ফেব্ৰুৱাৰী
দেওবাৰ, ১ ফেব্ৰুৱাৰী
বিবাদৰ পৰা আঁতৰ হোৱাই মানুহৰ গৌৰৱ; কিন্তু প্ৰত্যেক অজ্ঞানে দ্বন্দ্ব-কাজিয়া কৰি থাকে।—হিতো. ২০:৩.
যি ভাইসকলৰ খ্ৰীষ্টান গুণবোৰ থাকে, তেওঁলোকে মণ্ডলীৰ বাবে আশীৰ্বাদ হয়। যিজন ভায়ে ‘নিজৰ মতামতত লাগি নাথাকে,’ তেওঁ মণ্ডলীত শান্তি বজাই ৰাখিবলৈ উৎসাহিত কৰে। যদি আপুনি নিজৰ মতামতত লাগি নথকা ব্যক্তি হʼব বিচাৰে, তেনেহʼলে আনৰ কথা মনোযোগেৰে শুনক আৰু যেতিয়া তেওঁলোকে কোনো এটা বিষয়ত নিজৰ মতামত দিয়ে, তেতিয়া সেয়া বুজিবলৈ চেষ্টা কৰক। ধৰি লওক, আপুনি প্ৰাচীনসকলৰ এখন সভাত বহিছে। বেছিভাগ ভাই এটা নিৰ্ণয়ৰ ওপৰত সন্মত আছে আৰু সেই নিৰ্ণয় বাইবেলৰ সিদ্ধান্ত বা নিয়মৰ বিৰোধে নহয়। এনে পৰিস্থিতিত আপুনি আনন্দেৰে সেই নিৰ্ণয়ক সহযোগ কৰিব নে? এজন ভাই “নিজ ইচ্ছাৰ মতে চলা ব্যক্তি” হোৱা উচিত নহয়। ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ কথাত লাগি থকা উচিত নহয় আৰু এয়াও ভবা উচিত নহয় যে তেওঁ যি বিচাৰে সেয়াই হোৱা উচিত। তাৰ পৰিৱৰ্তে তেওঁ এয়া বুজিবলৈ চেষ্টা কৰা উচিত যে আনৰ পৰামৰ্শ ললে হে লাভ হয়। (আদি. ১৩:৮, ৯; হিতো. ১৫:২২) ইয়াৰ অৰ্থ হৈছে আপুনি কঠোৰ হোৱা উচিত নহয় আৰু সৰু সৰু কথাত তৰ্ক বিতৰ্ক কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে আপুনি প্ৰেমেৰে আৰু ভাবি-চিন্তি কথা পতা উচিত। তেতিয়াও যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়। (যাকো. ৩:১৭, ১৮) যেতিয়া মৰমেৰে কথা পাতিব, তেতিয়া আপোনাক বিৰোধ কৰা লোকসকলেও হয়তো শান্ত হৈ যাব।—বিচা. ৮:১-৩; হিতো. ২৫:১৫; মথি ৫:২৩, ২৪. w২৪.১১ ২৩ ¶১৩
সোমবাৰ, ২ ফেব্ৰুৱাৰী
তেওঁ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিও দিশৰ পৰা ঈশ্বৰে বাছনি কৰা লোকসকলক একগোট কৰিব।—মাৰ্ক ১৩:২৭.
এয়া সঁচা যে যীচুৱে “এবাৰেই” সদায়ৰ বাবে নিজৰ জীৱন বলিদান দিলে, কিন্তু তেওঁ আজিও আমাৰ বাবে বহুতো ত্যাগ কৰি আছে। (ৰোম. ৬:১০) কেনেকৈ বাৰু? আমি যাতে মুক্তিৰ মূল্যৰ বলিদানৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰোঁ, তাৰ বাবে যীচুৱে আজিও বহুত পৰিশ্ৰম কৰি আছে। যেনে, তেওঁ আমাৰ ৰজা আৰু মহাপুৰোহিত হিচাপে বহুত কিছু কৰি আছে। ইয়াৰ লগতে মণ্ডলীৰ মূৰব্বী হোৱা দায়িত্বও পূৰ কৰি আছে। (১ কৰি. ১৫:২৫; ইফি. ৫:২৩; ইব্ৰী ২:১৭) ইয়াৰ উপৰিও অভিষিক্ত লোক আৰু ডাঙৰ ভীৰৰ লোকসকলক একগোট কৰাৰ দায়িত্বও যীচু খ্ৰীষ্টক দিয়া হৈছে। এই কাম মহা সংকট শেষ হোৱাৰ আগতে পূৰ হোৱা উচিত। (মথি ২৫:৩২;) এই শেষ কালত খ্ৰীষ্টানসকলে সঠিক সময়ত যাতে আধ্যাত্মিক ভোজন পাই থাকে, তাৰ প্ৰতিও যীচুৱে ধ্যান দিয়ে যাতে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। (মথি ২৪:৪৫) নিজৰ হাজাৰ বছৰৰ শাসন কালত তেওঁ আমাৰ বাবে বহুত কিছু কৰিব। সঁচাকৈ, যিহোৱাই নিজৰ পুত্ৰক আমাৰ বাবে সম্পূৰ্ণৰূপে দি দিলে! w২৫.০১ ২৪ ¶১২
মঙ্গলবাৰ, ৩ ফেব্ৰুৱাৰী
এয়া ঈশ্বৰৰ মহা-কৃপা হয় যে তেওঁ আমাক ভাল মানুহ বুলি গণ্য কৰে আৰু এয়া তেওঁ দিয়া দান হয়। যীচু খ্ৰীষ্টই আমাক উদ্ধাৰ কৰিবলৈ যি মুক্তিৰ মূল্য দিলে, তাৰ কাৰণে ঈশ্বৰে আমাক ভাল মানুহ বুলি গণ্য কৰে।—ৰোম. ৩:২৪.
যিহোৱাই যেতিয়া ক্ষমা কৰে, তেতিয়া তেওঁ আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰে। তাৰ পাছত তেওঁ আমাক সেই পাপবোৰৰ বাবে কেতিয়াও শাস্তি নিদিয়ে। সেইবাবে, আমি নিজৰ পিতৃ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। কিন্তু আমি এয়াও মনত ৰাখোঁ যে যিহোৱাই আমাক প্ৰকৃত ক্ষমা কৰে, এয়া এক বৰদান বা উপহাৰ হয়। আমি ইয়াৰ যোগ্য আছিলোঁ বুলি যিহোৱাই আমাক এই উপহাৰ দিছে, এনে নহয়। কিন্তু যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমাৰ ওপৰত মহা কৃপা কৰিব বিচাৰে। সেইবাবে, আমি এই উপহাৰ লাভ কৰিলোঁ। যিহোৱাই আমাক “প্ৰকৃত ক্ষমা” কৰে, ইয়াৰ বাবে আমি সকলোৱে তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। (গীত. ১৩০:৪, NW; ৰোম. ৪:৮) যদি আমি যিহোৱাৰ পৰা ক্ষমা পাব বিচাৰোঁ তেনেহʼলে আমি এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যীচুৱে কৈছিল, “তোমালোকে যদি আনৰ অপৰাধ ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা নকৰিব।” (মথি ৬:১৪, ১৫) সেইবাবে, যিহোৱাৰ দৰে আমিও আনক ক্ষমা কৰা উচিত। w২৫.০২ ১৩ ¶১৮-১৯
বুধবাৰ, ৪ ফেব্ৰুৱাৰী
ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব।—পাঁচ. ২৪:১৫.
চিন্তা কৰক, চদোম আৰু ঘমোৰাৰ লোকসকলৰ বিষয়ে। লোট তেওঁলোকৰ চহৰতে থাকিছিল। তেওঁ এজন ভাল ব্যক্তি আছিল, কিন্তু তেওঁ সেই ঠাইৰ সকলো লোককে প্ৰচাৰ কৰিছিল নে? এই বিষয়ে আমি নাজানোঁ। চদোমৰ সকলো লোক দুষ্ট আছিল, কিন্তু তেওঁলোকৰ মাজৰ প্ৰতিজনে যি কৰিছিল, সেয়া ভুল হয় বুলি জানিছিল নে? মন কৰক যে যেতিয়া চদোমৰ লোকসকলে লোটৰ ঘৰলৈ অহা অতিথিসকলৰ লগত বেয়া কাম কৰিব বিচাৰিছিল, তাৰ বিষয়ে বাইবেলত কি লিখা আছে। বাইবেলত লিখা আছে যে তাত ‘লʼৰা বুঢ়া আদি কৰি সকলো আছিল।’ তাৰে মাজৰ কিছুমানে সেই বেয়া পৰিস্থিতিতে ডাঙৰ-দীঘল হৈছিল, সেইবাবে তেওঁলোকে যি কৰিব বিচাৰিছিল, সেয়া ভুল হয় বুলি নাজানিছিল। (আদি. ১৯:৪; ২ পিত. ২:৭) গতিকে চিন্তা কৰক দয়ালু ঈশ্বৰে সেই সকলো লোককে এনেবাৰে নাশ কৰি দিলে নে আৰু তেওঁলোকক আকৌ জীয়াই নুতুলিব নে? তেওঁলোক দুষ্ট আছিল, সেইবাবে যিহোৱাই অব্ৰাহামক কৈছিল যে তাত দহজনো ভাল লোক নাই। (আদি. ১৮:৩২) তেওঁলোকৰ বেয়া কামৰ বাবেই যিহোৱাই তেওঁলোকক শাস্তি দিছিল, তেনেহʼলে যেতিয়া নতুন পৃথিৱীত বেয়া লোকসকলক আকৌ জীয়াই তোলা হʼব, তেতিয়া চদোম আৰু ঘমোৰাৰ এজন লোককো ‘আকৌ জীয়াই তোলা নহʼব নে’? এয়া আমি সঠিকভাৱে কʼব নোৱাৰোঁ। w২৪.০৫ ২ ¶৩; ৩ ¶৮
বৃহস্পতিবাৰ, ৫ ফেব্ৰুৱাৰী
তোমালোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু তেওঁৰ আজ্ঞা পালন কৰা। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব।—মথি ৬:৩৩.
টকা-পইচাৰ অভাবৰ বাবে কিছুমান লোকে নিজৰ পৰিয়ালক এৰি আন ঠাইলৈ গৈ চাকৰি কৰাৰ নিৰ্ণয় লৈছে। কিন্তু পাছত তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকৰ এই নিৰ্ণয় সঠিক নাছিল। সেইবাবে, কোনো এটা নতুন চাকৰি লোৱাৰ আগত এয়া নাভাবিব যে আপুনি কিমান টকা-পইচা অৰ্জন কৰিব পাৰিব। তাৰ পৰিৱৰ্তে এয়া চিন্তা কৰক যে আপুনি আৰু আপোনাৰ পৰিয়ালে যিহোৱাৰ কাষ চাপি থাকিব পাৰিব নে? (লূক ১৪:২৮) যদি মই নিজৰ জীৱন-সংগীৰ পৰা দূৰত থাকোঁ, তেনেহʼলে ইয়াৰ প্ৰভাৱ আমাৰ সম্পৰ্কৰ ওপৰত পৰিব নে? মই প্ৰতিটো সভালৈ যাব পাৰিম নে? প্ৰচাৰলৈ যাব পাৰিম নে আৰু ভাই-ভনীৰ লগত সময় অতিবাহিত কৰিব পাৰিম নে? যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে এই বিষয়েও চিন্তা কৰক: ‘পৰিয়ালৰ পৰা দূৰত থাকি মই “যিহোৱাৰ ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই আৰু শিক্ষা দি ডাঙৰ-দীঘল” কৰিব পাৰিম নে?’ (ইফি. ৬:৪) কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত সত্যত নথকা নিজৰ সম্বন্ধীয় লোক আৰু বন্ধুসকলৰ কথা নুশুনিব। w২৫.০৩ ২৯ ¶১২
শুক্ৰবাৰ, ৬ ফেব্ৰুৱাৰী
আমি এতিয়াৰে পৰা সৰু লʼৰা-ছোৱালীৰ দৰে নহওঁ।—ইফি. ৪:১৪.
যিসকল খ্ৰীষ্টান পৰিপক্ক নহয়, তেওঁলোকে সহজতে এনে লোকসকলৰ কথা মানি লয়, ‘যিসকলে ধ্ৰুততাৰে আৰু ছলেৰে ঠগী ভুল পথলৈ পৰিচালিত কৰে।’ উদাহৰণস্বৰূপে, তেওঁলোকে চʼচিয়েল মিডিয়াত আৰু বাতৰি কাকতত দিয়া মিছা খবৰবোৰক সঁচা বুলি মানি লয় আৰু ধৰ্মত্যাগীসকলৰ কথাত ভুল যায়। ইয়াৰ উপৰিও তেওঁলোকে সহজতে আনৰ কথাত বেয়া পায়, ঈৰ্ষা কৰে, কাজিয়া কৰে আৰু যেতিয়া প্ৰলোভনৰ সন্মুখীন হয়, তেতিয়া ভুল কাম কৰে। (১ কৰি. ৩:৩) শিশু লাহে লাহে ডাঙৰ হৈ এদিন বয়সস্থ হয়। ঠিক সেইদৰে বাইবেলতো কোৱা হৈছে যে আমি শিশু হৈ থকাৰ পৰিৱৰ্তে লাহে লাহে পৰিপক্ক হোৱা উচিত। (ইফি. ৪:১৫) এজন শিশুৰ বেছি জ্ঞান নাথাকে। সেইবাবে, তেওঁ কি কৰিব লাগে আৰু কি কৰিব নালাগে, সেয়া কʼবলগীয়া হয়। উদাহৰণস্বৰূপে, যেতিয়া সন্তান সৰু হৈ থাকে, তেতিয়া মাই হাত ধৰি তাক ৰাস্তা পাৰ কৰায়। কিন্তু যেতিয়া সন্তানটি অলপ ডাঙৰ হয়, তেতিয়া হয়তো মাকে তাইক অকলে ৰাস্তা পাৰ হʼবলৈ অনুমতি দিব, কিন্তু তেওঁ কʼব যে ‘মাজনী সোঁফালে-বাওঁফালে ভালদৰে চাই ৰাস্তা পাৰ হʼবা।’ কিন্তু তাই যেতিয়া ডাঙৰ হৈ যায় আৰু কথাবোৰ ভালদৰে বুজিব পাৰে, তেতিয়া হয়তো তাই নিজে ৰাস্তা পাৰ হʼব পাৰে। ঠিক সেইদৰে যেতিয়া এজন ব্যত্তি পৰিপক্ক হয় তেতিয়া তেওঁবাইবেলৰ সিদ্ধান্তৰ বিষয়ে চিন্তা কৰে আৰু কোনো এটা বিষয়ত যিহোৱাই কি ভাবে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু সেই অনুসৰি কাম কৰে। w২৪.০৪ ৩ ¶৫-৬
শনিবাৰ, ৭ ফেব্ৰুৱাৰী
হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব?—গীত. ১৫:১.
বহু বছৰলৈকে কেৱল যীচু আৰু স্বৰ্গদূতসকলেই যিহোৱাৰ তম্বুৰ আলহী বা বন্ধু আছিল। কিন্তু পাছত তেওঁ মানুহক সৃষ্টি কৰিলে আৰু তেওঁলোককো নিজৰ তম্বুলৈ মাতিলে। আগলৈ হনোক, নোহ, অব্ৰাহাম আৰু ইয়োবৰ দৰে বিশ্বাসী লোকসকলো তেওঁৰ আলহী হʼল। বাইবেলত কোৱা হৈছে যে তেওঁলোকে যিহোৱাৰ ‘লগে লগে চলিছিল’ অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ সকলো কথা মানিছিল। সেইবাবে, তেওঁলোকে তেওঁৰ বন্ধু বা আলহী হʼব পাৰিলে। (আদি. ৫:২৪; ৬:৯; ইয়ো. ২৯:৪; যিচ. ৪১:৮) বহু শতিকাৰ পৰা যিহোৱাই নিজৰ বন্ধুসকলক তেওঁৰ তম্বুলৈ মাতি আছে। (যিহি. ৩৭:২৬, ২৭) যিহিষ্কেলৰ ভৱিষ্যবাণীৰ পৰা জানিব পাৰি যে যিহোৱাৰ সেৱকসকলে তেওঁৰ লগত এক ভাল সম্পৰ্ক ৰখাটো তেওঁ বিচাৰে। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ তেওঁলোকৰ লগত “শান্তিৰ নিয়ম” স্থাপন কৰিব। এই প্ৰতিজ্ঞা আজি আমাৰ সময়ত পূৰ হৈ আছে। স্বৰ্গ আৰু পৃথিৱীত জীয়াই থকাৰ আশা থকা লোকসকলে একেলগে মিলি আজি যিহোৱাৰ সেৱা কৰি আছে আৰু “একেটা জাক” হৈ তেওঁৰ তম্বুত আছে।—যোহ. ১০:১৬. w২৪.০৬ ২ ¶২; ৩ ¶৪, ৫
দেওবাৰ, ৮ ফেব্ৰুৱাৰী
নিজৰ ঈশ্বৰৰ সহায়ত আমি সাহস গোটালোঁ।—১ থিচ. ২:২.
আমি যিহোৱাৰ ৰাজ্যক সম্পূৰ্ণভাৱে সমৰ্থন কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ বাবে আমাক বহুবাৰ সাহসৰ প্ৰয়োজন হয়। (মথি ৬:৩৩) যেনে, এই দুষ্ট জগতত যিহোৱাৰ সিদ্ধান্তৰ অনুসৰি জীয়াই থাকিবলৈ আৰু তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাক সাহসৰ প্ৰয়োজন হয়। আজি ৰাজনৈতিক বিষয়ক লৈ লোকসকলৰ মতামত বেলেগ বেলেগ। সেইবাবে, নিৰপেক্ষ হৈ থাকিবলৈ আমাৰ সাহসৰ প্ৰয়োজন হয়। (যোহ. ১৮:৩৬) ইয়াৰ উপৰিও আন পৰিস্থিতিতো আমাৰ ভাই-ভনীসকলক সাহস দেখুৱাৰ প্ৰয়োজন হৈছে। যেনে, কিছুমান ভাই-ভনীয়ে ৰাজনীতিত ভাগ লʼবলৈ বা সেনাত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে, তেওঁলোকক মাৰ-পিট কৰা হৈছে বা জেলত বন্দী কৰা হৈছে। যদি আমি তেওঁলোকৰ উদাহৰণৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমিও শক্তি আৰু সাহস পাম। যেনে, যেতিয়া যীচু খ্ৰীষ্ট এই পৃথিৱীত আছিল, তেতিয়া তেওঁ এই জগতৰ ৰাজনীতিত ভাগ লোৱা নাছিল। (মথি ৪:৮-১১; যোহ. ৬:১৪,১৫) তেওঁৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল, সেইবাবে তেওঁ সাহসেৰে কাম কৰিব পাৰিলে। w২৪.০৭ ২ ¶৪; ৩ ¶৭
সোমবাৰ, ৯ ফেব্ৰুৱাৰী
নাৰীয়ে, সেই গছৰ ফল . . . ছিঙি খালে, আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।—আদি. ৩:৬.
যিহোৱাৰ আমাৰ বাবে এই সকলো কথা বাইবেলত লিখুৱাইছে। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই পাপক বহুত ঘিণ কৰে। কাৰণ পাপে আমাক যিহোৱাৰ পৰা দূৰলৈ লৈ যায় আৰু ইয়াৰ বাবে আমাৰ মৃত্যু হয়। (যিচ. ৫৯:২) সকলো সমস্যাৰ মূল কাৰণ হৈছে চয়তান, সি পাপক প্ৰেম কৰে আৰু আমাকো পাপ কৰিবলৈ প্ৰলোভিত কৰে। যেতিয়া আদম আৰু হৱাই পাপ কৰিছিল, তেতিয়া সি ভাবিছিল যে সি যিহোৱাৰ উদ্দেশ্যক বিফল কৰিলে। কিন্তু চয়তানে নাজানিছিল যে যিহোৱাই লোকসকলক কিমান প্ৰেম কৰে। সেইবাবে, যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, তেতিয়া তেওঁলোকৰ সন্তানৰ বাবে যি উদ্দেশ্য ৰাখিছিল, সেয়া তেওঁ সলনি নকৰিলে। আদম আৰু হৱাই পাপ কৰাৰ অলপ পাছতে তেওঁ লোকসকলৰ বাবে এটা আশা দিলে। (ৰোম. ৮:২০, ২১) যিহোৱাই জানিছিল যে আদম আৰু হৱাৰ কিছুমান সন্তানে তেওঁক প্ৰেম কৰিব আৰু পাপৰ বিৰুদ্ধে তেওঁলোকক যুঁজিবলৈ সহায়ৰ প্ৰয়োজন হʼব। সেইবাবে, এজন সৃষ্টিকৰ্তা আৰু পিতৃ হিচাপে যিহোৱাই তেওঁলোকক পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা ওলাই আহিবলৈ এটা বাট মুকলি কৰিলে। w২৪.০৮ ৩ ¶৩-৪
মঙ্গলবাৰ, ১০ ফেব্ৰুৱাৰী
‘বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰা।’—ফিলি. ১:১০.
যিহোৱাৰ উপাসকসকলে বহুত ব্যস্ত হৈ থাকে। আমি নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ কিছুমানে চাকৰি কৰিবলগীয়া হয়। (১ তীম. ৫:৮) কিছুমানে বৃদ্ধ মা-দেউতা আৰু বেমাৰ হোৱা সম্বন্ধীয়াসকলৰ চোৱা-চিতা কৰিবলগীয়া হয়। আমি নিজৰো স্বাস্থ্যৰ চোৱা-চিতা কৰিবলগীয়া হয়। ইয়াৰ উপৰিও, মণ্ডলীত আমাৰ আন দায়িত্ববোৰো থাকে আৰু আনক উৎসাহেৰে শুভবাৰ্তা জনোৱাত আমি ব্যস্ত হৈ থাকোঁ, যি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। এই সকলো দায়িত্ব পূৰ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। খ্ৰীষ্টানসকলে প্ৰতিদিনে বাইবেল পঢ়াটো অতি গুৰুত্বপূৰ্ণ। গীত ৰচক এজনে এইদৰে কৈছে, ‘যি জনে যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।’ (গীত. ১:১, ২) ইয়াৰ পৰা জানিব পাৰি যে আমি প্ৰতিদিনে বাইবেল পঢ়িবলৈ সময় উলিওৱা উচিত। কিন্তু বাইবেল পঢ়িবলৈ কোনটো সময় ভাল হʼব? সকলোকে বেলেগ বেলেগ সময়ত বাইবেল পঢ়িবলৈ ভাল লাগিব পাৰে। প্ৰতিদিনে বাইবেল পঢ়িবলৈ আপুনি এটা সময় বাছনি কৰিব পাৰে। w২৪.০৯ ৩ ¶৫-৬
বুধবাৰ, ১১ ফেব্ৰুৱাৰী
প্ৰতিজনে নিজৰ বোজা নিজেই উঠাব।—গালা.৬:৫.
এজন পৰিপক্ক খ্ৰীষ্টানে কেতিয়াবা আনৰ সহায় লʼবলগীয়া হয়নে? হয়। পৰিপক্ক খ্ৰীষ্টানসকলেও কেতিয়াবা কেতিয়াবা আনৰ সহায় লয়। তেওঁলোকৰ বাবে আনে নিৰ্ণয় লোৱাটো বা তেওঁলোকে কি কৰাটো ভাল হʼব বুলি আনে কোৱাটো আশা নকৰে। এজন পৰিপক্ক খ্ৰীষ্টানে অভিজ্ঞ ভাই বা ভনীৰ পৰা পৰামৰ্শ লোৱাৰ সময়ত তেওঁলোকৰ অনুভৱৰ পৰা শিকে। কিন্তু তেওঁ মনত ৰাখে যে নিৰ্ণয় তেওঁ নিজে লʼব লাগিব। “কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ” লোৱাটো যিহোৱাই বিচাৰে।সকলো লʼৰা-ছোৱালী ডাঙৰ হৈ দেখাত একে নিচিনা নহয়। ঠিক সেইদৰে পৰিপক্ক খ্ৰীষ্টানসকলেও এজনে-আনজনতকৈ বেলেগ, আনকি তেওঁলোকৰ গুণবোৰো। কিছুমান আনতকৈ বুদ্ধিমান হয়, কিছুমান সাহসী, কিছুমানে দয়া দেখুৱাই আৰু আন কিছুমানে কৰুণাৰে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ নিৰ্ণয়ো বেলেগ বেলেগ হʼব পাৰে। উদাহৰণস্বৰূপে, দুজন পৰিপক্ক খ্ৰীষ্টানে একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁলোকে বেলেগ বেলেগ নিৰ্ণয় লৈছে, কিন্তু তেওঁলোকৰ নিৰ্ণয় বাইবেলৰ অনুসৰি সঠিক হয়। বিশেষকৈ যিবোৰ নিৰ্ণয় বিবেকৰ ওপৰত এৰি দিয়া হৈছে। পৰিপক্ক খ্ৰীষ্টানসকলে এনে ধৰণৰ পৰিস্থিতি বুজি পায়। সেইবাবে, পৰিপক্ক খ্ৰীষ্টানে এজনে আনজনৰ নিৰ্ণয়ত খুঁত নিবিচাৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে এজনে আনজনক আদৰ কৰে আৰু একেলগে মিলি যিহোৱাৰ উপাসনা কৰে।—ৰোম. ১৪: ১০; ১ কৰি. ১:১০. w২৪.০৪ ৪ ¶৭-৮
বৃহস্পতিবাৰ, ১২ ফেব্ৰুৱাৰী
মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।—গীত. ৯৪:১৯.
যদি আপুনি ভাবে যে আপুনি কোনো কামৰ নহয়, তেনেহʼলে আপুনি কি কৰিব পাৰে? সেই পদবোৰ পঢ়ক, যʼত আশ্বাস দিয়া হৈছে যে আপুনি যিহোৱাৰ দৃষ্টিত মূল্যৱান হয় আৰু সেইবোৰৰ ওপৰত মনন কৰক। যদি আপুনি এয়া ভাবি নিৰাশ হয় যে আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পৰা নাই বা আনে যিমান কৰিব পাৰিছে আপুনি সিমান কৰিব পৰা নাই, তেনেহʼলে নিজকে দোষ নিদিব। আপুনি যি কৰিব নোৱাৰে, সেয়া কৰাটো যিহোৱাই নিবিচাৰে। (গীত. ১০৩:১৩, ১৪) যদি আপোনাৰ লগত কোনোবাই বেয়া ব্যৱহাৰ কৰিছে আৰু ইয়াৰ বাবে আপুনি নিজকে অযোগ্য বুলি ভাবিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? নিজকে দোষ নিদিব! মনত ৰাখক, ইয়াত আপোনাৰ ভুল নাই, সেই ব্যক্তিজনৰহে। যিহোৱাই সেই ব্যক্তিজনৰ পৰা ইয়াৰ হিচাপ নিশ্চয় লʼব, কিন্তু তেওঁ আপোনাক সহায় কৰিব। (১ পিত. ৩:১২) যিহোৱাই আপোনাৰ জৰিয়তে আনক সহায় কৰিব নোৱাৰে বুলি কেতিয়াও নাভাবিব। তেওঁ প্ৰচাৰ কামত আপোনাক সহকৰ্মী বনাইছে আৰু আপোনাক ইমান ডাঙৰ সন্মান দিছে। (১ কৰি. ৩:৯) আপুনি জীৱনত যিবোৰ সমস্যাৰ সন্মুখীন হʼল, তাৰ বাবে আপুনি আনৰ দুখ ভালদৰে বুজিব পাৰিব, সহানুভুতি দেখুৱাব পাৰিব আৰু তেওঁলোকক যি সহায়ৰ প্ৰয়োজন আছে, সেই সহায় দিব পাৰিব। w২৪.১০ ৮ ¶৬-৭
শুক্ৰবাৰ, ১৩ ফেব্ৰুৱাৰী
ঈশ্বৰে বাছনি কৰা লোকসকলৰ কাৰণে ন্যায় নকৰিব নে, যিসকলে দিনে-ৰাতিয়ে তেওঁলৈ প্ৰাৰ্থনা কৰে? ঈশ্বৰ ধৈৰ্য্যশীল হোৱাৰ কাৰণে যদিও দেৰি কৰি আছে যেন লাগিব পাৰে, কিন্তু তেওঁ নিশ্চয় ন্যায় কৰিব। মই তোমালোকক কৈছোঁ, তেওঁ অতি সোনকালে তেওঁলোকৰ ন্যায় কৰিব।—লূক ১৮:৭, ৮.
যিহোৱাৰ সেৱকসকলৰ লগত অন্যায় হোৱাটো তেওঁ কেতিয়াও নিবিচাৰে। বাইবেলত লিখা আছে: “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়।” (গীত. ৩৭:২৮) সেইবাবে, যেতিয়া লোকসকলে আমাৰ লগত অন্যায় কৰে, তেতিয়া যিহোৱাক বহুত বেয়া লাগে। যীচুৱে আশ্বাস দিছিল যে যিহোৱাই “অতি সোনকালে . . . ন্যায় কৰিব।” অতি সোনকালে যিহোৱাই অন্যায়ৰ বাবে হোৱা ক্ষতি পূৰ কৰিব আৰু সকলো ধৰণৰ অন্যায় শেষ কৰি দিব। (গীত. ৭২: ১, ২) আমি সেই সময়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যেতিয়া যিহোৱাই সকলো ধৰণৰ অন্যায় শেষ কৰি দিব। কিন্তু তেওঁ বৰ্তমান সময়তো আমাক সহায় কৰি আছে, যাতে আমি সেই সকলোবোৰ সহিব পাৰোঁ। (২ পিত. ৩:১৩) তেওঁ আমাক শিকাই যে যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া যেন আমি এনে কোনো কাম নকৰোঁ, যাৰ বাবে আমাৰ ক্ষতি হʼব পাৰে। তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি আমাক জনাইছে যে যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া আমি কি কৰিব পাৰোঁ। ইয়াৰ উপৰিও তেওঁ আমাক বাইবেল দিছে, যʼত বহুতো ভাল পৰামৰ্শ দিয়া হৈছে। যিবোৰ পালন কৰিলে আমি অন্যায়ৰ সন্মুখীন হʼব পাৰিম। w২৪.১১ ২-৩ ¶৩-৪
শনিবাৰ, ১৪ ফেব্ৰুৱাৰী
তোমালোকে তেওঁলোকক কিবা খাবলৈ দিয়া।—মথি ১৪:১৬.
যীচুৱে লোকসকলক কিবা খাবলৈ দিবলৈ কৈছিল যাতে তেওঁলোকে খাব পাৰে। এয়া অসম্ভৱ যেন লাগিব পাৰে, কাৰণ তাত প্ৰায় ৫,০০০ পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীক মিলাই প্ৰায় ১৫,০০০ লোকক আহাৰ দিব লাগিছিল। (মথি ১৪:২১) তেতিয়া আন্দ্ৰিয়ই কʼলে, “ইয়াত এজন লʼৰা আছে, যিজনৰ ওচৰত যৱৰ পাঁচখন ৰুটি আৰু দুটা সৰু মাছ আছে। কিন্তু ইমান লোকৰ কাৰণে এইখিনিৰে কেনেকৈ জুৰিব?” (যোহ. ৬:৯) সেই সময়ত লোকসকলে যৱৰ ৰুটি খাইছিল। সেই লʼৰাজনৰ ওচৰত যি সৰু মাছ আছিল, সেয়া হয়তো নিমখ লগাই শুকোৱা হৈছিল। কিন্তু হাজাৰ হাজাৰ মানুহৰ বাবে এয়া যথেষ্ট হʼলহেঁতেন নে? যীচুৱে লোকসকলক সহায় কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ বাবে কিবা কৰিব বিচাৰিছিল। সেইবাবে, লোকসকলক ঘাঁহৰ ওপৰত জুম জুমকৈ বহিবলৈ কʼলে। (মাৰ্ক ৬:৩৯, ৪০; যোহ. ৬:১১-১৩) তাৰ পাছত যীচুৱে ৰুটি আৰু মাছৰ বাবে নিজৰ পিতৃক ধন্যবাদ দিলে। এয়া একেবাৰে সঠিক আছিল। কাৰণ এই আহাৰৰ ব্যৱস্থা যিহোৱাই কৰিছিল। এয়া আমাৰ বাবে এক ভাল শিক্ষা হয়। আহাৰ খোৱাৰ আগতে প্ৰাৰ্থনাত যিহোৱাক ধন্যবাদ দিবলৈ কেতিয়াও পাহৰিব নালাগে। যিহোৱাক ধন্যবাদ দিয়াৰ পাছত যীচুৱে পাঁচনিসকলক আহাৰ ভগাই দিবলৈ কʼলে। সকলোৱে পেট ভৰাই খালে আৰু আহাৰ বাচিও গʼল। w২৪.১২ ৩ ¶৩-৪
দেওবাৰ, ১৫ ফেব্ৰুৱাৰী
নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।—১ বং. ২৯:২০.
পৃথিৱীত থকাৰ সময়ত যীচুৱে সদায় তেওঁৰ পিতৃৰ মহিমা কৰিছিল। যেতিয়া তেওঁ চমৎকাৰ কৰিছিল, তেতিয়া কৈছিল সেয়া তেওঁ যিহোৱাৰ সহায়ত কৰিব পাৰিলে। (মাৰ্ক ৫:১৮-২০) তেওঁ যিদৰে নিজৰ পিতৃৰ বিষয়ে কথা পাতিছিল আৰু লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, তাৰ পৰাও তেওঁ যিহোৱাৰ মহিমা কৰিছিল। এবাৰ যেতিয়া যীচুৱে এখন সভা ঘৰত লোকসকলক শিকাই আছিল, তাত এগৰাকী তিৰোতা আছিল, যাৰ গাত ১৮ বছৰ ধৰি দুষ্ট স্বৰ্গদূত সোমাই আছিল। সেইবাবে, তাই কুঁজী হৈ পৰিছিল আৰু চিধাকৈ থিয় হʼব পৰা নাছিল। চিন্তা কৰকচোন, তাই কিমান কষ্ট পাইছিল। তাইৰ পৰিস্থিতি চাই যীচুৰ বহুত দুখ লাগিল। সেইবাবে, যীচুৱে তাইৰ ওচৰলৈ গৈ তাইক মৰমেৰে কʼলে, “যোৱা, তোমাক সুস্থ কৰা হৈছে।” তাৰ পাছত যীচুৱে নিজৰ হাত সেই তিৰোতাৰ ওপৰত থোৱাৰ লগে লগে তাই চিধাকৈ থিয় হʼল আৰু “ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।” তিৰোতাগৰাকীয়ে সুস্থ হোৱাৰ বাবে যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। সেইবাবে, তাই যিহোৱাৰ মহিমা কৰিবলৈ ধৰিলে। (লূক ১৩:১০-১৩) সেই তিৰোতাগৰাকীৰ দৰে আমাৰ ওচৰতো যিহোৱাৰ মহিমা কৰাৰ বহুতো সুযোগ আছে। w২৫.০১ ৩ ¶৩-৪
সোমবাৰ, ১৬ ফেব্ৰুৱাৰী
আমাৰ পাপ ক্ষমা কৰা।—লূক ১১:৪.
আদম আৰু হৱাই যি হেৰুৱালে, সেয়া আমি নিজৰ শক্তিৰে কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ। (গীত. ৪৯:৭-৯) কোনোৱে আমাক সহায় নকৰা হʼলে, আমি সদায় জীয়াই থকাৰ আশা আৰু মৃত্যু হোৱাৰ পাছত আকৌ জীয়াই তোলাৰ আশা কেতিয়াও নাপালোহেঁতেন। আমাৰ পৰিস্থিতি জন্তুবোৰৰ দৰে হʼলহেঁতেন, যি জন্ম হয় আৰু এদিন মৰি যায়। সিহঁতৰ ওচৰত কোনো আশা নাই। (উপ. ৩:১৯; ২ পিত. ২:১২) আমাৰ মৰমিয়াল পিতৃ যিহোৱাই সহায়ৰ হাত আগবঢ়াইছে। আমাৰ ধাৰ পৰিশোধ কৰিবলৈ তেওঁ কি কৰিলে? বাইবেলত কোৱা হৈছে, “ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।” (যোহ. ৩:১৬) আমি পাপৰ পৰা ক্ষমা পাবলৈ ঈশ্বৰ যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক বলিদান দিলে। এয়া আমাৰ বাবে বহুমূলীয়া উপহাৰৰ দৰে হয়। এই উপহাৰৰ বাবে আমি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। যিহোৱাই আমাক যি উপহাৰ দিছে, তাৰ পৰা আমাৰ “ধাৰ” বা পাপ ক্ষমা হʼব পাৰে। w২৫.০২ ২-৩ ¶৩-৬
মঙ্গলবাৰ, ১৭ ফেব্ৰুৱাৰী
[চৌলে] উঠি বাপ্তিষ্মা লʼলে।—পাঁচ. ৯:১৮.
বাপ্তিষ্মা লʼবলৈ তাৰ্চত থকা চৌলক কি কথাই সহায় কৰিলে? যেতিয়া যীচুৱে তেওঁক দেখা দিলে, তেতিয়া উজ্বল পোহৰৰ বাবে তেওঁ অন্ধ হৈ পৰিল। (পাঁচ. ৯:৩-৯) ইয়াৰ পাছত তিনি দিনলৈকে চৌলে একো খোৱা-বোৱা কৰা নাছিল। সেই সময়ছোৱাত তেওঁ হয়তো এই ঘটনাৰ বিষয়ে নিশ্চয় গভীৰভাৱে চিন্তা কৰিছিল। যাৰ বাবে তেওঁৰ বিশ্বাস হʼল যে যীচুৱেই খ্ৰীষ্ট হয় আৰু তেওঁৰ শিষ্যসকলেই সঠিক উপায়েৰে তেওঁৰ সেৱা কৰি আছে। আমি চৌলৰ পৰা বহুতো কথা শিকিব পাৰোঁ। অহংকাৰ আৰু মানুহৰ ভয়ৰ বাবে তেওঁ বাপ্তিষ্মা লোৱাৰ পৰা পিছ হুঁহকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। চৌলে জানিছিল যে খ্ৰীষ্টান হোৱাৰ বাবে তেওঁৰ ওপৰত অত্যাচাৰ কৰা হʼব, তথাপিও তেওঁ বাপ্তিষ্মা লʼলে। (পাঁচ. ৯:১৫, ১৬; ২০:২২, ২৩) বাপ্তিষ্মা লোৱাৰ পাছতো তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ এৰি দিয়া নাছিল। সেইবাবে, তেওঁ বিভিন্ন ধৰণৰ সমস্যবোৰ সহন কৰিব পাৰিলে। (২ কৰি. ৪:৭-১০) যেতিয়া আপুনি বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হʼব, তেতিয়া আপোনাৰ ওপৰতো বহুতো সমস্যা আহিব পাৰে বা আপোনাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। কিন্তু আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱা আৰু যীচুৱে সদায় আপোনাক সহায় কৰিব।—ফিলি. ৪:১৩. w২৫.০৩ ৪ ¶৮-৯
বুধবাৰ, ১৮ ফেব্ৰুৱাৰী
মই দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নোহোৱাকৈ নহয়।—১ কৰি. ৯:২৬.
বাইবেল পঢ়াটো ভাল কথা। কিন্তু যদি আমি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼব বিচাৰোঁ, তেনেহʼলে আমি আৰু কিছুমান কাম কৰিব লাগিব। ক্ষন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক। বৰষুণৰ পানী আমাৰ আৰু গছ-গছনিৰ বাবে অতি প্ৰয়োজন। কিন্তু প্ৰয়োজনতকৈ বেছি বৰষুণ পৰি থাকিলে কি হʼব পাৰে? যদি এইদৰে হয়, তেনেহʼলে সকলো ঠাইত বোকা হৈ যাব আৰু বৰষুণৰ একো লাভ নহʼব। কিন্তু যেতিয়া অলপ অলপ বৰষুণ পৰে, তেতিয়া মাটিয়ে পানী শুহিবলৈ সময় পায়। ইয়াৰ বাবে গছ-গছনি বাঢ়ে। ঠিক সেইদৰে যদি আমি খৰখেদাকৈ বাইবেল পঢ়োঁ, তেনেহʼলে ইয়াৰ পৰা আমাৰ একো লাভ নহʼব। এইদৰে কৰিলে আমি ইয়াৰ সকলো কথা শুহিব নোৱাৰিম অৰ্থাৎ আমি যি পঢ়োঁ, সেয়া বুজিব নোৱাৰিম আৰু তাক মনতো ৰাখিব নোৱাৰিম। (যাকো. ১:২৪) আপুনিও খৰখেদাকৈ বাইবেল পঢ়ে নে? যদি পঢ়ে, তেনেহʼলে আপুনি কি কৰিব পাৰে? পঢ়া কথাবোৰৰ ওপৰত মনন কৰিবলৈ আপুনি খৰখেদাকৈ বাইবেল নপঢ়িব। আপুনি বাইবেল পঢ়াত আৰু বেছি সময় দিয়াৰ বিষয়ে ভাবিব পাৰে, যাতে যি পঢ়িলে সেই চিন্তা কৰিবলৈ আৰু মনন কৰিবলৈ সময় দিব পাৰে। w২৪.০৯ ৪ ¶৭-৯
বৃহস্পতিবাৰ, ১৯ ফেব্ৰুৱাৰী
যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয়, তেওঁলোকৰ আজ্ঞা পালন কৰা।—ইব্ৰী ১৩:১৭.
প্ৰাচীনসকলে যেতিয়া কোনো নিৰ্দেশনা পায়, তেতিয়া তেওঁলোকে মনোযোগেৰে সেইবোৰ পঢ়ে আৰু সেইমতে কাম কৰিবলৈ চেষ্টা কৰে। মণ্ডলীৰ প্ৰাচীনসকলক সভাৰ কোনো এটা ভাগ কেনেকৈ আগবঢ়োৱা উচিত বা মণ্ডলীৰ বাবে কেনেকৈ প্ৰাৰ্থনা কৰা উচিত আৰু খ্ৰীষ্টৰ মেৰবোৰ কেনেকৈ চোৱা-চিতা কৰা উচিত, তাৰ বিষয়ে জনোৱা হয়। যেতিয়া প্ৰাচীনসকলে সংগঠনৰ নিৰ্দেশনাবোৰ মানি চলে, তেতিয়া ভাই-ভনীসকলে যিহোৱাৰ প্ৰেম আৰু সুৰক্ষা অনুভৱ কৰে। প্ৰাচীনসকলে যি নিৰ্দেশনা দিয়ে, সেইবোৰ আমি আনন্দেৰে পালন কৰা উচিত। এইদৰে কৰিলে তেওঁলোকে নিজৰ দায়িত্ব ভালদৰে পূৰ কৰিব পাৰিব। বাইবেলত কোৱা হৈছে যে মণ্ডলীত যিসকলে নেতৃত্ব লয়, আমি তেওঁলোকৰ অধীনত থকা আৰু আজ্ঞা পালন কৰা উচিত। (ইব্ৰী ১৩:৭, ১৭) প্ৰাচীনসকল সিদ্ধ নহয়, তেওঁলোকৰো দুৰ্বলতা আছে। সেইবাবে, তেওঁলোকৰ অধীনত থকাটো কেতিয়াবা কেতিয়াবা আমাৰ কাৰণে কঠিন হʼব পাৰে। যদি আমি তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে বেয়া গুণবোৰলৈ ধ্যান দিওঁ, তেনেহʼলে আমি আমাৰ শত্ৰুক সহায় কৰাৰ দৰে হʼব। কেনেকৈ বাৰু? যদি আমি প্ৰাচীনসকলৰ দুৰ্বলতাবোৰলৈ ধ্যান দিওঁ, তেনেহʼলে আমি হয়তো সংগঠনৰ ভুল বিচাৰি ফুৰিব পাৰোঁ আৰু লাহে লাহে সংগঠনৰ ওপৰত আমাৰ বিশ্বাস নাইকিয়া হʼব। w২৪.০৪ ১০ ¶১১-১২
শুক্ৰবাৰ, ২০ ফেব্ৰুৱাৰী
তেওঁ লোকসকলক দুটা সমূহত ভাগ কৰিব।—মথি ২৫:৩২.
মহা-সংকটৰ সময়ত ঘটা ঘটনাবোৰত যিসকল লোকৰ মৃত্যু হʼব, তেওঁলোকক আকৌ জীয়াই তোলা হʼব নে? বাইবেলত স্পষ্টকৈ জনোৱা হৈছে যে যিসকলে যিহোৱাৰ বিৰোধ কৰিব, তেওঁলোকক যিহোৱা আৰু তেওঁৰ সেনাই একেবাৰে ধ্বংস কৰিব আৰু তেওঁলোকক আকৌ জীয়াই তোলা নহʼব। (২ থিচ. ১:৬-১০) কিন্তু যিসকল লোকে বেমাৰ, বৃদ্ধ অৱস্থা বা কিবা দুৰ্ঘটনাৰ বাবে নাইবা যদি কোনোবাই তেওঁলোকক হত্যা কৰে, তেনেহʼলে তেওঁলোকক আকৌ জীয়াই তোলা হʼব নে? (উপ. ৯:১১; জখ. ১৪:১৩) যেতিয়া “অধাৰ্ম্মিক” অৰ্থাৎ বেয়া লোকসকলক নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁলোকৰ মাজত সেই লোকসকলো থাকিব নে? (পাঁচ. ২৪:১৫) সঁচাকৈ কʼবলৈ গʼলে ইয়াৰ বিষয়ে আমি একো নাজানোঁ। কিন্তু ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ কিছুমান কথা আমি জানোঁ। যেনে, লোকসকলে যীচুৰ ভাইসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিব, তাৰ আধাৰত তেওঁ লোকসকলৰ ন্যায় কৰিব। (মথি ২৫:৪০) যিসকল লোকে অভিষিক্ত খ্ৰীষ্টান আৰু মচীহক সমৰ্থন কৰিব, তেওঁলোক ভেড়াৰ দৰে হʼব।—প্ৰকা. ১২:১৭. w২৪.০৫ ১০-১১ ¶৯-১১
শনিবাৰ, ২১ ফেব্ৰুৱাৰী
যিহোৱা জীৱন্ত; মোৰ শিলা ধন্য হওক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওক।—গীত. ১৮:৪৬.
বাইবেলত কোৱাৰ দৰে আজি আমি “ভয়ঙ্কৰ সময়” জীয়াই আছোঁ। (২ তীম. ৩:১) আজি সকলোৱে সমস্যাৰ সন্মুখীন হৈ আছে, কিন্তু যিহোৱাৰ লোকসকলে সমস্যাৰ লগতে বিৰোধ আৰু তাড়নাৰো সন্মুখীন হৈ আছে। এনে পৰিস্থিতিত যিহোৱাৰ সেৱা কৰি থাকিবলৈ কিহে আমাক সহায় কৰিব পাৰে। “যিহোৱা জীৱন্ত” ঈশ্বৰ হয় বুলি বিশ্বাস থকাৰ বাবে আমি সহায় লাভ কৰিব পাৰোঁ। (যিৰি. ১০:১০; ২ তীম. ১:১২) যিহোৱা জীৱন্ত ঈশ্বৰ। ইয়াৰ অৰ্থ হৈছে, যিহোৱা সঁচাকৈ আছে আৰু তেওঁ আমাৰ সকলো সমস্যা জানে আৰু আমাক সহায় কৰিবলৈ সাজু থাকে। (২ বং. ১৬:৯; গীত. ২৩:৪) যদি আমি এই কথা মনত ৰাখোঁ, তেনেহʼলে আমি যিকোনো সমস্যা সাহসেৰে পাৰ কৰিব পাৰিম। w২৪.০৬ ২০ ¶১-২
দেওবাৰ, ২২ ফেব্ৰুৱাৰী
দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।—হিতো. ৪:১৮.
আমি যিহোৱাৰ সংগঠনৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। কিয় বাৰু? যেতিয়া নেতৃত্ব লোৱা ভাইসকলে অনুভৱ কৰে যে কোনো এটা শিক্ষাৰ বিষয়ে আমাৰ বুজাবুজিত সাল-সলনি কৰাৰ প্ৰয়োজন আছে বা প্ৰচাৰ কাম যিদৰে হৈ আছে, তাত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেতিয়া তেওঁলোকে সাল-সলনি কৰিবলৈ সংকোচ নকৰে। কাৰণ তেওঁলোকে যিহোৱাক আনন্দিত কৰিব বিচাৰে আৰু এই কথা তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও তেওঁলোকৰ প্ৰতিটো নিৰ্ণয় বাইবেলৰ অৰ্থাৎ নিৰাময় বাক্যৰ আৰ্হিৰ ওপৰত আধাৰিত, যাৰ অনুসৰি যিহোৱাৰ প্ৰতিজন সেৱকে জীৱন-যাপন কৰে। পাচঁনি পৌললে কৈছিল,নিৰাময় বাক্যৰ আৰ্হিক’ ধৰি ৰাখক। (২ তীম. ১:১৩) ‘নিৰাময় বাক্যৰ আৰ্হিৰ’ অৰ্থ হৈছে বাইবেলত দিয়া খ্ৰীষ্টৰ শিক্ষা। (যোহ. ১৭:১৭) আমাৰ বিশ্বাস সেই শিক্ষাবোৰৰ ওপৰতে আধাৰিত। যিহোৱাৰ সংগঠনে আমাক এই শিক্ষাবোৰক ধৰি ৰাখিবলৈ শিকায়। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব। w২৪.০৭ ১১ ¶১২-১৩
সোমবাৰ, ২৩ ফেব্ৰুৱাৰী
যিহোৱাই . . . তোমালোকৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰি আছে, কিয়নো কোনেও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।—২ পিত. ৩:৯.
অনুতাপ কৰিলে আৰু পাপৰ পৰা ক্ষমা পালে কেনেকুৱা লাগে, তাৰ বিষয়ে পাচঁনি পিতৰে ভালদৰে বুজি পাইছিল। সেইবাবে, তেওঁ নিজৰ অনুভৱৰ পৰা ইয়াৰ বিষয়ে আনক শিকাব পাৰিলেহেঁতেন। পেন্টাকোষ্টৰ উৎসৱৰ কিছু সময়ৰ পাছত পিতৰে যিহূদীসকলৰ ওচৰত এটা ভাষণ দিছিল। তেওঁ জনালে যে তেওঁলোকে খ্ৰীষ্টক মাৰি পেলালে। কিন্তু পাছত তেওঁ তেওঁলোকক অনুৰোধ কৰিলে, “অনুতাপ কৰা আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহা যাতে তোমালোকৰ পাপ মচি দিয়া হয় আৰু এইদৰে যিহোৱাই শান্তিৰ দিন লৈ আহিব।” (পাঁচ. ৩:১৪, ১৫, ১৭, ১৯) পিতৰে জনাইছিল যে এজন ব্যক্তিয়ে নিজৰ পাপ অনুতাপ কৰাৰ পাছত যিহোৱাৰ ওচৰলৈ উভতি আহে। ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰে, বেয়া কাম কৰিবলৈ এৰি দিয়ে আৰু এনে জীৱন-যাপন কৰে, যাৰ পৰা যিহোৱা আনন্দিত হয়। পিতৰে এয়াও কৈছিল যে যিহোৱাই যেতিয়া কাৰোবাক ক্ষমা কৰে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে তাক মচি পেলাই, তেওঁ যেন সেই পাপ কেতিয়াও কৰাই নাছিল। কিবা ভুল কৰাৰ পাছত বা কিবা ডাঙৰ পাপ কৰাৰ পাছতো যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে। এয়া জানি সঁচাকৈ আমি বহুত শান্ত্বনা লাভ কৰোঁ। w২৪.০৮ ১২ ¶১৪
মঙ্গলবাৰ, ২৪ ফেব্ৰুৱাৰী
তোমালোকৰ জীৱন-প্ৰণালীয়ে দেখুৱাওক যে টকা-পইচাৰ প্ৰতি তোমালোকৰ প্ৰেম নাই।—ইব্ৰী ১৩:৫.
যদি আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে এই দুষ্ট জগতৰ অন্ত কাষ চাপিছে, তেনেহʼলে আমি ধন-সম্পত্তি গোটোৱাত ব্যস্ত হৈ নাথাকিম। মহা-সংকটৰ সময়ত ধন-সম্পত্তিৰ কোনো মূল্য নাথাকিব। বাইবেলত লিখা আছে, লোকসকলে “নিজ নিজ ৰূপ বাটত পেলাই দিব” কাৰণ তেওঁলোকে বুজি পাব যে ‘যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁবিলাকৰ ৰূপে তেওঁবিলাকক ৰক্ষা কৰিব নোৱাৰিব।’ (যিহি. ৭:১৯) সেইবাবে, আজি আমি টকা-পইচা গোটোৱাত ব্যস্ত হৈ নাথাকিম। তাৰ পৰিৱৰ্তে আমি এনে নিৰ্ণয় লʼম, যাৰ পৰা আমি নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে যিহোৱাৰ সেৱাত লাগি থাকিম। আমি এনেই ধাৰ নলʼম আৰু এনে বস্তুবোৰো নিকিনিম, যাৰ চোৱা-চিতা কৰিবলৈ আমি বহুত সময় দিব লাগিব। অথবা আমাৰ ওচৰত যিবোৰ বস্তু আছে, সেইবোৰকো প্ৰয়োজনতকৈ বেছি প্ৰেম নকৰিম। (মথি ৬:১৯, ২৪) অন্ত অহাৰ আগতে বহুবাৰ আমাৰ বিশ্বাসৰ পৰীক্ষা হʼব পাৰে। সেই সময়ত আমি দেখুৱাব লাগিব যে আমি যিহোৱাক প্ৰেম কৰোঁ, বস্তুবোৰক নহয়। w২৪.০৯ ১১ ¶১৩-১৪
বুধবাৰ, ২৫ ফেব্ৰুৱাৰী
যিজনে থিয় হৈ আছোঁ বুলি ভাবে, তেওঁ সাৱধান হওক যেন তেওঁ পৰি নাযায়।—১ কৰি. ১০:১২.
আমি হয়তো আমাৰ কিছুমান দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। কিন্তু আমাৰ এনে কিছুমান দুৰ্বলতা থাকে, যাৰ লগত আমি বহু সময়লৈকে যুঁজিবলগীয়া হʼব পাৰে। পাঁচনি পিতৰৰ বিষয়ে চিন্তা কৰক। তেওঁ মানুহক ভয় কৰি যীচুক চিনি পাবলৈ তিনিবাৰ অস্বীকাৰ কৰিছিল। (মথি ২৬:৬৯-৭৫) কিন্তু কিছু সময়ৰ পাছত তেওঁ মহাসভাৰ আগত সাহসেৰে প্ৰচাৰ কৰিছিল। (পাঁচ. ৫:২৭-২৯) এনে লাগে যেন তেওঁ নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰি লৈছিল। কিন্তু মন কৰকচোন, কিছু বছৰৰ পাছত তেওঁৰ লগত কি হʼল। “চুন্নৎ হোৱাবিলাকলৈ তেওঁ ভয় কৰি” কিছু সময়ৰ বাবে পৰজাতি খ্ৰীষ্টানসকলৰ লগত খোৱা-বোৱা কৰিবলৈ বন্ধ কৰি দিছিল। (গালা. ২:১১, ১২) তেওঁ আকৌ মানুহলৈ ভয় কৰিবলৈ ধৰিলে। এনে লাগে যেন পিতৰে নিজৰ এই দুৰ্বলতাক কেতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। আমাৰ লগতো এইদৰে হʼব পাৰে। সেইবাবে আমি আমাৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ যীচুৰ পৰামৰ্শ পালন কৰিব পাৰোঁ, ‘জাগি থাকক’ আৰু সতৰ্ক হৈ থাকক। (মথি ২৬:৪১) যেতিয়া আপোনাৰ অনুভৱ হয় যে আপুনি থিৰে আছে, তেতিয়াও আপুনি সেই পৰিস্থিতি আৰু কামৰ পৰা আঁতৰি থাকক, যিয়ে আপোনাৰ দুৰ্বলতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মনত পেলাওক যে আগতে আপুনি এই দুৰ্বলতাৰ লগত যুঁজিবলৈ কি কি পদক্ষেপ লৈছিল আৰু সেইদৰেই কৰক।—২ পিত. ৩:১৪. w২৪.০৭ ১৮-১৯ ¶১৭-১৯
বৃহস্পতিবাৰ, ২৬ ফেব্ৰুৱাৰী
তেওঁ মানুহৰ ৰূপত উপহাৰ দিলে।—ইফি. ৪:৮.
যীচুৱে আমাক যিমান সহায় কৰিছে, সিমান আন কোনো মানুহে সহায় কৰিব নোৱাৰে। পৃথিৱীত থকাৰ সময়ত তেওঁ নিজৰ চমৎকাৰ কৰা শক্তিৰ যোগেদিও লোকসকলক সহায় কৰিছিল। (লূক ৯:১২-১৭) আটাইতকৈ ডাঙৰ কথা হৈছে, তেওঁ নিজৰ জীৱন দি আমাক সহায় কৰিলে। (যোহ. ১৫:১৩) আকৌ জীয়াই উঠাৰ পাছতো তেওঁ লোকসকলক সহায় কৰিলে। ইয়াৰ লগতে তেওঁৰ শিষ্যসকলে যাতে শাস্ত্ৰৰ কথা বুজি পাই আৰু মনৰ শান্ত্বনা লাভ কৰে, তাৰ বাবে তেওঁ যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰিছিল। (যোহ. ১৪:১৬, ১৭; ১৬:১৩) আজিও তেওঁ আমাক সহায় কৰি আছে। গোটেই পৃথিৱীত প্ৰচাৰ কাম যাতে ভালদৰে হয়, তাৰ কাৰণে তেওঁ সভাৰ যোগেদি আমাক শিকাই আছে। (মথি ২৮:১৮-২০) পাঁচনি পৌলে কৈছে যে যীচুৱে স্বৰ্গলৈ যোৱাৰ পাছত আমাক “মানুহৰ ৰূপত উপহাৰ দিলে।” (ইফি. ৪:৭, ৮) পাঁচনি পৌলে বুজালে যে এই উপহাৰ যীচুৱে কিয় দিলে। কাৰণ মণ্ডলীৰ কাম যাতে ভালদৰে হʼব পাৰে। (ইফি. ১:২২, ২৩; ৪:১১-১৩) এই লোকসকলৰ পৰাও ভুল হʼব পাৰে কাৰণ তেওঁলোক আমাৰ দৰে অসিদ্ধ। (যাকো. ৩:২) তথাপিও যীচুৱে তেওঁলোকৰ যোগেদি আমাক সহায় কৰে, কাৰণ তেওঁলোক যীচুৱে দিয়া উপহাৰ হয়। w২৪.১০ ১৮ ¶১-২
শুক্ৰবাৰ, ২৭ ফেব্ৰুৱাৰী
প্ৰজ্ঞাই তোমাক উদ্ধাৰ কৰিব।—হিতো. ২:১০, ১১.
দায়ূদে নিজৰ লʼৰা চলোমনক কʼলে যে চলোমনে যেতিয়ালৈকে যিহোৱাৰ কথা পালন কৰিব, তেতিয়ালৈকেহে সফল হʼব। কিন্তু দুখৰ কথা যে চলোমনে আগলৈ গৈ যিহোৱাৰ কথা পালন নকৰিলে আৰু মিছা দেৱী-দেৱতাবোৰৰ উপাসনা কৰিবলৈ ধৰিলে। সেইবাবে, যিহোৱাই তেওঁক যিবোৰ আশীৰ্বাদ দিছিল, সেইবোৰ তেওঁৰ ওপৰৰ পৰা আঁতৰাই দিলে। পৰিণামস্বৰূপে, তেওঁ যিহোৱাৰ বুদ্ধি হেৰুৱালে আৰু লোকসকলৰ ভাল দৰে ন্যায় কৰিব নোৱাৰিলে। (১ ৰাজা. ১১:৯, ১০; ১২:৪) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আজ্ঞা পালন কৰিলে সফলতা পোৱা যায়। (গীত. ১:১-৩) এয়া সঁচা যে যিহোৱাই আমাক চলোমনৰ দৰে ধন-সম্পত্তি দিব আৰু আমাক বিখ্যাত কৰি তুলিব বুলি প্ৰতিজ্ঞা কৰা নাই। কিন্তু আমি যদি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেনেহʼলে তেওঁ আমাক নিশ্চয় বুদ্ধি দিব যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰোঁ। (হিতো. ২:৬, ৭; যাকো. ১:৫) যেনে, যিহোৱাৰ সিদ্ধান্ত পালন কৰিলে আমি চাকৰি, পঢ়া-শুনা, মনোৰঞ্জন আৰু টকা-পইচাৰ ক্ষেত্ৰত সঠিক নিৰ্ণয় লʼব পাৰিম। যিহোৱাৰ পৰা পোৱা বুদ্ধিয়ে আমাক আজি আৰু আহিবলগীয়া ভৱিষ্যতত সুৰক্ষা দিব। (হিতো. ২:১০, ১১) ইয়াৰ উপৰিও আমি ভাল বন্ধু বনাব পাৰিম আৰু যিহোৱাৰ পৰামৰ্শ পালন কৰিলে আমাৰ পৰিয়ালো আনন্দিত থাকিব। w২৪.১১ ১০-১১ ¶১১-১২
শনিবাৰ, ২৮ ফেব্ৰুৱাৰী
সকলো কথা চালি-জাৰি চোৱা, যি আটাইতকৈ ভাল তাক ধৰি ৰাখা।—১ থিচ. ৫:২১.
মাক-দেউতাকৰ ওচৰত এনে বহুতো সুযোগ থাকে, যেতিয়া তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত এই বিষয়ে কথা পাতিব পাৰে যে তেওঁলোকে বাইবেল আৰু ঈশ্বৰৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰে। যেনে, তেওঁলোকে কোনো মিউজিয়াম চোৱাৰ সময়ত আপুনি এনে কিবা বস্তু বা ঘটনাৰ ওপৰত তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিব পাৰে, যাৰ বিষয়ে বাইবেলতো উল্লেখ আছে। যেনে, আপোনাৰ লʼৰা-ছোৱালীয়ে জানেনে মোৱাবী চিলা নামৰ এটা শিল আছিল, যি ৩,০০০ বছৰ পুৰণি হয় আৰু তাত ঈশ্বৰৰ নাম লিখা আছে। এই শিলৰ এটা নকল ৱাৰউইকত যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ৰ এখন মিউজিয়ামতো ৰখা আছে। এই মিউজিয়ামৰ নাম হৈছে, “বাইবেল আৰু ঈশ্বৰৰ নাম।” মোৱাবী চিলা নামৰ এই শিলত লিখা আছে যে মোৱাৰ ৰজা মেচাই ইস্ৰায়েলৰ বিৰোধে বিদ্ৰোহ কৰিছিল আৰু এই কথা বাইবেলৰ লগতো মিল খায়। (২ ৰাজা. ৩:৪, ৫) যেতিয়া আপোনাৰ সন্তানে এই প্ৰমাণবোৰ নিজ চকুৰে চাব, তেতিয়া বাইবেলৰ ওপৰত তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িব। w২৪.১২ ১৪ ¶৪; ১৫ ¶৬