শনিবাৰ, ১৮ এপ্ৰিল
যদি কাৰোবাৰ পৰা পাপ হৈ যায়, তেনেহʼলে আমাৰ কাৰণে এজন সহায়কৰ্তা আছে।—১ যোহ. ২:১.
আমি এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼব পাৰোঁ, সেয়া হৈছে নিজৰ জীৱন যিহোৱালৈ সমৰ্পন কৰা আৰু ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰা। যিহোৱাই সকলো মানৱজাতিৰ বাবে এয়াই বিচাৰে। কিয় বাৰু? ইয়াৰ উপৰিও আমি তেওঁৰ বন্ধু হোৱা আৰু অনন্ত কাললৈকে জীয়াই থকাটো তেওঁ বিচাৰে। (দ্বিতী. ৩০:১৯, ২০; গালা. ৬:৭, ৮) কিন্তু যিহোৱাই কোনো ব্যক্তিক তেওঁৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। যিহোৱাই প্ৰতিজন ব্যক্তিক নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাৰ সুযোগ দিছে। কিন্তু বাপ্তিষ্মা লোৱা ভাই বা ভনীয়ে যদি যিহোৱাৰ নিয়ম উলংঘন কৰে আৰু গভীৰ পাপ কৰে, তেতিয়ানো কি? যদি তেওঁ নিজৰ পাপৰ বাবে অনুতাপ নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হয়। (১ কৰি. ৫:১৩) কিন্তু ইয়াৰ পাছতো সেই পাপ কৰা ব্যক্তিজনে ঘূৰি আহিব বুলি যিহোৱাই আশা কৰে। গতিকে এয়াই হৈছে মুক্তিৰ মূল্য বলিদানৰ ব্যৱস্থা কৰাৰ মুখ্য কাৰণ। ইয়াৰ সহায়ত অনুতাপ কৰা লোকসকলে নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰে। সেইবাবে, ঈশ্বৰে পাপ কৰা লোকসকলক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ ঘূৰি আহিবলৈ মৰমেৰে অনুৰোধ কৰে।—জখ. ১:৩; ৰোম. ২:৪; যাকো. ৪:৮. w২৪.০৮ ১৪ ¶১-২
দেওবাৰ, ১৯ এপ্ৰিল
তোমাৰ মন জ্ঞানী হলে, মোৰো মন আনন্দিত হব।—হিতো. ২৩:১৫.
যোহনে তৃতীয় চিঠিখন লিখাৰ সময়ত মণ্ডলীত কিছুমান লোকে মিছা শিক্ষা বিয়পাবলৈ আৰু বিভাজন সৃষ্টি কৰিবলৈ ধৰিলে। কিন্তু বাকী খ্ৰীষ্টানসকলে ‘সত্যত চলি থাকিল’ আৰু যিহোৱাৰ “আজ্ঞা” পালন কৰি থাকিল। (২ যোহ. ৪, ৬) এই বিশ্বাসী সেৱকসকলক চাই যোহনৰ লগতে যিহোৱাও বহুত আনন্দিত হৈছিল। (হিতো. ২৭:১১) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? বিশ্বাসী হৈ থাকিলে আনন্দ পোৱা যায়। (১ যোহ. ৫:৩) যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হওঁ। আমি বেয়াৰ পৰা আঁতৰি থকাৰ বাবে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো চাই যিহোৱাই বহুত আনন্দিত হয়। স্বৰ্গদূতসকলেও এয়া চাই আনন্দিত হয়। (লূক ১৫:১০) ইয়াৰ উপৰিও আমাৰ ভাই-ভনীসকলে প্ৰলোভনৰ সময়ত আৰু সমস্যাৰ সময়ত যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো চাওঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। (২ থিচ. ১:৪) যেতিয়া জগতৰ শেষ হʼব, তেতিয়া এই চয়তানৰ জগততো আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলোঁ বুলি ভাবি আনন্দিত হʼম। w২৪.১১ ১২ ¶১৭-১৮
সোমবাৰ, ২০ এপ্ৰিল
প্ৰতিজনে নিজৰ লাভৰ কাৰণে নহয়, কিন্তু আনৰ লাভৰ কাৰণে চিন্তা কৰি থাকক।—১ কৰি. ১০:২৪.
যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু তেওঁৰ লগত ডেটিং কৰিব বিচাৰে, তেনেহʼলে বেছি দেৰি কৰা উচিত নহয়। কিয়নো যদি ব্যক্তিজনে বুজি পাইছে যে আপুনি তেওঁক পচন্দ কৰে, কিন্তু এই বিষয়ে জনাবলৈ দেৰি কৰিছে, তেনেহʼলে আপুনি কোনো নিৰ্ণয় লʼবলৈ সংকোচ কৰে বুলি তেওঁ ভাবিব। (উপ. ১১:৪) কিন্তু আপুনি লগে লগে গৈ কৈ দিয়ে যে আপুনি তেওঁক পচন্দ কৰে, তেনেহʼলে তেওঁ ভাবিব পাৰে যে আপুনি ধৈৰ্য্যহীন ব্যক্তি। (হিতো. ২৯:২০) মনত ৰাখিব যে যদি আপুনি কাৰোবাক পচন্দ কৰোঁ বুলি জনাব বিচাৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি তেওঁকেই বিয়া পাতিব বুলি নিৰ্ণয় লৈছে। কিন্তু আপুনি নিশ্চিত হʼব লাগিব যে আপুনি বিয়া পাতিব বিচাৰে আৰু ইয়াৰ কাৰণে সাজু আছে। লগতে আপুনি যাক পচন্দ কৰে, তেওঁ আপোনাৰ কাৰণে এজন ভাল সংগী হʼব বুলি ভৰসা থকা উচিত। যদি কোনোবাই আপোনাক পচন্দ কৰিব ধৰিছে, তেনেহʼলে আপুনি কি কৰা উচিত? যদি আপুনি তেওঁক পচন্দ নকৰে, তেনেহʼলে নিজৰ ব্যৱহাৰৰ পৰা দেখুৱাওক যে আপুনি তেওঁক পচন্দ নকৰে। কাৰণ যদি আপুনি এইদৰে নকৰে, তেনেহʼলে তেওঁ হয়তো ভাবিব যে আপুনি তেওঁক পচন্দ কৰে। কাৰোবাৰ ভাৱনাৰ লগত ধেমালি কৰা ভাল নহয়।—ইফি. ৪:২৫. w২৪.০৫ ২২-২৩ ¶৯-১০