুলি ভাবিলে।তেওঁ এই সকলো সহন কৰিলে, তেওঁ বেয়া কামৰ দ্বাৰাই পৰাজিত নহʼল। যিসকল সৈনিকে তেওঁক কাঠত আৰি দিছিল, তেওঁলোকক বেয়াকৈ কোৱাৰ পৰিৱৰ্তে তেওঁ তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিলে। তেওঁ কʼলে, “পিতৃ, এওঁলোকক ক্ষমা কৰি দিয়া কিয়নো এওঁলোকে নাজানে যে এওঁলোকে কি কৰি আছে।” (লূক ২৩:৩৪) যি লোকসকলে আমাক অত্যাচাৰ কৰে, আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি শান্ত হওঁ আৰু আমাৰ খং নাইকিয়া হয়। ইয়াৰ উপৰিও, তেওঁলোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি হয়। আমি নাজানো যে এই দুষ্ট জগতৰ অন্ত হোৱাৰ আগতে আমি কি কি অন্যায় সহন কৰিব লাগিব। আমি যিয়ে অন্যায়ৰ সন্মুখীন নহওঁ কিয়, আমি থিৰাং কৰা উচিত যে আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নেৰিম, যীচুৰ উদাহৰণত চলি থাকিম আৰু বাইবেলৰ সিদ্ধান্ত পালন কৰি থাকিম। যদি আমি এইদৰে কৰি থাকোঁ, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক নিশ্চয় আশীৰ্বাদ দিব।—১ পিত. ৩:৮, ৯. w২৪.১১ ৬ ¶১৬; ৭ ¶১৭, ১৯
বৃহস্পতিবাৰ, ২৭ আগষ্ট
তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; অধৰ্ম্ম তোমাৰ আলহী হব নোৱাৰে।—গীত. ৫:৪.
যিহোৱাই পাপক বহুত ঘিণ কৰে আৰু বেয়া কামবোৰক একেবাৰে সহ্য নকৰে। (গীত. ৫:৪-৬) বাইবেলত তেওঁ যিবোৰ নৈতিক মানদণ্ডৰ বিষয়ে লিখুৱাইছে, সেইবোৰ আমি পালন কৰাটো তেওঁ বিচাৰে। কিন্তু আমি অসিদ্ধ হওঁ বুলি যিহোৱাই জানে। সেইবাবে, আমাৰ পৰা কেতিয়াও কোনো ভুল নহʼব বুলি তেওঁ আশা নকৰে। (গীত. ১৩০:৩, ৪) কিন্তু তেওঁ সেই “ভক্তিহীন” লোকসকলক একেবাৰে সহ্য নকৰে, যিসকলে “ঈশ্বৰৰ অনুগ্ৰহক লম্পট-আচৰণত পৰিণত কৰে।” (যিহূ. ৪) বাইবেলত কোৱা হৈছে যে যিহোৱাই আহিবলগীয়া হৰমাগিদোন যুদ্ধত ‘ভক্তিহীন মানুহবিলাকৰ বিনাশ’ কৰিব। (২ পিত. ৩:৭; প্ৰকা. ১৬:১৬) কিন্তু কোনোৱে নাশ হোৱাটো যিহোৱাই নিবিচাৰে। ‘সকলোৱে মন-পালটন’ কৰিবলৈ সুযোগ পোৱাটো যিহোৱাই বিচাৰে। তেওঁ এই কথা বাইবেলত স্পষ্টকৈ লিখুৱাইছে। (২ পিত. ৩:৯) সেইবাবে, প্ৰাচীনসকলে যিহোৱাৰ দৰে পাপ কৰা ব্যক্তিজনৰ লগত ধৈৰ্য্য ধৰে। তেওঁলোকে সেই ব্যক্তিজনক মৰমেৰে অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে আৰু যিহোৱাৰ লগত পুনৰ তেওঁৰ সম্পৰ্ক মজবুত হোৱাটো প্ৰাচীনসকলে বিচাৰে। w২৪.০৮ ২৬ ¶১-২
শুক্ৰবাৰ, ২৮ আগষ্ট
তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।—গীত. ১৪৫:১৬.
যিহোৱাৰ দৰে আমিও আনক প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁলোকক সহায় কৰোঁ। আপুনি এনে ভাই বা ভনীৰ বিষয়ে জানে নে যাক খোৱা-বোৱা বস্তু বা কাপোৰৰ প্ৰয়োজন আছে? যিহোৱাই আপোনাৰ জৰিয়তে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া যিহোৱাৰ লোকসকলে আৰু বেছিকৈ আনক সহায় কৰে। যেনে, যেতিয়া কভিড ১৯ মহামাৰী হৈছিল, তেতিয়া ভাই-ভনীসকলে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক আহাৰ, কাপোৰ আৰু আন বস্তুবোৰ দিছিল। বহুতো ভাই-ভনীয়ে বিশ্ব জুৰিত হৈ থকা কামৰ বাবে হৃদয় খুলি দান দিছিল। ইয়াৰ সহায়ত বেলেগ বেলেগ ঠাইত সাহাৰ্য্যৰ কাম কৰা হʼল। দান দিয়া সেই ভাই-ভনীসকলে ইব্ৰী কিতাপত লিখা কথা পালন কৰিলে, “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত [বলিদান] ঈশ্বৰ সন্তুষ্ট হয়।”—ইব্ৰী ১৩:১৬. w২৪.০৯ ২৭ ¶৬-৭
শনিবাৰ, ২৯ আগষ্ট
বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰা।—ফিলি. ১:১০.
ধৰি লওক, আপুনি এটা চাকৰি বিচাৰি আছে, যাতে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। কিন্তু আপুনি দুটা চাকৰি বিচাৰি পালে। এতিয়া আপুনি নিৰ্ণয় লʼব লাগিব যে আপুনি কোনটো চাকৰি কৰিব। আপুনি কিছুমান তথ্য বিচাৰিব পাৰে। যেনে, এই দুয়োটা চাকৰিতে আপুনি কি কাম কৰিব লাগিব, কিমান দেৰি কাম কৰিব লাগিব, অহা-যোৱাত কিমান সময় লাগিব আদি। এই দুয়োটা চাকৰি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক। হয়তো তাৰে মাজৰ এটা চাকৰি আপোনাৰ বহুত ভাল লাগিছে। কাৰণ সেই কাম কৰি আপুনি ভাল পায় বা সেই কামত দৰমহা বেছি পাব। কিন্তু কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আপুনি আৰু কিছুমান বিষয়ৰ ওপৰত চিন্তা কৰা উচিত। এই দুয়োটা চাকৰিৰ বিষয়ে চিন্তা কৰাৰ সময়তে আপুনি কিছুমান প্ৰশ্ন সুধিব পাৰে: যদি মই এই চাকৰি কৰোঁ, তেনেহʼলে সভালৈ যোৱাটো মোৰ বাবে কঠিন হৈ পৰিব নে? নিজৰ পৰিয়ালক মই সময় দিব পাৰিম নে আৰু তেওঁলোকৰ যত্ন লʼব পাৰিম নে? যিহোৱাৰ আৰু কাষ চাপিবলৈ তেওঁলোকক সহায় কৰিব পাৰিম নে? এনেধৰণৰ প্ৰশ্ন কৰাৰ যোগেদি আপুনি টকা-পইচাতকৈ বেছি নিজৰ পৰিয়াল আৰু যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কৰ ওপৰত ধ্যান দিব পাৰিব, যি ‘বেছি গুৰুত্বপূৰ্ণ বিষয়’ হয়। তেতিয়া আপুনি এনে নিৰ্ণয় লʼব পাৰিব, যাৰ পৰা যিহোৱা আনন্দিত হʼব আৰু আপোনাক আশীৰ্বাদ দিব। w২৫.০১ ১৭ ¶১১-১৩
দেওবাৰ, ৩০ আগষ্ট
যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ।—গীত. ৩৪:১৮.
যদিও আনে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি তেওঁৰ দৃষ্টিত মূল্যৱান। যদি আপুনি “খেদিত” অনুভৱ কৰিছে, তেনেহʼলে মনত ৰাখক যিহোৱাই নিশ্চয় আপোনাৰ কিবা ভাল গুণ দেখিছে, সেইবাবে আপোনাক নিজৰ ফালে আকৰ্ষিত কৰিছে। (যোহ. ৬:৪৪) তেওঁ আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে। যীচুৱে লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা আমি বুজিব পাৰোঁ যে যিহোৱাই আমাক কিমান মূল্যৱান বুলি ভাবে। যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া এনে কিছুমান লোক আছিল, যাক আন লোকসকলে তল চকুৰে চাইছিল আৰু তেওঁলোকৰ বিষয়ে বেয়াকৈ কৈছিল। কিন্তু যীচুৱে তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক দয়া দেখুৱালে। (মথি ৯:৯-১২) যেনে, এবাৰ এগৰাকী তিৰোতা যীচুৰ ওচৰলৈ আহিল, যাৰ এটা ডাঙৰ বেমাৰ আছিল। তাই সুস্থ হʼব বিচাৰিছিল। সেইবাবে, তাই যীচুৰ কাপোৰ চুলে আৰু তাই সুস্থ হʼল। তেতিয়া যীচুৱে তাইক গালি পৰাৰ পৰিৱৰ্তে শান্ত্বনা দিলে আৰু তাইৰ বিশ্বাসৰ বাবে প্ৰশংসা কৰিলে। (মাৰ্ক ৫:২৫-৩৪) যীচু নিজৰ পিতৃৰ দৰেই হয়। (যোহ. ১৪:৯) সেইবাবে, আমি যেতিয়া তেওঁৰ বিষয়ে পঢ়োঁ, তেতিয়া আমি বুজি পাওঁ যে যিহোৱাই আমাৰ বিষয়ে কেনে অনুভৱ কৰে। আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাৰ দৃষ্টিত আমি বহুত মূল্যৱান আৰু তেওঁ আমাৰ ভাল গুণবোৰলৈ চায়। আমাৰ বিশ্বাস কিমান মজবুত আছে আৰু আমি তেওঁক কিমান প্ৰেম কৰোঁ, তেওঁ সেয়াও চায়। w২৪.১০ ৭ ¶৪-৫
সোমবাৰ, ৩১ আগষ্ট
মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা।—গীত. ৫৬:৮.
দায়ূদৰ জীৱনত বহুতো সমস্যা আহিছিল, যাৰ বাবে তেওঁ কান্দিবলগীয়া হৈছিল। বহুতো লোকে তেওঁক হিংসা কৰিছিল। তেওঁৰ পৰিয়ালৰ লোকসকলে আৰু বন্ধুসকলেও তেওঁক বিশ্বাসঘাত কৰিছিল। (১ চমূ. ১৯:১০, ১১; ২ চমূ. ১৫:১০-১৪, ৩০) যেনে, এবাৰ দায়ূদে ইমানেই দুখত আছিল যে তেওঁ এইদৰে লিখিলে, “কেঁকাই কেঁকাই মোৰ ভাগৰ লাগিছে; প্ৰতি ৰাতি মোৰ শয্যা ওপঙাওঁ। সন্তাপত মোৰ চকু সোমাই গৈছে।” দায়ূদে এইদৰে কিয় অনুভৱ কৰিছিল? তেওঁ কʼলে, ‘বৈৰীবোৰৰ কাৰণে।’ (গীত. ৬:৬) দায়ূদৰ জীৱনত বহুতো সমস্যা অহাৰ সত্ত্বেও তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ লগত আছে। তেওঁ এইদৰে লিখিলে, “যিহোৱাই মোৰ ক্ৰন্দনৰ স্বৰ শুনিলে।” (গীত. ৬:৮) দায়ূদৰ কথাৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক কিমান প্ৰেম কৰে আৰু যত্ন লয়। তেওঁ কʼলে যে যিহোৱাই যেন আমাৰ চকুপানী এটা বটলত ভৰাই আছে আৰু তেওঁৰ ওচৰত এখন কিতাপ আছে, যʼত তেওঁ প্ৰতি টোপাল চকুলোৰ হিচাপ ৰাখে। দায়ূদৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই তেওঁৰ ওপৰত ধ্যান দি আছে আৰু তেওঁ যি সমস্যাৰ মাজেদি পাৰ হৈ আছে সেয়াও জানে। ইয়াৰ উপৰিও যিহোৱাই এয়াও জানে যে এই সকলোবোৰৰ বাবে তেওঁ কেনে অনুভৱ কৰিছে। w২৪.১২ ২২ ¶১১-১২