ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es26 পৃষ্ঠা ৫৮-৭১
  • মেʼ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মেʼ
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
  • উপশীৰ্ষক
  • শুক্ৰবাৰ, ১ মেʼ
  • শনিবাৰ, ২ মেʼ
  • দেওবাৰ, ৩ মেʼ
  • সোমবাৰ, ৪ মেʼ
  • মঙ্গলবাৰ, ৫ মেʼ
  • বুধবাৰ, ৬ মেʼ
  • বৃহস্পতিবাৰ, ৭ মেʼ
  • শুক্ৰবাৰ, ৮ মেʼ
  • শনিবাৰ, ৯ মেʼ
  • দেওবাৰ, ১০ মেʼ
  • সোমবাৰ, ১১ মেʼ
  • মঙ্গলবাৰ, ১২ মেʼ
  • বুধবাৰ, ১৩ মেʼ
  • বৃহস্পতিবাৰ, ১৪ মেʼ
  • শুক্ৰবাৰ, ১৫ মেʼ
  • শনিবাৰ, ১৬ মেʼ
  • দেওবাৰ, ১৭ মেʼ
  • সোমবাৰ, ১৮ মেʼ
  • মঙ্গলবাৰ, ১৯ মেʼ
  • বুধবাৰ, ২০ মেʼ
  • বৃহস্পতিবাৰ, ২১ মেʼ
  • শুক্ৰবাৰ, ২২ মেʼ
  • শনিবাৰ, ২৩ মেʼ
  • দেওবাৰ, ২৪ মেʼ
  • সোমবাৰ, ২৫ মেʼ
  • মঙ্গলবাৰ, ২৬ মেʼ
  • বুধবাৰ, ২৭ মেʼ
  • বৃহস্পতিবাৰ, ২৮ মেʼ
  • শুক্ৰবাৰ, ২৯ মেʼ
  • শনিবাৰ, ৩০ মেʼ
  • দেওবাৰ, ৩১ মেʼ
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
es26 পৃষ্ঠা ৫৮-৭১

মেʼ

শুক্ৰবাৰ, ১ মেʼ

ঈশ্বৰে পক্ষপাত নকৰে।—ৰোম. ২:১১.

যিহোৱাই নিজৰ লোকসকলক মিচৰ দেশৰ পৰা মুকলি কৰাৰ পাছত পবিত্ৰ তম্বুত সেৱা কৰিবলৈ পুৰোহিতসকলক নিযুক্ত কৰিছিল। ইয়াৰ উপৰিও, যিহোৱাই লেবীসকলক পবিত্ৰ তম্বুৰ লগত জড়িত আৰু কিছুমান দায়িত্ব দিছিল। কিন্তু যিসকল লোকে পবিত্ৰ তম্বুত সেৱা কৰিছিল বা তাৰ ওচৰত থাকিছিল, যিহোৱাই তেওঁলোকক আন লোকতকৈ বেছি যত্ন লৈছিল নে? নহয়। তেওঁ সকলোৰে যত্ন লৈছিল আৰু কাৰো লগত পক্ষপাত কৰা নাছিল। যিহোৱাই সকলোকে তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ সুযোগ দিছিল। উদাহৰণস্বৰূপে, পবিত্ৰ তম্বুৰ ওপৰত থকা অগ্নি আৰু মেঘ স্তম্ভক সকলোৱে যেন দেখা পায়, তাৰ প্ৰতি যিহোৱাই ধ্যান ৰাখিলে। (যাত্ৰা. ৪০:৩৮) যেতিয়া মেঘ স্তম্ভ পবিত্ৰ তম্বুৰ পৰা আঁতৰিছিল, তেতিয়া আটাইতকৈ দূৰত থকা ইস্ৰায়েলীও সেই স্তম্ভক দেখা পাইছিল আৰু নিজৰ পৰিয়ালৰ তম্বু আৰু বস্তু-বাহিনী বান্ধি বাকী ইস্ৰায়েলীসকলৰ লগত গৈছিল। (গণ. ৯:১৫-২৩) ঠিক সেইদৰে আমি যʼতে নাথাকোঁ কিয়, আমি ভৰসা ৰাখিব পাৰোঁ যিহোৱাই আমাক প্ৰেম কৰে, যত্ন লয় আৰু সদায় আমাক ৰক্ষা কৰিব। w২৪.০৬ ৪-৬ ¶১০-১২

শনিবাৰ, ২ মেʼ

আহাঁ, আমি ওলাই পলাওঁ; নহলে অব্‌চালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম।—২ চমূ. ১৫:১৪.

চাদোকেও কঠিন পৰিস্থিতিত আনক সহায় কৰিছিল। অব্‌চালোমে দায়ূদৰ সিংহাসন কাঢ়ি লʼব বিচাৰিছিল। (২ চমূ. ১৫:১২, ১৩) দায়ূদৰ জীৱন বিপদত আছিল। পৰিস্থিতি ইমানে বেয়া হৈ গৈছিল যে দায়ূদে যিৰূচালেম এৰি পলাবলগীয়া হৈছিল। যেতিয়া তেওঁলোকে যিৰূচালেম এৰি পলাই আছিল, তেতিয়া দায়ূদে ভাবিলে যে কোনোবা এজনটো যিৰূচালেমত থাকিব লাগিব। সেইবাবে, তেওঁ চাদোক আৰু আন পুৰোহিতসকলক যিৰূচালেমলৈ উভতি যাবলৈ কʼলে যাতে সকলো খবৰ তেওঁলোকক দিব পাৰে। (২ চমূ. ১৫:২৭-২৯) তেওঁলোকৰ কাম বিপদজনক আছিল। দায়ূদে চাদোক আৰু হূচয়ক নিজৰ যোজনাত সহায় কৰিবলৈ কʼলে। (২ চমূ. ১৫:৩২-৩৭) দায়ূদে হূচয়ক অব্‌চালোমৰ ভৰসা জিকিবলৈ কʼলে আৰু এনে পৰিকল্পনা কৰিবলৈ কʼলে যʼত সময়ৰ প্ৰয়োজন হয়, যাতে দায়ূদে যুদ্ধৰ বাবে তৈয়াৰী কৰিবলৈ অলপ সময় পাব পাৰে। তেওঁ হূচয়ক এয়াও কʼলে যে ৰাজমহলত কি হৈ আছে, এই সকলো খবৰ চাদোক আৰু অবিয়াথৰক জনায়, যাতে তেওঁলোকে সকলো কথা দায়ূদক কʼব পাৰে। (২ চমূ. ১৭:৮-১৬) দায়ূদে কোৱাৰ দৰে সেই পুৰুষসকলে সাহসেৰে কাম কৰিব পাৰিলে আৰু দায়ূদৰ জীৱন ৰক্ষা কৰিব পাৰিলে।—২ চমূ. ১৭:২১, ২২. w২৪.০৭ ৪-৫ ¶৯-১০

দেওবাৰ, ৩ মেʼ

যিহোৱাই কৈছে, “আহাঁ, আমি তৰ্কবিতৰ্ক কৰোহঁক।”—যিচ. ১:১৮.

যিহোৱাৰ কিছুমান সেৱকে নিজৰ ভুলবোৰৰ বিষয়ে মনত পেলাই দুখ অনুভৱ কৰে। হয়তো তেওঁলোকে সেই ভুলবোৰৰ বিষয়ে ভাবি আজিও নিজকে দোষ দিয়ে, যিবোৰ তেওঁলোকে বাপ্তিষ্মা লোৱাৰ আগতে বা পাছত কৰিছিল। কিন্তু আমি এয়া কেতিয়াও পাহৰা উচিত নহয় যে যিহোৱাই আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে। আমি এই বলিদানৰ পৰা লাভৱান হোৱাটো তেওঁ বিচাৰে। তেওঁ আমাক আশ্বাস দিছে যে যেতিয়া আমি তেওঁৰ লগত নিজৰ সমস্যা “তৰ্কবিতৰ্ক” অৰ্থাৎ সমাধান কৰি লওঁ, তেতিয়া তেওঁ আমাৰ পাপবোৰৰ বাবে আমাক কেতিয়াও দোষী অনুভৱ নকৰায়। সঁচাকৈ, যিহোৱা বহুত মৰমিয়াল ঈশ্বৰ। তেওঁ আমাৰ পাপবোৰ মনত নাৰাখে, কিন্তু আমি যি ভাল কামবোৰ কৰিলোঁ, সেয়া সদায় মনত ৰাখে। (গীত. ১০৩:৯, ১২; ইব্ৰী ৬:১০) যদি আপুনি আগতে কৰা ভুলৰ বিষয়ে ভাবি চিন্তিত হৈ পৰিছে, তেনেহʼলে আপুনি অতীতৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰক। চিন্তা কৰক, আপুনি এতিয়া আৰু আগলৈ যিহোৱাৰ বাবে কি কৰিব পাৰে। আমিও এয়া মনত ৰখা উচিত যে যি হʼল তাক আমি সলনি কৰিব নোৱাৰোঁ। কিন্তু পৌলৰ দৰে যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিব পাৰোঁ আৰু এই বিষয়ে চিন্তা কৰিব পাৰোঁ যে যিহোৱাই আমাক কিমান সুন্দৰ ভৱিষ্য দিয়াৰ প্ৰতিজ্ঞা কৰিছে। w২৪.১০ ৮ ¶৮-৯

সোমবাৰ, ৪ মেʼ

নতুন ব্যক্তিত্বক পিন্ধি লোৱা।—কল. ৩:১০.

যেতিয়া আপুনি বাইবেল পঢ়ে আৰু তাৰ ওপৰত মনন কৰে, তেতিয়া হয়তো অনুভৱ হয় যে বহুতো কথাত আপোনাক শুধৰণি কৰাৰ প্ৰয়োজন আছে। এনে সময়ত হয়তো আপুনি চিন্তিত হʼব পাৰে। এই কথা বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। ধৰি লওক, আপুনি যাকোবৰ কিতাপ পঢ়ি আছে। প্ৰথম দিনা আপুনি পঢ়ে যে খ্ৰীষ্টানসকলে পক্ষপাত কৰা উচিত নহয়। (যাকো. ৩:১-৮) আপুনি ভাবিবলৈ ধৰে ‘মোক এই ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে, কাৰণ মই কেতিয়াবা কেতিয়াবা আনৰ লগত ভালদৰে ব্যৱহাৰ নকৰোঁ।’ দ্বিতীয় দিনা আপুনি পঢ়ে যে আপুনি নিজৰ কথা-বতৰাত নিয়ন্ত্ৰণ কৰা উচিত। (যাকো. ৩:১-১২) আপুনি ভাবিবলৈ ধৰে ‘কেতিয়াবা কেতিয়াবা মই এনে কিবা কৈ দিওঁ যাৰ পৰা আনে আঘাত পায়। এতিয়াৰ পৰা মই কেৱল আনে উৎসাহিত হোৱা কথাবোৰে কʼম।’ তৃতীয় দিনা আপুনি পঢ়ে যে ঈশ্বৰৰ সেৱকসকলে জগতৰ লগত বন্ধুত্ব নকৰে। (যাকো. ৪:৪-১২) এইবাৰ আপুনি ভাবিবলৈ ধৰে যে ‘মই কেনেধৰণৰ মনোৰঞ্জন কৰোঁ। মোক এই ক্ষেত্ৰত আৰু ধ্যান দিয়াৰ প্ৰয়োজন আছে।’ চতুৰ্থ দিনলৈকে আপুনি হয়তো ভাবিবলৈ ধৰে ‘মই ইমানখিনি শুধৰণি কৰিব লাগিব, এইবোৰ মই কেনেকৈ কৰিম? তেনেহʼলে নিৰাশ নহʼব। আপুনি এয়াও মনত ৰাখিব পাৰে যে ‘নতুন পুৰুষক’ পিন্ধিবলৈ সদায় নিজকে শুধৰণি কৰি থাকিব লাগিব। w২৪.০৯ ৫-৬ ¶১১-১২

মঙ্গলবাৰ, ৫ মেʼ

তোমালোকে নিজৰ হৃদয়ত স্বীকাৰ কৰা যে খ্ৰীষ্টই হʼল প্ৰভু আৰু তেওঁ পবিত্ৰ। আৰু যিজনে তোমালোকৰ আশাৰ কাৰণ জানিব বিচাৰে, তেওঁৰ আগত তাৰ কাৰণ জনাবলৈ সদায় সাজু হৈ থাকা, কিন্তু কোমল স্বভাৱ আৰু গভীৰ সন্মানেৰে সৈতে এইদৰে কৰা।—১ পিত. ৩:১৫.

যীচুৱে ভালদৰে জানিছিল যে যিহোৱাই সকলোবোৰ চাই আছে আৰু তেওঁৰ ভৰসা আছিল যে যিহোৱাই সঠিক সময়ত ন্যায় কৰিব আৰু সকলো ঠিক কৰি দিব। যেতিয়া কোনোবাই আমাক বেয়াকৈ কয় বা আমাৰ লগত কিবা বেয়া কৰে, তেতিয়া আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ? আমি নিজৰ জিভা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিছুমান কথা হয়তো বেছি ডাঙৰ নহʼবও পাৰে, সেইবাবে আমি সেইবোৰ আওকাণ কৰিব পাৰোঁ বা আমি মনে মনে থাকিব পাৰোঁ আৰু এনে কথা কোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ, যাৰ বাবে পৰিস্থিতি আৰু বেয়া হʼব পাৰে। (উপ. ৩:৭; যাকো. ১:১৯, ২০) কিন্তু কেতিয়াবা কেতিয়াবা আমি কথা কʼব লাগিব। যেনে, যদি কাৰোবাৰ লগত কিবা বেয়া হৈছে, তেনেহʼলে আমি তেওঁৰ ফলীয়া হৈ কʼব লাগিব বা আমি নিজৰ বিশ্বাসৰ বিষয়ে জনাব লাগিব। (পাঁচ. ৬:১, ২) কিন্তু যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত যে আমি শান্ত হৈ থাকোঁ আৰু সন্মানৰে কথা পাতোঁ। আমি আৰু এটা উপায়েৰে যীচুৰ দৰে হʼব পাৰোঁ। আমি ‘নিজৰ ভাৰ ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত দিব পাৰোঁ।’—১ পিত. ২:২৩. w২৪.১১ ৫-৬ ¶১০-১২

বুধবাৰ, ৬ মেʼ

অনুতাপ কৰা এজন পাপীৰ কাৰণে . . . ঈশ্বৰৰ স্বৰ্গদূতসকলে বহুত আনন্দ কৰে।—লূক ১৫:১০.

যদি এজন পাপ কৰা ব্যক্তিয়ে অনুতাপ কৰে, তেনেহʼলে এয়া আনন্দৰ বিষয়। (লূক ১৫:৭) কিন্তু ইয়াৰ প্ৰশংসা কোনে পোৱা উচিত? প্ৰাচীনসকলে নে? মন কৰক, পাচঁনি পৌলে পাপ কৰা লোকসকলৰ বিষয়ে কি কৈছিল। তেওঁ কৈছিল, “হয়তো ঈশ্বৰে তেওঁলোকক অনুতাপ কৰিবলৈ সুযোগ দিব।” (২ তীম. ২:২৫) ইয়াৰ অৰ্থ হৈছে যিহোৱাই এজন ব্যক্তিক নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰিবলৈ সহায় কৰে, কোনো মানুহে নহয়। পৌলে বুজাইছিল যে যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া ইয়াৰ কি ভাল পৰিণাম হয়। সেই ব্যক্তিজনে সত্যৰ জ্ঞান পায় আৰু চেতনা পাই চয়তানৰ ফান্দৰ পৰা ওলাই আহিব পাৰে। (২ তীম. ২:২৬) যেতিয়া এজন ব্যক্তিয়ে অনুতাপ কৰে, তেতিয়া সমিতিয়ে আগলৈও তেওঁৰ মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰিব যাতে তেওঁ নিয়মীয়াকৈ সহায় লাভ কৰিব পাৰে। এইদৰে তেওঁ চয়তানৰ ফান্দৰ পৰা বাচি থাকিব পাৰে আৰু নিজৰ বাবে সঠিক পথ তৈয়াৰ কৰিব পাৰে।—ইব্ৰী ১২:১২,১৩. w২৪.০৮ ২৩ ¶১৪-১৫

বৃহস্পতিবাৰ, ৭ মেʼ

তোমালোকে চমৎকাৰ দেখাৰ কাৰণে নহয়, কিন্তু পেট ভৰাই ৰুটি খাবলৈ পোৱাৰ কাৰণেহে মোক বিচাৰি আছা।—যোহ. ৬:২৬.

তাৰ পাছদিনা লোকসকলে সেই ঠাইতে যীচু আৰু পাঁচনিসকলক বিচাৰি গʼল, যʼত যীচুৱে তেওঁলোকক আহাৰ খুৱাইছিল। কিন্তু তেওঁলোকে তাত যীচু আৰু পাঁচনিসকলক লগ নাপালে। তেতিয়া ভীৰৰ লোকসকলে তিবিৰিয়াৰ পৰা অহা নাৱত উঠি যীচুক বিচাৰিবলৈ কফৰনাহূমলৈ গʼল। (যোহ. ৬:২২-২৪) তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ এইদৰে কৰিছিল নে? নহয়। তেওঁলোকৰ ধ্যান খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰাত লাগি আছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? মন কৰক, যেতিয়া ভীৰে যীচুক কফৰনাহূমত দেখিলে, তেতিয়া কি হʼল? যীচুৱে কʼলে যে তেওঁলোকে যাতে পেট ভৰাই ৰুটি খাব পাৰে, কেৱল তাৰ কাৰণেহে তেওঁক বিচাৰি আছে। তেওঁলোকে ‘পেট ভৰাই ৰুটি খাইছিল’ আৰু সেই আহাৰ খাই সন্তুষ্ট আছিল, ‘যি নষ্ট হৈ যায়।’ কিন্তু ‘যি আহাৰ অনন্ত জীৱন দিয়ে, তাৰ কাৰণে পৰিশ্ৰম কৰিবলৈ’ যীচুৱে তেওঁলোকক উৎসাহিত কৰিলে। (যোহ. ৬:২৬, ২৭) তেওঁ কʼলে পিতৃ যিহোৱাই এই আহাৰ দিব পাৰে। w২৪.১২ ৫ ¶৮-৯

শুক্ৰবাৰ, ৮ মেʼ

জ্ঞানৱানৰ হৃদয়ে তাৰ মুখক বুদ্ধি দিয়ে, আৰু তাৰ ওঁঠত জ্ঞান বৃদ্ধি কৰে।—হিতো. ১৬:২৩.

যদি আপুনি আৰু ভাল শিক্ষক হʼব বিচাৰে, তেনেহʼলে যেতিয়া আপুনি ভাই-ভনীসকলক কিবা শিকায় বা অকলে তেওঁলোকক কিবা পৰামৰ্শ দিয়ে, তেতিয়া সেয়া বাইবেল আধাৰিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে, বাইবেল আৰু আমাৰ প্ৰকাশনবোৰৰ ভালদৰে অধ্যয়ন কৰক। (হিতো. ১৫:২৮) এয়া বুজিবলৈ চেষ্টা কৰক যে বাইবেলৰ পদবোৰৰ অৰ্থ কি আৰু ইয়াক কেনেকৈ ব্যবহাৰ কৰিব পাৰি। তাৰ পাছত এইদৰে শিকাবলৈ চেষ্টা কৰক যাতে আপোনাৰ কথাই লোকসকলৰ হৃদয় স্পৰ্শ কৰিব পাৰে আৰু তেওঁলোকে পদক্ষেপ লʼব পাৰে। এজন ভাল শিক্ষক হʼবলৈ আপুনি ক’ত শুধৰণি কৰাৰ প্ৰয়োজন আছে সেয়া অভিজ্ঞ প্ৰাচীনসকলক সোধাটো অতি গুৰুত্বপূৰ্ণ। (১ তীম. ৫:১৭) এজন প্ৰাচীনে ভাই-ভনীসকলক ‘উসাহিত কৰাৰ’ লগতে মাজে সময়ে তেওঁলোকক পৰামৰ্শ দিয়া আৰু “শুধৰণি” কৰাটো গুৰুত্বপূৰ্ণ। যিয়ে নহওক কিয়, এজন প্ৰাচীনে সদায় মৰমেৰে আৰু কোমলতাৰে কথা পতা উচিত। যদি আপুনি এইদৰে কৰিব আৰু ঈশ্বৰৰ বাক্যৰ পৰা শিকাব, তেনেহʼলে লোকসকলৰ ওপৰত আপোনাৰ কথাই ভাল প্ৰভাৱ পেলাব। এইদৰে আপুনি মহান শিক্ষক যীচুৰ দৰে হʼব পাৰিব।—মথি ১১:২৮-৩০; ২ তীম. ২:২৪. w২৪.১১ ২৪ ¶১৬

শনিবাৰ, ৯ মেʼ

জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা।—গীত. ৯৬:৩.

আমি যিহোৱাৰ বিষয়ে যি কওঁ, তাৰ যোগেদিও তেওঁৰ মহিমা কৰিব পাৰোঁ। এই পদবোৰত যিহোৱাৰ বিষয়ে কোৱা হৈছে, “যিহোৱাৰ উদ্দেশে নতুন গীত গোৱা,” “তেওঁৰ নামৰ ধন্যবাদ কৰা;” “তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা” আৰু “জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা।” (গীত. ৯৬:১-৩) এই সকলো উপায়েৰে আমি যিহোৱাৰ মহিমা কৰিব পাৰোঁ। (পাঁচ. ৪:২৯) আমি নিজৰ বহুমূলীয়া বস্তুৰেও যিহোৱাৰ মহিমা কৰিব পাৰোঁ। যিহোৱাৰ সেৱকসকলে সদায় এইদৰে কৰি আহিছে। (হিতো. ৩:৯) যেনে, প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে মন্দিৰ বনাবলৈ আৰু তাৰ চোৱা-চিতা কৰিবলৈ দান দিছিল। (২ ৰাজা. ১২:৪, ৫; ১ বং. ২৯:৩-৯) যীচুৰ কিছুমান শিষ্যই “নিজৰ ধন-সম্পত্তিৰ পৰা” তেওঁৰ আৰু তেওঁৰ শিষ্যসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিছিল। (লূক ৮:১-৩) প্ৰথম শতিকাত যেতিয়া কিছুমান খ্ৰীষ্টানে আকালৰ সন্মুখীন হৈছিল, তেতিয়া আন ভাই-ভনীসকলে তেওঁলোকক সাহাৰ্য্যৰ বস্তুবোৰ দিছিল। (পাঁচ. ১১:২৭-২৯) আজি আমিও নিজ ইচ্ছাৰে দান দি যিহোৱাৰ মহিমা কৰিব পাৰোঁ। w২৫.০১ ৪ ¶৮; ৫ ¶১১

দেওবাৰ, ১০ মেʼ

এতিয়া পানীত বাপ্তিষ্মা লʼবলৈ এওঁলোকক কোনে বাধা দিব পাৰে?—পাঁচ. ১০:৪৭.

বাপ্তিষ্মা লʼবলৈ কৰ্ণীলিয়ক কি কথাই সহায় কৰিলে? বাইবেলত লিখা আছে, “তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে ঈশ্বৰৰ উপাসনা কৰিছিল।” ইয়াৰ লগতে তেওঁ ঈশ্বৰক কাকূতি-মিনতিও কৰিছিল। (পাঁচ. ১০:২) যেতিয়া পিতৰে তেওঁক শুভবাৰ্তা শুনালে, তেতিয়া তেওঁ আৰু তেওঁৰ গোটেই পৰিয়ালে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে আৰু লগে লগে বাপ্তিষ্মা লʼলে। (পাঁচ. ১০:৪৭, ৪৮) ইয়াৰ পৰা জানিব পাৰি যে কৰ্ণীলিয়ই প্ৰয়োজনীয় সাল-সলনি কৰিবলৈ সাজু আছিল যাতে তেওঁ নিজৰ পৰিয়ালৰ লগত মিলি যিহোৱাৰ উপাসনা কৰিব পাৰে। (যিহো. ২৪:১৫; পাঁচ. ১০:২৪, ৩৩) কৰ্ণীলিয়ৰ ভাল নাম আৰু ডাঙৰ পদ আছিল। এইবোৰৰ কাৰণে তেওঁ বিচৰা হʼলে বাপ্তিষ্মা লʼবলৈ মানা কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। আপুনিও বাপ্তিষ্মা লʼবলৈ ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছে নে? যদি আছে, তেনেহʼলে যিহোৱাই আপোনাক সহায় কৰিব। যদি আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰে আৰু তেওঁৰ সেৱা কৰিবলৈ থিৰাং কৰে, তেনেহʼলে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। w২৫.০৩ ৫ ¶১২-১৩

সোমবাৰ, ১১ মেʼ

ঈশ্বৰক নিন্দা কৰা মিছা কাহিনীবোৰৰ পৰা আঁতৰি থাকা।—১ তীম. ৪:৭.

যদি আপুনি সংগঠন বা নেতৃত্ব লোৱা ভাইসকলৰ বিষয়ে বেয়া কথা শুনে, তেনেহʼলে মনত ৰাখিব যে চয়তানে প্ৰথম শতিকাতো বিৰোধীসকলৰ যোগেদি যীচু আৰু তেওঁৰ শিষ্যসকলৰ বিষয়ে মিছা কথা কৈছিল। বাইবেলত আগতীয়াকৈ কোৱা হৈছে যে ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰা হʼব আৰু তেওঁলোকৰ বিষয়ে মিছা কথা কোৱা হʼব আৰু বেয়াকৈ কোৱা হʼব। (মথি ৫:১১, ১২) যদি আপুনি এই মিছা কথাবোৰৰ ওপৰত বিশ্বাস কৰাৰ পৰা আঁতৰি থাকিব বিচাৰে, তেনেহʼলে মনত ৰাখিব যে প্ৰকৃত শত্ৰু কোন হয় আৰু লগে লগে পদক্ষেপ লʼব লাগিব। গতিকে, আমি কি পদক্ষেপ লোৱা উচিত? মিছা কথাবোৰৰ ওপৰত বিশ্বাস নকৰিব। পাঁচনি পৌলে স্পষ্টকৈ জনাইছিল যে যদি আমি কিবা মিছা কথা শুনোঁ, তেনেহʼলে আমি কি কৰা উচিত? তেওঁ তীমথিয়ক ‘ধৰ্ম্ম নিন্দাযুক্ত আৰু মানুহৰ অনৰ্থক গল্প-কথাত মন নিদিবলৈ’ লোকসকলক আজ্ঞা দিবলৈ কৈছিল। (১ তীম. ১:৩, ৪) আমিও জানোঁ যে মিছা শিক্ষাৰ পৰা কিমান বিপদ হʼব পাৰে আৰু ইয়াৰ আঁৰত কোন আছে। সেইবাবে, আমি ইয়াৰ পৰা আঁতৰি থাকোঁ আৰু ‘নিৰাময় বাক্যৰ’ অৰ্থাৎ যি সত্য তাক আমি আকোঁৱালি লʼব বিচাৰোঁ।—২ তীম. ১:১৩. w২৪.০৪ ১১ ¶১৬; ১৩ ¶১৭

মঙ্গলবাৰ, ১২ মেʼ

নিজৰ মিঠা মিঠা কথা আৰু প্ৰশংসাৰে সহজ-সৰল লোকসকলৰ মন ভুলায়।—ৰোম. ১৬:১৮.

যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰক। আমি একেলগে মিলি যিহোৱাৰ উপাসনা কৰাটো তেওঁ বিচাৰে। যেতিয়ালৈকে আমি সত্যত থিৰে থাকিম, তেতিয়ালৈকে আমাৰ মাজত একতা থাকিব। কিন্তু যিসকল লোকে সত্যত থিৰে নাথাকে আৰু মিছা কথা বিয়পাই ফুৰে, তেওঁলোকে মণ্ডলীত বিবাদৰ সৃষ্টি কৰে। আমি এনে লোকসকলৰ পৰা “পৃথকে” থকাটো যিহোৱাই বিচাৰে। এইদৰে নকৰিলে আমিও সত্যৰ পৰা আঁতৰি যাব পাৰোঁ। (ৰোম. ১৬:১৭) যদি আমি সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিম আৰু সত্যতাক দৃঢ়তাৰে ধৰি ৰাখিম, তেনেহʼলে আমি যিহোৱাৰ আৰু কাষ চাপিব পাৰিম আৰু আমাৰ বিশ্বাসো মজবুত হʼব। (ইফি. ৪:১৫, ১৬) ইয়াৰ উপৰিও চয়তানে বিয়পোৱা মিছা শিক্ষা আৰু কথাৰ ওপৰত বিশ্বাস নকৰিম আৰু মহা সংকটৰ সময়ত সুৰক্ষিত হৈ থাকিব পাৰিম। গতিকে সত্যতাক দৃঢ়তাৰে ধৰি ৰাখা, তেতিয়া ‘শান্তিৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।’—ফিলি. ৪:৮, ৯. w২৪.০৭ ১৩ ¶১৬-১৭

বুধবাৰ, ১৩ মেʼ

এই মানুহজনে পাপৰ কাৰণে এটাই বলিদান সদায়ৰ কাৰণে উৎসৰ্গ কৰিলে।—ইব্ৰী ১০:১২.

যীচুৱে সেই লোকসকলৰ ওপৰত বিশেষ ধ্যান দিছিল, যিসকলক পাপৰ বোজাই হেঁচি ধৰিছিল। যীচুৱে তেওঁলোকক নিজৰ শিষ্য হʼবলৈ মাতিছিল। তেওঁ জানিছিল যে পাপী হোৱাৰ বাবে লোকসকলৰ ওপৰত দুখ-কষ্ট আহে। সেইবাবে, তেওঁ বিশেষকৈ সেই লোকসকলক সহায় কৰিব বিচাৰিছিল, যিসকলে নিজৰ পাপৰ বাবে দুখ অনুভৱ কৰিছিল। তেওঁ এটা উদাহৰণ দি বুজালে যে “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে।” তাৰ পাছত তেওঁ কʼলে, “যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে মই তেওঁলোকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।” (মথি ৯:১২, ১৩) যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰেই কৰিলে। যেতিয়া এজনী পাপী তিৰোতাই তেওঁৰ ওচৰলৈ আহিল আৰু কান্দি কান্দি নিজৰ চকুপানীৰে যীচুৰ ভৰি তিয়ালে, তেতিয়া যীচুৱে তাইৰ লগত মৰমেৰে কথা পাতিলে আৰু তাইৰ পাপ ক্ষমা কৰিলে। (লূক ৭:৩৭-৫০) ইয়াৰ উপৰিও, তেওঁ এজনী চমৰীয়া তিৰোতাক কিছুমান গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে জনালে, যদিও তেওঁ জানিছিল যে সেই তিৰোতাজনী ব্যভিচাৰী হয়। (যোহ. ৪:৭, ১৭-১৯, ২৫, ২৬) ইয়াৰ লগতে যিহোৱাই যীচুক ইমানেই শক্তি দিছিল যে তেওঁ পাপৰ সকলো পৰিণামক আনকি মৃত্যুকো শেষ কৰিব পাৰিলেহেঁতেন। সেইবাবে, যীচুৱে পুৰুষ-মহিলা, সৰু-ডাঙৰ সকলো ধৰণৰ লোককে আকৌ জীয়াই তুলিলে।—মথি ১১:৫. w২৪.০৮ ৪ ¶৯-১০

বৃহস্পতিবাৰ, ১৪ মেʼ

তেওঁ ধাৰ্ম্মিকতাৰে জগতখনৰ, আৰু নিজ বিশ্বস্ততাৰে জাতিবিলাকৰ বিচাৰ কৰিব।—গীত. ৯৬:১৩.

অতি সোনকালে তেওঁ নিজৰ নাম মহিমা কৰিব। কেনেকৈ বাৰু? সঠিক ন্যায় কৰি। মিছা ধৰ্মই তেওঁৰ নাম বদনাম কৰাৰ বাবে অতি সোনকালে যিহোৱাই মহা বাবিলক নাশ কৰিব। সেইবাবে, যিসকল লোকে মহা বাবিলৰ ধ্বংস হোৱাটো চাব, তেওঁলোকৰ মাজৰ কিছুমানে হয়তো যিহোৱাৰ ওপৰত ভৰসা কৰিব আৰু আমাৰ লগত তেওঁৰ সেৱা কৰিবলৈ ধৰিব। (প্ৰকা. ১৭:৫, ১৬; ১৯:১, ২) অৱশেষত হৰমাগিদোন যুদ্ধত যিহোৱাই চয়তানৰ এই দুষ্ট জগতক শেষ কৰিব আৰু সেই লোকসকলকো বিনাশ কৰিব, যিসকলে তেওঁৰ বিৰোধ কৰে আৰু তেওঁৰ নিন্দা কৰে। কিন্তু যিসকল লোকে যিহোৱাক প্ৰেম কৰে, তেওঁৰ আজ্ঞা মানে আৰু আনন্দেৰে তেওঁৰ মহিমা কৰে, সেই সকলোকে তেওঁ বচাব। (মাৰ্ক ৮:৩৮; ২ থিচ. ১:৬-১০) যেতিয়া মচীহৰ হাজাৰ বছৰৰ শাসন শেষ হʼব আৰু শেষ পৰীক্ষাও হৈ যাব, তেতিয়া যিহোৱাই নিজৰ নামৰ ওপৰত লগা সকলো কলংক দূৰ কৰিব আৰু তেওঁৰ নাম সম্পূৰ্ণৰূপে পবিত্ৰ কৰিব। এইদৰে তেওঁ প্ৰমাণ কৰিব যে সকলোৰে উপাসনা পোৱাৰ অধিকাৰ কেৱল তেওঁৰে আছে। (প্ৰকা. ২০:৭-১০) তেতিয়া “সমুদ্ৰ যেনেকৈ পানীৰে ভৰা, তেনেকৈ পৃথিবীখন যিহোৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হব।” (হব. ২:১৪) চিন্তা কৰক সেই দিন কেনেকুৱা হʼব যেতিয়া সকলোৱে যিহোৱাক সেই মহিমা দিব, যি পোৱাৰ তেওঁৰ অধিকাৰ আছে। w২৫.০১ ৬-৭ ¶১৫-১৬

শুক্ৰবাৰ, ১৫ মেʼ

তোমালোকক শুধৰণি কৰা হৈছে বুলি ভাবি ইয়াক সহন কৰা।—ইব্ৰী ১২:৭.

বিৰোধৰ সময়ত যিহূদী খ্ৰীষ্টানসকলে কেনেকৈ ধৈৰ্য্য ধৰিব পাৰিলেহেঁতেন? পাচঁনি পৌলে জানিছিল যে তেওঁলোকে নিজৰ সমস্যাৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিব লাগিব। সেইবাবে, পৌলে তেওঁলোকক বুজালে যে ঈশ্বৰে আমাৰ বিশ্বাসৰ পৰীক্ষা হʼবলৈ দিয়ে আৰু সেই সময়ত তেওঁ আমাক প্ৰশিক্ষণ দিয়ে। সেইবাবে, আমি বহুতো ভাল গুণ বঢ়াব পাৰোঁ। সমস্যাৰ মাজেদি পাৰ হʼলে ভাল পৰিণাম পোৱা যায়, এই কথা যিহূদী খ্ৰীষ্টানসকলে মনত ৰখা হʼলে সমস্যা সহন কৰিবলৈ তেওঁলোকৰ বাবে সহজ হʼলহেঁতেন। (ইব্ৰী ১২:১১) পৌলে যিহূদী খ্ৰীষ্টানসকলক সাহসেৰে নিজৰ সমস্যা সন্মুখীন কৰিবলৈ আৰু হাৰ নামানিবলৈ অনুৰোধ কৰিলে। পৌলে তেওঁলোকক এই পৰামৰ্শ কিয় দিব পাৰিলে? খ্ৰীষ্টান হোৱাৰ আগতে পৌলে ভাই-ভনীসকলক বহুত তাড়না দিছিল আৰু খ্ৰীষ্টান হোৱাৰ পাছত তেওঁ বিভিন্ন ধৰণৰ তাড়না সহন কৰিবলগীয়া হʼল।—২ কৰি. ১১:২৩-২৫. w২৪.০৯ ১২ ¶১৬-১৭

শনিবাৰ, ১৬ মেʼ

জাগি থাকা।—মথি ২৫:১৩.

সময় পাৰ হোৱাৰ লগে লগে প্ৰচাৰ কাম কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে? কিয়নো অন্ত একেবাৰে ওচৰ পালেহি। মাৰ্ক ১৩:১০ পদত যীচুৱে কৈছিল যে শেষ কালত প্ৰচাৰ কাম কিমান গুৰুত্বপূৰ্ণ হʼব। এই বিষয়ে মথিয়ে লিখিছিল, “অন্ত” অহাৰ আগতে গোটেই জগততে ঘোষণা কৰিব লাগিব। (মথি ২৪:১৪) ইয়াত কিহৰ অন্তৰ বিষয়ে কোৱা হৈছে? চয়তাৰ দুষ্ট জগতৰ অন্তৰ বিষয়ে। যিহোৱাই আগতীয়াকৈ “সেই দিন আৰু সময়” নিৰ্ধাৰিত কৰিছে, যেতিয়া তেওঁ এই জগতৰ অন্ত কৰিব। (মথি ২৪:৩৬; পাঁচ. ১:৭) দিনক দিনে আমি সেই অন্তৰ কাষ চাপি আহিছোঁ। (ৰোম. ১৩:১১) সেইবাবে, অন্ত নহালৈকে আমি প্ৰচাৰ কৰি থকাৰ অতি প্ৰয়োজন। আমি প্ৰচাৰ কিয় কৰোঁ, এই বিষয়ে আমি সকলোৱে চিন্তা কৰা উচিত। আমি শুভবাৰ্তা, লোকসকলক আৰু আটাইতকৈ বেছি যিহোৱা আৰু তেওঁৰ নামক প্ৰেম কৰোঁ। সেইবাবে, আমি প্ৰচাৰ কৰোঁ। w২৪.০৫ ১৪-১৫ ¶২-৩

দেওবাৰ, ১৭ মেʼ

ঈশ্বেৰ নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে।—আদি. ১:৩১.

পিতৃ-মাতৃসকল নিজৰ লʼৰা-ছোৱালীক প্ৰকৃতিৰ বস্তুবোৰৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰক। যেতিয়া আপুনি বাগিছাত কাম কৰে বা পাৰ্কলৈ যায়, তেতিয়া প্ৰকৃতিৰ বস্তুবোৰৰ ভাল ভাল ডিজাইনৰ ওপৰত নিজৰ লʼৰা-ছোৱালীৰ ধ্যান আকৰ্ষিত কৰক। এইদৰে আপোনাৰ লʼৰা-ছোৱালীয়ে বুজি পাব যে কোনোবাই বহুত ভাবি-চিন্তি এই ডিজাইনবোৰ বনাইছে। উদাহৰণস্বৰূপে, প্ৰকৃতিৰ বহুতো বস্তুত স্পাইৰেল ডিজাইন (এটা বিন্দুৰ পৰা আৰম্ভ হৈ গোল গোল ঘূৰি থকা ডিজাইন) দেখিবলৈ পোৱা যায়। বৈজ্ঞানিকসকলে বহু বছৰৰ পৰা এই ডিজাইনৰ অধ্যয়ন কৰি আছে। এই বিষয়ে নিকʼলা ফামেলি নামৰ এজন বৈজ্ঞানিকে কৈছে যে যদি আপুনি এই স্পাইৰেল ডিজাইন মন দি চাই, তেনেহʼলে আপুনি ইয়াত সংখ্যাৰ এক বিশেষ ক্ৰম দেখিবলৈ পাব। এই সংখ্যাবোৰক ফিবʼনাচী অনুক্ৰম বুলি কোৱা হয়। স্পাইৰেল ডিজাইন বহুতো বস্তুত দেখিবলৈ পোৱা যায়। যেনে, আকাশমণ্ডলত পোৱা কিছুমান তাৰাকাৰাজ্য, নʼটিলাছ নামৰ সমুদ্ৰৰ জীৱৰ খোলা, কিছুমান গছ-গছনিৰ পাতবোৰত আৰু বেলিফুলত। w২৪.১২ ১৬ ¶৭

সোমবাৰ, ১৮ মেʼ

সেয়ে তোমাৰ জীৱন।—দ্বিতী. ৩০:২০.

মোচি, দায়ূদ আৰু যোহন যি পৰিস্থিতিত জীয়াই আছিল, সেয়া আমাৰ পৰিস্থিতিতকৈ একেবাৰে বেলেগ। কিন্তু তেওঁলোক আৰু আমাৰ মাজত কিছুমান মিল আছে। তেওঁলোকৰ দৰে আমিও সত্য ঈশ্বৰৰ উপাসনা কৰোঁ, তেওঁক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ওপৰত ভৰসা ৰাখোঁ আৰু সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ। এই বৃদ্ধসকলৰ দৰে আমিও বিশ্বাস কৰোঁ যে যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি বহুতো আশীৰ্বাদ পাম। গতিকে আহক মোচি, দায়ূদ আৰু যোহনে নিজৰ জীৱনৰ শেষ সময়ছোৱাত যি কৈছিল, সেয়া মনত ৰাখোঁ আৰু যিকোনো পৰিস্থিতিত যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰি থাকোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সফল হʼম আৰু যিহোৱাই আমাক “দীঘল আয়ুস” দিব। আমি সদাই কালৰ বাবে জীয়াই থাকিব পাৰিম। ইয়াৰ উপৰিও, যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হʼম। তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে আৰু এনেদৰে পূৰ কৰে যিদৰে আমি হয়তো ভবাও নাই।—ইফি. ৩:২০. w২৪.১১ ১৩ ¶২০-২১

মঙ্গলবাৰ, ১৯ মেʼ

ঈশ্বৰে মণ্ডলীত প্ৰতিজনকে তেওঁলোকৰ নিজৰ ঠাই দিছে।—১ কৰি. ১২:২৮.

প্ৰথম শতিকাত কিছুমান ভাইক সহায়ক সেৱক হিচাপে নিযুক্ত কৰা হৈছিল। (১ তীম. ৩:৮) পৌলে যেতিয়া আনক সহায় কৰাৰ সেৱাৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁ হয়তো সহায়ক সেৱকসকলক মনত ৰাখি এই কথা কৈছিল। ইয়াৰ পৰা জানিব পাৰি যে সহায়ক সেৱকসকলে মণ্ডলীত বহুতো কাম কৰিছিল যাতে প্ৰাচীনসকলে শিকোৱাৰ কাম আৰু ঈশ্বৰৰ ভেড়াবোৰক চোৱা-চিতা কৰা কাম ভালদৰে কৰিব পাৰে। এই সহায়ক সেৱকসকলে শাস্ত্ৰৰ নকল বনাবলৈ বা নকল বনাবলৈ প্ৰয়োজন হোৱা বস্তুবোৰ কিনিবলৈ সহায় কৰিছিল। আজি সহায়ক সেৱকসকলে মণ্ডলীত কি কি কাম কৰে, তালৈ মন কৰক। (১ পিত. ৪:১০) কিছুমান সহায়ক সেৱকে টকা-পইচাৰ হিচাপ ৰাখে, কিছুমানে প্ৰচাৰ এলেকাৰ ৰেকৰ্ড ৰাখে, কিছুমানে প্ৰকাশনৰ ৰেকৰ্ড ৰাখে আৰু আনক দিয়ে, আন কিছুমানে অডিঅʼ-ভিডিঅʼত কাম কৰে, কিছুমানে এটেনডেণ্টত কাম কৰে আৰু কিছুমানে ৰাজ্যগৃহ চোৱা-চিতা কামত সহায় কৰে। মণ্ডলীৰ সকলো কাম ভালদৰে কৰিবলৈ এই কামবোৰ বহুত গুৰুত্বপূৰ্ণ।—১ কৰি. ১৪:৪০. w২৪.১০ ১৯ ¶৪-৫

বুধবাৰ, ২০ মেʼ

যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।—ফিলি. ৪:১৩.

যদি আমি মনত ৰাখোঁ যে যিহোৱা জীৱিত ঈশ্বৰ আৰু তেওঁ সকলো সময়তে আমাৰ যত্ন লʼব, তেনেহʼলে ডাঙৰ বা সৰু যিয়েই সমস্যা নাহক কিয়, আমি সেই সকলোবোৰ পাৰ কৰিব পাৰিম। তেওঁ সকলোতকৈ শক্তিশালী আৰু আমাক যিকোনো সমস্যা সহন কৰিবলৈ শক্তি দিব পাৰে। সেইবাবে, যিয়েই সমস্যা নাহক কিয়, আমি সেইবোৰ সন্মুখীন হʼব পাৰোঁ। যেতিয়া আমি চাওঁ যে সৰু সৰু সমস্যাবোৰ পাৰ কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰি আছে, তেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে ভৱিষ্যতে যদি কিবা ডাঙৰ সমস্যা আহে, তেনেহʼলে যিহোৱাই নিশ্চয় আমাৰ যত্ন লʼব। ৰজা দায়ূদৰ জীৱনত ঘটা দুটা ঘটনালৈ মন কৰক, যাৰ যোগেদি যিহোৱাৰ ওপৰত তেওঁৰ আৰু ভৰসা বাঢ়িল। যেতিয়া দায়ূদ সৰু আছিল আৰু নিজৰ পিতৃৰ ভেড়াবোৰ চৰাইছিল, তেতিয়া এবাৰ এটা ভালুক আৰু দ্বিতীয়বাৰ এটা সিংহ তেওঁৰ ভেড়া উঠাই লৈ গৈছিল। কিন্তু এই দুয়োটা পৰিস্থিতিতে দায়ূদে সাহস দেখুৱালে। তেওঁ সেইবোৰক খেদি গʼল আৰু সেইবোৰক মাৰি ভেড়াটোক বচালে। ইমান ডাঙৰ কাম কৰাৰ সত্ত্বেও, তেওঁ নিজৰ শক্তিৰে এইবোৰ কৰিব পাৰিলোঁ বুলি কোৱা নাছিল। কিয়নো তেওঁ জানিছিল যে যিহোৱাৰ সহায়তে তেওঁ এইবোৰ কৰিব পাৰিলে। (১ চমূ. ১৭:৩৪-৩৭) দায়ূদে এই ঘটনাবোৰৰ ওপৰত মনন কৰাৰ বাবে জীৱিত ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁৰ ভৰসা আৰু বাঢ়িল। লগতে তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক আগলৈও সহায় কৰিব। w২৪.০৬ ২১ ¶৫-৬

বৃহস্পতিবাৰ, ২১ মেʼ

যি মানুহে নৌ শুনোতেই উত্তৰ দিয়ে, সেয়ে তাৰ পক্ষে অজ্ঞানতা আৰু অপমান বুলি গণিত হয়।—হিতো. ১৮:১৩.

ধৰি লওক, আপোনাক এটা পাৰ্টীত মতা হৈছে, কিন্তু আপুনি তাত যাব নে নাযায়, কেনেকৈ নিৰ্ণয় লʼব? ব্যক্তিজনে পাৰ্টীত কি কি ব্যৱস্থা কৰিছে তাৰ বিষয়ে যদি আপুনি নাজানে, তেনেহʼলে তেওঁক আপুনি কিছুমান প্ৰশ্ন সুধিব পাৰে, “এই পাৰ্টী কʼত আৰু কেতিয়া হʼব? ইয়াত কিমান লোক আহিব? সকলোবোৰ যাতে ভালদৰে হয়, তাৰ প্ৰতি কোনে ধ্যান দিব? কোন কোন আহিব? তাত কি কি হʼব? তাত মদ খোৱা হʼব নে? এই সকলো প্ৰশ্নৰ উত্তৰ জানিলে আপুনি এটা ভাল নিৰ্ণয় লʼব পাৰিব। বিষয়ৰ সম্পূৰ্ণ তথ্য লোৱাৰ পাছত আৰু কিছুমান কথাৰ বিষয়ে আপুনি চিন্তা কৰিব পাৰে। যেনে, যদি আপুনি গʼম পাইছে যে সেই পাৰ্টীত এনেধৰণৰ লোক আহিব, যিসকলে বাইবেলৰ মানদণ্ড পালন নকৰে বা যদি তাত মদ খোৱা হʼব আৰু তাৰ প্ৰতি ধ্যান দিবলৈ কোনো নাথাকিব, তেনেহʼলে আপুনি কি কৰিব? তাত কিছুমান লোকে বেছিকৈ মদ খাব আৰু বেয়া ব্যৱহাৰ কৰিব বুলি আপুনি ভাবে নে? (১ পিত. ৪:৩) এইদৰে যেতিয়া আপুনি ভালদৰে চিন্তা কৰিব, তেতিয়া ভাল নিৰ্ণয় লʼবলৈ আপোনাৰ বাবে সহজ হʼব। w২৫.০১ ১৫ ¶৪-৫

শুক্ৰবাৰ, ২২ মেʼ

তোমালোকৰ পাপবোৰ সিন্দূৰ বৰণীয়া হলেও, হিমৰ দৰে বগা কৰা হব।—যিচ. ১:১৮.

মুক্তিৰ মূল্যৰ বলিদানৰ যোগেদি যিহোৱাই অনুতাপ কৰা লোকসকলৰ পাপ সম্পূৰ্ণৰূপে মচি দিয়ে। যদি এখন কাপোৰত ৰঙা ৰঙৰ দাগ লাগি যায়, তেনেহʼলে তাক গুচোৱাটো বৰ কঠিন হৈ পৰে। এই উদাহৰণ দি যিহোৱাই আমাক আশ্বাস দিয়ে যে তেওঁ আমাৰ পাপবোৰ এনেদৰে ধুই দিয়ে যে সেইবোৰৰ দাগ দেখিবলৈ পোৱা নাযায়। পাপ ‘ধাৰৰ’ দৰে হয়। (মথি ৬:১২, ফুট.; লূক ১১:৪) সেইবাবে, যেতিয়া আমি যিহোৱাৰ বিৰোধে পাপ কৰোঁ, তেতিয়া আমি বাৰে বাৰে ধাৰ লৈ থকাৰ দৰে হয় আৰু আমাৰ ধাৰ বাঢ়ি গৈ থাকে। কিন্তু যিহোৱাই যেতিয়া আমাক ক্ষমা কৰে, তেতিয়া তেওঁ আমাৰ পাপৰ ধাৰবোৰ বাতিল বা শেষ কৰি দিয়ে। তাৰ পাছত তেওঁ আমাৰ পাপবোৰৰ হিচাপ নলয়, কাৰণ তেওঁ আমাক ক্ষমা কৰি দিলে। যেতিয়া এজন ব্যক্তিৰ ধাৰ ক্ষমা কৰি দিয়া হয়, তেতিয়া তেওঁ মনৰ শান্তি লাভ কৰে। ঠিক সেইদৰে যিহোৱাই যেতিয়া আমাক ক্ষমা কৰে, তেতিয়া আমিও মনৰ শান্তি লাভ কৰোঁ। w২৫.০২ ৯-১০ ¶৯-১০

শনিবাৰ, ২৩ মেʼ

লʼৰা-ছোৱালীয়ে মা-দেউতাৰ কাৰণে টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, লʼৰা-ছোৱালীৰ কাৰণে মা-দেউতাই টকা-পইচা গোটাই ৰখাটো তেওঁলোকৰ পৰা আশা কৰা হয়।—২ কৰি. ১২:১৪.

পিতৃ-মাতৃয়ে বৃদ্ধ হৈ যোৱাৰ পাছত তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হয় আৰু বহুতো লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আনন্দেৰে চোৱা-চিতা কৰে। (১ তীম ৫:৪) কিন্তু যিহোৱাৰ ওপৰত ভৰসা ৰখা পিতৃ-মাতৃয়ে এয়া ভাবি নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা নকৰে যে আগলৈ গৈ তেওঁলোকে তেওঁলোকৰ বাবে টকা-পইচা অৰ্জন কৰিব আৰু তেওঁলোকৰ চোৱা-চিতা কৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সেৱক হʼবলৈ সহায় কৰে। এইদৰে তেওঁলোকে আনন্দ লাভ কৰে। (৩ যোহ. ৪) পিতৃ-মাতৃসকল, লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ ৰাখক আৰু তেওঁলোকক যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ শিকাওক। তেওঁলোকক নিজৰ ভৰিত থিয় হʼবলৈ ট্ৰেইনিং দিয়ক। তেওঁলোকক সৰুৰে পৰা পৰিশ্ৰমী হʼবলৈ শিকাওক। (হিতো. ২৯:২১; ইফি. ৪:২৮) তেওঁলোকক ভালকৈ পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰক। ইয়াৰ উপৰিও তেওঁলোকে আগলৈ কিমান পঢ়িব, তাৰ বিষয়ে সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰক। আপুনি এয়া কেনেকৈ কৰিব পাৰে? এই বিষয়ে বাইবেলৰ সিদ্ধান্ত বিচাৰক আৰু লʼৰা-ছেৱালীৰ লগত তাৰ বিষয়ে আলোচনা কৰক। তেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়ে এনে নিৰ্ণয় লʼব পাৰিব, যাৰ বাবে আগলৈ গৈ তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিব আৰু প্ৰচাৰত বেছি সময় দিব পাৰিব। হয়তো অগ্ৰগামী সেৱাও কৰিব। w২৫.০৩ ৩০-৩১ ¶১৫-১৬

দেওবাৰ, ২৪ মেʼ

নতুন ব্যক্তিত্বক পিন্ধি লোৱা।—ইফি. ৪:২৪.

যিচয়া ৬৫ অধ্যায়ত যিহোৱাই উল্লেখ কৰাইছে যে প্ৰমোদবনত থকা লোকসকলৰ জীৱন কেনেকুৱা হʼব আৰু তেওঁলোকে কেনে অনুভৱ কৰিব।এই ভৱিষ্যবাণী প্ৰথমবাৰ খ্ৰীষ্টপূৰ্ব ৫৩৭-ত পূৰ হৈছিল। সেই সময়ত অনুতাপ কৰা যিহুদীসকলে বাবিলৰ পৰা মুকলি হৈ পুনৰ নিজৰ দেশলৈ উভতি আহিছিল। তেতিয়া যিৰূচালেমত কোনো মানুহ, জীৱ-জন্তু নাছিল, ঠাইখন নিজান হৈ আছিল, কিন্তু যিহোৱাৰ সহায়ত লোকসকলে নগৰখন পুনৰ নিৰ্মাণ কৰিলে আৰু সুন্দৰ কৰি তুলিলে। তাৰ পাছত তেওঁলোকে আকৌ মন্দিৰত যিহোৱাৰ উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। (যিচ. ৫১:১১; জখ. ৮:৩) যিচয়াৰ ভৱিষ্যবাণী দ্বিতীয় বাৰ ১৯১৯ চনত পূৰ হʼবলৈ আৰম্ভ হʼল। সেই সময়ত ঈশ্বৰৰ লোকসকলে মহা-বাবিলৰ পৰা মুকলি হʼল আৰু প্ৰমোদবনৰ দৰে পৰিস্থিতিত তেওঁৰ উপাসনা কৰিবলৈ ধৰিলে। তেওঁলোকে উৎসাহেৰে গোটেই পৃথিৱীত প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু ইয়াৰ ফলত বহুতো মণ্ডলী গঠন হʼল। লাহে লাহে বহুতো লোকে এই প্ৰমোদবনত আহিলে আৰু নিজৰ অন্তৰত ঈশ্বৰৰ গুণবোৰ বিকশিত কৰিলে। তেওঁলোকে এসময়ত হিংসাত্মক আৰু বহুতো বেয়া কাম কৰিছিল। কিন্তু তেওঁলোকে “ঈশ্বৰৰ প্ৰতিমুৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক” পিন্ধিলে। w২৪.০৪ ২০-২১ ¶৩-৪

সোমবাৰ, ২৫ মেʼ

প্ৰতিজনে নিজৰ বোজা নিজেই উঠাব।—গালা. ৬:৫.

কিছুমান দেশত পিতৃ-মাতৃয়ে বা পৰিয়ালৰ সম্বন্ধীয় লোকসকলে অবিবাহিত লʼৰা-ছোৱালীৰ কাৰণে বিয়া ঠিক কৰে। আন কিছুমান দেশত পৰিয়ালৰ লোকসকলে বা বন্ধুসকলে লʼৰা বা ছোৱালী চাবলৈ যায়। তাৰ পাছত লʼৰা-ছোৱালীয়ে এজনে-আনজনক লগ কৰে, ভালদৰে জানিবলৈ চেষ্টা কৰে আৰু ধ্যান দিয়ে যে তেওঁলোকে এজনে-আনজনৰ কাৰণে ভাল সংগী হʼব নে নাই। যদি কোনোবাই আপোনাক বিয়া ঠিক কৰিবলৈ কৈছে বা সংগী বিচাৰিবলৈ কৈছে, তেনেহʼলে আপুনি কি কৰিব? প্ৰথমতে, আপুনি লʼৰা বা ছোৱালীৰ পচন্দ আৰু তেওঁ কেনেধৰণৰ জীৱন সংগী বিচাৰে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব। তাৰ পাছত যদি আপুনি এনে এজন ব্যক্তিক লগ পাইছে, যিজন তেওঁৰ কাৰণে ভাল সংগী হʼব, তেনেহʼলে তেওঁৰ কি কি গুণ আছে, তেওঁৰ স্বভাৱ কেনেকুৱা আৰু যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা, জানিবলৈ চেষ্টা কৰিব। জীৱন সংগী বিচৰাৰ সময়ত ব্যক্তিজনৰ ওচৰত কিমান পইচা আছে, তেওঁ কিমান পঢ়া-লিখা বা তেওঁৰ পৰিয়াল কেনেকুৱা, এয়া চোৱাৰ পৰিৱৰ্তে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা, সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। মনত ৰাখিব, বিয়া যদিও আপুনি ঠিক কৰিছে, কিন্তু লʼৰা-ছোৱালীয়ে নিৰ্ণয় লোৱা উচিত যে তেওঁলোকে বিয়া পাতিব নে নাপাতে। w২৪.০৫ ২৩ ¶১১

মঙ্গলবাৰ, ২৬ মেʼ

বন্ধুৱে সকলো সময়তে ভাল পায়।—হিতো. ১৭:১৭.

ডেটিং কৰি থকা ভাই বা ভনীক আমি আৰু এটা উপায়েৰে সহায় কৰিব পাৰোঁ। আমি কিবা কোৱা বা কৰাৰ আগতে চিন্তা কৰিব পাৰোঁ। কেতিয়াবা আমি নিজৰ জিভাক নিয়ন্ত্ৰণ কৰিবলগীয়া হʼব পাৰে। (হিতো. ১২:১৮) যেনে, যদি কোনো ভাই বা ভনীয়ে ডেটিং কৰিছে বুলি আমি জানিব পাৰোঁ আৰু ইয়াৰ বিষয়ে হয়তো আমাক আনক জনাবলৈ মন যাব পাৰে। কিন্তু যদি তেওঁলোকে নিজেই জনাব বিচাৰে, তেনেহʼলে আমি নিজকে নিয়ন্ত্ৰণ কৰা উচিত আৰু আনক কৈ ফুৰা উচিত নহয়। তেওঁলোকে যি কৰে তাত আমি খুঁত বিচাৰি থকা উচিত নহয়। (হিতো. ২০:১৯; ৰোম. ১৪:১০; ১ থিচ. ৪:১১) ইয়াৰ উপৰিও আমি এনেধৰণৰ কথা বা প্ৰশ্ন সোধা উচিত নহয়, যাৰ যোগেদি তেওঁলোকে হেঁচাৰ অনুভৱ কৰিব যে তেওঁলোকে বিয়া পাতিবই লাগিব।যদি কোনো ভাই বা ভনীয়ে ডেটিং কৰিবলৈ বন্ধ কৰি দিয়ে, তেনেহʼলে তেওঁলোকে কিয় ডেটিং কৰিবলৈ বন্ধ কৰি দিলে সেয়া জানিবলৈ আমি চেষ্টা কৰা উচিত নহয় আৰু খুঁত বিচাৰি থকাও উচিত নহয়। (১ পিত. ৪:১৫) ডেটিং বন্ধ কৰাত কোনো ভুল নাই। ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ ডেটিং কৰাৰ উদ্দেশ্য পূৰ হʼল অৰ্থাৎ তেওঁলোকে ভালদৰে জানিব পাৰিলে যে তেওঁলোকে এজনে-আনজনৰ বাবে ভাল সংগী হʼব নে নাই। ডেটিং বন্ধ কৰিলে হয়তো তেওঁলোকক দুখ লাগিব পাৰে। সেইবাবে, আমি বেলেগ বেলেগ উপায়েৰে তেওঁলোকক সহায় কৰা উচিত। w২৪.০৫ ৩১ ¶১৫-১৬

বুধবাৰ, ২৭ মেʼ

সঙ্কটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম।—হিতো. ২৪:১০.

কিছুমান সমস্যাই আমাক বহুত দুখ দিয়ে। যেনে, আমাৰ পৰিয়ালৰ কোনো এজন ব্যক্তি বা বন্ধুৱে যিহোৱাক এৰি গুচি যায়, তেতিয়া সেই দুখ সহন কৰাটো আমাৰ বাবে কঠিন হৈ পৰে। (গীত. ৭৮:৪০) যিমান বেছি আমি সেই ব্যক্তিজনক প্ৰেম কৰোঁ, সিমানে আমি দুখ অনুভৱ কৰোঁ। আমাৰ অন্তৰখন একেবাৰে ভাঙি পৰিব পাৰে। এনে পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আমি কি কৰিব পাৰোঁ? চাদোকে যিদৰে যিহোৱাৰ বিশ্বাসী হৈ থাকিল, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। তেওঁৰ জীৱনত এনে এটা পৰিস্থিতি আহিছিল, যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল আৰু সাহসেৰে কাম কৰিবলগীয়া হৈছিল। এয়া সেই সময়ৰ কথা যেতিয়া দায়ূদ বহুত বৃদ্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত তেওঁৰ লʼৰা অদোনিয়াই তেওঁৰ সিংহাসন কাঢ়ি লʼবলৈ চেষ্টা কৰিছিল। যিহোৱাই আগতীয়াকৈ কৈছিল যে পৰৱৰ্তী ৰজা চলোমন হʼব, তথাপিও অদোনিয়াই ৰজা হʼবলৈ চেষ্টা কৰিলে। (১ বং. ২২:৯, ১০) সেই সময়ত চাদোকৰ বন্ধু অবিয়াথৰে অদোনিয়াক সহযোগ কৰিলে। (১ ৰাজা. ১:৫-৮) এইদৰে কৰি তেওঁ দায়ূদ আৰু চদোক লগতে যিহোৱাকো বিশ্বাসঘাত কৰিলে। অবিয়াথৰ আৰু চাদোকে বহু বছৰ ধৰি একেলগে যিহোৱাৰ সেৱা কৰিছিল।—২ চমূ. ৮:১৭; ১৫:২৯; ১৯:১১-১৪. w২৪.০৭ ৬ ¶১৪-১৫

বৃহস্পতিবাৰ, ২৮ মেʼ

যি মানুহে সদায় ভয় ৰাখে, তেওঁ ধন্য।—হিতো. ২৮:১৪.

এয়া সঁচা যে সতৰ্ক হৈ থাকিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু আমাৰ পৰিশ্ৰম ব্যৰ্থে নাযাব। পাপ কৰিলে আমি হয়তো “অলপদিনীয়া সুখ” পাম, কিন্তু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে আমি সদায় আনন্দিত থাকিম। (ইব্ৰী ১১:২৫; গীত. ১৯:৮) আমাক এনেদৰে সৃষ্টি কৰা হৈছে যে যিহোৱাৰ আজ্ঞা পালন কৰিলেহে আমি আনন্দিত থাকিব পাৰিম। (আদি. ১:২৭) যিহোৱাৰ কথা পালন কৰিলে আমাৰ বিবেক শুদ্ধ হৈ থাকে আৰু আমি ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিম। (১ তীম. ৬:১২; ২ তীম. ১:৪; যিহূ. ২০, ২১) এয়া সঁচা যে আমাৰ “শৰীৰ দুৰ্বল।” (মথি ২৬:৪১) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি নিজৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। যিহোৱা লগত আছে আৰু আমাৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ আমাক শক্তি দিব পাৰে। (২ কৰি. ৪:৭) বাইবেলত কোৱা হৈছে যে ঈশ্বৰে যি শক্তি দিয়ে, সেয়া সাধাৰণ লোকৰ শক্তিতকৈ বহুগুণে বেছি। কিন্তু নিজৰ দুৰ্বলতাবোৰৰ লগত যুঁজিবলৈ আমি নিজৰ শক্তিও ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ বাবে আমি প্ৰতিদিনে পৰিশ্ৰম কৰিব লাগিব। যিহোৱাই আমাৰ প্ৰাৰ্থনাবোৰৰ উত্তৰ দিব আৰু প্ৰয়োজনৰ সময়ত আমাক শক্তি দিব। (১ কৰি. ১০:১৩) যিহোৱাৰ সহায়ত আমি সতৰ্ক হৈ পাপ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম। w২৪.০৭ ১৯ ¶১৯-২১

শুক্ৰবাৰ, ২৯ মেʼ

যিসকলে পাপ কৰাত লাগি আছে, তেওঁলোকক সকলোৰে আগত শুধৰণি কৰা।—১ তীম. ৫:২০.

পাচঁনি পৌলে আজিৰ দৈনিক পাঠত কোৱা এই কথা তেওঁৰ সংগী প্ৰাচীন তীমথিয়লৈ লিখিছিল আৰু কৈছিল যে “যিসকলে পাপ কৰাত লাগি আছে,” তেওঁলোকক কেনেকৈ সহায় কৰা উচিত। যেতিয়া পৌলে কʼলে যে “সকলোৰে আগত শুধৰণি” কৰা, তেতিয়া তাৰ অৰ্থ কি আছিল? প্ৰতিটো বিষয়তে গোটেই মণ্ডলীৰ আগত শুধৰণি কৰাৰ বিষয়ে তেওঁ কৈছিল নে? নহয়। পৌলে সেই “সকলোৰে আগত” শুধৰণি কৰাৰ বিষয়ে কৈছিল, যিসকলে সেই ব্যক্তিজনৰ পাপৰ বিষয়ে জানিছিল। হয়তো তেওঁলোকৰ মাজৰ কিছুমানে সেই ব্যক্তিজনক পাপ কৰা দেখিছিল বা যিসকলক পাপ কৰা ব্যক্তিজনে নিজেই তেওঁৰ পাপৰ বিষয়ে জনাইছিল। এনে পৰিস্থিতিত প্ৰাচীনসকলে ভাবি-চিন্তি কেৱল সেই লোকসকলকহে জনাই দিয়া উচিত যে সমস্যাটো সমাধান কৰা হৈছে আৰু পাপ কৰা ব্যক্তিজনক শুধৰণি কৰা হৈছে। কিন্তু এনে কিছুমান বিষয় থাকে, যাৰ বিষয়ে হয়তো মণ্ডলীৰ বেছিভাগ লোকে জানে বা পাছলৈ জানিব পাৰে। এনে পৰিস্থিতিত “সকলোৰে আগত” শুধৰণি কৰাৰ অৰ্থ হৈছে গোটেই মণ্ডলীৰ আগত শুধৰণি কৰা। সেইবাবে, প্ৰাচীনে মণ্ডলীত ঘোষণা কৰিব আৰু জনাব যে সেই ভাই বা ভনীক শুধৰণি কৰা হৈছে। এই ঘোষণা কৰাটো কিয় গুৰুত্বপূৰ্ণ? পৌলে কৈছিল, “যাতে আন লোকসকলে সতৰ্কবাণী পাই” আৰু তেওঁৰ দৰে পাপ নকৰে। w২৪.০৮ ২৩-২৪ ¶১৬-১৭

শনিবাৰ, ৩০ মেʼ

এয়া ঈশ্বৰৰ সত্য বাক্য হয়।—প্ৰকা. ১৯:৯.

অভিষিক্ত খ্ৰীষ্টানসকলে জাগি থকা উচিত, তেতিয়াহে যীচুৱে তেওঁলোকক নিজৰ লগত স্বৰ্গলৈ লৈ যাব। (মথি ২৪:৪০) তেওঁলোকে সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছে, যেতিয়া তেওঁলোকে যীচুৰ লগত স্বৰ্গত একগোট হʼব। হৰমাগিদোন যুদ্ধৰ পাছত যেতিয়া মেৰ পোৱালি অৰ্থাৎ যীচুৰ বিয়া হʼব, তেতিয়া তেওঁলোকে যীচুৰ কন্যা হʼব। (২ থিচ. ২:১) অতি সোনকালে যীচুৱে এই জগতৰ ন্যায় কৰিব কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই। যদি আমি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমাৰ মৰমিয়াল পিতৃ যিহোৱাই আমাক সেই শক্তি দিব যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ যাতে আমি “মানুহৰ পুত্ৰৰ আগত থিয় হʼব” পাৰোঁ। (২ কৰি. ৪:৬-১০; লূক ২১:৩৬) আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, যদি আমি যীচুৰ উদাহৰণত কোৱা সতৰ্কবাণীত ধ্যান দিওঁ, তেনেহʼলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব। তেওঁ আমাক মহা কৃপা কৰিব আৰু আমাৰ নাম জীৱনৰ কিতাপত সদায় দিনৰ বাবে লিখা থাকিব।—দানি. ১২:১; প্ৰকা. ৩:৫. w২৪.০৯ ২৪-২৫ ¶১৯-২০

দেওবাৰ, ৩১ মেʼ

মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।—গীত. ৭৩:২৮.

আমিও নিজৰ সন্দেহ দূৰ কৰিব পাৰোঁ আৰু মনৰ শান্তি পাব পাৰোঁ। ইয়াৰ বাবে আমি চিন্তা কৰিব পাৰোঁ যে জগতৰ লোকসকলৰ ওচৰত কি আছে আৰু আমাৰ ওচৰত কি আছে। যেনে, আমি স্বৰ্গত ধন জমা কৰি আছোঁ আৰু যিহোৱাই আমাক সহায় কৰি আছে। কিন্তু জগতৰ লোকসকলে যিহোৱাৰ সেৱা নকৰে আৰু যিহোৱাও তেওঁলোকক সহায় নকৰে। জগতৰ লোকসকলে ভাবে যে এটা ভাল চাকৰি আৰু আৰামেৰে জীৱন-যাপন কৰাটোৱে যথেষ্ট, কিয়নো তেওঁলোকৰ ওচৰত ভৱিষ্যৰ কোনো আশা নাই। কিন্তু আমি তেওঁলোকতকৈ একেবাৰে বেলেগ। যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক ভাল ভৱিষ্য দিব আৰু ইমানেই আশীৰ্বাদ দিব যাৰ বিষয়ে আমি কল্পনাও কৰি নোৱাৰোঁ। (গীত. ১৪৫:১৬) ইয়াৰ বিষয়েও চিন্তা কৰক, যিহোৱাৰ সেৱা কৰাৰ পৰিবৰ্তে আপুনি বহুত টকা-পইচা গোটোৱা হʼলে আপুনি যিদৰে ভাবিছে, ঠিক সেইদৰে আপোনাৰ জীৱন হʼলহেঁতেন বুলি কি গেৰান্টী আছে। কিন্তু এটা কথা নিশ্চিত যে যদি আপুনি লোকসকলক আৰু যিহোৱাক প্ৰেম কৰে আৰু তেওঁলোকক মনত ৰাখি নিৰ্ণয় লয়, তেনেহʼলে আপুনি প্ৰকৃত অৰ্থত আনন্দ লাভ কৰিব। w২৪.১০ ২৭ ¶১২-১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক