এপ্ৰিল
বুধবাৰ, ১ এপ্ৰিল
মোৰ পিতৃৰ ইচ্ছা এই যে যি কোনোৱে পুত্ৰক গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব।—যোহ. ৬:৪০.
যোহন ৬:৫৩ পদত যীচুৱে যি কৈছিল ইয়াৰ অৰ্থ হৈছে, অনন্ত জীৱন পাবলৈ লোকসকলে মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব। (ইফি. ১:৭) যীচুৱে যি লোকসকলক “অন্য ভেড়া” বুলি কৈছিল, তেওঁলোকে প্ৰভুৰ সন্ধ্যা ভোজত ৰুটি আৰু দ্ৰাক্ষাৰস নাখাই আৰু তেওঁলোকে এইদৰে কৰিবও নালাগে। (যোহ. ১০:১৬) তথাপিও তেওঁলোকে যীচু খ্ৰীষ্টৰ তেজ আৰু শৰীৰৰ পৰা লাভৱান হয়। কাৰণ তেওঁলোকে যীচু খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰে আৰু ইয়াৰ বাবেহে লোকসকলে ডাঙৰ ডাঙৰ আশীৰ্বাদ পাব বুলি ভৰসা কৰে। (যোহ. ৬:৫৩) আনহাতে, যি লোকসকলে ৰুটি আৰু দ্ৰাক্ষাৰস খাই তেওঁলোকে এয়া প্ৰকাশ কৰে যে তেওঁলোকে নতুন চুক্তিৰ ভাগ হয় আৰু তেওঁলোকৰ ওচৰত স্বৰ্গত ৰজা হিচাপে শাসন কৰাৰ আশা আছে। আমি অভিষিক্ত খ্ৰীষ্টানে হওঁ বা ‘অন্য ভেড়াৰ’ লোক, আমি সকলোৱে মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব, তেতিয়াহে আমি অনন্ত জীৱন লাভ কৰিব পাৰিব। w২৪.১২ ১৩ ¶১৪, ১৬
স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১২: দিনৰ সময়ত হোৱা ঘটনাবোৰ) মথি ২৬:১-৫, ১৪-১৬; লূক ২২:১-৬
স্মৰণীয় দিনৰ তাৰিখ
সূৰ্য্য মাৰ যোৱাৰ পাছত
বৃহস্পতিবাৰ, ২ এপ্ৰিল
হে সৰু জাক, ভয় নকৰিবা, কিয়নো তোমালোকৰ পিতৃয়ে তোমালোকক ৰাজ্য দিবলৈ আনন্দিত হৈছে।—লূক ১২:৩২.
প্ৰভুৰ সন্ধ্যা ভোজত যীচুৱে খমিৰ নোহোৱা ৰুটি নিজৰ পাঁচনিসকলক দিলে আৰু তেওঁলোকক কʼলে যে এয়া তেওঁৰ শৰীৰক চিত্ৰিত কৰে। পাছত তেওঁ দ্ৰাক্ষাৰসৰ পাত্ৰ দি কʼলে যে এয়া “তেজক চিত্ৰিত কৰে যি ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰে।” (মাৰ্ক ১৪:২২-২৫; লূক ২২:২০; ১ কৰি. ১১:২৪) নতুন চুক্তি কেৱল ইস্ৰায়েলৰ বংশৰ লগত কৰা হৈছিল অৰ্থাৎ সেই লোকসকলৰ লগত যিসকলে ঈশ্বৰৰ ৰাজ্যত যীচুৰ লগত থাকিলেহেঁতেন। (ইব্ৰী ৮:৬, ১০; ৯:১৫) প্ৰভুৰ সন্ধ্যা ভোজত যীচুৱে ‘সৰু জাকক’ মনত ৰাখি এই কথা কৈছিল। এই সমূহৰ প্ৰথম সদস্য যীচুৰ ১১ জন বিশ্বাসী পাঁচনি আছিল, যিসকলে সেই সময়ত তাত আছিল। এই পাঁচনিসকল আৰু পাছত যিসকল এই সমূহৰ সদস্য হʼলহেঁতেন কেৱল তেওঁলোকেহে ৰুটি আৰু দ্ৰাক্ষাৰস খোৱা উচিত। কেৱল তেওঁলোকেহে স্বৰ্গত যীচুৰ লগত শাসন কৰাৰ সুযোগ পাব। w২৪.১২ ১১ ¶৯-১০
স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৩: দিনৰ সময়ত হোৱা ঘটনাবোৰ) মথি ২৬:১৭-১৯; মাৰ্ক ১৪:১২-১৬; লূক ২২:৭-১৩ (নিচান ১৪: সূৰ্য্য মাৰ যোৱাৰ পাছৰ ঘটনাবোৰ) যোহন ১৩:১-৫; ১৪:১-৩
শুক্ৰবাৰ, ৩ এপ্ৰিল
ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।—যোহ. ৩:১৬.
যীচুক বিশ্বাসঘাত, গ্ৰেপ্তাৰ আৰু তেওঁক অপমান কৰা হৈছিল। ইয়াৰ লগতে তেওঁৰ ওপৰত মিছা অভিযোগ লগোৱা হৈছিল আৰু বহুত যাতনা দিয়া হৈছিল। অৱশেষত, তেওঁক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল। তথাপিও যীচু বিশ্বাসী হৈ থাকিল আৰু সেই সকলো যাতনা সহন কৰিছিল। কিন্তু যিহোৱাই যীচুতকৈ বেছি কষ্ট সহন কৰিছিল। নিজৰ মৰমৰ পুত্ৰক কষ্ট পাই থকা দেখি যিহোৱাই দুখত একেবাৰে ভাঙি পৰিছিল। কিন্তু প্ৰশ্ন হৈছে যে যিহোৱাই নিজৰ লʼৰাক কিয় নবচালে? তেওঁৰ ওচৰততো বহুত শক্তি আছে, তেনেহʼলে কিয় এইদৰে হʼবলৈ দিলে? কাৰণ যিহোৱাই মানৱ জাতিক বহুত প্ৰেম কৰে। যীচুৰ বলিদান এই কথাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হয় যে যিহোৱাই আপোনাকো বহুত প্ৰেম কৰে। চিন্তা কৰক, তেওঁ আপোনাক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ কিমান ডাঙৰ ত্যাগ কৰিলে আৰু কিমান কষ্ট সহন কৰিলে! ইয়াৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ। (১ যোহ. ৪:৯, ১০) পাপৰ বিৰোধে যুঁজিবলৈ আৰু তাৰ ওপৰত জয়লাভ কৰিবলৈ তেওঁ আমাৰ মাজৰ প্ৰতিজনকে সহায় কৰিব বিচাৰে। w২৪.০৮ ৬ ¶১৩-১৪
স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৪: দিনৰ সময়ত হোৱা ঘটনাবোৰ) যোহন ১৯:১-৪২
শনিবাৰ, ৪ এপ্ৰিল
খ্ৰীষ্টে তোমালোকৰ কাৰণে দুখভোগ কৰিলে।—১ পিত. ২:২১.
যিহোৱাই আমাক কিমান প্ৰেম কৰে, এয়া বুজিবলৈ চিন্তা কৰক যিহোৱাই মুক্তিৰ মূল্য দিবলৈ কিমান ডাঙৰ মূল্য দিলে। চয়তানে অভিযোগ লগাইছিল যে যদি কোনো মানুহৰ ওপৰত সমস্যা আহে, তেনেহʼলে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব। এই অভিযোগ মিছা বুলি প্ৰমাণ কৰিবলৈ যিহোৱাই নিজৰ প্ৰিয় পুত্ৰক শাস্তি পাই মৰিবলৈ দিলে। (ইয়ো. ২:১-৫) যেতিয়া ধৰ্ম গুৰুসকলে তেওঁৰ পুত্ৰক ঠাট্টা কৰিছিল, তেতিয়া যিহোৱা চাই আছিল। যিহোৱাই চাইছিল যে সৈনিকসকলে তেওঁৰ পুত্ৰক চাবুকেৰে মাৰি তেওঁৰ ছাল উলিয়াই দিছে। পাছত তেওঁৰ চকুৰ আগতে তেওঁৰ পুত্ৰক কাঠত আঁৰি দিয়া হʼল। যেতিয়া তেওঁৰ প্ৰিয় পুত্ৰ কাঠত শাস্তি পাই আছিল আৰু শেষ নিশ্বাস লৈছিল, তেতিয়া যিহোৱা এইবোৰ চাই আছিল। (মথি ২৭:২৮-৩১, ৩৯) যিহোৱাৰ ওচৰত বহুত শক্তি আছে। তেওঁ বিচৰা হʼলে এই সকলোবোৰ ৰখাব পাৰিলেহেঁতেন। (মথি ২৭:৪২, ৪৩) কিন্তু যিহোৱাই এইদৰে কৰা হʼলে যীচুৱে মুক্তিৰ মূল্য দিব নোৱাৰিলেহেঁতেন আৰু আমাৰ ওচৰত কোনো আশা নাথাকিলেহেঁতেন। সেইবাবে, যিহোৱাই নিজৰ হৃদয়ক দুখ দি নিজৰ পুত্ৰ যীচুক দুখ-কষ্ট সহন কৰিবলৈ দিলে। w২৫.০১ ২২ ¶৭
স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৫: দিনৰ সময়ত হোৱা ঘটনাবোৰ) মথি ২৭:৬২-৬৬ (নিচান ১৬: সূৰ্য্য মাৰ যোৱাৰ পাছৰ ঘটনাবোৰ) যোহন ২০:১
দেওবাৰ, ৫ এপ্ৰিল
যীচুৱে ৪০ দিনলৈকে পাঁচনিসকলৰ আগত দেখা দিলে।—পাঁচ. ১:৩.
এয়া ৩৩ খ্ৰীষ্টাব্দৰ নিচান ১৬-ৰ কথা। যীচুৰ দুজন শিষ্যই যিৰূচালেমৰ পৰা ইন্মায়ূৰ ফালে গৈ আছে। যীচুৰ আন শিষ্যসকলৰ দৰে তেওঁলোকেও দুখত ভাঙি পৰিছে আৰু বহুত ভয়ত আছে। ৰাস্তাত এজন অচিনাকী ব্যক্তি তেওঁলোকৰ লগত যাবলৈ ধৰিলে। তেওঁলোকে সেই ব্যক্তিজনক জনালে যে তেওঁলোকে বহুত চিন্তিত আছে, কাৰণ তেওঁলোকৰ গুৰুৰ লগত বহুত বেয়া ঘটনা ঘটিল। তেওঁলোকৰ কথা শুনি সেই ব্যক্তিজনে তেওঁলোকক এনে কথা কʼলে, যাৰ পৰা তেওঁলোকৰ দৃষ্টিভংগী সলনি হʼল। ‘মোচিৰ কিতাপৰ পৰা আৰু সকলো ভৱিষ্যবক্তাসকলৰ কিতাপৰ’ পৰা তেওঁলোকক বুজালে যে খ্ৰীষ্টই দুখ সহন কৰা আৰু মৃত্যু হোৱাটো গুৰুত্বপূৰ্ণ আছিল। ইন্মায়ূ গৈ পোৱাৰ পাছত তেওঁলোকে গʼম পালে যে সেই অচিনাকী ব্যক্তিজন তেওঁলোকৰ গুৰু যীচু হয়, যাক ঈশ্বৰে আকৌ জীয়াই (লূক ২৪:১৩-৩৫) যীচুৱে পৃথিৱীত শেষৰ ৪০ দিনত নিজৰ শিষ্যসকলক বহুবাৰ লগ কৰিছিল। তেওঁৰ শিষ্যসকলে বহুত নিৰাশ আৰু চিন্তিত হৈ পৰিছিল। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলৰ সাহস বঢ়ালে। ইয়াৰ বাবে তেওঁলোকে উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ ধৰিলে। w২৪.১০ ১২ ¶১-৩
স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ: (নিচান ১৬: দিনৰ সময়ত হোৱা ঘটনাবোৰ) যোহন ২০:২-১৮
সোমবাৰ, ৬ এপ্ৰিল
তোমালোকে নিজৰ পবিত্ৰ বিশ্বাসৰ ভিত্তিৰ ওপৰত নিজকে দৃঢ় কৰা।—যিহূ. ২০.
সময় পাৰ হোৱাৰ লগে লগে এটি সন্তান নিজে নিজে ডাঙৰ হয়। কিন্তু এজন খ্ৰীষ্টান নিজে নিজে পৰিপক্ক হʼব নোৱাৰে, ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ তেওঁ পৰিশ্ৰম কৰিব লাগিব। খন্তেকৰ বাবে কৰিন্থৰ ভাই-ভনীসকললৈ মন কৰক। তেওঁলোকে শুভবাৰ্তা গ্ৰহণ কৰিলে, বাপ্তিষ্মা লʼলে আৰু পবিত্ৰ শক্তিও লাভ কৰিলে। ইয়াৰ উপৰিও তেওঁলোকে পৌলৰ পৰা শিকাৰ সুযোগ পালে। (পাঁচ. ১৮:৮-১১) কিন্তু দুখৰ কথা যে বাপ্তিষ্মা লোৱাৰ কিছু বছৰ পাছতো তেওঁলোকে পৰিপক্ক হোৱা নাছিল। (১ কৰি. ৩:২) পৰিপক্ক হোৱাৰ ইচ্ছা থাকিলেহে পৰিপক্ক হʼব পাৰি। কিন্তু কিছুমান লোকে ‘নিৰ্বোধতাক ভাল পাই,’ তেওঁলোকে পৰিপক্ক হʼব নিবিচাৰে। (হিতো. ১:২২) তেওঁলোক এনে লʼৰা-ছোৱালীৰ দৰে হয় যিসকল ডাঙৰতো হৈ গʼল, কিন্তু কোনো দায়িত্ব লʼব নিবিচাৰে। তেওঁলোকে সদায় মা-দেউতাৰ ওপৰতে নিৰ্ভৰ হৈ থাকে। আমি পৰিপক্ক হʼব বিচাৰোঁ, এনে লোকসকলৰ দৰে হʼব নিবিচাৰোঁ। যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰাৰ দায়িত্ব আমাৰহে। যদি আপুনি পৰিপক্ক হʼব বিচাৰে, তেনেহʼলে আপুনি কি কৰা উচিত? যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ পৰিপক্ক হʼবলৈ আপোনাৰ অন্তৰত ‘ইচ্ছা জগাই আৰু এয়া পূৰ কৰিবলৈ শক্তিও দিয়ে।’—ফিলি. ২:১৩. w২৪.০৪ ৪ ¶৯-১০
মঙ্গলবাৰ, ৭ এপ্ৰিল
যিহোৱাই কোনেও ধ্বংস হোৱাটো নিবিচাৰে।—২ পিত. ৩:৯.
যিহোৱাই বাইবেলৰ যোগেদি আমাক জনাইছে যে যেতিয়া তেওঁ লোকসকলৰ ন্যায় কৰে, তেতিয়া তেওঁ কেনে অনুভৱ কৰে। (যিহি. ৩৩:১১) যিহোৱাই কাকো সদায় দিনৰ বাবে ধ্বংস কৰিব নিবিচাৰে। তেওঁ দয়ালু ঈশ্বৰ হয় আৰু যেতিয়া সম্ভৱ, তেতিয়া দয়া দেখুৱায়। কোন লোকসকলক আকৌ জীয়াই তোলা নহʼব তাৰ বিষয়ে আমি জানোঁ, কাৰণ তেওঁলোকৰ বিষয়ে বাইবেলত উল্লেখ আছে। যীচুৰ কথাৰ পৰা জানিব পাৰি যে যিহূদা ঈষ্কৰিয়োতীয়াই জানি-শুনি যিহোৱা আৰু যীচুৰ বিৰোধে পাপ কৰিছিল, সেইবাবে তেওঁক আকৌ জীয়াই তোলা নহʼব। (মাৰ্ক ৩:২৯-ৰ অধ্যয়ন নোট (হিন্দী) চাওক; ১৪:২১; যোহ. ১৭:১২) যীচুৱে কিছুমান ধৰ্মগুৰুৰ বিষয়ে কৈছিল যে তেওঁলোকক আকৌ জীয়াই তোলা নহʼব। কাৰণ তেওঁলোকে যীচুৰ বিৰোধ কৰিছিল। (মথি ২৩:৩৩; যোহ. ১৯:১১) পাঁচনি পৌলে কৈছিল যে যিসকল ধৰ্মত্যাগীয়ে অনুতাপ কৰা নাছিল, তেওঁলোকক আকৌ জীয়াই তোলা নহʼব।—ইব্ৰী ৬:৪-৮; ১০:২৯. w২৪.০৫ ৪ ¶১০-১১
বুধবাৰ, ৮ এপ্ৰিল
যিহোৱাই বিশ্বাসীবিলাকক ৰক্ষা কৰে।—গীত. ৩১:২৩.
যেতিয়ালৈকে আমি যিহোৱাৰ তম্বুত থাকোঁ, তেতিয়ালৈকে চয়তানে আমাৰ একো হানি কৰিব নোৱাৰে। (১ যোহ. ৩:৮) ইয়াৰ উপৰিও নতুন পৃথিৱীত যিহোৱাই আমাক এনে বিপদৰ পৰা বচাই ৰাখিব, যিয়ে তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। তেওঁ আমাক মৃত্যুৰ পৰাও বচাব। (প্ৰকা. ২১:৪) যিহোৱাৰ তম্বুৰ আলহী আৰু তেওঁৰ বন্ধু হোৱাটো আমাৰ বাবে এটা ডাঙৰ আশীৰ্বাদ। তেওঁৰ লগত আমাৰ বন্ধুত্ব সদায় থাকিব পাৰে। (যিহি. ৩৭:২৭) কিন্তু ইয়াৰ বাবে আমি কি কৰিব লাগিব? উদাহৰণস্বৰূপে, যদি আপোনাৰ কোনো এজন বন্ধুৱে আপোনাক নিজৰ ঘৰলৈ মাতিছে, তেনেহʼলে তেওঁ যি ভাল পায় আপুনি সেয়াই কৰিব। ঠিক সেইদৰে যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে। সেইবাবে, তেওঁ কি বিচাৰে সেয়া জানিব লাগিব আৰু সেইমতে আমি কামো কৰিম। কিয়নো আমি যিহোৱাক প্ৰেম কৰোঁ আৰু আমি তেওঁক ‘সম্পূৰ্ণৰূপে’ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। (কল. ১:১০, ১১) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ। সেইবাবে, আমি কেতিয়াও এনে কোনো কাম কৰিব নিবিচাৰোঁ, যাৰ বাবে যিহোৱাৰ দুখ লাগে। আমি ‘নম্ৰভাবে নিজ ঈশ্বৰৰ সৈতে চলিব বিচাৰোঁ।’—মীখা ৬:৮. w২৪.০৬ ৪ ¶৮-৯
বৃহস্পতিবাৰ, ৯ এপ্ৰিল
তেওঁ অধৰ্ম্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিছে।—যিচ. ৫৩:১২.
যিহোৱাই অব্ৰাহামক তেওঁৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ কৈছিল। চিন্তা কৰক, এয়া শুনি অব্ৰাহামৰ কেনেকুৱা লাগিছিল। নিজৰ মৰমৰ পুত্ৰক বলি দিবলৈ তেওঁৰ হয়তো কিমান কঠিন হৈছিল! তথাপিও তেওঁ এইদৰে কৰিবলৈ সাজু আছিল। যেতিয়া তেওঁ ইচ্হাকক বলি দিবলৈ লৈছিল, তেতিয়া যিহোৱাই সঠিক সময়ত তেওঁক ৰখালে। তেওঁ নিজেও তেওঁৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ সাজু আছিল। ইয়াৰ পৰা আপুনি যিহোৱাই আমাক কিমান প্ৰেম কৰে, সেয়া দেখা পালে নে? (আদি. ২২:১-১৮) বহু শতিকাৰ পাছত যিহোৱাই ইস্ৰায়েলী ৰাষ্ট্ৰক নিয়ম দিছিল। তেওঁ নিজৰ লোকসকলক জনাইছিল যে পাপৰ পৰা ক্ষমা পাবলৈ তেওঁলোকে জীৱ-জন্তুৰ বলিদান দিব লাগিব। (লেবী. ৪:২৭-২৯; ১৭:১১) এই বলিদানবোৰে যিহোৱাই আগলৈ গৈ মানুহক পাপ আৰু মৃত্যুৰ পৰা মুকলি কৰিবলৈ যি ডাঙৰ বলিদান দিবলগীয়া আছিল, সেই কথাৰ চিন আছিল। তেওঁ ভৱিষ্যবক্তাসকলৰ যোগেদি বুজাইছিল যে আহিবলগীয়া বংশই বহুত দুখ-কষ্ট সহন কৰিব লাগিব। এই বংশ যিহোৱাৰ এজন প্ৰিয় পুত্ৰ আছিল। তেওঁ আপোনাৰ বাবেও নিজৰ মৰমৰ পুত্ৰক বলিদান দিবলৈ সাজু আছিল।—যিচ. ৫৩:১-১২. w২৪.০৮ ৪ ¶৭-৮
শুক্ৰবাৰ, ১০ এপ্ৰিল
মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।—গীত. ১১৯:৯৭.
আপুনি যেতিয়া বাইবেল পঢ়ে, তেতিয়া মন কৰক যে আপুনি সেই অনুসৰি কেনেকৈ জীৱন-যাপন কৰিৰ পাৰে। বাইবেলৰ এটা অংশ পঢ়াৰ পাছত নিজকে সোধক, ‘মই আজি বা আহিবলগীয়া সময়ত বাইবেলৰ এই কথাৰ অনুসৰি কেনেকৈ চলিব পাৰোঁ।’ ইয়াৰ বাবে আহক এটা উদাহৰণ চাম। ধৰি লওক, আপুনি প্ৰথম থিচলনীকীয়া ৫:১৭, ১৮ পঢ়ি আছে। এই পদ পঢ়াৰ পাছত অলপ সময় ৰৈ চিন্তা কৰক, ‘মই কিমান বাৰ চিন্তা কৰোঁ আৰু কিমান হৃদয়েৰে কৰোঁ?’ আপুনি সেই কথাবোৰৰ বিষয়েও চিন্তা কৰিব পাৰে, যাৰ বাবে আপুনি যিহোৱাৰ প্ৰতি কৃতজ্ঞ। আপুনি এনে তিনিটা কথাৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু তাৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰে। এইদৰে যেতিয়া আপুনি ধ্যান দি বাইবেল পঢ়ে আৰু তাৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপুনি কেৱল শুনোঁতা নহয় তাৰ অনুসৰি জীৱন-যাপন কৰোঁতা ব্যক্তি হʼব। যদি আপুনি প্ৰতিদিনে এইদৰে কৰে, তেনেহʼলে চিন্তা কৰক আপোনাৰ কিমান লাভ হʼব। আপুনি আৰু ভালদৰে বাইবেলত লিখা কথাবোৰ পালন কৰিব পাৰে। w২৪.০৯ ৪-৫ ¶৯-১০
শনিবাৰ, ১১ এপ্ৰিল
তোমালোকে সাৱধানে থাকা যাতে তোমালোকে সেই বস্তুবোৰ হেৰাই নেপেলোৱা, যিবোৰ আমি বহুত পৰিশ্ৰম কৰি লাভ কৰিছোঁ। ইয়াৰ পৰিৱৰ্তে, তোমালোকে যেন সম্পূৰ্ণ পুৰস্কাৰ পোৱা।—২ যোহ. ৮.
যিহোৱাই আমাক এটা বিশেষ দক্ষতা দি সৃষ্টি কৰিছে। যেতিয়া আনে আমাক কিবা দিয়ে, তেতিয়া আমি আনন্দ পাওঁ। কিন্তু যেতিয়া আমি আনক কিবা দিওঁ, তেতিয়া তাতকৈও বেছি আনন্দ পাওঁ। আমি আমাৰ ভাই-ভনীসকলক সহায় কৰি বহুত ভাল পাওঁ। যেতিয়া তেওঁলোকে আমাক ধন্যবাদ দিয়ে, আমাৰ প্ৰতি কৃজ্ঞতা দেখুৱায়, তেতিয়া আমি আনন্দিত হওঁ। কিন্তু আনে আমাক ধন্যবাদ নিদিলেও আমি এই কথাৰ পৰা আনন্দিত হʼব পাৰোঁ যে যিহোৱাৰ দৃষ্টিত যি সঠিক আমি সেয়াই কৰিলোঁ। ইয়াৰ লগতে আমি মনত ৰাখোঁ যে আমি আনক যিয়েই নিদিওঁ কিয়, “যিহোৱাই [আমাক] তাতকৈ অধিক দিব পাৰে।” (২ বং. ২৫:৯) যিহোৱাই আমাক বহুগুণে বেছি দিব পাৰে! যিহোৱাই আমাক পুৰস্কাৰ দিব, ইয়াতকৈ ডাঙৰ আনন্দৰ বিষয় আৰু কি হʼব পাৰে! গতিকে আহক আমি আমাৰ পিতৃ যিহোৱাৰ দৰে হওঁ আৰু মন খুলি আনক দি থাকোঁ। w২৪.০৯ ৩১ ¶২১
দেওবাৰ, ১২ এপ্ৰিল
হে মোৰ প্ৰভু ঈশ্বৰ, মই সমস্ত চিত্তেৰে তোমাৰ স্তুতি কৰিম, আৰু চিৰকাললৈকে তোমাৰ নাম গৌৰৱান্বিত কৰিম।—গীত. ৮৬:১২.
যিহোৱা কৰুণাময় আৰু দয়ালু ঈশ্বৰ হয়। (গীত. ১০৩:১৩; যিচ. ৪৯:১৫) তেওঁ আমাক সহানুভূতি দেখুৱায়। সেইবাবে, যেতিয়া আমি দুখত থাকোঁ, তেতিয়া তেওঁৰো দুখ লাগে। (জখ. ২:৮) তেওঁ আমাৰ ফালে বন্ধুত্বৰ হাত আগবঢ়াইছে আৰু আমি তেওঁৰ বিষয়ে জনা আৰু তেওঁৰ কাষ চপাটো তেওঁ বিচাৰে। (গীত. ২৫:১৪; পাঁচ. ১৭:২৭) যিহোৱা নম্ৰ হয়, সেইবাবে তেওঁ ‘আকাশ-মণ্ডল আৰু পৃথিবীলৈ দৃষ্টি কৰিবৰ নিমিত্তে নিজকে নম্ৰ কৰি, ধূলিৰ পৰা দুখীয়াক তোলে।’ (গীত. ১১৩:৬, ৮) সঁচাকৈ, আমাৰ ঈশ্বৰ ইমানেই ভাল যে আমি তেওঁৰ মহিমা কৰাৰ পৰা নিজকে ৰখাব নোৱাৰোঁ! সকলোৱে যিহোৱাৰ বিষয়ে জনাটো আমি বিচাৰোঁ, সেইবাবে আমি তেওঁৰ মহিমা কৰোঁ। আজি বহুতো লোকে যিহোৱাৰ বিষয়ে নাজানে। সেইবাবে, চয়তানে তেওঁৰ বিষয়ে মিছা কথা বিয়পাইছে আৰু লোকসকলক আন্ধাৰত ৰাখিছে। (২ কৰি. ৪:৪) যাৰ বাবে তেওঁলোকে ভাবে যে ঈশ্বৰ সদায় খঙত থাকে আৰু কেতিয়া কাক শাস্তি দিম বুলি বিচাৰি থাকে। তেওঁলোকে এয়াও ভাবে যে ঈশ্বৰে কাৰো যত্ন নলয় আৰু আজি পৃথিৱীত যি দুখ-কষ্ট হৈ আছে, সেই সকলো তেওঁৰ বাবেহে হৈ আছে। কিন্তু আমি ঈশ্বৰৰ বিষয়ে সত্য জানোঁ। সেইবাবে, যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তাৰ বিষয়ে আনক জনোৱাৰ আমাৰ ওচৰত ভাল সুযোগ আছে, যাতে তেওঁলোকেও যিহোৱাৰ মহিমা কৰিব পাৰে।—যিচ. ৪৩:১০. w২৫.০১ ৩-৪ ¶৬-৭
সোমবাৰ, ১৩ এপ্ৰিল
চয়তানে . . . গোটেই জগতক ভুল পথলৈ নিয়ে।—প্ৰকা. ১২:৯.
যীচু সিদ্ধ আছিল আৰু ঈশ্বৰৰ শক্তিৰ সহায়ত ডাঙৰ ডাঙৰ চমৎকাৰ কৰিছিল। কিন্তু চয়তানে নিজৰ লোকসকলৰ যোগেদি মিছা কথা কৈছিল। যেনে, ধৰ্মগুৰুসকলে কৈছিল যে তেওঁ “দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায়।” (মাৰ্ক ৩:২২) যীচুৰ মোকৰ্দ্দমাৰ সময়ত তেওঁ ঈশ্বৰৰ নিন্দা কৰিলে বুলি ধৰ্মগুৰুসকলে অভিযোগ লগাইছিল। লগতে যীচুক মৃত্যুদণ্ড দিবলৈ কʼবৰ কাৰণে লোকসকলক উচটাইছিল। (মথি ২৭:২০) পাছলৈ যীচুৰ শিষ্যসকলে শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰাৰ সময়ত বিৰোধীসকলে “ভাইবিলাকৰ অহিতে পৰজাতিবিলাকৰ মন উচটাই হিংসক কৰালে,” যাতে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে। (পাঁচ. ১৪:২, ১৯) এই বিষয়ে ডিচেম্বৰ ১, ১৯৯৮ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) কোৱা হৈছিল যে ‘বিদ্ৰোহী যিহূদীসকলে শুভবাৰ্ত্তা গ্ৰহণ নকৰিলে। ইয়াৰ উপৰিও তেওঁলোকে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে পৰজাতিবিলাকৰ মন উচটাবলৈ ষড়যন্ত্ৰ কৰিলে।’ বাইবেলত কোৱা হৈছে যে চয়তানে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।চয়তানে আজিও এইদৰে কৰে। w২৪.০৪ ১১ ¶১৫-১৬
মঙ্গলবাৰ, ১৪ এপ্ৰিল
সমুদায় পৃথিৱীৰ বিচাৰকৰ্ত্তা জনাই জানো ন্যায়-বিচাৰ নকৰিব?—আদি. ১৮:২৫.
এজন ব্যক্তিয়ে অনন্ত জীৱন পাব নে নাপায়, সেয়া তেওঁৰ কেতিয়া মৃত্যু হʼল তাৰ ওপৰত নিৰ্ভৰ নকৰে। যিহোৱাই ন্যায় ভাল পাই আৰু তেওঁ যি নিৰ্ণয় লয়, সেয়া তেওঁৰ মানদণ্ডৰ অনুসৰি হয় আৰু সঠিক হয়। (গীত. ৩৩:৪, ৫) সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে “সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” সদায় সঠিক ন্যায় কৰিব। এজন ব্যক্তি কʼত থাকে, তাৰ আধাৰত তেওঁ অনন্ত জীৱন পাব নে নাই, সেয়া নিৰ্ভৰ নকৰে। যিসকল লোকে এনে দেশত থাকে, যʼত কেতিয়াও শুভবাৰ্তা প্ৰচাৰ হোৱা নাই, তাত থকা লোকসকলক যিহোৱাই কেতিয়াও ‘ছাগলী’ বুলি নাভাবিব। (মথি ২৫:৪৬) ন্যায়ী ঈশ্বৰে তেওঁলোকৰ বিষয়ে যিমান চিন্তা কৰে, সিমান আমি কোনেও নকৰোঁ। আমি নাজানোঁ যে মহা-সংকটৰ সময়ত যিহোৱাই পৰিস্থিতি কেনেকৈ সলনি কৰিব। হয়তো তেওঁলোকৰ মাজৰ কিছুমান লোকে যিহোৱাৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ সুযোগ পাব। যেতিয়া যিহোৱাই ৰাষ্ট্ৰবোৰৰ আগত নিজৰ নাম পবিত্ৰ কৰিব, তেতিয়া তেওঁলোকে হয়তো যিহোৱাক সহযোগ কৰিব।—যিহি. ৩৮:১৬. w২৪.০৫ ১২ ¶১৪-১৫
বুধবাৰ, ১৫ এপ্ৰিল
এজনে-আনজনক প্ৰেম কৰা।—যোহ. ১৫:১২.
যিহোৱাৰ লোকসকলে এজনে-আনজনক প্ৰেম কৰে আৰু সহায় কৰে। (২ কৰি. ৮:৪) কিন্তু এইদৰে কৰিবলৈ তেওঁলোকৰ কেতিয়াবা সাহসৰ প্ৰয়োজনো হয়। যেনে, যেতিয়া যুদ্ধ আৰম্ভ হয়, তেতিয়া প্ৰাচীনসকলে ভাই-ভনীসকলৰ বাবে বহুত কিছু কৰে। তেওঁলোকে খোৱা-বোৱা, প্ৰকাশন আৰু বাইবেল সময়মতে পাইছে নে নাই তাৰ প্ৰতি ধ্যান ৰাখে। তেওঁলোকক শান্ত্বনা দিয়ে। প্ৰাচীনসকলে ভাই-ভনীসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে নিজৰ জীৱন বিপদত পেলাইও ভাই-ভনীসকলক সহায় কৰে। এনে পৰিস্থিতিত আমাৰ মাজত একতা বজাই ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে, শাখা কাৰ্য্যালয়ৰ পৰা আমি যি পৰামৰ্শ পাওঁ, সেয়া পালন কৰক। (ইব্ৰী ১৩:১৭) দুৰ্যোগ অহাৰ সময়ত আমি কি কৰিব লাগে, এই বিষয়ে সংগঠনে আগৰে পৰা পৰামৰ্শ দিয়ে আৰু প্ৰতিটো মণ্ডলীয়ে সেয়া পালন কৰে। প্ৰাচীনসকলে মাজে সময়ে সেই ব্যৱস্থা আৰু পৰামৰ্শৰ ওপৰত ধ্যান দি থকা উচিত। (১ কৰি. ১৪:৩৩, ৪০) সাহসেৰে কাম কৰক আৰু সতৰ্ক হৈ থাকক। (হিতো. ২২:৩) কিবা কৰাৰ আগতে চিন্তা কৰক আৰু বিপদ আঁকোৱালি নলʼব। যিহোৱাৰ ওপৰত ভৰসা ৰাখক। তেওঁলোকক ৰক্ষা কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। w২৪.০৭ ৪ ¶৮; ৫ ¶১১
বৃহস্পতিবাৰ, ১৬ এপ্ৰিল
মই সঙ্কটৰ কালত যিহোৱাৰ আগত . . . কাতৰোক্তি কৰিলোঁ; আৰু তেওঁ মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।—গীত. ১৮:৬.
ৰজা দায়ূদে যিহোৱাৰ বিষয়ে ভালদৰে জানিছিল আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিছিল। সেইবাবে, ৰজা চৌল আৰু আন শত্ৰুসকলে যেতিয়া তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক ৰক্ষা কৰিলে, তেতিয়া দায়ূদে কʼলে, “যিহোৱা জীৱন্ত” ঈশ্বৰ। (গীত. ১৮:৪৬) দায়ূদে কেৱল এয়া কোৱা নাছিল যে ঈশ্বৰ সঁচাকৈ আছে। তেওঁ যি কৈছিল তাৰ বিষয়ে এখন কিতাপত কোৱা হৈছে যে দায়ূদে যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস দেখুৱাব বিচাৰিছিল। তেওঁ যেন এইদৰে কৈছিল “জীৱন্ত ঈশ্বৰ হোৱাৰ বাবে তেওঁ নিজৰ লোকসকলক সহায় কৰিব।” দায়ূদে নিজৰ অনুভৱৰ পৰা জানিছিল যে যিহোৱা এজন জীৱিত ঈশ্বৰ হয় আৰু তেওঁৰ সেৱকসকলে কি কি সমস্যাৰ মাজেৰে পাৰ হৈ আছে, তাৰ বিষয়ে ভালদৰে জানে। সেইবাবে, দায়ূদে উৎসাহেৰে যিহোৱাৰ সেৱা আৰু তেওঁৰ প্ৰশংসা কৰি থাকিল। (গীত. ১৮:২৮, ২৯, ৪৯) যদি আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে যিহোৱা জীৱিত ঈশ্বৰ, তেনেহʼলে আমিও উৎসাহেৰে তেওঁৰ সেৱা কৰিম। আমি সাহসেৰে সমস্যাবোৰ পাৰ কৰিম আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰি থাকিম। ইয়াৰ উপৰিও আমি থিৰাং কৰিম যে যিকোনো পৰিস্থিতি নাহক কিয়, আমি যিহোৱাৰ কাষ চাপি থাকিম। w২৪.০৬ ২০-২১ ¶৩-৪
শুক্ৰবাৰ, ১৭ এপ্ৰিল
কোনেও যেন কোনো উপায়েৰে তোমালোকক ভুল পথলৈ নিনিয়ে।—২ থিচ. ২:৩.
পাঁচনি পৌলে থিচলনীকীয়া মণ্ডলীলৈ যি লিখিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া আমি এনে খবৰ শুনোঁ, যি বাইবেলৰ শিক্ষাৰ লগত মিল নাখায় বা কিবা উৰা বাতৰি শুনোঁ, তেতিয়া আমি ভাবি-চিন্তি কাম কৰা উচিত। মন কৰক, ছʼভিয়েট সংঘত আমাৰ ভাইসকলৰ লগত কি হৈছিল। এবাৰ চৰকাৰী অধিকাৰীসকলে ভাইসকললৈ এখন চিঠি লিখিছিল, যি দেখাত মূখ্য কাৰ্য্যালয়ৰ পৰা অহা যেন লাগিছিল। সেই চিঠিখনত ভাইসকলক বেলেগকৈ এখন নতুন সংগঠন আৰম্ভ কৰিবলৈ কোৱা হৈছিল। যদিও সেইখন দেখাত মূখ্য কাৰ্য্যালয়ৰ পৰা অহা যেন লাগিছিল, কিন্তু ভাইসকলে তাত ভুল নগʼল। তেওঁলোকে বুজি পালে যে তাত লিখা কথাবোৰ বাইবেলৰ লগত মিল খোৱা নাই। আজিও আমাৰ শত্ৰুসকলে আমাক ভুলাবলৈ চেষ্টা কৰে। তেওঁলোকে ইণ্টাৰনেট আৰু চʼচিয়েল মিডিয়াৰ যোগেদি মিছা কথা বিয়পাই আৰু আমাৰ মাজত থকা একতা ভাঙিবলৈ চেষ্টা কৰে। সেইবাবে, “অস্থিৰ” হৈ ভবা-চিন্তাৰ শক্তি নেহেৰুৱাব। ইয়াৰ পৰিৱৰ্তে আপুনি যি পঢ়ে আৰু শুনে, সেয়া বাইবেলৰ অনুসৰি সঠিক হয় নে নহয়, সেয়া জানিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি কোনো কথাত সহজতে ভুল নাযাব।—২ থিচ. ২:২; ১ যোহ. ৪:১. w২৪.০৭ ১২ ¶১৪-১৫
শনিবাৰ, ১৮ এপ্ৰিল
যদি কাৰোবাৰ পৰা পাপ হৈ যায়, তেনেহʼলে আমাৰ কাৰণে এজন সহায়কৰ্তা আছে।—১ যোহ. ২:১.
আমি এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼব পাৰোঁ, সেয়া হৈছে নিজৰ জীৱন যিহোৱালৈ সমৰ্পন কৰা আৰু ভাই-ভনীসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰা। যিহোৱাই সকলো মানৱজাতিৰ বাবে এয়াই বিচাৰে। কিয় বাৰু? ইয়াৰ উপৰিও আমি তেওঁৰ বন্ধু হোৱা আৰু অনন্ত কাললৈকে জীয়াই থকাটো তেওঁ বিচাৰে। (দ্বিতী. ৩০:১৯, ২০; গালা. ৬:৭, ৮) কিন্তু যিহোৱাই কোনো ব্যক্তিক তেওঁৰ সেৱা কৰিবলৈ জোৰ-জবৰদস্তি নকৰে। যিহোৱাই প্ৰতিজন ব্যক্তিক নিজ ইচ্ছাৰে তেওঁৰ সেৱা কৰাৰ সুযোগ দিছে। কিন্তু বাপ্তিষ্মা লোৱা ভাই বা ভনীয়ে যদি যিহোৱাৰ নিয়ম উলংঘন কৰে আৰু গভীৰ পাপ কৰে, তেতিয়ানো কি? যদি তেওঁ নিজৰ পাপৰ বাবে অনুতাপ নকৰে, তেনেহʼলে তেওঁক মণ্ডলীৰ পৰা বাহিৰ কৰি দিয়া হয়। (১ কৰি. ৫:১৩) কিন্তু ইয়াৰ পাছতো সেই পাপ কৰা ব্যক্তিজনে ঘূৰি আহিব বুলি যিহোৱাই আশা কৰে। গতিকে এয়াই হৈছে মুক্তিৰ মূল্য বলিদানৰ ব্যৱস্থা কৰাৰ মুখ্য কাৰণ। ইয়াৰ সহায়ত অনুতাপ কৰা লোকসকলে নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰে। সেইবাবে, ঈশ্বৰে পাপ কৰা লোকসকলক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ ঘূৰি আহিবলৈ মৰমেৰে অনুৰোধ কৰে।—জখ. ১:৩; ৰোম. ২:৪; যাকো. ৪:৮. w২৪.০৮ ১৪ ¶১-২
দেওবাৰ, ১৯ এপ্ৰিল
তোমাৰ মন জ্ঞানী হলে, মোৰো মন আনন্দিত হব।—হিতো. ২৩:১৫.
যোহনে তৃতীয় চিঠিখন লিখাৰ সময়ত মণ্ডলীত কিছুমান লোকে মিছা শিক্ষা বিয়পাবলৈ আৰু বিভাজন সৃষ্টি কৰিবলৈ ধৰিলে। কিন্তু বাকী খ্ৰীষ্টানসকলে ‘সত্যত চলি থাকিল’ আৰু যিহোৱাৰ “আজ্ঞা” পালন কৰি থাকিল। (২ যোহ. ৪, ৬) এই বিশ্বাসী সেৱকসকলক চাই যোহনৰ লগতে যিহোৱাও বহুত আনন্দিত হৈছিল। (হিতো. ২৭:১১) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? বিশ্বাসী হৈ থাকিলে আনন্দ পোৱা যায়। (১ যোহ. ৫:৩) যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হওঁ। আমি বেয়াৰ পৰা আঁতৰি থকাৰ বাবে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো চাই যিহোৱাই বহুত আনন্দিত হয়। স্বৰ্গদূতসকলেও এয়া চাই আনন্দিত হয়। (লূক ১৫:১০) ইয়াৰ উপৰিও আমাৰ ভাই-ভনীসকলে প্ৰলোভনৰ সময়ত আৰু সমস্যাৰ সময়ত যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো চাওঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। (২ থিচ. ১:৪) যেতিয়া জগতৰ শেষ হʼব, তেতিয়া এই চয়তানৰ জগততো আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলোঁ বুলি ভাবি আনন্দিত হʼম। w২৪.১১ ১২ ¶১৭-১৮
সোমবাৰ, ২০ এপ্ৰিল
প্ৰতিজনে নিজৰ লাভৰ কাৰণে নহয়, কিন্তু আনৰ লাভৰ কাৰণে চিন্তা কৰি থাকক।—১ কৰি. ১০:২৪.
যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু তেওঁৰ লগত ডেটিং কৰিব বিচাৰে, তেনেহʼলে বেছি দেৰি কৰা উচিত নহয়। কিয়নো যদি ব্যক্তিজনে বুজি পাইছে যে আপুনি তেওঁক পচন্দ কৰে, কিন্তু এই বিষয়ে জনাবলৈ দেৰি কৰিছে, তেনেহʼলে আপুনি কোনো নিৰ্ণয় লʼবলৈ সংকোচ কৰে বুলি তেওঁ ভাবিব। (উপ. ১১:৪) কিন্তু আপুনি লগে লগে গৈ কৈ দিয়ে যে আপুনি তেওঁক পচন্দ কৰে, তেনেহʼলে তেওঁ ভাবিব পাৰে যে আপুনি ধৈৰ্য্যহীন ব্যক্তি। (হিতো. ২৯:২০) মনত ৰাখিব যে যদি আপুনি কাৰোবাক পচন্দ কৰোঁ বুলি জনাব বিচাৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি তেওঁকেই বিয়া পাতিব বুলি নিৰ্ণয় লৈছে। কিন্তু আপুনি নিশ্চিত হʼব লাগিব যে আপুনি বিয়া পাতিব বিচাৰে আৰু ইয়াৰ কাৰণে সাজু আছে। লগতে আপুনি যাক পচন্দ কৰে, তেওঁ আপোনাৰ কাৰণে এজন ভাল সংগী হʼব বুলি ভৰসা থকা উচিত। যদি কোনোবাই আপোনাক পচন্দ কৰিব ধৰিছে, তেনেহʼলে আপুনি কি কৰা উচিত? যদি আপুনি তেওঁক পচন্দ নকৰে, তেনেহʼলে নিজৰ ব্যৱহাৰৰ পৰা দেখুৱাওক যে আপুনি তেওঁক পচন্দ নকৰে। কাৰণ যদি আপুনি এইদৰে নকৰে, তেনেহʼলে তেওঁ হয়তো ভাবিব যে আপুনি তেওঁক পচন্দ কৰে। কাৰোবাৰ ভাৱনাৰ লগত ধেমালি কৰা ভাল নহয়।—ইফি. ৪:২৫. w২৪.০৫ ২২-২৩ ¶৯-১০
মঙ্গলবাৰ, ২১ এপ্ৰিল
মই আকৌ আহিম আৰু তোমোলোকক নিজৰ ঘৰলৈ লৈ যাম।—যোহ. ১৪:৩.
যদি এজন অভিষিক্ত খ্ৰীষ্টানে জাগি নাথাকে, তেনেহʼলে তেওঁক বাছনি কৰা লোকসকলৰ লগত একগোট কৰা নহʼব। (মথি ২৪:৩১) এই কথা যিহোৱাৰ সেই সেৱকসকলৰ বিষয়েও সঁচা যিসকলৰ পৃথিৱীত জীয়াই থকাৰ আশা আছে। তেওঁলোকেও যীচুৰ সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন। তেওঁলোকে জাগি থকা আৰু বিশ্বাসী হৈ থকা উচিত। আমি যিহোৱাৰ বিষয়ে ভালদৰে জানোঁ, সেইবাবে আমাৰ সম্পূৰ্ণৰূপে ভৰসা আছে যে তেওঁ একেবাৰে সঠিক কাম কৰিব। আমি এয়া ভাবি চিন্তিত নহওঁ যে যিহোৱাই অলপতে নিজৰ কিছুমান বিশ্বাসী লোকক পবিত্ৰ শক্তিৰে অভিষিক্ত কৰিলে আৰু তেওঁলোকক স্বৰ্গত জীয়াই থাকিবলৈ বাছনি কৰিলে। আমি যীচুৰ সেই উদাহৰণ মনত ৰাখোঁ, যʼত তেওঁ কৈছিল যে কিছুমান লোকক ১১ ঘন্টাৰ সময়ছোৱাত আঙুৰৰ খেতিত কাম কৰিবলৈ মাতা হৈছিল। (মথি ২০:১-১৬) কিন্তু ৰাতিপুৱাৰ পৰা কাম কৰা লোকসকলৰ সমানেই তেওঁলোকে হাজিৰা পায়। ঠিক সেইদৰে এজন খ্ৰীষ্টানৰ অভিষেক যেতিয়াই নহওক কিয়, যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে আন অভিষিক্ত খ্ৰীষ্টানসকলৰ দৰে তেওঁ স্বৰ্গত জীয়াই থকাৰ সুযোগ লাভ কৰিব। w২৪.০৯ ২৪ ¶১৫-১৭
বুধবাৰ, ২২ এপ্ৰিল
খ্ৰীষ্টে . . . তোমালোকৰ কাৰণে দুখভোগ কৰিলে আৰু তেওঁ তোমালোকৰ কাৰণে এক আৰ্হি ৰাখি গʼল যাতে তোমালোকে তেওঁৰ খোজক ভালদৰে অনুকৰণ কৰিব পাৰা।—১ পিত. ২:২১.
অন্যায় সহন কৰাৰ ক্ষেত্ৰত যীচুৱে আটাইতকৈ ভাল উদাহৰণ ৰাখিলে। তেওঁৰ পৰিয়ালৰ লোকসকলে, আনকি আন লোকসকলেও তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। যীচুৰ সম্বন্ধীয়সকলে তেওঁ পগলা হʼল বুলি কৈছিল। ধৰ্ম গুৰুসকলে মিছা অভিযোগ লগাইছিল যে তেওঁ দুষ্ট স্বৰ্গদূতসকলৰ সহায়ত চমৎকাৰ কৰিছে। আনকি ৰোমী সৈনিকসকলেও তেওঁক ঠাট্টা কৰিছিল, মাৰ-পিট কৰিছিল, অৱশেষত তেওঁক হত্যাও কৰিলে। (মাৰ্ক ৩:২১, ২২; ১৪:৫৫; ১৫:১৬-২০, ৩৫-৩৭) কিন্তু যীচুৱে এই সকলো ধৈৰ্য্যেৰে সহন কৰিলে আৰু প্ৰতিশোধ নলʼলে। আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ? (১ পিত. ২:২১-২৩) যীচুৱে আমাৰ বাবে এক ভাল আৰ্হি ৰাখিলে। তেওঁৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। যেতিয়া তেওঁৰ লগত অন্যায় কৰা হৈছিল, তেতিয়া তেওঁ কি কৰিলে তালৈ মন কৰক। তেওঁ ভালদৰে জানিছিল যে কেতিয়া কথা কʼব লাগে আৰু কেতিয়া মনে মনে থাকিব লাগে। (মথি ২৬:৬২-৬৪) যেতিয়া লোকসকলে তেওঁৰ ওপৰত মিছা অভিযোগ লগাইছিল, তেতিয়া তেওঁ প্ৰতিবাৰে নিজকে সঁচা বুলি প্ৰমাণিত কৰা নাছিল। (মথি ১১:১৯) কিন্তু যেতিয়া তেওঁ বিৰোধীসকলক উত্তৰ দিছিল, তেতিয়া তেওঁলোকৰ লগত সন্মানৰে কথা পাতিছিল আৰু তেওঁলোকক কেতিয়াও দাবি-ধমকি দিয়া নাছিল। w২৪.১১ ৪-৫ ¶৯-১০
বৃহস্পতিবাৰ, ২৩ এপ্ৰিল
খ্ৰীষ্ট যীচুৱে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিছিল।—১ তীম. ১:১৫.
ধৰি লওক, আপুনি কাৰোবাক বহুত প্ৰেম কৰে আৰু তেওঁক এটা বিশেষ উপহাৰ দিয়ে। সেই উপহাৰটো বৰ ধুনীয়া আৰু তেওঁৰ বহুত কামতো আহিব। কিন্তু তেওঁ যদি সেই উপহাৰটো কʼৰবাত থৈ দিয়ে আৰু তাৰ বিষয়ে পাহৰি যায়, তেনেহʼলে আপোনাৰ কেনেকুৱা লাগিব? আনহাতে, তেওঁ যদি সেই উপহাৰটো ব্যৱহাৰ কৰে আৰু ইয়াৰ বাবে আপোনাক ধন্যবাদ দিয়ে, তেনেহʼলে আপোনাৰ নিশ্চয় ভাল লাগিব। ঠিক সেইদৰে, যিহোৱাই আমাক এটা মূল্যৱান উপহাৰ দিছে। তেওঁ আমাক ইমানেই প্ৰেম কৰে যে আমাৰ বাবে তেওঁ নিজৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে। যদি আমি যিহোৱাৰ এই প্ৰেম আৰু মুক্তিৰ মূল্যৰ বলিদানৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞ হওঁ, তেনেহʼলে চিন্তা কৰকচোন তেওঁক কিমান ভাল লাগিব। (যোহ. ৩:১৬; ৰোম. ৫:৭, ৮) কিন্তু সময় পাৰ হোৱাৰ লগে লগে মুক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি আমাৰ কৃতজ্ঞতা কমি যাব পাৰে। এয়া এনে হʼব যেন যিহোৱাই আমাক যি মূল্যৱান উপহাৰ দিছে, সেয়া আমি কʼৰবাত থৈ দিলোঁ আৰু তাৰ বিষয়ে পাহৰি গʼলোঁ। আমাৰ লগত এইদৰে হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইবাবে, যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে তাৰ বিষয়ে ভাবি থকা আৰু কৃতজ্ঞতা বঢ়াই থকাটো অতি গুৰুত্বপূৰ্ণ। w২৫.০১ ২৬ ¶১-২
শুক্ৰবাৰ, ২৪ এপ্ৰিল
এই কথাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি থাকা আৰু এইবোৰত লাগি থাকা যাতে তোমাৰ উন্নতি সকলোৱে স্পষ্টকৈ দেখা পায়।—১ তীম. ৪:১৫.
প্ৰাচীন হোৱাৰ যোগ্য হʼবলৈ এজন ভাই “নতুনকৈ খ্ৰীষ্টান হোৱা ব্যক্তি উচিত নহয়।” ইয়াৰ অৰ্থ এয়া নহয় যে এজন ভাই বাপ্তিষ্মালৈ বহু বছৰ হোৱা উচিত। কিন্তু এয়া অতি গুৰুত্বপূৰ্ণ যে তেওঁ এজন পৰিপক্ক খ্ৰীষ্টান হয় আৰু পৰিপক্ক হʼবলৈ সময়ৰ প্ৰয়োজন হয়। প্ৰাচীন হিচাপে নিযুক্ত হোৱাৰ আগতে আপুনি এয়া স্পষ্টকৈ দেখুৱা উচিত যে আপুনি যীচুৰ দৰে নম্ৰ হয় আৰু যি কোনো দায়িত্ব পাবলৈ যিহোৱাৰ সময়ৰ অপেক্ষা কৰিবলৈ সাজু আছে। (মথি ২০:২৩; ফিলি. ২:৫-৮) আপুনি “বিশ্বাসী” হৈ থকাটোও প্ৰয়োজন। আপুনি কেনেকৈ এইদৰে কৰি থাকিব পাৰিব? যিহোৱাৰ কাষ চাপি থাকক, তেওঁৰ মানদণ্ড মানি চলক আৰু তেওঁৰ সংগঠনে দিয়া নিৰ্দেশনাবোৰ নিজৰ জীৱনত পালন কৰি থাকক। বাইবেলত কোৱা হৈছে যে অধ্যক্ষসকলে “শিক্ষা দিয়াত নিপুণ হোৱা উচিত।” ইয়াৰ অৰ্থ এয়ানে যে আপুনি বহুত ভাল বক্তা হোৱা উচিত? নহয়। যদিও কিছুমান প্ৰাচীন বহুত ভাল বক্ত নহয়, কিন্তু তেওঁলোকে প্ৰচাৰ কাৰ্য্যত আৰু মেৰ পালকৰ সাক্ষ্যতত প্ৰভাৱশালীৰূপে শিক্ষা দিয়ে। w২৪.১১ ২৩-২৪ ¶১৪-১৫
শনিবাৰ, ২৫ এপ্ৰিল
এই হেতুকে মই সোণ আৰু শুদ্ধ সোণতকৈয়ো, তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।—গীত. ১১৯:১২৭.
অধ্যয়ন কৰাৰ সময়ত যদি আপুনি সম্পূৰ্ণৰূপে বুজি নাপায়, তেনেহʼলে অনুসন্ধান কৰক। আপুনি যি শিকিলে তাৰ বিষয়ে গোটেই দিন মনন কৰক। আপুনি যি পঢ়িলে তাৰ পৰা যিহোৱা আৰু যীচুৰ বিষয়ে কি জানিব পাৰি আৰু তেওঁলোকে আপোনাক প্ৰেম কৰে বুলি কেনেকৈ জানিব পাৰি, তাৰ বিষয়েও চিন্তা কৰক। (গীত. ১১৯:৯৭, ফুটনোট) যেতিয়া আপুনি বাইবেলত কিবা পঢ়িবলৈ বহে বা কিবা অনুসন্ধান কৰে, তেতিয়া প্ৰতিবাৰে নতুন কথা বা ৰোমাঞ্চকৰ কথা যদি শিকিবলৈ নাপায়, তেনেহʼলে নিৰাশ নহʼব। খন্তেকৰ বাবে সোণ বিচৰা লোকসকলৰ বিষয়ে চিন্তা কৰক। তেওঁলোকে বহুত ধৈৰ্য্য ধৰিবলগীয়া হয়। বহুবাৰ তেওঁলোকে বহু ঘন্টা বা বহু দিন কটোৱাৰ পাছত সোণৰ এটুকুৰা কণিকা বিচাৰি পায়। তথাপিও তেওঁলোকে হাৰ নামানে। কাৰণ তেওঁলোকে জানে যে সোণৰ এটুকুৰা কণিকাৰো বহুত মূল্য আছে। কিন্তু আমি বাইবেলৰ পৰা যি ৰত্ন বিচাৰোঁ, সেয়া সোণতকৈয়ো বহুত মূল্যৱান। (হিতো. ৮:১০) গতিকে, ধৈৰ্য্য ধৰক, প্ৰতি দিনে বাইবেল পঢ়ক আৰু নতুন নতুন কথা জানিবলৈ চেষ্টা কৰি থাকক।—গীত. ১:২. w২৫.০১ ২৫ ¶১৪-১৫
দেওবাৰ, ২৬ এপ্ৰিল
“যিহোৱাই যিদৰে তোমালোকক হৃদয় খুলি ক্ষমা কৰিলে, তোমালোকেও সেইদৰেই কৰা।”—কল. ৩:১৩.
যিসকল লোকে আমাক আঘাত দিছে, আমি তেওঁলোকক ক্ষমা কৰাটো যিহোৱাই বিচাৰে। (গীত. ৮৬:৫; লূক ১৭:৪; ইফি. ৪:৩২) বহুবাৰ লোকসকলে এনে কথা কয় বা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে। যদি সেই ব্যক্তিজন আমাৰ বন্ধু বা পৰিয়ালৰ লোক হয়, তেনেহʼলে বেছিকৈ দুখ লাগে। (গীত. ৫৫:১২-১৪) কেতিয়াবা কেতিয়াবা ইমানেই দুখ লাগে যে এনে অনুভৱ হয় যেন কোনোবাই আমাক চুৰিৰে আঘাত কৰিলে আৰু সেইখন তাতে এৰি দিছে। (হিতো. ১২:১৮) যেতিয়া আমি নিজৰ দুখ আওকাণ কৰোঁ আৰু সকলোবোৰ ঠিকে আছে বুলি ভাবোঁ, তেতিয়া আমাৰ দুখ কম নহয়। এয়া এনে হয় যেন আমাক যি চুৰিৰে আঘাত কৰা হৈছিল, সেইখন আমি উলিয়াবলৈ চেষ্টাই কৰা নাই। মনত ৰাখক, দুখক আওকাণ কৰিলে আপোনাৰ দুখ কম নহʼব। যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া আমাৰ হয়তো খং উঠিব পাৰে। বাইবেলতো কোৱা হৈছে যে মানুহৰ খং উঠিব পাৰে। কিন্তু তাত এয়াও কোৱা হৈছে যে আমি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰা উচিত। (গীত. ৪:৪; ইফি. ৪:২৬) কিয় বাৰু? কাৰণ যদি আমি মনতে কাৰোবাক খং কৰি থাকোঁ, তেনেহʼলে ইয়াৰ বেয়া পৰিণাম হʼব। (যাকো. ১:২০) মনত ৰাখক, আমাৰ খং উঠিব পাৰে, কিন্তু আমি খং পুহি ৰাখিম নে তাক এৰি দিম, এয়া আমাৰ হাতত আছে। w২৫.০২ ১৫ ¶৪-৬
সোমবাৰ, ২৭ এপ্ৰিল
প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে।—উপ. ৭:১২.
যীচুৱে এটা উদাহৰণত কৈছিল যে যদি এজন ব্যক্তি টকা-পইচা অৰ্জন কৰাত লাগি থাকে, কিন্তু তেওঁ “ঈশ্বৰৰ দৃষ্টিত ধনী নহয়,” তেন্তে এয়া বুদ্ধিমতাৰ কাম নহʼব। (লূক ১২:১৬-২১) কালিলৈ কি হʼব, আমি কোনেও নাজানোঁ। (হিতো. ২৩:৪, ৫; যাকো. ৪:১৩-১৫) ইয়াৰ উপৰিও যীচুৱে কৈছিল যে যিসকলে তেওঁৰ শিষ্য হʼব বিচাৰে তেওঁলোকে নিজৰ ধন-সম্পত্তি “ত্যাগ” কৰিবলৈ সাজু থকা উচিত। (লূক ১৪:৩৩) প্ৰথম শতিকাত যিহূদিয়াৰ খ্ৰীষ্টানসকলে আনন্দেৰে নিজৰ বস্তুবোৰ ত্যাগ কৰিলে। (ইব্ৰী ১০:৩৪) আজিও বহুতো ভাই-ভনীয়ে নিজৰ চাকৰি আৰু ধন-সম্পত্তি এৰিবলগীয়া হৈছে। কিয় বাৰু? কাৰণ তেওঁলোকে ৰাজনৈতিক পাৰ্টীবোৰক সমৰ্থন নকৰে। (প্ৰকা. ১৩:১৬, ১৭) তেওঁলোকে এইদৰে কিয় কৰিব পাৰিলে? কাৰণ যিহোৱাৰ এই প্ৰতিজ্ঞাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে, “মই তোমালোকক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫) এয়া সঁচা যে আমি ভৱিষ্যৰ বাবে অলপ টকা-পইচা সাঁচি ৰাখোঁ। কিন্তু হঠাতে যেতিয়া বেয়া পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হয়, তেতিয়া যিহোৱাই চম্ভালিব বুলি ভৰসা ৰখা উচিত। w২৫.০৩ ২৯ ¶১৩-১৪
মঙ্গলবাৰ, ২৮ এপ্ৰিল
খ্ৰীষ্টৰ বিষয়ে আমি যি প্ৰাথমিক শিক্ষা শিকিলোঁ, সেইবোৰ এৰি, আহা আমি পৰিপক্কতাৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। আমি যেন আকৌ ভিত্তিমূল স্থাপন নকৰোঁ অৰ্থাৎ আমি আকৌ সেই কথাবোৰ শিকি নাথাকোঁ, যিবোৰ আমি আৰম্ভণিতে শিকিছিলোঁ।—ইব্ৰী ৬:১.
যিহোৱাই জানে যে আমি নিজে নিজে পৰিপক্ক হʼব নোৱাৰোঁ। সেইবাবে তেওঁ মণ্ডলীত ৰখীয়া আৰু শিক্ষক নিযুক্ত কৰিছে। তেওঁলোকে যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত কৰিবলৈ আমাক সহায় কৰে। তেওঁলোকৰ সহায়ত আমি ‘পৰিপূৰ্ণতাৰ বয়সৰ পুৰুষ হʼব পাৰোঁ’ আৰু ‘খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি লাভ কৰিব পাৰোঁ।’ (ইফি. ৪:১১-১৩) যিহোৱাই আমাক নিজৰ পবিত্ৰ শক্তি দিছে, যাতে আমি ‘খ্ৰীষ্টৰ দৰে চিন্তাধাৰা’ ৰাখিব পাৰোঁ। (১ কৰি. ২:১৪-১৬) ইয়াৰ উপৰিও যিহোৱাই আমাক শুভবাৰ্তাৰ চাৰিখন কিতাপ দিছে, যʼত যীচু খ্ৰীষ্ট কেনেধৰণৰ ব্যক্তি হয় আৰু তেওঁ পৃথিৱীত থকাৰ সময়ত কি কৰিছিল, কি কৈছিল তাৰ বিষয়ে লিখা আছে। যদি আমি এয়া ভালদৰে পঢ়ো আৰু যীচুৰ দৰে চিন্তা কৰিবলৈ আৰু কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি পৰিপক্ক হʼব পাৰিম। পৰিপক্ক খ্ৰীষ্টান হʼবলৈ খ্ৰীষ্টৰ প্ৰাথমিক শিক্ষাবোৰ জনাই যথেষ্ট নহয়। ইয়াৰ ওপৰিও আমি আৰু কিছুমান কথা জনাৰ প্ৰয়োজন। w২৪.০৪ ৪-৫ ¶১১-১২
বুধবাৰ, ২৯ এপ্ৰিল
সতৰ্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব।—হিতো. ২:১১.
প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। কিছুমান নিৰ্ণয় লোৱাটো সহজ হয়। যেনে, আমি কি খাম, কেতিয়া শুম। কিন্তু কিছুমান নিৰ্ণয় লʼবলৈ কঠিন হয়, আমি কি কৰিম বুজিয়েই নাপাওঁ। কাৰণ ইয়ে আমাৰ স্বাস্থ্য, আনন্দ আৰু পৰিয়ালৰ লোকসকলৰ ওপৰত, আনকি ইয়ে আমাৰ উপাসনাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আমি এনে নিৰ্ণয় লʼব বিচাৰোঁ, যাৰ পৰা আমাৰ পৰিয়াল আৰু আমাৰ লাভ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ নিৰ্ণয়ৰ পৰা যিহোৱাই আনন্দিত হোৱাটো আমি বিচাৰোঁ। (ৰোম. ১২:১, ২) এটা ভাল নিৰ্ণয় লʼবলৈ হʼলে আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লʼব লাগিব। কিয় বাৰু? চিন্তা কৰক, এজন ব্যক্তিৰ বহুত ডাঙৰ বেমাৰ হৈছে আৰু তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছে। তেতিয়া এজন ভাল ডাক্তৰে লগে লগে তেওঁৰ বাবে কোনটো চিকিৎসা ভাল হʼব, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে ৰোগীজনৰ পৰীক্ষা কৰে আৰু কিছুমান প্ৰশ্ন সোধে। ঠিক সেইদৰে যদি আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লয়, তেনেহʼলে আপুনি ভাল নিৰ্ণয় লʼব পৰিব। w২৫.০১ ১৪ ¶১-৩
বৃহস্পতিবাৰ, ৩০ এপ্ৰিল
যিহোৱায়ো তোমাৰ পাপ দূৰ কৰিলে তুমি নমৰিবা।—২ চমূ. ১২:১৩.
যিহোৱাৰ দয়া গুণৰ বিষয়ে আমি কি জানোঁ? ওপৰত আমি আলোচনা কৰিছিলোঁ যে ‘কোনো বিনষ্ট’ হোৱাটো যিহোৱাই নিবিচাৰে। এয়া তেওঁ কেনেকৈ প্ৰমাণ কৰিলে? (২ পিত. ৩:৯) আহক এটা উদাহৰণলৈ মন কৰোঁ। দায়ূদে ব্যভিচাৰ কৰিছিল আৰু তেওঁ এজন ব্যক্তিক হত্যাও কৰাইছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁৰ পাপ ক্ষমা কৰিলে। (২ চমূ. ১২:১-১২) ৰজা মনচিয়ে বহুতো ডাঙৰ ডাঙৰ পাপ কৰিছিল। কিন্তু যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁক দয়া দেখুৱালে আৰু তেওঁক ক্ষমা কৰিলে। (২ বং. ৩৩:৯-১৬) এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে যদি দয়া দেখুৱাৰ কিবা কাৰণ থাকে, তেনেহʼলে যিহোৱাই নিশ্চয় দয়া দেখুৱায়। গতিকে, আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে যিসকল লোকে নিজৰ পাপ স্বীকাৰ কৰিলে আৰু অন্তৰৰ পৰা অনুতাপ কৰিলে, যিহোৱাই তেওঁলোকক আকৌ জীয়াই তুলিব। w২৪.০৫ ৪ ¶১২