এই কিতাপখন কেনেদৰে ব্যৱহাৰ কৰিব
এই কিতাপখনত প্ৰতিদিনৰ বাবে এটা শাস্ত্ৰপদ আৰু তাৰ ওপৰত আধাৰিত তথ্য দিয়া হৈছে। এয়া আপুনি দিনৰ যিকোনো সময়ত পঢ়িব পাৰে। কিন্তু বহুতোলোকে ৰাতিপুৱা পঢ়ি বেছি লাভৱান হৈছে। ৰাতিপুৱা পঢ়াৰ বাবে তেওঁলোকে গোটেই দিন এই বিষয়ে ধ্যান কৰিব পাৰে। যেতিয়া গোটেই পৰিয়ালে একেলগে মিলি আলোচনা কৰিব, তেতিয়াহে তেওঁলোকে বেছিকৈ লাভৱান হ’ব পাৰিব। গোটেই পৃথিৱীৰ বেথেল পৰিয়ালে ৰাতিপুৱাৰ আহাৰৰ সময়ত এইদৰে কৰে।
প্ৰতিটো তথ্যৰ শেষত যি উদ্ধৃতি দিয়া হৈছে, তাৰ পৰা আপুনি জানিব পাৰিব যে সেই তথ্য কʼৰ পৰা লোৱা হৈছে। উদাহণস্বৰূপে, “w২৪.০৪ ২ ¶১, ৩” উদ্ধৃতিৰ অৰ্থ তলত দিয়া তালিকাত বুজোৱা হৈছে। উদ্ধৃতিত দিয়া লেখৰ পৰা আপুনি সেই বিষয়ে বেছিকৈ তথ্য পাব পাৰিব।
w২৪ |
প্ৰহৰীদুৰ্গ সংখ্যাৰ বছৰ (২০২৪) |
০৪ |
প্ৰহৰীদুৰ্গ সংখ্যাৰ মাহ (এপ্ৰিল) |
২ |
পৃষ্ঠাৰ নম্বৰ, যʼৰ পৰা তথ্য লোৱা হৈছে |
¶১, ৩ |
অনুচ্ছেদৰ নম্বৰ, যʼৰ পৰা তথ্য লোৱা হৈছে |