ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es26 পৃষ্ঠা ৭-১৯
  • জানুৱাৰী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
  • উপশীৰ্ষক
  • বৃহস্পতিবাৰ, ১ জানুৱাৰী
  • শুক্ৰবাৰ, ২ জানুৱাৰী
  • শনিবাৰ, ৩ জানুৱাৰী
  • দেওবাৰ, ৪ জানুৱাৰী
  • সোমবাৰ, ৫ জানুৱাৰী
  • মঙ্গলবাৰ, ৬ জানুৱাৰী
  • বুধবাৰ, ৭ জানুৱাৰী
  • বৃহস্পতিবাৰ, ৮ জানুৱাৰী
  • শুক্ৰবাৰ, ৯ জানুৱাৰী
  • শনিবাৰ, ১০ জানুৱাৰী
  • দেওবাৰ, ১১ জানুৱাৰী
  • সোমবাৰ, ১২ জানুৱাৰী
  • মঙ্গলবাৰ, ১৩ জানুৱাৰী
  • বুধবাৰ, ১৪ জানুৱাৰী
  • বৃহস্পতিবাৰ, ১৫ জানুৱাৰী
  • শুক্ৰবাৰ, ১৬ জানুৱাৰী
  • শনিবাৰ, ১৭ জানুৱাৰী
  • দেওবাৰ, ১৮ জানুৱাৰী
  • সোমবাৰ, ১৯ জানুৱাৰী
  • মঙ্গলবাৰ, ২০ জানুৱাৰী
  • বুধবাৰ, ২১ জানুৱাৰী
  • বৃহস্পতিবাৰ, ২২ জানুৱাৰী
  • শুক্ৰবাৰ, ২৩ জানুৱাৰী
  • শনিবাৰ, ২৪ জানুৱাৰী
  • দেওবাৰ, ২৫ জানুৱাৰী
  • সোমবাৰ, ২৬ জানুৱাৰী
  • মঙ্গলবাৰ, ২৭ জানুৱাৰী
  • বুধবাৰ, ২৮ জানুৱাৰী
  • বৃহস্পতিবাৰ, ২৯ জানুৱাৰী
  • শুক্ৰবাৰ, ৩০ জানুৱাৰী
  • শনিবাৰ, ৩১ জানুৱাৰী
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
es26 পৃষ্ঠা ৭-১৯

জানুৱাৰী

বৃহস্পতিবাৰ, ১ জানুৱাৰী

চিন্তা কৰাৰ শক্তিৰ ক্ষেত্ৰত পৰিপক্ক হোৱা।—১ কৰি. ১৪:২০.

যেতিয়া এটি সন্তানৰ জন্ম হয়, তেতিয়া মা-দেউতাই বহুত আনন্দিত হয়। তেওঁলোকে নিজৰ সন্তানক বহুত প্ৰেম কৰে, কিন্তু তেওঁ সৰু হৈ থকাটো নিবিচাৰে। যদি তেওঁ ডাঙৰ নহয়, তেনেহʼলে তেওঁলোকে চিন্তিত হʼব পাৰে। ঠিক সেইদৰে যেতিয়া আমি যিহোৱাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া যেন আমি প্ৰথম খোজ দিওঁ। এয়া চাই তেওঁ বহুত আনন্দিত হয়। কিন্তু আমি তেওঁৰ বিষয়ে বেছিকৈ শিকা আৰু “বয়সস্থ” অৰ্থাৎ পৰিপক্ক হোৱাটো তেওঁ বিচাৰে। (১ কৰি. ৩:১) প্ৰথম কৰিন্থীয়া ১৪:২০ পদত যি গ্ৰীক শব্দৰ অনুবাদ “বয়সস্থ” কৰা হৈছে, তাৰ অৰ্থ “পৰিপক্ক,” “পৰিপূৰ্ণ” বা “সম্পূৰ্ণৰূপে বিকশিত হোৱা” হʼব পাৰে। যিদৰে এটি সন্তানে লাহে লাহে ডাঙৰ হৈ বয়সস্থ হয়, ঠিক সেইদৰে যেতিয়া যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত হয়, তেতিয়া আমি বয়সস্থ বা পৰিপক্ক হওঁ। কিন্তু ইয়াৰ পাছতো যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক মজবুত কৰি থকাৰ প্ৰয়োজন।—১ তীম. ৪:১৫. w২৪.০৪ ২ ¶১, ৩

শুক্ৰবাৰ, ২ জানুৱাৰী

মোৰ আবাসো [তম্বু] তেওঁবিলাকৰ লগত থাকিব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হম, আৰু তেওঁবিলাক মোৰ প্ৰজা হব।—যিহি. ৩৭:২৭.

যিহোৱাক আপুনি কেনে দৃষ্টিৰে চায়? হয়তো আপুনি কʼব পাৰে যে যিহোৱা আমাৰ পিতৃ আৰু আমি তেওঁৰ লʼৰা-ছোৱালী বা তেওঁ আমাৰ ঈশ্বৰ আৰু আমি তেওঁৰ সেৱক অথবা আপুনি এয়াও কʼব পাৰে যে যিহোৱা আপোনাৰ বন্ধু। কিন্তু আপুনি এইদৰে কেতিয়াবা ভাবিছেনে যে যিহোৱাই আপোনাক নিজৰ তম্বুলৈ মাতিছে আৰু আপুনি তেওঁৰ আলহী? যিহোৱাৰ বিষয়ে ৰজা দায়ূদেও এইদৰেই কৈছিল। তেওঁ কৈছিল, “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” (গীত. ১৫:১) দায়ূদে কৈছিল যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক নিজৰ তম্বুত থাকিবলৈ মাতিছে আৰু তেওঁলোক তেওঁৰ বন্ধু হয়। ইয়াৰ অৰ্থ হৈছে, আমি যিহোৱাৰ আলহী আৰু তেওঁৰ বন্ধু হʼব পাৰোঁ। বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰাৰ আগতে যিহোৱা অকলে আছিল। কিন্তু পাছলৈ তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক সৃষ্টি কৰিলে আৰু তেওঁক যেন নিজৰ তম্বুলৈ মাতিলে। যিহোৱাৰ তম্বুত যীচু প্ৰথম আলহী আছিল আৰু তেওঁক মাতি যিহোৱা বহুত আনন্দিত আছিল। বাইবেলত কোৱা হৈছে যে যিহোৱাই নিজৰ পুত্ৰ যীচুৰ পৰা ‘আনন্দ পাইছিল’ আৰু যীচুৱেও ‘তেওঁৰ আগত সদায় আনন্দ কৰিছিল।’—হিতো. ৮:৩০, ৩১. w২৪.০৬ ২ ¶১-৩

শনিবাৰ, ৩ জানুৱাৰী

চাদোক . . . ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল!—১ বং. ১২:২৮.

হিব্ৰোণৰ ওচৰত ৩,৪০,০০০ তকৈও বেছি লোক একত্ৰিত হৈছে। তেওঁলোকে দায়ূদক ৰজা পাতিব বিচাৰিছে। যোৱা তিনি দিনৰ পৰা তেওঁলোকে আনন্দ কৰি আছে, কথা পাতি আছে আৰু যিহোৱাৰ প্ৰশংসাত গীত গাই আছে। (১ বং. ১২:৩৯) এই ভীৰৰ মাজত এজন ডেকা ব্যক্তিও আছে, তেওঁৰ নাম হৈছে চাদোক। হয়তো তেওঁৰ ওপৰত কোনেও ধ্যান দিয়া নাই, কিন্তু যিহোৱাই তেওঁৰ ওপৰত ধ্যান দিলে। আমিও তেওঁৰ ওপৰত ধ্যান দিয়া আৰু তেওঁৰ পৰা শিকাটো যিহোৱাই বিচাৰে। (১ বং. ১২:২২, ২৬-২৮) চাদোক এজন পুৰোহিত আছিল আৰু তেওঁ মহাপুৰোহিত অবিয়াথৰ লগত সেৱা কৰিছিল। চাদোক এজন দৰ্শকো আছিল। ইয়াৰ অৰ্থ হৈছে যিহোৱাই তেওঁক বুদ্ধি দিছিল আৰু তেওঁৰ ইচ্ছা জানিবলৈ বিশেষ দক্ষতাও দিছিল। (২ চমূ. ১৫:২৭) তেওঁ বহুত শক্তিশালী আৰু সাহসী আছিল। এই শেষ সময়ছোৱাত চয়তানে আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ বহুত চেষ্টা কৰি আছে। (১ পিত. ৫:৮) সেইবাবে, যেতিয়া যিহোৱাই চয়তান আৰু তাৰ দুষ্ট জগতক শেষ কৰিব, সেই দিনৰ বাবে অপেক্ষা কৰিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ আমাক সাহসৰ প্ৰয়োজন। (গীত. ৩১:২৪) এই দৰে কৰিলে আমিও চাদোকৰ দৰে সাহসেৰে কাম কৰিব পাৰোঁ। w২৪.০৭ ২ ¶১-৩

দেওবাৰ, ৪ জানুৱাৰী

আদমৰ সৰ্ব্বমুঠ ন শ ত্ৰিশ বছৰ বয়স হলত, তেওঁৰ মৃত্যু হল।—আদি. ৫:৫.

যেতিয়া যিহোৱাই প্ৰথম পুৰুষ আৰু তিৰোতাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকে আনন্দত থকাটো যিহোৱাই বিচাৰিছিল। যিহোৱাই তেওঁলোকক থাকিবলৈ ধুনীয়া ঘৰ দিছিল, তেওঁলোকৰ বিয়া কৰাই দিছিল লগতে এটা ভাল কামো দিছিল। তেওঁলোকে গোটেই পৃথিৱীখনক এদন বাগিছাৰ দৰে সুন্দৰ কৰি তোলা আৰু তেওঁলোকৰ সন্তানেৰে গোটেই পৃথিৱীখনক পৰিপূৰ্ণ কৰিবলৈ যিহোৱাই তেওঁলোকক কৈছিল। কিন্তু যিহোৱাই তেওঁলোকক এটা আজ্ঞাও দিছিল। তেওঁ কৈছিল যদি তেওঁলোকে জানি-শুনি তেওঁৰ বিৰুদ্ধে যায় আৰু তেওঁৰ আজ্ঞা পালন নকৰে, তেনেহʼলে এই পাপৰ বাবে তেওঁলোকৰ মৃত্যু হʼব। কিন্তু ইয়াৰ পাছত কি হʼল আমি সকলোৱে জানোঁ। এজন দুষ্ট স্বৰ্গদূতে সকলোবোৰ খেলি-মেলি কৰি দিলে। সি যিহোৱা আৰু লোকসকলক প্ৰেম কৰা নাছিল। সি আদম আৰু হৱাক ভুলাবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে তাৰ কথা শুনি যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে। এইদৰে তেওঁলোকে পাপী হৈ পৰিল। তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা নকৰি কিমান ডাঙৰ ভুল কৰিলে। যিহোৱাই যি কৈছিল, সেইদৰেই হʼল। যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ বাবে তেওঁলোকে ইয়াৰ পৰিণাম ভুগিবলগীয়া হʼল। যেনে, তেওঁলোকে বৃদ্ধ হʼল আৰু অৱশেষত তেওঁলোকৰ মৃত্যু হʼল।—আদি. ১:২৮, ২৯; ২:৮, ৯, ১৬-১৮; ৩:১-৬, ১৭-১৯, ২৪. w২৪.০৮ ৩ ¶৩

সোমবাৰ, ৫ জানুৱাৰী

কেৱল বাক্য শুনোঁতা নহʼবা . . . কিন্তু বাক্য পালন কৰোঁতা হোৱা। —যাকো. ১:২২.

আমি আনন্দিত থকাটো যিহোৱা আৰু যীচুৱে বিচাৰে। কিন্তু আমি কেনেকৈ আনন্দিত থাকিব পাৰোঁ? গীতমালা ১১৯-ত কোৱা হৈছে, “যিবিলাকে তেওঁৰ সাক্ষ্যবোৰ পালন কৰে, সিবিলাক ধন্য; যিবিলাকে সমস্ত মনেৰে তেওঁক বিচাৰে, সিবিলাক ধন্য।” (গীত. ১১৯:২) যীচুৱেও কৈছে, “তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!” (লূক ১১:২৮) আমি যিহোৱাৰ সেৱকসকল আনন্দিত থাকোঁকাৰণ আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়োঁ আৰু ইয়াৰ পৰা যি শিকোঁ, তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। (যাকো. ১:২২-২৫) বাইবেলত দিয়া কথাবোৰ পালন কৰিলে আমি যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ আৰু ইয়াৰ বাবে আমি আনন্দিত হওঁ। (উপ. ১২:১৩) ইয়াৰ লগতে, বাইবেলত দিয়া পৰামৰ্শ পালন কৰিলে আমাৰ পৰিয়ালত সুখ-শান্তি থাকে আৰু মণ্ডলীত ভাই-ভনীসকলৰ লগতো আমাৰ এক ভাল সম্পৰ্ক থাকে। ইয়াৰ উপৰিও, যিহোৱাৰ আজ্ঞা পালন নকৰা লোকসকলৰ ওপৰত যিবোৰ সমস্যা আহে, আমি সেইবোৰৰ পৰাও বাচি থাকিব পাৰোঁ। দায়ূদে একেবাৰে সঁচা কথা কৈছিল, যিহোৱাৰ নিয়ম, তেওঁৰ আজ্ঞা আৰু তেওঁৰ নিৰ্দেশনাবোৰ পালন কৰিলে লাভ হয়।—গীত. ১৯:৭-১১. w২৪.০৯ ২ ¶১-৩

মঙ্গলবাৰ, ৬ জানুৱাৰী

তেওঁ ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে, তেওঁ সিবিলাকৰ ঘা বান্ধে।—গীত. ১৪৭:৩.

যিহোৱাই ভালদৰে জানে যে তেওঁৰ প্ৰতিজন সেৱকে কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে। তেওঁ এয়াও জানে যে আমি কি কথাৰ পৰা আনন্দিত হওঁ আৰু কি কথাৰ পৰা আমাৰ দুখ লাগে। (গীত. ৩৭:১৮) যেতিয়া তেওঁ চাই যে আমি সমস্যাৰ সত্ত্বেও তেওঁৰ সেৱা বেছিকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয়। ইয়াৰ উপৰিও তেওঁ আমাক সহায় কৰিবলৈ আৰু শান্ত্বনা দিবলৈ সদায় সাজু থাকে। যিদৰে এজন ভাল ডাক্তৰে আঘাত পোৱা ব্যক্তিৰ যত্ন লয়, ঠিক সেইদৰে গীতমালা ১৪৭:৩ পদত কোৱাৰ দৰে যিহোৱাই ভগ্ন-চিত্তীয়াবিলাকৰ যত্ন লয়। সঁচাকৈ, আমাৰ ঈশ্বৰ কিমান মৰমিয়াল। তেওঁ মৰমেৰে আমাৰ মনত লগা আঘাতৰ ওপৰত মলম লগায়। যদি আমি যিহোৱাৰ পৰা শান্ত্বনা পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? খন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। এজন ভাল ডাক্তৰে আঘাত পোৱা ব্যক্তিক সহায় কৰিব পাৰে। কিন্তু সেই ব্যক্তিজনেও কিছুমান কাম কৰিব লাগিব। তেওঁ ডাক্তৰৰ সকলো কথা মানিব লাগিব, তেতিয়াহে তেওঁ সুস্থ হʼব। ঠিক সেইদৰে, আমি যিহোৱাৰ সকলো নিৰ্দেশনা পালন কৰিলেহে সুস্থ হʼব পাৰিম। যিসকল লোকে মনত আঘাত পাইছে আৰু দুখত আছে, যিহোৱাই তেওঁলোকৰ বাবে নিজৰ বাক্যত পৰামৰ্শ দিছে। w২৪.১০ ৬ ¶১-২

বুধবাৰ, ৭ জানুৱাৰী

সকলো প্ৰাণী . . . পৃথিৱীৰ পৰা উচ্ছন্ন হল।—আদি. ৭:২৩.

আগতে আমাৰ প্ৰকাশনবোৰত কোৱা হৈছিল যে যিহোৱাই যিসকল লোকক ধ্বংস কৰিছিল, তেওঁলোকৰ কি হʼব। আমি কৈছিলোঁ যে এনে বেয়া লোকসকলক ভৱিষ্যতে আকৌ জীয়াই তোলা নহʼব। যিহোৱাই বেয়া লোকসকলক ধ্বংস কৰাৰ বিষয়ে বাইবেলত বহুতো ঘটনা উল্লেখ আছে। যেনে, যিহোৱাই নোহ আৰু তেওঁৰ পৰিয়ালক এৰি বাকী সকলোকে জলপ্লাৱনত ধ্বংস কৰিলে। তেওঁ ইস্ৰায়েলীসকলৰ জৰিয়তে প্ৰতিজ্ঞা কৰা দেশত থকা সাতটা জাতিক ধ্বংস কৰিছিল। ইয়াৰ উপৰিও তেওঁ এজন স্বৰ্গদূতৰ জৰিয়তে একে ৰাতিতে ১,৮৫,০০০ অচূৰীয়া সৈনিকক মাৰি পেলাইছিল। (দ্বিতী. ৭:১-৩; যিচ. ৩৭:৩৬, ৩৭) কিন্তু বাইবেলত এনে কোনো প্ৰমাণ আছেনে, যাৰ পৰা জানিব পাৰি যে তেওঁ যিসকল লোকক মাৰি পেলাইছিল, তেওঁলোকক একেবাৰে ধ্বংস কৰি দিছিল আৰু তেওঁলোকক আকৌ জীয়াই তোলা নহʼব? বাইবেলত ইয়াৰ বিষয়ে কোনো প্ৰমাণ নাই। যিহোৱাই যি লোকসকলক ধ্বংস কৰিছিল, সেই সময়ত তেওঁ প্ৰতিজন ব্যক্তিৰ বিষয়ে কি চিন্তা কৰিছিল, তাৰ বিষয়ে আমি নাজানোঁ। লগতে তেওঁলোকে যিহোৱাক জানিবলৈ আৰু অনুতাপ কৰিবলৈ সুযোগ পালে নে নাপালে, তাৰ বিষয়েও আমি নাজানোঁ। w২৪.০৫ ৩ ¶৫-৭

বৃহস্পতিবাৰ, ৮ জানুৱাৰী

ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা।—ৰোম. ১২:২১.

এবাৰ যীচুৱে এগৰাকী বিধৱাৰ উদাহৰণ দিছিল। যিয়ে ন্যায় বিচাৰি বাৰে বাৰে ন্যায়াধীশৰ ওচৰলৈ গৈছিল। এই উদাহৰণ শুনি শিষ্যসকলে নিশ্চয় বুজি পাইছিল যে সেই বিধৱাগৰাকীয়ে কেনে অনুভৱ কৰিছে। কিয়নো সেই সময়ৰ লোকসকলৰ লগত প্ৰায়ে অন্যায় কৰা হৈছিল। (লূক ১৮:১-৫) আমিও সেই বিধৱাগৰাকীৰ দুখ ভালদৰে বুজি পাওঁ। কিয়নো আমিও কেতিয়াবা কেতিয়াবা অন্যায়ৰ সন্মুখীন হওঁ। আজি চাৰিওফালে লোকসকলে পক্ষপাত কৰে, নিজকে আনতকৈ ডাঙৰ বুলি ভাবে আৰু আনৰ লগত অন্যায় কৰে। সেইবাবে, যেতিয়া লোকলসকলে আমাক বিৰোধ কৰে, আমাক তাড়না দিয়ে, তেতিয়া আমি আচৰিত নহওঁ। (উপ. ৫:৮) কিন্তু যেতিয়া ভাই-ভনীসকলে আমাৰ লগত এইদৰে কৰে, তেতিয়া আমাৰ বহুত দুখ লাগে। কিয়নো তেওঁলোকে এইদৰে কৰিব বুলি আমি কেতিয়াও আশা নকৰোঁ। কিন্তু এয়া সঁচা যে তেওঁলোকেও অসিদ্ধ হয় আৰু জানি-বুজি তেওঁলোকে আমাক কেতিয়াও আঘাত দিব নিবিচাৰে। সেইবাবে, আমি তেওঁলোকক সহ্য কৰা উচিত। যীচুৰ লগতো অন্যায় হৈছিল। কিন্তু তেওঁ বিৰোধীসকলৰ লগত ধৈৰ্য্যৰে ব্যৱহাৰ কৰিলে আৰু সকলো সহন কৰিলে। যেতিয়া বিৰোধীসকলে আমাৰ লগত অন্যায় কৰে, তেতিয়া আমি যীচুৰ দৰে তেওঁলোকৰ লগত ধৈয্যেৰে ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহʼলে চিন্তা কৰক, যদি আমি বিৰোধীসকলৰ লগত ধৈৰ্য্য ধৰোঁ, তেনেহʼলে ভাই-ভনীসকলৰ প্ৰতি আমি কিমান ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছে। w২৪.১১ ২ ¶১-২

শুক্ৰবাৰ, ৯ জানুৱাৰী

এওঁলোকক খুৱাবৰ কাৰণে আমি ৰুটি কʼৰ পৰা কিনিম?—যোহ. ৬:৫.

ৰুটিৰ অবিহনে ইস্ৰায়েলীসকলৰ আহাৰ আধৰুৱা হৈছিল। (আদি. ১৪:১৮; লূক ৪:৪) সেই সময়ত ৰুটি খোৱাটো লোকসকলৰ বাবে ইমানেই সাধাৰণ আছিল যে বাইবেলত বহু বাৰ আহাৰ খোৱাৰ বাবে ৰুটি শব্দ ব্যৱহাৰ কৰা হৈছে। (মথি ৬:১১) যীচুৱে দুবাৰ চমৎকাৰ কৰি লোকসকলক ৰুটি খোৱাইছিল। (মথি ১৬:৯, ১০) তাৰে মাজৰ এটাৰ বিষয়ে যোহন ৬ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ। এবাৰ যেতিয়া যীচুৰ শিষ্যসকল প্ৰচাৰ কৰি উভতি আহিলে, তেতিয়া যীচুৱে তেওঁলোকক এখন নাৱত গালীল সাগৰৰ আনফালে লৈ গʼল যাতে তেওঁলোকে অলপ আৰাম কৰিব পাৰে। (মাৰ্ক ৬:৭, ৩০-৩২; লূক ৯:১০) তেওঁলোকে বৈৎচৈদাৰ এখন নিৰ্জন ঠাইত গৈ পালে, কিন্তু তাত তেওঁলোকৰ ওচৰত হাজাৰ হাজাৰ লোক আহিল। যীচুৱে তেওঁলোকক আওকাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকাবলৈ ধৰিলে আৰু বেমাৰত থকা লোকসকলক সুস্থ কৰিবলৈ ধৰিলে। গধূলি হোৱাৰ লগে লগে পাঁচনিসকলে চিন্তা কৰিবলৈ ধৰিলে যে ইমান লোকসকলে আহাৰ কʼৰ পৰা খাব। কিছুমানৰ ওচৰততো অলপ খানা আছিল। কিন্তু বেছিভাগ লোকে গাঁৱত গৈ আহাৰ কিনিব লাগিছিল।—মথি ১৪:১৫. w২৪.১২ ২ ¶১-২

শনিবাৰ, ১০ জানুৱাৰী

ঈশ্বৰে যি উপহাৰ দিয়ে, সেয়া হৈছে আমাৰ প্ৰভু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱন।—ৰোম. ৬:২৩.

আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হৱা সিদ্ধ আছিল আৰু এখন ধুনীয়া বাগিচাত থাকিছিল। (আদি. ১:২৭; ২:৭-৯) তেওঁলোকৰ ওচৰত সকলো আছিল আৰু সদায় জীয়াই থকাৰ সুযোগো আছিল। কিন্তু পাছত সকলো সলনি হৈ গʼল। তেওঁলোকে নিজৰ ধুনীয়া ঘৰ আৰু সদায় জীয়াই থকাৰ সুযোগো হেৰুৱালে। আদম আৰু হৱাই উত্তৰাধিকাৰী হিচাপে আমাক কি দিলে? বাইবেলত লিখা আছে “এজন মানুহৰ [আদম] পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল আৰু এইদৰে মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে।” (ৰোম. ৫:১২) আদমে উত্তৰাধিকাৰী হিচাপে আমাক পাপ দিলে আৰু পাপৰ বাবে আমাৰ মৃত্যু হয়। এই পাপৰ ধাৰ ইমানেই বেছি যে আমি এয়া কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। (গীত. ৪৯:৮) যীচুৱে কৈছিল যে আমাৰ পাপ ‘ধাৰৰ’ দৰে হয়। (মথি ৬:১২, ফুট.; লূক ১১:৪) যেতিয়া আমি পাপ কৰোঁ, তেতিয়া আমিও যিহোৱাৰ ধৰুৱা হৈ পৰোঁ আৰু এই ধাৰ আমি পৰিশোধ কৰিবই লাগিব। যদি আমি এই ধাৰ পৰিশোধ নকৰোঁ, তেনেহʼলে যেতিয়া আমাৰ মৃত্যু হʼব, তেতিয়াহে আমি এই ধাৰৰ পৰা মুক্ত হʼম।—ৰোম. ৬:৭. w২৫.০২ ২-৩ ¶২-৩

দেওবাৰ, ১১ জানুৱাৰী

মই তোমাৰ নাম তেওঁলোকক জনালোঁ।—যোহ. ১৭:২৬.

আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ সুযোগ পাইছোঁ, এয়া এক ডাঙৰ সন্মান হয়! কিয়নো এই সুযোগ সকলোৱে নাপায়। পৃথিৱীত থকাৰ সময়ত যীচুৱে দুষ্ট স্বৰ্গদূতসকলক তেওঁৰ বিষয়ে ঘোষণা কৰিবলৈ নিদিলে। (লূক ৪:৪১) বৰ্তমান সময়তো যদি কোনোবাই ঈশ্বৰৰ লোকসকলৰ লগত প্ৰচাৰ কৰিব বিচাৰে, তেনেহʼলে প্ৰথমে তেওঁ ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰচাৰ কৰিবলৈ সুযোগ লাভ কৰিব। প্ৰচাৰ কৰাৰ আমি যি সন্মান লাভ কৰিছোঁ, তাৰ প্ৰতি কৃতজ্ঞ বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ? আমি যʼতেই সুযোগ পাওঁ বা যেতিয়াই সুযোগ নাপাওঁ কিয়, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক জনাম। যীচুৱে যেনেকৈ লোকসকলৰ হৃদয়ত সত্যৰ বীজ ৰোপণ কৰিছিল, আমিও সেইদৰে কৰিব বিচাৰোঁ আৰু পানী দিব বিচাৰোঁ। (মথি ১৩:৩, ২৩; ১ কৰি. ৩:৬) বৰ্তমান সময়ত যিহোৱাৰ সংগঠনেও লোকসকলক ঈশ্বৰৰ নাম জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। যেনে, নতুন জগত অনুবাদ বাইবেলত যিহোৱাৰ নাম যি যি ঠাইত হʼব লাগে, সেই ঠাইত পুনৰ দিয়া হʼল। বৰ্তমান সময়ত এই বাইবেল বা ইয়াৰ কিছুমান কিতাপ ২৭০-তকৈ বেছি ভাষাত উপলব্ধ আছে। w২৪.০৪ ৯ ¶৮-৯

সোমবাৰ, ১২ জানুৱাৰী

তেওঁৰ স্বামীয়েও তেওঁক প্ৰশংসা কৰি কয়।—হিতো. ৩১:২৮.

কিছুমান বিবাহিত ভায়ে এনে কিবা কৰে, যাৰ পৰা তেওঁৰ পত্নীৰ অনুভৱ হয় যে তেওঁ তাইক বহুত প্ৰেম কৰে। (১ যোহ. ৩:১৮) এজন স্বামীয়ে সৰু সৰু উপায়েৰে নিজৰ পত্নীক মৰম দেখুৱাব পাৰে। যেনে, তেওঁ তাইৰ হাত ধৰিব পাৰে বা মৰমেৰে সাৱটি ধৰিব পাৰে। ইয়াৰ লগতে তেওঁ মেছেজত কʼব পাৰে যে “তুমি ভাত খালা নে?” বা “তোমাৰ কামবোৰ কেনেকুৱা চলি আছে?” ইয়াৰ লগতে তেওঁ নিজৰ পত্নীক উপহাৰো দিব পাৰে। এইদৰে তেওঁ নিজৰ মৰম দেখুৱাব পাৰে। যেতিয়া এজন স্বামীয়ে এইদৰে কৰিব, তেতিয়া তেওঁ নিজৰ পত্নীক প্ৰেম আৰু আদৰ কৰে বুলি দেখুৱাব। এইদৰে তেওঁলোকৰ বিবাহিত সম্পৰ্ক মজবুত হʼব। যিজন স্বামীয়ে নিজৰ পত্নীক আদৰ কৰে, তেওঁ তাইৰ প্ৰতি কিমান কৃতজ্ঞ আছে, তাৰ বিষয়ে জনাব আৰু লগতে তাইক উৎসাহিত কৰিব। যেনে, তেওঁৰ পত্নীয়ে তেওঁক সহযোগ কৰিবলৈ যি পৰিশ্ৰম কৰে, তাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিব। (কল. ৩:১৫) যেতিয়া এজন স্বামীয়ে নিজৰ পত্নীক হৃদয়েৰে প্ৰশংসা কৰিব, তেতিয়া তাইৰ বহুত ভাল লাগিব। তাইৰ স্বামীয়ে তাইৰ বিষয়ে চিন্তা কৰে, তাইক প্ৰেম আৰু আদৰ কৰে বুলি তাইৰ অনুভৱ হʼব। w২৫.০১ ১১ ¶১৫; ১৩ ¶১৬

মঙ্গলবাৰ, ১৩ জানুৱাৰী

তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।—যিচ. ৪৮:১৭.

গীতমালা ১৫-ৰ শেষত আমাক প্ৰতিজ্ঞা কৰা হৈছে যে “এইবোৰ কৰ্ম্ম যি জনে কৰে, সেই জন কেতিয়াও লৰচৰ নহব।” ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই গীতত লিখা কথাবোৰ আমি পালন কৰাটো যিহোৱাই কিয় বিচাৰে। কাৰণ আমি আনন্দিত হৈ থকাটো তেওঁ বিচাৰে। সেইবাবে, আমি কি কৰা উচিত তাৰ বিষয়ে তেওঁ জনাইছে। যদি আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেনেহʼলে এক ভাল জীৱন জীয়াই থাকিব পাৰিম আৰু তেওঁ আমাক সুৰক্ষা দিব। যিসকল লোক যিহোৱাৰ তম্বুৰ আলহী, তেওঁলোকৰ এক ভাল ভৱিষ্যতৰ আশা আছে। অভিষিক্ত খ্ৰীষ্টানসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে, যʼত যীচুৱে তেওঁলোকৰ বাবে “বহুত ঠাই” তৈয়াৰ কৰি ৰাখিছে। (যোহ. ১৪:২) বাকী লোকসকলৰ এই পৃথিৱীতে সদায় জীয়াই থকাৰ আশা আছে, যʼত প্ৰকাশিত বাক্য ২১:৩ পদত কোৱা কথা পূৰ হোৱাটো তেওঁলোকে দেখিবলৈ পাব। যিহোৱাই আমাক তেওঁৰ বন্ধু হোৱাৰ যি সুযোগ দিছে, এয়া আমাৰ বাবে বহুত সন্মানৰ কথা। তেওঁ আমাক নিজৰ তম্বুত সদায় আলহী হৈ থাকিবলৈ মাতিছে।—গীত. ১৫:১-৫. w২৪.০৬ ১৩ ¶১৯-২০

বুধবাৰ, ১৪ জানুৱাৰী

যিহোৱাৰ নাম যি মহিমা পোৱাৰ যোগ্য, সেই মহিমা তেওঁক দিয়া।—গীত. ৯৬:৮.

মহিমাৰ অৰ্থ কি? যেতিয়া বাইবেলত মহিমা শব্দটো আহে, তেতিয়া এয়া এনে হয় যেন, এজন ব্যক্তিৰ মহিমা বাঢ়ি যায় বা লোকসকলে চাই আচৰিত হয়। যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰ পৰা উলিয়াই আনিলে, তাৰ কিছু সময়ৰ পাছত যিহোৱাই অদ্ভুত উপায়েৰে নিজৰ মহিমা প্ৰকাশ কৰিলে। কল্পনা কৰক, লাখ লাখ ইস্ৰায়েলীয়ে চীনয় পৰ্বতৰ কাষত থিয় হৈ আছে। তেওঁলোকে যিহোৱাৰ কথা শুনিবলৈ আগ্ৰহেৰে বাট চাই আছে। পাছত ঘোৰ মেঘে পৰ্বতক ঢাকি দিয়ে। হঠাতে ভূমিকম্প হয় আৰু আগ্নেয়গিৰিৰ দৰে পাহাৰত ধোঁৱা উঠিবলৈ ধৰে। পৃথিৱী কপিবলৈ ধৰে, বিজুলী আৰু মেঘ গৰ্জন হʼবলৈ ধৰে। চাৰিওফালে ভয়ানক শিঙা-ধ্বনি হʼবলৈ ধৰে। (যাত্ৰা. ১৯:১৬-১৮; ২৪:১৭; গীত. ৬৮:৮) যিহোৱাৰ মহিমাৰ এই দৃশ্য চাই ইস্ৰায়েলীসকলে নিশ্চয় আচৰিত হৈছিল! আজি আমি তেওঁৰ আচৰিত কাম বা তেওঁৰ ভাল গুণৰ বিষয়ে আনক জনাব পাৰোঁ আৰু যেতিয়া আমি যিহোৱাৰ সহায়ত কোনো এটা কাম ভালদৰে কৰোঁ, তেতিয়া ইয়াৰ প্ৰশংসা আমি যিহোৱাক দিব পাৰোঁ।—যিচ. ২৬:১২. w২৫.০১ ২-৩ ¶২-৩

বৃহস্পতিবাৰ, ১৫ জানুৱাৰী

মোক যিহোৱাই পঠালে।—গণ. ১৬:২৮.

ইস্ৰায়েলীসকলৰ নেতৃত্ব লʼবলৈ যিহোৱাই মোচিক নিযুক্ত কৰিছিল। কিন্তু ইস্ৰায়েলৰ কিছুমান বিশেষ পদত থকা লোকসকলে মোচিৰ ওপৰত প্ৰশ্ন তুলিবলৈ ধৰিলে। তেওঁলোকে কʼলে যে কেৱল মোচিয়ে নহয়, “গোটেই মণ্ডলীৰ প্ৰতিজনেই পবিত্ৰ, আৰু যিহোৱা তেওঁবিলাকৰ মাজত আছে।” (গণ. ১৬:১-৩) এয়া সঁচা যে “মণ্ডলীৰ প্ৰতিজনেই” যিহোৱাৰ বাবে পবিত্ৰ আছিল, কিন্তু যিহোৱাই তেওঁলোকৰ নেতৃত্ব লʼবলৈ মোচিক বাছনি কৰিছিল। সেইবাবে, যেতিয়া তেওঁলোকে মোচিৰ ওপৰত প্ৰশ্ন কৰিছিল, তেতিয়া আচলতে তেওঁলোকে যিহোৱাৰ ওপৰতহে প্ৰশ্ন কৰিছিল। তেওঁলোকে অধিকাৰ পোৱাৰ ইচ্ছাত ইমানেই অন্ধ হৈ পৰিছিল যে যিহোৱাই কি বিচাৰ, তাৰ প্ৰতি ধ্যানেই দিয়া নাছিল। সেইবাবে, যিহোৱাই সেই বিদ্ৰোহীসকলৰ লগতে তেওঁলোকক সহযোগ কৰা হাজাৰতকৈ বেছি ইস্ৰায়েলীক মাৰি পেলালে। (গণ. ১৬:৩০-৩৫, ৪১, ৪৯) আজিও যদি কোনোবাই যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন নকৰে, তেনেহʼলে যিহোৱা তেওঁৰ পৰা আনন্দিত নহয়। w২৪.০৭ ১১ ¶১১

শুক্ৰবাৰ, ১৬ জানুৱাৰী

দৰ্শনে এতিয়াও নিৰূপিত সময়লৈ বাট চাই আছে।—হব. ২:৩.

বাইবেলত কোৱাৰ দৰে আমি জগতৰ একেবাৰে শেষ সময়ত জীয়াই আছোঁ। আজি লোকসকলে আমাৰ বাৰ্তা শুনাৰ পৰিৱৰ্তে আমাক ঠাট্টাহে কৰে। (২ পিত. ৩:৩, ৪) গতিকে আমি সকলো কথা নাজানোঁ। সেইবাবে, আমি সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত যে অন্ত সঠিক সময়ত আহিব আৰু সেই সময়ত যিহোৱাই আমাক ৰক্ষা কৰিব। আমি ‘বিশ্বাসী আৰু বুদ্ধিমান দাসৰ’ ওপৰতো নিজৰ বিশ্বাস বঢ়াই থকা উচিত, যিসকলৰ যোগেদি যিহোৱাই আজি আমাক নিৰ্দেশনা দিয়ে। (মথি ২৪:৪৫) যেতিয়া মহা-সংকট আৰম্ভ হʼব, তেতিয়া আমাক স্পষ্টকৈ নিৰ্দেশনা দিয়া হʼব যে আমি কি কৰিব লাগিব। আজি আমি নিজৰ বিশ্বাস বঢ়োৱা আৰু নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আজি আমি এইদৰে কৰোঁ, তেনেহʼলে মহা-সংকটৰ সময়ছোৱাত ভাইসকলৰ আজ্ঞা মানিবলৈ আমাৰ বাবে আৰু সহজ হৈ পৰিব। w২৪.০৯ ১১ ¶১১-১২

শনিবাৰ, ১৭ জানুৱাৰী

‘তুমি চালি-জাৰি চোৱা যে ঈশ্বৰৰ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ ইচ্ছা কি হয়।’—ৰোম. ১২:২.

পিতৃ-মাতৃসকল, আপোনালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ইয়াৰ অৰ্থ এয়া নহয় যে আপোনাৰ লʼৰা-ছোৱালীয়েও ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব। লʼৰা-ছোৱালীয়ে হয়তো এই প্ৰশ্ন সুধিব পাৰে, ‘ঈশ্বৰ আছে বুলি মই কেনেকৈ মানি লওঁ? বাইবেলত লিখা কথাবোৰ সঁচা হয় নে?’ এনেধৰণৰ প্ৰশ্ন সোধাটো ভুল নহয়। কাৰণ বাইবেলতো আমাক ‘চিন্তা কৰা শক্তি ব্যৱহাৰ কৰিবলৈ’ আৰু “সকলো কথা চালি-জাৰি” চাবলৈ উৎসাহিত কৰা হৈছে। (ৰোম. ১২:১; ১ থিচ. ৫:২১) গতিকে পিতৃ-মাতৃসকল, যেতিয়া লʼৰা-ছোৱালীয়ে প্ৰশ্ন সোধে, তেতিয়া তেওঁলোকৰ বিশ্বাস মজবুত কৰিবলৈ আপুনি কি কৰিব পাৰে? বাইবেলত লিখা কথাবোৰ সঁচা হয় বুলি প্ৰমাণ বিচাৰিবলৈ নিজৰ সন্তানক উৎসাহিত কৰক। যেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়ে কিবা প্ৰশ্ন সোধে, তেতিয়া সুযোগ লৈ তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ শিকাওক। আপুনি তেওঁক ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী আৰু যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) অনুসন্ধান কৰিবলৈ শিকাব পাৰে। যেনে, আপুনি তেওঁক অনুসন্ধান গাইডত বিষয় “বাইবেল”-ত গৈ “ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছিল” নামৰ ভাগটো চাবলৈ কʼব পাৰে। তাত তেওঁ এনে লেখবোৰ পাব যʼত এই কথাৰ প্ৰমাণ দিয়া হৈছে যে যদিও বাইবেলখন মানুহে লিখিছে, কিন্তু এয়া আচলতে “ঈশ্বৰৰ বাক্য” হয়।—১ থিচ. ২:১৩. w২৪.১২ ১৪-১৫ ¶৪-৫

দেওবাৰ, ১৮ জানুৱাৰী

সেইবোৰ কথা বিশ্বাসযোগ্য পুৰুষসকলক শিকোৱা যাতে তেওঁলোকে আনক শিকাবলৈ যোগ্য হʼব পাৰে।—২ তীম. ২:২.

প্ৰাচীনসকলে যীচুৰ পৰা কি শিকিব পাৰে? তেওঁলোকে সেই ভাইসকলকো ট্ৰেইনিং দিব পাৰে, যিসকলৰ বয়স কম যাতে তেওঁলোকে আৰু বেছিকৈ দায়িত্ব লোৱাৰ যোগ্য হʼব পাৰে। তেওঁলোকে এবাৰতে সকলোবোৰ শিকিব পাৰিব আৰু তেওঁলোকৰ পৰা একো ভুল নহʼব বুলি প্ৰাচীনসকলে আশা কৰা উচিত নহয়। কিন্তু যেতিয়া প্ৰয়োজন হয়, তেতিয়া তেওঁলোকক স্পষ্টকৈ কিন্তু মৰমেৰে পৰামৰ্শ দিয়া উচিত যাতে তেওঁলোকে নম্ৰ হʼবলৈ, ভৰসাযোগ্য হʼবলৈ আৰু আনন্দেৰে আনক সহায় কৰিবলৈ শিকিব পাৰে। (১ তীম. ৩:১; ১ পিত. ৫:৫) যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কৰাৰ লগতে শিকোৱাৰ দায়িত্ব দিছিল। শিষ্যসকলে হয়তো ভাবিছিল যে তেওঁলোকে এই দায়িত্ব পূৰ কৰিব নোৱাৰিব। কিন্তু যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁলোকে এই দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিব। সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “যিদৰে পিতৃয়ে মোক পঠাইছে, ময়ো তোমালোকক পঠাইছোঁ।”—যোহ. ২০:২১. w২৪.১০ ১৬ ¶১৫; ১৭ ¶১৭

সোমবাৰ, ১৯ জানুৱাৰী

দায়ূদ . . . মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে।—পাঁচ. ১৩:২২.

দায়ূদ এজন ভাল ৰজা আৰু যিহোৱাৰ বিশ্বাসী ব্যক্তি আছিল। তেওঁ সংগীতকাৰ, কবি, যুঁজাৰু আৰু ভৱিষ্যবক্তাও আছিল। তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। ৰজা চৌলৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁ বহু সময়লৈকে যʼতে-তʼতে পলাই ফুৰিবলগীয়া হৈছিল। পাছত যেতিয়া দায়ূদ ৰজা হʼল, তেতিয়া তেওঁৰ লʼৰা অবচলোমে তেওঁৰ ৰাজ্য কাঢ়ি লʼবলৈ আৰু তেওঁক হত্যা কৰিব বিচাৰিছিল। তেতিয়া তেওঁ আকৌ নিজৰ জীৱন ৰক্ষা কৰিবলৈ পলাই ফুৰিবলগীয়া হৈছিল। দায়ূদে বহুতো সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ পৰা কিছুমান ডাঙৰ ভুলো হৈছিল। কিন্তু তেওঁ শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। সেইবাবে, যিহোৱাই তেওঁৰ বিষয়ে বাইবেলত এইদৰে লিখালে, “তেওঁ মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে।” তেনেহʼলে ঈশ্বৰে নিজৰ এই বিশ্বাসী সেৱকৰ কথাৰ ওপৰত ধ্যান নিদিয়াকৈ কেনেকৈ থাকিব পাৰে। (১ ৰাজা. ১৫:৫) দায়ূদে নিজৰ লʼৰা চলোমনক কি পৰামৰ্শ দিলে তালৈ মন কৰক, যি আগলৈ গৈ ৰজা হʼলহেঁতেন। চলোমনে সত্য উপাসনাক সহযোগ কৰা আৰু যিহোৱাৰ মহিমাৰ বাবে মন্দিৰ বনোৱাটো যিহোৱাৰ ইচ্ছা আছিল, সেইবাবে তেওঁক ৰজা হিচাপে বাছনি কৰিছিল। চলোমনে আগলৈ গৈ বহুতো সমস্যাৰ সন্মুখীন হʼলহেঁতেন। সেইবাবে, দায়ূদে তেওঁক কিছুমান ভাল পৰামৰ্শ দিলে। তেওঁ কি কৈছিল আহক তালৈ মন কৰোঁ। দায়ূদে নিজৰ লʼৰা চলোমনক কʼলে যে যদি তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁ সফল হʼব।—১ ৰাজা. ২:২, ৩. w২৪.১১ ১০ ¶৯-১১

মঙ্গলবাৰ, ২০ জানুৱাৰী

তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা, আৰু তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই কাৰ্য্য সিদ্ধ কৰিব।—গীত. ৩৭:৫.

যিজন স্বামীয়ে নিজৰ পত্নীক মাৰ-পিট কৰে বা তাইক বেয়াকৈ কয়, তেওঁ যিহোৱা আৰু নিজৰ পত্নীৰ লগত সম্পৰ্ক ভাল কৰিবলৈ কিছুমান পদক্ষেপ লʼব লাগিব: প্ৰথমতে, তেওঁ বুজি পাব লাগিব যে তেওঁ যি কৰি আছে, সেয়া ভুল হয়। তেওঁ এয়াও মনত ৰাখিব লাগিব যে যিহোৱাৰ পৰা কোনো কথা লুকাই নাথাকে। (গীত. ৪৪:২১; উপ. ১২:১৪; ইব্ৰী ৪:১৩) দ্বিতীয়তে, তেওঁ নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব লাগিব আৰু নিজৰ আচাৰ-ব্যৱহাৰ সলনি কৰিব লাগিব। (হিতো. ২৮:১৩) তৃতীয়তে, তেওঁ নিজৰ ভুলৰ বাবে অনুতাপ কৰিব লাগিব আৰু নিজৰ পত্নী আৰু যিহোৱাৰ পৰা হৃদয়েৰে ক্ষমা বিচাৰিব লাগিব। (পাঁচ. ৩:১৯) নিজকে সলনি কৰাৰ ইচ্ছা বিচাৰি আৰু নিজৰ বেয়া চিন্তাধাৰা, কথা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ কাকূতি-মিনতি কৰিব লাগিব। (গীত. ৫১:১০-১২; ২ কৰি. ১০:৫; ফিলি. ২:১৩) চতুৰ্থতে, তেওঁ নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কাম কৰিব লাগিব অৰ্থাৎ সকলো ধৰণৰ হিংসা আৰু গালি-শপনি ঘৃণা কৰিব লাগিব। (গীত. ৯৭:১০) পঞ্চমতে, তেওঁ লগে লগে প্ৰাচীনসকলৰ লগত কথা পাতিব লাগিব, যিসকলে মৰমেৰে তেওঁক সহায় কৰিব। (যাকো. ৫:১৪-১৬) ষষ্ঠতে, তেওঁ সেই ভুল আকৌ নকৰিবলৈ কি কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰিব লাগিব। w২৫.০১ ১১ ¶১৪

বুধবাৰ, ২১ জানুৱাৰী

তুমি কিয় দেৰি কৰিছা? উঠা, বাপ্তিষ্মা লোৱা।—পাঁচ. ২২:১৬.

আপুনি যিহোৱাক প্ৰেম কৰে নে, যিজনে সকলো ভাল বস্তু উপহাৰ দিছে আৰু জীৱন দিছে? আপুনি তেওঁক কিমান প্ৰেম কৰে, সেয়া দেখুৱাব বিচাৰে নে? এইদৰে কৰাৰ আটাইতকৈ ভাল উপায় হৈছে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱা। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া আপুনি তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰিব আৰু তেওঁ আপোনাৰ পিতৃ আৰু বন্ধু হৈ পৰিব। তেওঁ আপোনাক সঠিক পথ দেখুৱাব আৰু আপোনাৰ যত্ন লʼব। কাৰণ আপুনি তেওঁৰ আপোন হৈ পৰিব। (গীত. ৭৩:২৪; যিচ. ৪৩:১, ২) সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ বাবে আপুনি অনন্ত জীৱন জীয়াই থকাৰ সুযোগো লাভ কৰিব। (১ পিত. ৩:২১) আপুনি কোনো এটা কাৰণৰ বাবে বাপ্তিষ্মা লʼবলৈ সংকোচ কৰি আছে নে? যদি কৰিছে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। লাখ লাখ লোকক এইদৰেই লাগিছিল। কিন্তু পাছত তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তাধাৰা সলনি কৰিলে যাতে বাপ্তিষ্মা লোৱাৰ যোগ্য হʼব পাৰে। আজি তেওঁলোকে আনন্দেৰে আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আছে। w২৫.০৩ ২ ¶১-২

বৃহস্পতিবাৰ, ২২ জানুৱাৰী

তোমাৰ লগত ক্ষমা আছে।—গীত. ১৩০:৪.

বাইবেলত প্ৰায়ে পাপক গধুৰ বোজাৰ লগত তুলনা কৰা হৈছে। ৰজা দায়ূদেও নিজৰ পাপৰ বিষয়ে এইদৰে কৈছিল, “মোৰ অনেক প্ৰকাৰ অপৰাধ মোৰ মূৰৰ ওপৰলৈকে উঠিল; গধূৰ বোজাৰ নিচিনা সেইবোৰ মোৰ পক্ষে অতি ভাৰী।” (গীত. ৩৮:৪) কিন্তু এজন ব্যক্তিয়ে যেতিয়া অন্তৰৰ পৰা অনুতাপ কৰে, তেতিয়া যিহোৱাই তেওঁক ক্ষমা কৰে। (গীত. ২৫:১৮; ৩২:৫) যি হিব্ৰু শব্দৰ অনুবাদ “ক্ষমা কৰা” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে, “উঠোৱা” বা “উঠাই লৈ যোৱা।” গতিকে, যিহোৱা এজন শক্তিশালী ব্যক্তিৰ দৰে হয়, যিয়ে আমাৰ পাপৰ গধুৰ বোজা উঠাই আৰু দূৰলৈ লৈ যায়। যিহোৱাই আমাৰ পাপ আমাৰ পৰা কিমান দূৰলৈ লৈ যায়? ইয়াক বুজিবলৈ আহক বাইবেলৰ আৰু এটা উদাহৰণলৈ মন কৰোঁ। গীতমালা ১০৩:১২ পদত এইদৰে লিখা আছে, “পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।” আমি অনুমান কৰিব নোৱাৰোঁ যে পূব পশ্চিমৰ পৰা কিমান দূৰ। ঠিক সেইদৰে, যিহোৱাও আমাৰ পাপবোৰক সিমান দূৰলৈ লৈ যায়, যিমান আমি কল্পনা কৰিব নোৱাৰোঁ। সঁচাকৈ, আমি এয়া জানি বহুত শান্ত্বনা লাভ কৰোঁ যে যিহোৱাই আমাৰ পাপ আমাৰ পৰা দূৰলৈ লৈ যায় আৰু আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰে। w২৫.০২ ৯ ¶৫-৬

শুক্ৰবাৰ, ২৩ জানুৱাৰী

যেতিয়া তোমালোকে আনক সহায় কৰা, তেতিয়া কপটীয়াবিলাকৰ দৰে আনক কৈ নুফুৰিবা।—মথি ৬:২.

যীচু স্বৰ্গলৈ যোৱাৰ আগতে পাঁচনি পিতৰে জন্মৰে পৰা খোজকাঢ়িব নোৱাৰা এজন ব্যক্তিক সুস্থ কৰিলে। (পাঁচ. ১:৮, ৯; ৩:২, ৬-৮) এই চমৎকাৰ চাই লোকসকলে পিতৰৰ ওচৰত গোট খাবলৈ ধৰিলে। (পাঁচ. ৩:১১) তেওঁলোকে হয়তো পিতৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। কিন্তু পিতৰে কি কৰিলে? তেওঁ সেই সময়ৰ যিহূদীসকলৰ দৰে নাছিল, যিসকলে নাম আৰু পদবীক বেছিকৈ গুৰুত্ব দিছিল। পিতৰ নম্ৰ আছিল, সেইবাবে তেওঁ নিজে প্ৰশংসা লোৱাৰ পৰিৱৰ্তে চমৎকাৰ কৰাৰ সকলো প্ৰশংসা যিহোৱা আৰু যীচুক দিলে। তেওঁ কʼলে, “আমি [যীচুৰ] নামৰ ওপৰত বিশ্বাস কৰোঁ আৰু তেওঁৰ নামৰ কাৰণেহে এই মানুহজন ঠিক হʼল, যিজনক তোমালোকে দেখি আছা আৰু চিনিও পোৱা।” (পাঁচ. ৩:১২-১৬) আমিও পিতৰৰ দৰে নম্ৰ হʼবলৈ শিকিব পাৰোঁ। আমি যিহোৱা আৰু লোকসকলক প্ৰেম কৰোঁ। সেইবাবে, আমি আনক সহায় কৰোঁ, প্ৰশংসা পাবলৈ নহয়। আনে আমাৰ পৰিশ্ৰমৰ ওপৰত ধ্যান দিয়ক বা নিদিয়ক, যদি আমি আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰোঁ আৰু ভাই-ভনীসকলক সহায় কৰোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি সঁচাকৈ নম্ৰ হওঁ।—মথি ৬:১-৪. w২৫.০৩ ১০-১১ ¶১১-১২

শনিবাৰ, ২৪ জানুৱাৰী

নিজৰ ওপৰত আৰু নিজৰ শিক্ষাৰ ওপৰত সদায় ধ্যান দি থাকা।—১ তীম. ৪:১৬.

প্ৰচাৰ কামত আৰু বেছিকৈ আনন্দ পাবলৈ আৰু নিজৰ উৎসাহ বঢ়াবলৈ কি কৰিব পাৰোঁ? আমি প্ৰচাৰ কৰাৰ যোগেদি দেখুৱাওঁ যে যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰোঁ। (মথি ২২:৩৭-৩৯) যেতিয়া আমি এয়াও চিন্তা কৰিম যে প্ৰচাৰ কৰি থকা দেখি যিহোৱা কিমান আনন্দিত হʼব, তেতিয়া প্ৰচাৰৰ বাবে আমাৰ উৎসাহ বাঢ়িব। লগতে বাইবেল অধ্যয়ন কৰি লোকসকলে কিমান আনন্দিত হʼব আৰু অনন্ত জীৱন লাভ কৰাৰ আশা পাব, এই বিষয়ে চিন্তা কৰিলে প্ৰচাৰৰ বাবে আমাৰ উৎসাহ আৰু বাঢ়িব। (যোহ. ৬:৪০)যদি কিবা কাৰণৰ বাবে আপুনি ঘৰৰ পৰা ওলাব পৰা নাই বা প্ৰচাৰত ভাগ লʼব পৰা নাই, তেনেহʼলে নিৰাশ নহʼব। আপুনি যিহোৱা আৰু লোকসকলৰ বাবে কেনেকৈ প্ৰেম বঢ়াব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। ভাই চেমূৱেল আৰু তেওঁৰ পত্নী ডানিয়াৰ উদাহৰণলৈ মন কৰক। কভিড ১৯ মহামাৰীৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ বাবে তেওঁলোকে ফোন আৰু চিঠিৰ যোগেদি লোকসকলক প্ৰচাৰ কৰিলে, লগতে জুমৰ যোগেদি বাইবেল অধ্যয়ন কৰালে। নিজৰ পৰিস্থিতিৰ বাবে ভাই চেমূৱেল আৰু তেওঁৰ পত্নী আগৰ নিচিনা প্ৰচাৰ কৰিব পৰা নাছিল। কিন্তু যিমান পাৰিছিল, সিমান কৰিছিল। সেইবাবে, তেওঁলোকে আনন্দ লাভ কৰিলে। w২৪.০৪ ১৮ ¶১৫-১৬

দেওবাৰ, ২৫ জানুৱাৰী

গুণৱতী স্ত্ৰী পোৱা কাৰ সাধ্য? কিয়নো পদ্মৰাগ বাখৰতকৈয়ো তেওঁৰ মূল্য অতি অধিক।—হিতো. ৩১:১০.

বহুতো ডেকা আৰু বয়সস্থ লোকে নিজৰ কাৰণে জীৱন সংগী বিচাৰি আছে। এয়া সঁচা যে বহুতো অবিবাহিত লোকে নিজৰ জীৱনত আনন্দিত আছে, কিন্তু বিবাহিত জীৱনৰ আনন্দও বেলেগ। যদি আপুনি বিয়া পতাৰ উদ্দেশ্যেৰে কাৰোবাৰ লগত চিনাকী হʼব বিচাৰে, তেনেহʼলে কিছুমান কথা ধ্যান দিয়া উচিত। যেনে, যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? আপুনি নিজৰ খৰচ কেনেকৈ বহন কৰিব? আপুনি বিয়াৰ দায়িত্ব পূৰ কৰিবলৈ সাজু আছে নে? (১ কৰি. ৭:৩৬) ডেটিং কৰাৰ আগতে চিন্তা কৰা উচিত যে আপুনি কেনেধৰণৰ সংগী বিচাৰে। যদি আপুনি আগতীয়াকৈ এই বিষয়ে চিন্তা নকৰে, তেনেহʼলে হয়তো আপুনি এনে এজন ব্যক্তিৰ লগত ডেটিং কৰিব, যিজন আপোনাৰ কাৰণে ভাল সংগী নহʼব বা আপুনি এনে ব্যক্তিৰ ওপৰত ধ্যানে নিদিব, যিজন আপোনাৰ কাৰণে ভাল সংগী হʼব পাৰে। আপুনি নিশ্চয় এনে এজন ব্যক্তিৰ লগত ডেটিং কৰিব, যিজনে বাপ্তিষ্মা লৈছে। (১ কৰি. ৭:৩৯) কিন্তু মনত ৰাখিব যে যদি কোনোবাই বাপ্তিষ্মা লৈছে, তেনেহʼলে তেওঁ আপোনাৰ কাৰণে ভাল জীৱন সংগী হʼব বুলি এয়া কোনো গেৰাণ্টি নহয়। সেইবাবে, নিজকে কিছুমান প্ৰশ্ন সোধক। যেনে, ‘মই জীৱনত কি কৰিব বিচাৰোঁ? মোৰ লক্ষ্য কি? মই যাৰ লগত বিয়া পাতিব বিচাৰোঁ, তেওঁৰ কি কি গুণ থকা উচিত? মই বেছিকৈতো আশা কৰা নাই?‘ w২৪.০৫ ২০ ¶১; ২১ ¶৩

সোমবাৰ, ২৬ জানুৱাৰী

এজনে-আনজনৰ লগত কৃপাৰে ব্যৱহাৰ কৰা।—ইফি. ৪:৩২.

ডেটিং কৰাৰ সময়ত সমস্যা হয় বা কোনো এটা কথাত আপোনালোকে সন্মত নহয়, তেতিয়া কি কৰিব পাৰে? যদি এইদৰে হয়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপোনালোকে এজনে-আনজনৰ বাবে সঠিক জীৱন সংগী হʼব নোৱাৰে। কাৰণ এইদৰে সকলোৰে লগত হয়। আজি সমস্যা আহিলে আপুনি যিদৰে সমাধান কৰে, তাৰ পৰা জানিব পাৰি যে বিয়াৰ পাছত আপুনি কি কৰিব আৰু আপোনালোকৰ সম্পৰ্ক কেনেকুৱা হʼব। বিবাহিত দম্পতীৰ চিন্তাধাৰা বেলেগ বেলেগ হʼব পাৰে, তথাপি তেওঁলোকে যেতিয়া একেটা নিৰ্ণয়ত উপনীত হয়, তেতিয়া তেওঁলোকৰ সম্পৰ্ক মজবুত হয়। সেইবাবে, একেলগে মিলি ইয়াৰ বিষয়ে চিন্তা কৰক, ‘আমি শান্তিৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ নে আৰু এজনে-আনজনক সন্মান কৰোঁ নে? আমি নিজৰ দুৰ্বলতাবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ নে? আমি এজনে-আনজনৰ কথাত সন্মত হওঁ নে? ক্ষমা খোজোঁ নে বা ক্ষমা কৰোঁ নে?’ (ইফি. ৪:৩১) কিন্তু আপোনালোকৰ মাজত যদি তৰ্ক হৈ থাকে আৰু আপোনালোকে এজনে-আনজনৰ কথাত সন্মত নহয়, তেনেহʼলে বিয়াৰ পাছত আপোনালোকৰ পৰিস্থিতি সলনি হʼব বুলি নাভাবিব। আপোনাৰ যদি অনুভৱ হয় যে আপুনি যাৰ লগত ডেটিং কৰি আছে, তেওঁ আপোনাৰ বাবে সঠিক সংগী হʼব নোৱাৰে, তেনেহʼলে ডেটিং ইয়াতে বন্ধ কৰাটো দুয়োজনৰ বাবে ভাল হʼব। w২৪.০৫ ২৯ ¶১২

মঙ্গলবাৰ, ২৭ জানুৱাৰী

যি জনাই মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, সেই মোৰ শিলা যিহোৱা ধন্য হওক।—গীত. ১৪৪:১, ২.

যেতিয়া ভাই-ভনীসকলে চাব যে আমি সদায় যিহোৱাৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লওঁ, তেতিয়া তেওঁলোকেও এইদৰে কৰিবলৈ শিকিব। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে আমাৰ বিশ্বাস বাঢ়ে। ইয়াৰ উপৰিও আমি মিছা শিক্ষা আৰু জগতৰ চিন্তাধাৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিওঁ। (ইফি. ৪:১৪; যাকো. ১:৬-৮) আনকি যিসকল লোকে সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেওঁলোককো সহায় কৰিব পাৰোঁ। (১ থিচ. ৩:২, ৩) প্ৰাচীনসকলে সকলো কথাতে সংযম ৰাখে, সঠিক চিন্তাধাৰা ৰাখে, শৃংখলাবদ্ধভাৱে চলে আৰু আনক সন্মান কৰে। তেওঁলোকে বিশ্বাসযোগ্য বাক্যক দৃঢ়তাৰে ধৰি ৰাখে, সেইবাবে যিহোৱাৰ ওপৰত তেওঁলোকৰ বিশ্বাস বঢ়াব পাৰে। (তীত ১:৯; ১ তীম. ৩:১-৩) প্ৰাচীনসকলে নিয়মীয়াকৈ সভা আৰু প্ৰচাৰলৈ যায় আৰু ব্যক্তিগত অধ্যয়ন কৰে। এইদৰে তেওঁলোকে আনৰ বাবে এটা ভাল উদাহৰণ ৰাখে। যেতিয়া তেওঁলোকে ভাই-ভনীসকলক মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ যায়, তেতিয়া তেওঁলোককো এই কামবোৰ কৰি থাকিবলৈ উৎসাহিত কৰে। যেতিয়া কোনো সমস্যা অহাৰ সময়ত ভাই-ভনীসকলে চিন্তিত হৈ পৰে, তেতিয়া প্ৰাচীনসকলে তেওঁলোকক মনত পেলাই দিয়ে যে তেওঁলোকে যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰে আৰু তেওঁৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰিব পাৰে। w২৪.০৬ ৩১ ¶১৬-১৮

বুধবাৰ, ২৮ জানুৱাৰী

অনুতাপ কৰা স্বৰ্গৰাজ্য নিচেই কাষত।—মথি ৪:১৭.

যীচুৱে পৃথিৱীত থকাৰ সময়ত বহু বাৰ লোকসকলক জনালে যে তেওঁৰ পিতৃয়ে ক্ষমা কৰিবলৈ সাজু থাকে। হেৰাই যোৱা লʼৰাজনৰ উদাহৰণলৈ মন কৰক। সেই লʼৰাজনে ঘৰ এৰি গুচি যায় আৰু বেয়া বেয়া কাম কৰিবলৈ ধৰে। কিন্তু পাছত “সি বুজি পালে” আৰু ঘৰলৈ উভতি আহে। তেতিয়া দেউতাকে কি কৰে? যীচুৱে কৈছিল লʼৰাজন “দূৰত থাকোঁতেই দেউতাকে তাক দেখা পালে . . . , আৰুতেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।” দেউতাকে তেওঁক ক্ষমা কৰি দিব বুলি লʼৰাজনে ভবাই নাছিল। তেওঁ দেউতাকক তেওঁৰ ঘৰত কাম কৰা মানুহ হিচাপে থʼবলৈ কʼম বুলি ভাবিছিল। কিন্তু দেউতাকে তেওঁক নিজৰ “লʼৰা” বুলি কʼলে আৰু তেওঁক গ্ৰহণ কৰিলে। তেওঁ কʼলে, “ই হেৰাই গৈছিল আৰু এতিয়া বিচাৰি পালোঁ।” (লূক ১৫:১১-৩২) পৃথিৱীলৈ অহাৰ আগতে যীচুৱে যেতিয়া স্বৰ্গত আছিল, তেতিয়া তেওঁ হয়তো দেখিছিল যে যিহোৱাই লোকসকলক কিমান প্ৰেম কৰে আৰু যিসকলে অনুতাপ কৰে, তেওঁলোকক ক্ষমা কৰি দিয়ে। এই উদাহৰণৰ পৰা যীচুৱে ভালদৰে বুজালে যে আমাৰ পিতৃ বহুত দয়ালু হয় আৰু আমাক বহুত প্ৰেম কৰে। w২৪.০৮ ১১ ¶১১-১২

বৃহস্পতিবাৰ, ২৯ জানুৱাৰী

সঠিক চিন্তাধাৰা বজাই ৰখাৰ।—১ পিত. ৪:৭.

যেতিয়া এজন খ্ৰীষ্টানে সঠিক চিন্তাধাৰা বজাই ৰাখে, তেতিয়া তেওঁ যিকোনো নিৰ্ণয় লোৱাৰ আগতে এয়া জানিবলৈ চেষ্টা কৰে যে এই বিষয়ে যিহোৱাই কি ভাবে। তেওঁ যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক বেছি গুৰুত্ব দিয়ে। তেওঁ নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখে আৰু তেওঁ সকলো জানে বুলি নাভাবে। তাৰ পৰিৱৰ্তে তেওঁ সদায় যিহোৱাৰ ওপৰত নিৰ্ভৰ থাকে আৰু প্ৰাৰ্থনাত তেওঁৰ পৰা সহায় বিচাৰে। আমি বুজি পাব লাগিব যে আমাৰ ওচৰত যিয়ে দক্ষতা নাথাকক কিয়, আমি সদায় যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থকা উচিত। যেতিয়া আমি কিবা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমি আৰু বেছিকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু সহায় বিচৰা উচিত। আমাৰ বাবে কি ভাল, এয়া যিহোৱাই জানে বুলি আমি ভৰসা ৰখা উচিত। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে আমি তেওঁৰ নিচিনা গুণবোৰ দেখুৱাব পাৰোঁ। সঁচাকৈ, আমি ইয়াৰ বাবে তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ। (আদি. ১:২৬) এয়া সঁচা যে আমি সম্পূৰ্ণৰূপে যিহোৱাৰ দৰে হʼব নোৱাৰোঁ।—যিচ. ৫৫:৯. w২৫.০৩ ১১ ¶১৩; ১৩ ¶১৭-১৮

শুক্ৰবাৰ, ৩০ জানুৱাৰী

প্ৰেমে সকলো সহন কৰি লয় . . . সকলো কথাত আশা ৰাখে।—১ কৰি. ১৩:৭.

যেতিয়া আপুনি আনক সহায় কৰে আৰু তেওঁলোকে আপোনাক ধন্যবাদ নিদিয়ে, তেতিয়া তেওঁৰ ওপৰত সন্দেহ নকৰিব। তাৰ পৰিৱৰ্তে এয়া চিন্তা কৰক, ‘তেওঁ সঁচাকৈ মোৰ প্ৰতি কৃতজ্ঞ নহয় নে কেৱল ধন্যবাদ কʼবলৈ পাহৰি গʼল?’ আমি যিদৰে চিন্তা কৰোঁ হয়তো লোকসকলে সেইদৰে আমাৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাবও পাৰে। কেতিয়াবা কেতিয়াবা কিছুমান লোকে মনৰ পৰা বহুত কৃতজ্ঞ হয়, কিন্তু তেওঁলোকে শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। কেতিয়াবা কেতিয়াবা কিছুমান লোকে এয়া ভাবি লাজ অনুভৱ কৰে যে তেওঁলোকক সহায়ৰ প্ৰয়োজন হৈছে, কাৰণ আগতে তেওঁলোকে আনক সহায় কৰিছিল। যিয়েই নহওক কিয়, আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ। গতিকে আমি তেওঁলোকৰ বিষয়ে ভুল নুবুজিম। তাৰ পৰিৱৰ্তে আনন্দেৰে তেওঁলোকক সহায় কৰি থাকিম। (ইফি. ৪:১) ধৈৰ্য্য ধৰক। আমি মন খুলি আনক সহায় কৰা উচিত। এই বিষয়ে ৰজা চলোমনে এইদৰে লিখিলে, “তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক আকৌ পাবা।” (উপ. ১১:১) ইয়াৰ পৰা জানিব পাৰি যে যেতিয়া আমি আনক সহায় কৰোঁ, তেতিয়া তেওঁলোকে হয়তো আমাক “অনেক দিনৰ পাছত” ধন্যবাদ দিব পাৰে। w২৪.০৯ ৩০ ¶১৮-১৯

শনিবাৰ, ৩১ জানুৱাৰী

যিসকলে পাপ কৰাত লাগি আছে, তেওঁলোকক সকলোৰে আগত শুধৰণি কৰা যাতে আন লোকসকলে সতৰ্কবাণী পায়।—১ তীম. ৫:২০.

কেতিয়াবা কেতিয়াবা মণ্ডলীত ঘোষণা কৰা হয় যে কৰা হয় যে এজন ব্যক্তিক শুধৰণি কৰা হৈছে। এনে পৰিস্থিতিত আমিআগলৈও তেওঁৰ লগত সংগতি কৰি থাকিব পাৰোঁ। কাৰণ তেওঁ অনুতাপ কৰিলে আৰু বেয়া কাম কৰিবলৈ এৰি দিলে। তেওঁ এতিয়াও মণ্ডলীৰ ভাগ হয় আৰু তেওঁক ভাই-ভনীসকলৰ উৎসাহৰ প্ৰয়োজন আছে যাতে তেওঁ সঠিক পথত চলি থাকিব পাৰে। (ইব্ৰী ১০:২৪, ২৫) কিন্তু যেতিয়া এজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া আমি কি কৰিম? আমি তেওঁৰ লগত “সংগতি কৰিবলৈ বন্ধ” কৰিম আৰু ‘তেওঁৰ লগত খোৱা-বোৱাও নকৰিম।’ (১ কৰি. ৫:১১) ইয়াৰ অৰ্থ এয়া নে আমি তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰা উচিত? নহয়। এয়া সঁচা যে আমি সেই ব্যক্তিজনৰ লগত সংগতি কৰিবলৈ বন্ধ কৰিম। কিন্তু আমি বাইবেলৰ পৰা প্ৰশিক্ষণ পোৱা বিবেকৰ অনুসৰি নিৰ্ণয় লʼম যে আমি তেওঁক সভালৈ মাতিম নে নামাতিম। সেই ব্যক্তিজন আমাৰ সম্বন্ধীয় লোক, ভাল বন্ধু বা আমাৰ চিনাকী লোকো হʼব পাৰে। w২৪.০৮ ৩০-৩১ ¶১৩-১৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক