ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

দেওবাৰ, ১৯ এপ্ৰিল

তোমাৰ মন জ্ঞানী হলে, মোৰো মন আনন্দিত হব।—হিতো. ২৩:১৫.

যোহনে তৃতীয় চিঠিখন লিখাৰ সময়ত মণ্ডলীত কিছুমান লোকে মিছা শিক্ষা বিয়পাবলৈ আৰু বিভাজন সৃষ্টি কৰিবলৈ ধৰিলে। কিন্তু বাকী খ্ৰীষ্টানসকলে ‘সত্যত চলি থাকিল’ আৰু যিহোৱাৰ “আজ্ঞা” পালন কৰি থাকিল। (২ যোহ. ৪, ৬) এই বিশ্বাসী সেৱকসকলক চাই যোহনৰ লগতে যিহোৱাও বহুত আনন্দিত হৈছিল। (হিতো. ২৭:১১) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? বিশ্বাসী হৈ থাকিলে আনন্দ পোৱা যায়। (১ যোহ. ৫:৩) যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হওঁ। আমি বেয়াৰ পৰা আঁতৰি থকাৰ বাবে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো চাই যিহোৱাই বহুত আনন্দিত হয়। স্বৰ্গদূতসকলেও এয়া চাই আনন্দিত হয়। (লূক ১৫:১০) ইয়াৰ উপৰিও আমাৰ ভাই-ভনীসকলে প্ৰলোভনৰ সময়ত আৰু সমস্যাৰ সময়ত যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো চাওঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। (২ থিচ. ১:৪) যেতিয়া জগতৰ শেষ হʼব, তেতিয়া এই চয়তানৰ জগততো আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলোঁ বুলি ভাবি আনন্দিত হʼম। w২৪.১১ ১২ ¶১৭-১৮

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬

সোমবাৰ, ২০ এপ্ৰিল

প্ৰতিজনে নিজৰ লাভৰ কাৰণে নহয়, কিন্তু আনৰ লাভৰ কাৰণে চিন্তা কৰি থাকক।—১ কৰি. ১০:২৪.

যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু তেওঁৰ লগত ডেটিং কৰিব বিচাৰে, তেনেহʼলে বেছি দেৰি কৰা উচিত নহয়। কিয়নো যদি ব্যক্তিজনে বুজি পাইছে যে আপুনি তেওঁক পচন্দ কৰে, কিন্তু এই বিষয়ে জনাবলৈ দেৰি কৰিছে, তেনেহʼলে আপুনি কোনো নিৰ্ণয় লʼবলৈ সংকোচ কৰে বুলি তেওঁ ভাবিব। (উপ. ১১:৪) কিন্তু আপুনি লগে লগে গৈ কৈ দিয়ে যে আপুনি তেওঁক পচন্দ কৰে, তেনেহʼলে তেওঁ ভাবিব পাৰে যে আপুনি ধৈৰ্য্যহীন ব্যক্তি। (হিতো. ২৯:২০) মনত ৰাখিব যে যদি আপুনি কাৰোবাক পচন্দ কৰোঁ বুলি জনাব বিচাৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি তেওঁকেই বিয়া পাতিব বুলি নিৰ্ণয় লৈছে। কিন্তু আপুনি নিশ্চিত হʼব লাগিব যে আপুনি বিয়া পাতিব বিচাৰে আৰু ইয়াৰ কাৰণে সাজু আছে। লগতে আপুনি যাক পচন্দ কৰে, তেওঁ আপোনাৰ কাৰণে এজন ভাল সংগী হʼব বুলি ভৰসা থকা উচিত। যদি কোনোবাই আপোনাক পচন্দ কৰিব ধৰিছে, তেনেহʼলে আপুনি কি কৰা উচিত? যদি আপুনি তেওঁক পচন্দ নকৰে, তেনেহʼলে নিজৰ ব্যৱহাৰৰ পৰা দেখুৱাওক যে আপুনি তেওঁক পচন্দ নকৰে। কাৰণ যদি আপুনি এইদৰে নকৰে, তেনেহʼলে তেওঁ হয়তো ভাবিব যে আপুনি তেওঁক পচন্দ কৰে। কাৰোবাৰ ভাৱনাৰ লগত ধেমালি কৰা ভাল নহয়।—ইফি. ৪:২৫. w২৪.০৫ ২২-২৩ ¶৯-১০

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬

মঙ্গলবাৰ, ২১ এপ্ৰিল

মই আকৌ আহিম আৰু তোমোলোকক নিজৰ ঘৰলৈ লৈ যাম।—যোহ. ১৪:৩.

যদি এজন অভিষিক্ত খ্ৰীষ্টানে জাগি নাথাকে, তেনেহʼলে তেওঁক বাছনি কৰা লোকসকলৰ লগত একগোট কৰা নহʼব। (মথি ২৪:৩১) এই কথা যিহোৱাৰ সেই সেৱকসকলৰ বিষয়েও সঁচা যিসকলৰ পৃথিৱীত জীয়াই থকাৰ আশা আছে। তেওঁলোকেও যীচুৰ সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন। তেওঁলোকে জাগি থকা আৰু বিশ্বাসী হৈ থকা উচিত। আমি যিহোৱাৰ বিষয়ে ভালদৰে জানোঁ, সেইবাবে আমাৰ সম্পূৰ্ণৰূপে ভৰসা আছে যে তেওঁ একেবাৰে সঠিক কাম কৰিব। আমি এয়া ভাবি চিন্তিত নহওঁ যে যিহোৱাই অলপতে নিজৰ কিছুমান বিশ্বাসী লোকক পবিত্ৰ শক্তিৰে অভিষিক্ত কৰিলে আৰু তেওঁলোকক স্বৰ্গত জীয়াই থাকিবলৈ বাছনি কৰিলে। আমি যীচুৰ সেই উদাহৰণ মনত ৰাখোঁ, যʼত তেওঁ কৈছিল যে কিছুমান লোকক ১১ ঘন্টাৰ সময়ছোৱাত আঙুৰৰ খেতিত কাম কৰিবলৈ মাতা হৈছিল। (মথি ২০:১-১৬) কিন্তু ৰাতিপুৱাৰ পৰা কাম কৰা লোকসকলৰ সমানেই তেওঁলোকে হাজিৰা পায়। ঠিক সেইদৰে এজন খ্ৰীষ্টানৰ অভিষেক যেতিয়াই নহওক কিয়, যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে আন অভিষিক্ত খ্ৰীষ্টানসকলৰ দৰে তেওঁ স্বৰ্গত জীয়াই থকাৰ সুযোগ লাভ কৰিব। w২৪.০৯ ২৪ ¶১৫-১৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক