নৱেম্বৰ
দেওবাৰ, ১ নৱেম্বৰ
মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ।—যিৰি. ৩:১২.
যিহোৱাৰ দৰে প্ৰাচীনসকলেও মণ্ডলীৰ পৰা বাহিৰ কৰা ব্যক্তিজনক কৰুণা দেখুৱাই আৰু তেওঁক সহায় কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে। খন্তেকৰ বাবে যিহোৱালৈ মন কৰক। ইস্ৰায়েলীসকলে বাৰে বাৰে ভুল কৰিছিল, তথাপিও যিহোৱাই তেওঁলোকক সহায় কৰি থাকিল। তেওঁ এইদৰে ভবা নাছিল যে যেতিয়া তেওঁলোকে অনুতাপ কৰিব, তেতিয়াহে তেওঁলোকক সহায় কৰিব। যিহোৱাই ভৱিষ্যবক্তা হোচেয়াক তেওঁৰ পত্নীয়ে বেয়া কামত লাগি থকাৰ সত্ত্বেও তাইক উভতাই আনিবলৈ কৈছিল। এইদৰে যিহোৱাই দেখুৱালে যে পাপ কৰা লোকসকলৰ প্ৰতি তেওঁৰ অন্তৰত কিমান কৰুণা আছে। (হোচে. ৩:১; মলা. ৩:৭) পাপ কৰা ব্যক্তিজনে অনুতাপ কৰা আৰু মণ্ডলীলৈ উভতি অহাটো যিহোৱাৰ দৰে প্ৰাচীনসকলেও অন্তৰৰ পৰা বিচাৰে। সেইবাবে, প্ৰাচীনসকলে তেওঁৰ লগত মৰমেৰে ব্যৱহাৰ কৰে আৰু এনে একো কথা নকয় বা কাম নকৰে, যাৰ বাবে উভতি আহিবলৈ তেওঁৰ বাবে কঠিন হʼব পাৰে। এই খণ্ডৰ দ্বিতীয় লেখত আমি হেৰাই যোৱা লʼৰাৰ উদাহৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনাৰ মনত আছে নে দেউতাকে তেওঁৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল? যেতিয়া দেউতাকে দেখিলে যে তেওঁ ঘৰলৈ উভতি আহিছে, তেতিয়া “তেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।” (লূক ১৫:২০) মন কৰিবলগীয়া কথা যে দেউতাকে এনে ভবা নাছিল যে লʼৰাজনে প্ৰথমে আহি তেওঁক ক্ষমা খুজিব, তাৰ পাছতহে তেওঁক গ্ৰহণ কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ লʼৰাজনৰ ওচৰলৈ দৌৰি গʼল, কাৰণ দেউতাকে তেওঁক বহুত মৰম কৰিছিল। w২৪.০৮ ২৮ ¶৭-৮
সোমবাৰ, ২ নৱেম্বৰ
তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক আৰু সেয়া তেওঁক দিয়া হʼব। কিয়নো ঈশ্বৰে ভুল নিবিচৰাকৈ সকলোকে উদাৰতাৰে দিয়ে।—যাকো. ১:৫, ফুট.
এই পদৰ পৰা জানিব পাৰি যে যিহোৱাই মন খুলি সকলোকে বুদ্ধি দিয়ে। এয়াও মন কৰিবলগীয়া কথা যে তেওঁ “গৰিহণা নকৰাকৈ অকাতৰে” এইদৰে কৰে। তেওঁ আমাক অনুভৱ নকৰাই যে আমি কোনো এটা বিষয়ত বহুত সৰু হওঁ বা বেছি কথা নাজানোঁ। ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক বুদ্ধি বিচাৰিবলৈ অনুৰোধ কৰে। কাৰণ তেওঁ আমাক বুদ্ধি দিব বিচাৰে। (হিতো. ২:১-৬) আমি যিহোৱাৰ দৰে হʼব পাৰোঁ নে আৰু আনক নিজৰ জ্ঞান আৰু বুদ্ধি বিলাব পাৰোঁ নে? নিশ্চয় পাৰোঁ। (গীত. ৩২:৮) আমাৰ ওচৰত এইদৰে কৰাৰ বহুতো সুযোগ আছে। উদাহৰণস্বৰূপে, আমি নতুন লোকসকলক ভালদৰে প্ৰচাৰ কৰিবলৈ শিকাব পাৰোঁ। প্ৰাচীনে ভাইসকলৰ লগত ধৈৰ্য্য ধৰিব পাৰে। তেওঁলোকে বাপ্তিষ্মা লোৱা ভাই আৰু পৰিচাৰকসকলক মণ্ডলীৰ দায়িত্ববোৰ কেনেকৈ পালন কৰা উচিত, তাৰ বিষয়ে শিকাব পাৰে। যিসকল ভাই-ভনীৰ সংগঠনৰ বিল্ডিঙৰ নিৰ্মাণ কাম কৰা আৰু তাৰ চোৱা-চিতা কৰাৰ অভিজ্ঞতা আছে, তেওঁলোকে কম অভিজ্ঞতা থকা ভাই-ভনীসকলক এই কাম শিকাব পাৰে। w২৪.০৯ ২৮-২৯ ¶১১-১২
মঙ্গলবাৰ, ৩ নৱেম্বৰ
তোমালোক আমাৰ অতি প্ৰিয় আছিলা।—১ থিচ. ২:৮.
যদি এজন ভায়ে প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে আপুনি “নিৰ্দোষী হোৱা উচিত।” ইয়াৰ অৰ্থ হৈছে মণ্ডলীত আপোনাৰ ভাল নাম হোৱা উচিত আৰু আপোনাৰ আচাৰ-ব্যৱহাৰত কোনোৱে যাতে অভিযোগ লগাব নোৱাৰে। (১ তীম. ৩:২) ইয়াৰ লগতে ‘বাহিৰৰ লোকসকলৰ পৰা তেওঁ ভাল নাম অৰ্জন কৰাটো’ অতি গুৰুত্বপূৰ্ণ। আপোনাৰ বিশ্বাসৰ বাবে হয়তো জগতৰ লোকসকলে আপোনাৰ ওপৰত মিছা অভিযোগ লগাব পাৰে। কিন্তু আপোনাৰ আচাৰ-ব্যৱহাৰ আৰু আপুনি সকলো বিষয়ত বিশ্বাসী হয় নে নহয় বুলি তেওঁলোকে যাতে সন্দেহ নকৰে। (দানি. ৬:৪, ৫) সেইবাবে, নিজকে সোধক, ‘মণ্ডলীৰ ভিতৰত আৰু বাহিৰৰ লোকসকলৰ মাজত মই ভাল নাম অৰ্জন কৰিছোঁ নে?’ যদি আপুনি ‘ভাল বিষয়ক প্ৰেম কৰে,’ তেনেহʼলে আপুনি আনৰ ভাল কামবোৰৰ ওপৰত মন কৰিব আৰু তেওঁলোকৰ ভাল গুণবোৰৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰিব। (তীত ১:৮) ইয়াৰ লগতে আপুনি আনন্দেৰে আনৰ বাবে ভাল কাম কৰিব, তেতিয়াও যেতিয়া আপোনাৰ পৰা আশা কৰা নহয়। প্ৰাচীনসকলৰ বাবে ভাল বিষয়ক প্ৰেম কৰাটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ, তেতিয়াহে তেওঁলোকে ৰখীয়াৰ দৰে ভাই-ভনীসকলৰ চোৱা-চিতা কৰিব আৰু মণ্ডলীত আন দায়িত্ববোৰ পূৰ কৰিবলৈ পৰিশ্ৰম কৰিব। (১ পিত. ৫:১-৩) এই সকলো কাম কৰোঁতে তেওঁলোকে যি আনন্দ পায়, সেয়া যিকোনো ত্যাগৰ তুলনাত বহুগুণে বেছি।—পাঁচ. ২০:৩৫. w২৪.১১ ২০-২১¶৩-৫
বুধবাৰ, ৪ নৱেম্বৰ
লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।—পাঁচ. ২০:৩৫.
সহায়ক সেৱকসকলে মণ্ডলীত বহুতো গুৰুত্বপূৰ্ণ কাম চম্ভালে। পাঁচনি পৌলে এই বিশ্বাসী ভাইসকলৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। তেওঁ যেতিয়া ফিলিপী মণ্ডলীলৈ চিঠি লিখিছিল, তেতিয়া তেওঁ প্ৰাচীনসকলৰ লগতে সহায়ক সেৱকসকলৰ বিষয়েও উল্লেখ কৰিছিল। (ফিলি. ১:১) বৰ্তমান সময়ত বাপ্তিষ্মা লোৱা বিভিন্ন বয়সৰ ভাইসকলে সহায়ক সেৱক হিচাপে সেৱা কৰি আছে। তেওঁলোকে ইয়াৰ পৰা বহুত আনন্দ লাভ কৰে। যেনে, ভাই দেৱনক ১৮ বছৰ বয়সতে সহায়ক সেৱক হিচাপে নিযুক্ত কৰা হʼল। আনহাতে, ভাই লুইচ ৫০ বছৰ বয়সত সহায়ক সেৱক হʼল। সহায়ক সেৱক হিচাপে সেৱা কৰাৰ বিষয়ে ভাই লুইচে কেনে অনুভৱ কৰে? তেওঁ এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰি মই বৰ আনন্দিত হওঁ। তেওঁলোকে মোক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰি মই নিজৰ প্ৰেম দেখুৱাব পাৰোঁ।” গোটেই পৃথিৱীত সহায়ক সেৱকসকলে এইদৰেই অনুভৱ কৰে। যদি আপুনি বাপ্তিষ্মা লোৱা এজন ভাই হয় আৰু সহায়ক সেৱক নহয়, তেনেহʼলে আপুনি এই লক্ষ্য ৰাখিব পাৰে নে? w২৪.১১ ১৪ ¶১-৩
বৃহস্পতিবাৰ, ৫ নৱেম্বৰ
হে যিহোৱা, তোমাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক তুমি এতিয়া সোঁৱৰণ কৰা।—২ ৰাজা. ২৩:৩.
যিহূদাৰ ৰজা হিষ্কিয়াৰ ৩৯ বছৰ বয়সত এটা ডাঙৰ বেমাৰ হʼল। ভৱিষ্যবক্তা যিচয়াৰ জৰিয়তে যিহোৱাই কʼলে যে এই বেমাৰ কেতিয়াও ভাল নহʼব আৰু তেওঁৰ মৃত্যু হʼব। (২ ৰাজা. ২০:১) হিষ্কিয়াই বচাৰ কোনো উপায় দেখি পোৱা নাছিল। তেওঁ ইমানেই দুখিত হৈ পৰিছিল যে তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে। তেতিয়া তেওঁ যিহোৱালৈ কাকূতি-মিনতি কৰিলে। হিষ্কিয়াৰ চকুপানী আৰু কাকূতি-মিনতি কৰাটো চাই যিহোৱাৰ বহুত দুখ লাগিল আৰু তেওঁ কʼলে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকু-লোত মোৰ দৃষ্টি পৰিল, চোৱা, মই তোমাক সুস্থ কৰিম।” যিহোৱাৰ মনত হিষ্কিয়াৰ প্ৰতি দয়া উপজিল আৰু যিচয়াৰ যোগেদি তেওঁ হিষ্কিয়াক প্ৰতিজ্ঞা কৰিলে যে তেওঁৰ বয়স বঢ়াব আৰু যিৰূচালেমক অচূৰীয়াসকলৰ হাতৰ পৰা বচাব। (২ ৰাজা. ২০:৪-৬) আপোনাৰ এনে বেমাৰ হৈছে নে যাৰ কোনো চিকিৎসা নাই? তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ কান্দিবলৈ মন যায়, তেনেহʼলে কান্দক আৰু তেওঁক জনাওক যে আপুনি কেনে অনুভৱ কৰি আছে। বাইবেলত আমাক আশ্বাস দিয়া হৈছে যে তেওঁ “দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়।” আমাৰ সকলো পৰীক্ষাত তেওঁ আমাক শান্ত্বনা দিয়ে।—২ কৰি. ১:৩, ৪. w২৪.১২ ২৪ ¶১৫-১৭
শুক্ৰবাৰ, ৬ নৱেম্বৰ
লোকসকলৰ নিচিনা ময়ো ঈশ্বৰলৈ এই আশা ৰাখিছোঁ যে ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব।—পাঁচ. ২৪:১৫.
নতুন পৃথিৱীত যেতিয়া লোকসকলক আকৌ জীয়াই তোলা হʼব আৰু আমি তেওঁলোকক আদৰণি জনাম, তেতিয়া সঁচাকৈ বৰ আনন্দময় পৰিস্থিতি হʼব। সেই সময়ত আমি যিহোৱাৰ সৃষ্টিৰ বস্তুবোৰৰ পৰা তেওঁৰ বিষয়ে বহুতো কথা জানিব পাৰিম। সঁচাকৈ তেতিয়া আমাৰ বৰ ভাল লাগিব। (গীত. ১০৪:২৪; যিচ. ১১:৯) নতুন পৃথিৱীত আমি সকলোৱে সিদ্ধ হৈ পৰিম আৰু দোষীৰ ভাবনাই আমাক আমনি নিদিব। সেই সময়ত আমি আনন্দ মনেৰে যিহোৱাৰ উপাসনা কৰিব পাৰিম। এয়া সঁচাকৈ বৰ ডাঙৰ আশীৰ্বাদ হয়। গতিকে, “পাপৰ অলপদিনিয়া সুখ ভোগ” কৰিবলৈ আপুনি ইমানবোৰ আশীৰ্বাদ হেৰুৱাই দিবনে? (ইব্ৰী ১১:২৫) কেতিয়াও নহয়। আমি নতুন পৃথিৱীত যিবোৰ আশীৰ্বাদ পাম, তাৰ তুলনাত আজি আমি যিবোৰ ত্যাগ কৰি আছোঁ সেইবোৰ একোৱেই নহয়। মনত ৰাখক, নতুন পৃথিৱীত জীয়াই থকাটো কেৱল আশা হৈ নাথাকিব সেয়া নিশ্চয় পূৰ হʼব। কাৰণ যিহোৱাই নিজৰ মৰমৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে আৰু ইয়াক সম্ভৱ কৰি তুলিলে। w২৫.০১ ২৯ ¶১২
শনিবাৰ, ৭ নৱেম্বৰ
যিহোৱাৰ হাত জানো চুটি হল?—গণ. ১১:২৩.
ইব্ৰী কিতাপত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ বিষয়ে উল্লেখ আছে। তেওঁলোকৰ মাজৰ এজন হৈছে মোচি। তেওঁৰ বহুত বিশ্বাস আছিল। (ইব্ৰী ৩:২-৫; ১১:২৩-২৫) তেওঁৰ ভৰসা ব্যৰ্থ নগʼল। যিহোৱাই অৰণ্যত ইস্ৰায়েলীসকলক চমৎকাৰ কৰি আহাৰ আৰু পানী দিলে আৰু তেওঁলোকক চম্ভালিলে। (যাত্ৰা. ১৫:২২-২৫; গীত. ৭৮:২৩-২৫) মোচিৰ বিশ্বাস বহুত মজবুত আছিল। কিন্তু ইস্ৰায়েলীসকলক মিচৰৰ পৰা উলিয়াই অনাৰ প্ৰায় এবছৰৰ পাছত তেওঁৰ যিহোৱাৰ ওপৰত সন্দেহ হʼবলৈ ধৰিলে। কাৰণ, ইস্ৰায়েলীসকলে মাংস বিচাৰিবলৈ ধৰিলে আৰু মোচিয়ে ভাবিলে যে যিহোৱাই এই অৰণ্যত লাখ লাখ লোকৰ বাবে মাংস কʼৰ পৰা আনিব। তেতিয়া যিহোৱাই মোচিক কʼলে, “যিহোৱাৰ হাত জানো চুটি হল?” (গণ. ১১:২১-২৩) গতিকে এই প্ৰশ্ন সুধি যিহোৱাই মোচিক যেন কৈ আছিল, ‘তুমি কি ভাবা, মই যি কৈছোঁ সেয়া পূৰ কৰিব নোৱাৰিম নে?‘ w২৫.০৩ ২৬ ¶১-২
দেওবাৰ, ৮ নৱেম্বৰ
[ঈশ্বৰে]নোহৰ সময়ৰ জগতকো শাস্তি দিবলৈ পিছ নুহুকিলে।—২ পিত. ২:৫.
জলপ্লাৱনৰ সময়ত যি হৈছিল, সেয়া ভৱিষ্যতে হʼবলগীয়া কিছুমান কথাক চিত্ৰিত কৰে বুলি কোৱাটো সঠিক হʼব নে? নহয়। কিয় বাৰু? কাৰণ বাইবেলত ইয়াৰ বিষয়ে একো উল্লেখ কৰা নাই। যীচুৱে নিজৰ উপস্থিতিৰ তুলনা “নোহৰ দিনৰ” লগত কৰিছিল। কিন্তু তেওঁ এইদৰে কেতিয়াও কোৱা নাছিল যে নোহৰ দিনত যিবোৰ ঘটনা ঘটিছিল, সেইবোৰ ভৱিষ্যতে হʼবলগীয়া কোনো কথাক চিত্ৰিত কৰে। যেনে, জাহাজৰ দুৱাৰ বন্ধ কৰা। (মথি ২৪:৩৭-৩৯) যেতিয়া যিহোৱাই নোহক জলপ্লাৱনৰ বিষয়ে কʼলে, তেতিয়া নোহে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? তেওঁ জাহাজ নিৰ্মাণ কৰিলে আৰু এইদৰে তেওঁ দেখুৱালে যে যিহোৱাৰ কথাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। (ইব্ৰী ১১:৭; ১ পিত. ৩:২০) ঠিকে সেইদৰে আজি যেতিয়া লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্তা শুনে, তেতিয়া তেওঁলোকেও লগে লগে পদক্ষেপ লোৱা উচিত। (পাঁচ. ৩:১৭-২০) পিতৰে নোহক ‘প্ৰচাৰক’ বুলি কৈছিল। আজি আমিও গোটেই পৃথিৱীৰ লোকসকলক প্ৰচাৰ কৰিবলৈ বহুত পৰিশ্ৰম কৰোঁ। কিন্তু আমি যিমানেই চেষ্টা নকৰোঁ কিয় অন্ত অহাৰ আগতে সকলো লোকক প্ৰচাৰ কৰাটো সম্ভৱ নহয়। w২৪.০৫ ৯-১০ ¶৩-৫
সোমবাৰ, ৯ নৱেম্বৰ
যিহোৱাক ভয় কৰোঁতা লোক তেওঁৰ বাবে আদৰণীয়।—গীত. ১৫:৪.
যিহোৱাৰ বন্ধুসকলক নিজৰ প্ৰেম আৰু আদৰ দেখুৱাবলৈ আমি সুযোগ বিচাৰি থাকোঁ। (ৰোম. ১২:১০) এইদৰে কৰাৰ এটা উপায়ৰ বিষয়ে গীতমালা ১৫:৪ পদত কোৱা হৈছে। তাত লিখা আছে যে যিহোৱাৰ বন্ধুসকলে ‘নিজৰ হানি হলেও’ নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। প্ৰতিজ্ঞা পূৰ নকৰিলে আনৰ হানি হʼব পাৰে বা তেওঁলোকে মনত আঘাত পাব পাৰে। (মথি ৫:৩৭) সেইবাবে, যিহোৱাৰ বন্ধুসকলে নিজৰ প্ৰতিজ্ঞা পূৰ কৰাটো তেওঁ বিচাৰে। যেনে, পতি-পত্নীয়ে নিজৰ বিয়াৰ প্ৰতিজ্ঞা, পিতৃ- মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কৰা প্ৰতিজ্ঞা পূৰ কৰাটো যিহোৱাই বিচাৰে। আমি যিহোৱা আৰু নিজৰ ওচৰ-চুবুৰীয়াক বহুত প্ৰেম কৰোঁ, সেইবাবে আমি নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। যিহোৱাৰ বন্ধুসকলক সন্মান দেখুৱাৰ আন এটা উপায় হৈছে অতিথি সৎকাৰ কৰা আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থকা। (ৰোম. ১২:১৩) যেতিয়া আমি ভাই-ভনীসকলক লগ কৰোঁ আৰু তেওঁলোকৰ লগত সময় কটাওঁ, তেতিয়া তেওঁলোকৰ লগত আৰু যিহোৱাৰ লগত আমাৰ বন্ধুত্ব আৰু দৃঢ় হৈ পৰে। ইয়াৰ উপৰিও যেতিয়া আমি অতিথি সৎকাৰ কৰোঁ, তেতিয়া আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ। w২৪.০৬ ১২ ¶১৫-১৬
মঙ্গলবাৰ, ১০ নৱেম্বৰ
মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা?—গীত. ৮:৪.
যিহোৱাই নম্ৰ লোকসকলক সত্য শিকায়। (মথি ১১:২৫) আমি নম্ৰ আছিলোঁ, সেইবাবে সত্য শিকিবলৈ আনৰ পৰা সহায় লৈছিলোঁ। (পাঁচ. ৮:৩০, ৩১) কিন্তু আমি যাতে নম্ৰ হৈ থাকোঁ আৰু অহংকাৰী হৈ নপৰোঁ, তাৰ প্ৰতি আমি ধ্যান দি থকা উচিত। অহংকাৰী লোকে বিশ্বাস কৰে যে বাইবেলৰ সিদ্ধান্ত আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনা সঠিক হয়। কিন্তু তেওঁৰ চিন্তাধাৰাও সিমানেই সঠিক হয়। নম্ৰ হৈ থাকিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমি সদায় মনত ৰখা উচিত যে যিহোৱা কিমান মহান আৰু আমি তেওঁৰ আগত কিমান সৰু। (গীত. ৮:৩, ৪) সদায় নম্ৰ হৈ থাকিবলৈ আৰু শিকি থাকিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনাও কৰিব লাগিব। তেতিয়া আমি যিহোৱাৰ চিন্তাধাৰাক নিজৰ চিন্তাধাৰাতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিম। যিহোৱাই নিজৰ বাক্য আৰু সংগঠনৰ যোগেদি যি নিৰ্দেশনা দিয়ে, তাক আমি নম্ৰ হৈ পালন কৰা উচিত। বাইবেল পঢ়াৰ সময়ত আমি মন কৰা উচিত যে যিহোৱাই কেনেকৈ নম্ৰ লোকসকলক প্ৰেম কৰে আৰু অহংকাৰী লোকসকলক কিমান ঘিণ কৰে। যদি আমি কোনো এটা ডাঙৰ দায়িত্ব পাওঁ আৰু ভাই-ভনীসকলে আমাৰ ওপৰত ধ্যান দিবলৈ ধৰে, তেতিয়া আমি যাতে নম্ৰ হৈ থাকোঁ তাৰ প্ৰতি আৰু বেছিকৈ ধ্যান দিয়া উচিত। w২৪.০৭ ১০ ¶৮-৯
বুধবাৰ, ১১ নৱেম্বৰ
যি সৰু, হাজাৰ হৈ উঠিব; আৰু যি ক্ষুদ্ৰ, সি বলৱান জাতি হৈ উঠিব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।—যিচ. ৬০:২২.
যীচু খ্ৰীষ্টই ১৯১৯ চনত অভিষিক্ত খ্ৰীষ্টানসকলৰ এটা সৰু সমূহক প্ৰচাৰ কাম শৃংখলাবদ্ধভাৱে কৰিবলৈ আৰু উচিত সময়ত ঈশ্বৰৰ বাক্যৰ পৰা সঠিক জ্ঞান দিবলৈ নিযুক্ত কৰিলে। (লূক ১২:৪২) তেওঁলোকৰ এই কামত যিহোৱাই আশীৰ্বাদ দি আছে। (যিচ. ৬৫:১৩, ১৪) যীচুৱে আমাক প্ৰচাৰ কৰাৰ দায়িত্ব দিছে আৰু যেতিয়া আমি শৃংখলাবদ্ধভাৱে কাম কৰোঁ, তেতিয়া আমি ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ। (মথি ২৮:১৯, ২০) কল্পনা কৰক, যদি আপোনাক প্ৰচাৰ কৰিবলৈ কোনো এলেকা দিয়া নহয়, আপুনি যʼতে বিচাৰে তাতে প্ৰচাৰ কৰিব পাৰে, তেনেহʼলে হয়তো কিছুমান এলেকাত বাৰে বাৰে প্ৰচাৰ হʼব, কিন্তু কিছুমান এলেকা থাকি যাব। সঁচাকৈ, শৃংখলাবদ্ধভাৱে কাম কৰাৰ বহুতো লাভ আছে। আপুনি আৰু কিছুমান লাভৰ বিষয়ে চিন্তা কৰিব পাৰেনে? যীচুৱে নিজৰ শিষ্যসকলক শৃংখলাবদ্ধভাৱে কাম কৰিবলৈ শিকাইছিল। w২৪.০৪ ৮-৯ ¶২-৪
বৃহস্পতিবাৰ, ১২ নৱেম্বৰ
তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহব? যদি ভাল নকৰা, তেন্তে পাপ দুৱাৰ-মুখত খাপ দি আছে; আৰু তোমালৈ তাৰ ইচ্ছা।—আদি. ৪:৭.
কয়িন, আদম আৰু হৱাৰ প্ৰথম লʼৰা আছিল। তেওঁ নিজৰ মা-দেউতাৰ পৰা উত্তৰাধিকাৰী হিচাপে পাপ পাইছিল। বাইবেলতো লিখা আছে, “তেওঁৰ নিজৰ কৰ্ম্ম মন্দ” আছিল। (১ যোহ. ৩:১২) ইয়াৰ বাবেই হয়তো যিহোৱাই “কয়িনক আৰু তেওঁৰ উপহাৰক হলে, গ্ৰহণ নকৰিলে।” তেতিয়া কয়িনে নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰাৰ প্ৰয়োজন আছিল। কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে তেওঁ “অতিশয় ক্ৰোধ হল, আৰু তেওঁৰ মুখো আমন জিমন হল।” তেতিয়া যিহোৱাই কি কৰিলে? (আদি. ৪:৩-৭) যিহোৱাই কয়িনক মৰমেৰে বুজালে যে যদি তেওঁ ভাল কাম কৰে, তেনেহʼলে তেওঁ আশীৰ্বাদ লাভ কৰিব। কিন্তু যিহোৱাই কয়িনক সাৱধানো কৰিলে যদি তেওঁ নিজকে সলনি নকৰে, তেনেহʼলে তেওঁ পাপ কৰিব। তেওঁ কয়িনক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু দুখৰ বিষয় যে কয়িনে যিহোৱাৰ কথা নুশুনিলে। ইয়াৰ পাছত যিহোৱাই পাপ কৰা ব্যক্তিক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা নকৰিম বুলি থিৰাং কৰি লৈছিল নে? নহয়। w২৪.০৮ ১০ ¶৮
শুক্ৰবাৰ, ১৩ নৱেম্বৰ
তুমি . . . জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা।—দ্বিতী. ৩০:২০.
মোচিয়ে ইস্ৰায়েলীসকলক মনত পেলাই দিলে যে তেওঁলোকে এটা ধুনীয়া ভৱিষ্য পাব। যিহোৱাই প্ৰতিজ্ঞা কৰা যি দেশ দিব, তাত তেওঁলোকে বহু বছৰলৈকে জীয়াই থাকিব পাৰিব। মোচিয়ে তেওঁলোকক কৈছিল যে সেই দেশ বহুত ধুনীয়া আৰু তাৰ মাটি সাৰুৱা হʼব। তেওঁ কৈছিল, “সেই দেশত তেওঁ তোমাক সুমুউৱাৰ পাছত, তুমি যিহক সজা নাই, এনে ডাঙৰ আৰু সুন্দৰ নগৰ, আৰু যিহক তুমি ভৰোৱা নাই, সকলো উত্তম দ্ৰব্যেৰে পূৰ হোৱা এনে ঘৰ, আৰু যিহক তুমি খনা নাই এনে নাদ, আৰু যিহক তুমি ৰোৱা নাই এনে দ্ৰাক্ষালতা আৰু জিতগছৰ বাৰী, এই সকলোকে পাই তুমি যেতিয়া হেঁপাহ পলুৱাই খাবা।” (দ্বিতী. ৬:১০, ১১) মোচিয়ে ইস্ৰায়েলীসকলক সতৰ্কও কৰিছিল। যদি তেওঁলোকে সেই দেশত সদায় থাকিব বিচাৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিব লাগিব। মোচিয়ে তেওঁলোকক যিহোৱাৰ কথা মানিবলৈ, ‘তেওঁত আসক্ত হʼবলৈ’ আৰু এনেধৰণৰ ‘জীৱন বাছনি’ কৰিবলৈ তেওঁলোকক অনুৰোধ কৰিলে। (দ্বিতী. ৩০:২০) কিন্তু দুখৰ কথা যে তেওঁলোকে যিহোৱাৰ কথা নামানিলে যাৰ বাবে যিহোৱাই তেওঁলোকক অচূৰীয়াসকলক আৰু আগলৈ গৈ বাবিলৰ লোকসকলৰ হাতত বন্দী হʼবলৈ এৰি দিলে।—২ ৰাজা. ১৭:৬-৮, ১৩, ১৪; ২ বং. ৩৬:১৫-১৭, ২০. w২৪.১১ ৯ ¶৫-৬
শনিবাৰ, ১৪ নৱেম্বৰ
মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰালৈকে কোনো মানুহেই মোৰ ওচৰলৈ আহিব নোৱাৰে।—যোহ. ৬:৪৪.
নিজকে খ্ৰীষ্টান বুলি কোৱা বহুতো লোকে ভাবে যে যদি তেওঁলোকে যীচুক উদ্ধাৰকৰ্তা হিচাপে মানিব, তেনেহʼলে তেওঁলোকে উদ্ধাৰ পাব। (যোহ. ৬:২৯) কিন্তু ইমানেই যথেষ্ট নহয়। গালীলত অহা সেই ভীৰৰ মাজত বহুতোলোকে আৰম্ভণিতে যীচুৰ ওপৰত বিশ্বাস কৰিছিল। কিন্তু পাছত তেওঁক এৰি গুচি গʼল। তেওঁলোকে এইদৰে কিয় কৰিলে? ভীৰৰ বেছিভাগ লোকে তেতিয়ালৈকে যীচুৰ লগত থাকিলে, যেতিয়ালৈকে যীচুৱে তেওঁলোকৰ ইচ্ছা পূৰ কৰিলে। তেওঁলোকে বিচাৰিছিল যে যীচুৱে চমৎকাৰ কৰি তেওঁলোকক বেমাৰৰ পৰা সুস্থ কৰে, তেওঁলোকক আহাৰ খোৱাই আৰু তেওঁলোকে যি শুনিব বিচাৰে, সেয়া তেওঁলোকক শিকায়। কিন্তু যীচুৱে স্পষ্টকৈ জনালে যে তেওঁ পৃথিৱীত তেওঁলোকৰ ইচ্ছা পূৰ কৰিবলৈ অহা নাই। তাৰ পৰিৱৰ্তে তেওঁ এয়া শিকাবলৈ আহিছে যে যদি তেওঁলোকে সঁচাকৈ তেওঁৰ শিষ্য হʼব বিচাৰে, তেনেহʼলে তেওঁলোকে কি কৰা উচিত। তেওঁলোকে যীচুৰ “ওচৰলৈ আহিব” লাগিছিল, অৰ্থাৎ তেওঁ যি শিকাইছিল সেই অনুসৰি চলিব লাগিছিল।—যোহ. ৫:৪০. w২৪.১২ ১২ ¶১২-১৩
দেওবাৰ, ১৫ নৱেম্বৰ
হে স্বামীসকল, নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা, যিদৰে খ্ৰীষ্টয়ো মণ্ডলীক প্ৰেম কৰিলে।—ইফি. ৫:২৫.
যদি এজন খ্ৰীষ্টান স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে বা কোনো ধৰণে তাইৰ অনাদৰ কৰে, তেনেহʼলে তেওঁ নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ সলনি কৰিব পাৰে? যীচুৰ দৰে হʼবলৈ চেষ্টা কৰাৰ যোগেদি। তেওঁ নিজৰ শিষ্যসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰ পৰা স্বামীসকলে শিকিব পাৰে যে তেওঁ নিজৰ পত্নীৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত। এতিয়া আহক চাওঁ যে যীচুৱে নিজৰ শিষ্যসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল আৰু কথা পাতিছিল। যীচুৱে নিজৰ শিষ্যসকলৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। তেওঁ কেতিয়াও সিহঁতৰ লগত কঠোৰভাৱে ব্যৱহাৰ কৰা নাছিল। তেওঁলোকৰ ওপৰত অধিকাৰ চলোৱা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ নম্ৰ হৈ সেৱকৰ দৰে তেওঁলোকক সহায়হে কৰিছিল। (যোহ. ১৩:১২-১৭) তেওঁ নিজৰ শিষ্যসকলক কৈছিল, ‘মোৰ পৰা শিকা। কিয়নো মই নম্ৰ আৰু কোমল স্বভাৱৰ হওঁ। আৰু তোমালোকে সতেজ হʼবা।’ (মথি ১১:২৮-৩০) মন কৰক যীচু কোমল স্বভাৱৰ আছিল। কোমল স্বভাৱ দুৰ্বলতাৰ নহয়, শক্তিৰহে চিন। কোমল স্বভাৱৰ ব্যক্তিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। যেতিয়া তেওঁক খং উঠোৱা হয়, তেতিয়া তেওঁ শান্ত হৈ থাকে। w২৫.০১ ১০ ¶১০-১১
সোমবাৰ, ১৬ নৱেম্বৰ
তুমি তোমাৰ কাৰ্য্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা।—হিতো. ১৬:৩.
জগতৰ অন্ত কাষ চাপি অহাৰ লগে লগে লোকসকলে আৰু বেছিকৈ টকা-পইচাৰ অভাৱৰ সন্মুখীন হʼবলগীয়া হʼব। ৰাজনৈতিক খেলি-মেলি, যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা নতুন নতুন মহামাৰীৰ বাবে লোকসকলৰ খৰচ হয়তো বাঢ়ি যাব পাৰে, আমি চাকৰি হেৰুৱাবলগীয়া হʼব পাৰে, আমাৰ ধন-সম্পত্তি কাঢ়ি লʼব পাৰে বা আমি নিজৰ ঘৰ এৰিবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি কি নিৰ্ণয় লʼম? যিহোৱাৰ হাত চুটি নহয়, এই কথাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰোঁ বুলি আমি কেনেকৈ দেখুৱাম? যেতিয়া আমি টকা-পইচাক লৈ চিন্তিত হওঁ, তেতিয়া যিহোৱাই আমাক আটাইতকৈ ভাল উপায়েৰে সহায় কৰিব পাৰে। সেইবাবে, তেওঁক নিজৰ চিন্তাৰ বিষয়ে জনাওক। ভাল নিৰ্ণয় লʼবলৈ বুদ্ধি বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক শান্ত মন দিবলৈ কওক যাতে আপুনি “প্ৰয়োজনতকৈ বেছি চিন্তা” নকৰে। (লূক ১২:২৯-৩১) আপুনি তেওঁক এয়াও মিনতি কৰিব পাৰে যে যদি আপোনাৰ প্ৰয়োজনীয়তা পূৰ হৈ আছে, তেনেহʼলে আপুনি যেন তাতে সন্তুষ্ট হৈ থাকিব পাৰে। (১ তীম. ৬:৭, ৮) ইয়াৰ উপৰিও আপুনি আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে আৰু এনে লেখবোৰ পঢ়িব পাৰে যʼত টকা-পইচাৰ সমস্যা হʼলে কেনেকৈ সন্মুখীন হʼব পাৰি তাৰ বিষয়ে জনোৱা হৈছে। আমাৰ ৱেবচাইট jw.org–ত এই বিষয়ে বহুতো তথ্য দিয়া আছে, যিবোৰ পঢ়ি বহুতো লোকে লাভৱান হৈছে। আপুনিও সেয়া চাব পাৰে। w২৫.০৩ ২৮-২৯ ¶১০-১১
মঙ্গলবাৰ, ১৭ নৱেম্বৰ
ঈশ্বৰে মোক দেখুৱালে যে মই কোনো মানুহক অশুচি বুলি কোৱাটো উচিত নহয়।—পাঁচ. ১০:২৮.
যেতিয়া যিহোৱাই ইস্ৰায়েলী নোহোৱা লোকসকলক তেওঁৰ সেৱক হʼবলৈ সুযোগ দিলে, তেতিয়া কি হʼল তালৈ মন কৰক। কৰ্ণীলিয় নামৰ এজন ইস্ৰায়েলী নোহোৱা ব্যক্তিক শুভবাৰ্তা জনাবলৈ পাঁচনি পিতৰক পঠিওৱা হৈছিল। ইস্ৰায়েলী নোহোৱা লোকসকলৰ মাজত কৰ্ণীলিয় প্ৰথম ব্যক্তি আছিল, যিজনে ঈশ্বৰৰ উপাসক হʼলহেঁতেন। কিন্তু যিহূদীসকলে সাধাৰণতে ইস্ৰায়েলী নোহোৱা লোকসকলৰ লগত কোনোধৰণৰ সংগতি কৰা নাছিল। সেইবাবে, পিতৰে কৰ্ণীলিয়ক প্ৰচাৰ কৰিবলৈ নিজৰ চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন আছিল। যেতিয়া পিতৰে গʼম পালে যে ইস্ৰায়েলী নোহোৱা লোকসকলৰ বাবে ঈশ্বৰৰ ইচ্ছা কি, তেতিয়া তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰিলে। পাছত যেতিয়া কৰ্ণীলিয়ই তেওঁক নিজৰ ঘৰলৈ মাতিলে, তেতিয়া তেওঁ “কোনো আপত্তি নকৰাকৈ” তেওঁৰ ঘৰলৈ গʼল। (পাঁচ. ১০:২৮, ২৯) তেওঁ কৰ্ণীলিয় আৰু তেওঁৰ গোটেই পৰিয়ালক প্ৰচাৰ কৰিলে আৰু তেওঁলোকে বাপ্তিষ্মা লʼলে। (পাঁচ. ১০:২১-২৩, ৩৪, ৩৫, ৪৪-৪৮) বহু বছৰৰ পাছত পিতৰে খ্ৰীষ্টানসকলক ‘সকলোৰে চিন্তাধাৰা একেই’ ৰাখিবলৈ উৎসাহিত কৰিলে। (১ পিত. ৩:৮) যেতিয়া আমি যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ চেষ্টা কৰিম, যি আমি বাইবেলৰ পৰা শিকিছোঁ, তেতিয়াহে যিহোৱাৰ লোকসকলৰ চিন্তাধাৰা একে হʼব পাৰে। w২৫.০৩ ৯-১০ ¶৭-৮
বুধবাৰ, ১৮ নৱেম্বৰ
বিভিন্ন ধৰণৰ অদ্ভুত শিক্ষাৰ পৰা ভ্ৰান্ত নহʼবা।—ইব্ৰী ১৩:৯.
জগতৰ লোকসকলৰ চিন্তাধাৰা যিহোৱাৰ লগত একেবাৰে মিল নাখায়। (হিতো. ১৭:১৫) সেইবাবে, যিবোৰ কথা যিহোৱাৰ চিন্তাধাৰাৰ লগত মিল নাখায়, সেইবোৰ চিনাক্ত কৰা আৰু তাক অস্বীকাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইদৰে কৰিলে আমি বিৰোধীসকলৰ কথা নুশুনিম আৰু সত্যৰ পৰা বিচলিত নহʼম। পাচঁনি পৌলে যিহূদী খ্ৰীষ্টানসকলক “পৰিপূৰ্ণতাৰ ফালে আগবাঢ়ি” যাবলৈ পৰামৰ্শ দিছিল। আজি আমিও সেইদৰে কৰা উচিত। আমি যিহোৱাৰ আৰু তেওঁৰ চিন্তাধাৰা ভালদৰে বুজিবলৈ গভীৰভাৱে বাইবেল অধ্যয়ন কৰা উচিত। আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মাৰ পাছতো এইদৰে কৰি থাকিব লাগিব। আমি যিমান সময়ৰ পৰাই যিহোৱাৰ উপাসনা নকৰোঁ কিয়, আমি প্ৰতিদিনে বাইবেল পঢ়া উচিত আৰু তাৰ অধ্যয়ন কৰা উচিত। (গীত. ১:২) এইদৰে কৰিলে আমি নিজৰ বিশ্বাস বঢ়াই থাকিব পাৰিম। পৌলে যিহূদী খ্ৰীষ্টানসকলকো নিজৰ বিশ্বাস বঢ়াই থাকিবলৈ কৈছিল।—ইব্ৰী ১১:১, ৬. w২৪.০৯ ১০ ¶৭-৮
বৃহস্পতিবাৰ, ১৯ নৱেম্বৰ
ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব।—যাকো. ৪:৮.
যদি যিহোৱাৰ লগত আমাৰ ঘনিষ্ঠ বন্ধুত্ব থাকে, তেনেহʼলে তেওঁৰ বিশ্বাসী হৈ থকাটো আমাৰ বাবে সহজ হʼব। যোচেফৰ উদাহৰণলৈ মন কৰক, তেওঁ বেয়া কাম কৰিবলৈ স্পষ্টকৈ মানা কৰিছিল, কিয়নো তেওঁৰ বাবে যিহোৱা এজন জীৱিত ঈশ্বৰ আছিল আৰু তেওঁ ঈশ্বৰক দুখিত কৰিব বিচৰা নাছিল। (আদি. ৩৯:৯) যদি যিহোৱা আমাৰ বাবে জীৱিত ঈশ্বৰ হোৱাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু অধ্যয়ন কৰিবলৈ সময় উলিয়াব লাগিব। এইদৰে কৰাৰ যোগেদি যিহোৱাৰ লগত আমাৰ ঘনিষ্ঠ বন্ধুত্ব হʼব। যোচেফৰ দৰে যিহোৱাৰ লগত আমাৰো সম্পৰ্ক যদি দৃঢ় হয়, তেনেহʼলে আমি এনে কোনো কাম নকৰিম, যাৰ পৰা তেওঁ মনত আঘাত পায়। যিসকল লোকে যিহোৱা জীৱিত ঈশ্বৰ হয় বুলি পাহৰি যায়, তেওঁলোকে সহজতে যিহোৱাৰ পৰা আঁতৰি যায় আৰু তেওঁৰ বিশ্বাসী হৈ নাথাকে। অৰণ্যত ইস্ৰায়েলীসকলৰ লগত কি হৈছিল, তালৈ মন কৰক। তেওঁলোকে জানিছিল যে যিহোৱা সঁচাকৈ আছে, কিন্তু তেওঁলোকে সন্দেহ কৰিবলৈ ধৰিলে যে যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব নে নাই। (যাত্ৰা. ১৭:২, ৭) সেইবাবে, তেওঁলোকে আগলৈ গৈ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। আমি সেই ইস্ৰায়েলীসকলৰ দৰে হʼব নিবিচাৰোঁ আৰু জীৱিত ঈশ্বৰৰ পৰা কেতিয়াও আঁতৰি যাব নিবিচাৰোঁ।—ইব্ৰী ৩:১২. w২৪.০৬ ২৪ ¶১৪-১৫
শুক্ৰবাৰ, ২০ নৱেম্বৰ
ধাৰ্ম্মিকবিলাকলৈ যিহোৱাৰ দৃষ্টি আছে; তেওঁবিলাকৰ কাতৰোক্তিলৈ তেওঁ কাণ পাতি আছে।—গীত. ৩৪:১৫.
আমি এই দুষ্ট জগতৰ শেষ সময়ত জীয়াই আছোঁ। আমি জানোঁ যে আমাৰ সমস্যা বাঢ়ি যাব আৰু আমাক বহু বাৰ কান্দিবলগীয়া হʼব। যিহোৱাই আমাৰ চকু পানীলৈ দৃষ্টি ৰাখে আৰু যেতিয়া আমি কান্দোঁ, তেতিয়া তেওঁৰ বহুত দুখ লাগে। আমাৰ চকুপানী যিহোৱাৰ বাবে বহুত মূল্যৱান। গতিকে, আমি যেতিয়া কোনো সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আহক নিজৰ মনৰ কথা যিহোৱাক কওঁ, ভাই-ভনীসকলক লগ কৰি থাকোঁ আৰু বাইবেলত লিখা কথাৰ পৰা শান্ত্বনা পাই থাকোঁ। যদি আপুনি সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি থাকে, তেনেহʼলে তেওঁ আপোনাক নিশ্চয় ইয়াৰ পুৰস্কাৰ দিব। তেওঁ অতি সোনকালে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু আমাৰ সকলো চকুপানী মচি গুচাব। (প্ৰকা. ২১:৪) আজি যেতিয়া আমি দুখ অনুভৱ কৰোঁ বা কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে বা আমাৰ ওচৰত কোনো আশা নাথাকে, তেতিয়া আমাৰ চকুলো বৈ আহে। কিন্তু নতুন পৃথিৱীত আমাৰ চকুৰ পৰা কেৱল আনন্দৰ চকুপানী ওলাব। w২৪.১২ ২০ ¶৩; ২৫ ¶১৯
শনিবাৰ, ২১ নৱেম্বৰ
যিহোৱাই কৈছে, “তোমালোকেই মোৰ সাক্ষী।”—যিচ. ৪৩:১২.
যিহোৱাই আমাক লোকসকলক প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছে। তেওঁ আমাক নিজৰ সাক্ষী বুলি কৈছে আৰু প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক সহায় আৰু সাহস দিব। (যিচ. ৪৩:১০, ১১) যিহোৱাই আমাক কেনেকৈ সাহস দিয়ে? এই চাৰিটা কথাৰ ওপৰত মন কৰক। প্ৰথম, তেওঁ আমাক নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ জৰিয়তে সহায় আগবঢ়াই। (মথি ২৮:১৮-২০) দ্বিতীয়, তেওঁ স্বৰ্গদূতসকলকো আমাক সহায় কৰাৰ দায়িত্ব দিছে। (প্ৰকা. ১৪:৬) তৃতীয়, তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে। যাৰ সহায়ত আমি শিকা কথাবোৰ মনত ৰাখিব পাৰোঁ। (যোহ. ১৪:২৫, ২৬) চতুৰ্থ, তেওঁ আমাক ভাই-ভনী দিছে। যিসকলে আমাক প্ৰচাৰ কামত সহযোগ কৰে। গতিকে, যিহোৱাই দিয়া এই সকলো সহায়ৰ বাবেহে আমি প্ৰচাৰ কাম সাহসেৰে কৰিব পাৰোঁ। কিন্তু লোকসকলক ঘৰত নাপালে আপুনি নিৰাশ হয় নে? যদি এইদৰে হয় তেনেহʼলে নিজকে সোধক, ‘যদি লোকসকল ঘৰত নাই, তেনেহʼলে কʼত আছে?’ (পাঁচ. ১৬:১৩) তেওঁলোকে কামৰ ঠাইত বা বজাৰত থাকিব পাৰেনে? যদি লোকসকল ঘৰত নাই, তেনেহʼলে ৰাস্তাত বা বজাৰত প্ৰচাৰ কৰিব পাৰে। w২৪.০৪ ১৭ ¶১০-১১
দেওবাৰ, ২২ নৱেম্বৰ
যদি এজন পুৰুষে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব নাজানে, তেনেহʼলে তেওঁ ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰিব?—১ তীম. ৩:৫.
যদি আপুনি বিবাহিত হয় আৰু এজন প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে আপোনাৰ পৰিয়ালৰ ভাল নাম হোৱা উচিত। আপুনি “নিজৰ পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰা ব্যক্তি হোৱা উচিত।” লোকসকলে এয়া স্পষ্টকৈ দেখি পোৱা উচিত যে আপুনি নিজৰ পৰিয়ালক প্ৰেম কৰে আৰু মূৰব্বীৰ দায়িত্ব ভালদৰে পুৰ কৰে। আপুনি যিহোৱাৰ উপাসনাৰ লগত জড়িত কামবোৰতো নেতৃত্ব লʼব লাগিব। যদি আপুনি পিতৃ হয়, তেনেহʼলে ১৮ বছৰ পুৰ নোহোৱা আপোনাৰ “লʼৰা-ছোৱালী সম্পূৰ্ণ গম্ভীৰতাৰে যেন আপোনাৰ অধীনত” থকা উচিত। (১ তীম. ৩:৪) আপুনি মৰমেৰে তেওঁলোকক শিকোৱা আৰু ট্ৰেইনিং দিয়া উচিত। লʼৰা-ছোৱালীয়ে খেলি ভাল পায়, ইয়াত কোনো ভুল নাই। কিন্তু আপুনি তেওঁলোকক ভাল ট্ৰেইনিঙো দিয়া উচিত যাতে তেওঁলোকে আজ্ঞা পালন কৰিবলৈ শিকে, আনক সন্মান কৰে আৰু আদৰেৰে ব্যৱহাৰ কৰে। আপুনি এয়াও চেষ্টা কৰা উচিত যে আপোনাৰ লʼৰা-ছোৱালীয়ে যাতে যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলে। তেওঁলোকে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰে আৰু বাপ্তিষ্মা লʼবলৈ আগবাঢ়ি আহে। w২৪.১১ ২২ ¶১০-১১
সোমবাৰ, ২৩ নৱেম্বৰ
নিজৰ বন্ধুসকলৰ কাৰণে নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে?—যোহ ১৫:১৩.
যেতিয়া আপুনি উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব, তেতিয়া চাবলৈ পাব যে যিহোৱাই আপোনাক কেনেকৈ সহায় কৰি আছে আৰু তেওঁৰ ওপৰত আপোনাৰ ভৰসা আৰু বাঢ়িব। (১ কৰি. ৩:৯) কিন্তু মনত ৰাখক, আপুনি আনৰ তুলনাত কিমান কৰিব পাৰিছে তালৈ যিহোৱাই নাচায়, তাৰ পৰিৱৰ্তে আপুনি অন্তৰৰ পৰা তেওঁক কিমান প্ৰেম কৰে তালৈহে চায়। সেইবাবে, যেতিয়া আমি যিহোৱাই দিয়া মূল্যৱান উপহাৰ অৰ্থাৎ মক্তিৰ মূল্যৰ বলিদানৰ প্ৰতি হৃদয়ৰ পৰা কৃতজ্ঞতা দেখুৱাও, তেতিয়া তেওঁ বৰ আনন্দিত হয়। (১ চমূ. ১৬:৭; মাৰ্ক ১২:৪১-৪৪) মুক্তিৰ মূল্যৰ বলিদানৰ বাবে আমি যিহোৱাৰ পৰা পাপৰ ক্ষমা পাওঁ, তেওঁৰ বন্ধু হʼব পাৰিছোঁ আৰু ভৱিষ্যতে অনন্ত জীৱন জীয়াই থকাৰ আশা লাভ কৰিছোঁ। গতিকে, যিহোৱাই আমাক যি প্ৰেম দেখুৱালে আহক আমি সেয়া কেতিয়াও নাপাহৰোঁ আৰু ইয়াৰ বাবে যি আশীৰ্বাদবোৰ পাইছোঁ, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই থাকোঁ। (১ যোহ. ৪:১৯) আহক আমি যীচুৰ প্ৰতিও কৃতজ্ঞ আছোঁ বুলি দেখুৱাই থাকোঁ যিজনে আমাৰ বাবে নিজৰ জীৱন বলিদান দি দিলে। w২৫.০১ ৩১ ¶১৬-১৮
মঙ্গলবাৰ, ২৪ নৱেম্বৰ
মই ওৰে দিনটো প্ৰহাৰিত হলোঁ।—গীত. ৭৩:১৪.
যদি আপোনাৰ মনলৈও এনেধৰণৰ প্ৰশ্ন আহে, তেনেহʼলে গীতমালা ৭৩-ৰ লেখকজনলৈ মন কৰক। তেওঁ যেতিয়া চাইছিল যে যিহোৱাৰ উপাসনা নকৰা লোকসকলে বহুত উন্নতি কৰিছে আৰু আৰামেৰে জীৱন-যাপন কৰিছে। (গীত. ৭৩:৩-৫, ১২) তেতিয়া তেওঁ ভাবিছিল যে তেওঁলোকৰ কোনো চিন্তা আৰু সমস্যা নাই। তেওঁ ভাবিছিল যে যিহোৱাৰ সেৱাৰ বাবে তেওঁ যি ত্যাগ কৰিলে, তাৰ একোৱে লাভ নহʼল। তাৰ বিষয়ে ভাবি ‘তেওঁ ওৰে দিনটো প্ৰহাৰিত হৈছিল’ আৰু নিৰাশ হয় পৰিছিল। (গীত. ৭৩:১৩, ১৪) সেই সময়ত তেওঁ কি কৰিলে? যেতিয়া গীত ৰচকে যিহোৱাৰ মন্দিৰলৈ গʼল, তেতিয়া তাত তেওঁ ভালদৰে ভাবিব পাৰিলে। (গীত. ৭৩:১৬-১৮) তেওঁ বুজি পালে যে যদিও দুষ্ট লোকসকলে আৰামেৰে জীৱন-যাপন কৰি আছে যেন লাগে, কিন্তু তেওঁলোকৰ ভৱিষ্যৰ কাৰণে কোনো আশা নাই। তেওঁ এয়াও বুজি পালে যে তেওঁ যি নিৰ্ণয় লৈছিল, সেয়া একেবাৰে সঠিক আছিল। তেওঁ মনত বৰ শান্তি অনুভৱ কৰিলে। তেওঁৰ মনত যি সন্দেহ আছিল, সেয়া দূৰ হʼল আৰু যিহোৱাৰ সেৱা কৰাৰ যি ইচ্ছা আছিল, সেয়া আৰু মজবুত হʼল।—গীত. ৭৩:২৩-২৮. w২৪.১০ ২৭ ¶১১-১২
বুধবাৰ, ২৫ নৱেম্বৰ
যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।—গীত. ৮৩:১৮.
যিহোৱাই আমাক নিজৰ “সাক্ষী” বুলি কৈছে। (যিচ. ৪৩:১০-১২) কিছু বছৰৰ আগতে প্ৰশাসন গোষ্ঠীয়ে এখন চিঠিত লিখিছিল যে “যিহোৱাৰ সাক্ষী নামেৰে পৰিচিত হোৱাটো আমাৰ বাবে কিমান সন্মানৰ কথা।” ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক, আপোনাৰ ওপৰত এটা মিছা অভিযোগ লগোৱা হৈছে আৰু আপোনাক বদনাম কৰা হৈছে। আপোনাৰ ওপৰত মোকদ্দমা চলি আছে। এনে পৰিস্থিতিত আপুনি কাক সাক্ষী হিচাপে বাছনি কৰিব? আপুনি নিশ্চয় এনে এজন ব্যক্তিক বাছনি কৰিব, যাক আপুনি ভালদৰে চিনি পাই আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে। লগতে আপুনি এয়াও চাব যে তেওঁৰ ভাল নাম আছে, যাতে সকলোৱে তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰিব পাৰে। এতিয়া চিন্তা কৰক, যিহোৱাই আমাক নিজৰ সাক্ষী হিচাপে বাছনি কৰিছে। গতিকে তেওঁ আমাক ভালদৰে চিনি পাই আৰু আমাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰে। লগতে তেওঁ এজন সত্য ঈশ্বৰ হয় বুলি আমি সকলোৰে আগত সাক্ষী দিওঁ বুলি সম্পূৰ্ণ বিশ্বাস আছে। এয়া কিমান সন্মানৰ কথা নহয় নে বাৰু! সেইবাবে, আমি সকলো সময়তে প্ৰচাৰ কৰোঁ আৰু তেওঁৰ নামৰ বিষয়ে যি মিছা কথা কোৱা হৈছে, সেয়া ভুল হয় বুলি প্ৰমাণ কৰোঁ। এইদৰে আমাক যি নাম দিয়া হৈছে, তাৰ অনুসৰি আমি কাম কৰোঁ। সঁচাকৈ যিহোৱাৰ সাক্ষী নামেৰে পৰিচিত হোৱাটো আমাৰ বাবে কিমান গৌৰৱৰ কথা!—ৰোম. ১০:১৩-১৫. w২৪.০৫ ১৮ ¶১৩
বৃহস্পতিবাৰ, ২৬ নৱেম্বৰ
তেওঁ কষ্টত ভুগি থকা সেই সকলো লোকক সুস্থ কৰিলে।—মথি ৮:১৬.
যীচুৱে আনক সহায় কৰি বহুত আনন্দিত হৈছিল। এবাৰ যীচুৱে লোকসকলক শিকোৱাৰ লগতে আন উপায়েৰেও তেওঁলোকক সহায় কৰিলে। তেওঁ চমৎকাৰ কৰি তেওঁলোকৰ খোৱাৰ ব্যৱস্থা কৰিলে আৰু নিজৰ শিষ্যসকলক সেই আহাৰ ভগাই দিবলৈ কʼলে। (মাৰ্ক ৬:৪১) এইদৰে তেওঁ নিজৰ শিষ্যসকলক শিকাইছিল যে কেনেকৈ আনক সহায় কৰিব পাৰি আৰু এয়াও শিকাইছিল যে আহাৰ ভগাই দিয়াটো কিমান গুৰুত্বপূৰ্ণ কাম হয়। কল্পনা কৰক, যেতিয়া শিষ্যসকলে লোকসকলক আহাৰ বিলাই দিছিল আৰু এয়া চাইছিল যে “সকলোৱে পেট ভৰাই খালে,” তেতিয়া তেওঁলোকে কিমান আনন্দিত হৈছিল। (মাৰ্ক ৬:৪২) যীচুৱে আন বহুতো পৰিস্থিতিত নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে লোকসকলৰ বিষয়ে চিন্তা কৰিছিল আৰু সহায় কৰিছিল। তেওঁ গোটেই জীৱন আনক সহায় কৰিলে। (মথি ৪:২৩) তেওঁ লোকসকলক শিকাই আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰি বহুত আনন্দিত হৈছিল। w২৪.১১ ১৬ ¶১০-১১
শুক্ৰবাৰ, ২৭ নৱেম্বৰ
শেষ-কালত সংকটেৰে ভৰা এনে সময় আহিব, যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব।—২ তীম. ৩:১.
শেষ কালৰ পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব আৰু আমি ভাই-ভনীসকলক সহায় কৰাৰ বহুতো সুযোগ পাম। আমি আন এটা উপায়েৰে ভাই-ভনীসকলক আশ্ৰয় দিব পাৰোঁ। আমি তেওঁলোকক ৰাজ্যগৃহলৈ স্বাগতম জনাব পাৰোঁ। যেতিয়া ভাই-ভনীসকলে সভালৈ আহে, তেতিয়া আমি তেওঁলোকক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ যত্ন লওঁ বুলি আমি অনুভৱ কৰোৱা উচিত। এইদৰে কৰিলে তেওঁলোকে মনত বৰ শান্তি পাব আৰু সুৰক্ষিত অনুভৱ কৰিব। প্ৰাচীনসকলেও আনক আশ্ৰয় দিব পাৰে। কেনেকৈ বাৰু? যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ হয় বা হঠাতে কোনো ভাই-ভনীৰ স্বাস্থ্য বেয়া হৈ পৰে, তেতিয়া তেওঁলোকক সহায় কৰিবলৈ প্ৰাচীনসকলে কিছুমান ব্যৱস্থা কৰিব পাৰে। অথবা যেতিয়া কোনো ভাই বা ভনীয়ে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ থাকে, সেই সময়ত তেওঁলোকক উৎসাহিত কৰিব পাৰে। কিন্তু ভাই-ভনীসকলে কেতিয়া প্ৰাচীনৰ পৰা সহায় লʼব? যেতিয়া তেওঁলোকৰ বিশ্বাস হʼব যে সেই প্ৰাচীনজনে মৰমেৰে তেওঁৰ লগত কথা পাতিব, তেওঁৰ কথা মনোযোগেৰে শুনিব আৰু তেওঁৰ ভাবনাবোৰ বুজিবলৈ চেষ্টা কৰিব, তেতিয়াহে তেওঁলোকে সেই প্ৰাচীনৰ পৰা সহায় লʼব। যেতিয়া এজন প্ৰাচীনে এইদৰে কৰিব, তেতিয়া ভাই-ভনীসকলে তেওঁলোকৰ প্ৰেম অনুভৱ কৰিব পাৰিব আৰু পাছত যেতিয়া সেই প্ৰাচীনজনে তেওঁলোকক বাইবেলৰ পৰা পৰামৰ্শ দিব, তেতিয়া তেওঁলোকে সেইবোৰ সহজে পালন কৰিব পাৰিব।—১ থিচ. ২:৭, ৮, ১১. w২৪.০৬ ২৯ ¶১২-১৩
শনিবাৰ, ২৮ নৱেম্বৰ
তেওঁ নিজৰ পুত্ৰকো আমাৰ কাৰণে মৃত্যু হʼবলৈ দিলে।—ৰোম. ৮:৩২.
এয়া সঁচা যে যিহোৱা সৰ্বশক্তিমান ঈশ্বৰ হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ ভাৱনা নাই। চিন্তা কৰক, ঈশ্বৰে আমাক নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিছে। যদি আমাৰ ভাৱনা আছে, তেনেহʼলে নিশ্চয় যিহোৱাৰো ভাৱনা আছে। বাইবেলত কোৱা হৈছে যে যিহোৱাৰ ‘বেজাৰ লাগে’ আৰু তেওঁ অন্তৰত দুখ পায়। (গীত. ৭৮:৪০, ৪১) যিহোৱাৰ বিষয়ে চিন্তা কৰক, যেতিয়া তেওঁ চাইছিল যে লোকসকলে তেওঁৰ পুত্ৰক নিৰ্দয়ভাৱে যাতনা দি মাৰি আছিল, তেতিয়া তেওঁৰ কেনে লাগিছিল? তেওঁ দুখত একেবাৰে ভাঙি পৰিছিল! মুক্তিৰ মূল্যৰ যি ব্যৱস্থা কৰা হৈছে, তাৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক সকলোতকৈ বেছি প্ৰেম কৰে। আমাৰ পৰিয়ালৰ লোকসকল বা আমাৰ আটাইতকৈ ভাল বন্ধুৱে আমাক যিমান প্ৰেম কৰে, তাতকৈ বেছি যিহোৱাই আমাক প্ৰেম কৰে। (ৰোম. ৮:৩২, ৩৮, ৩৯) আমি নিজকে যিমান প্ৰেম কৰোঁ, তাতকৈ বেছি যিহোৱাই আমাক প্ৰেম কৰে। আপুনি সদায় জীয়াই থাকিব বিচাৰে নে? আপুনি সদায় জীয়াই থকাটো আপোনাতকৈ বেছি যিহোৱাই বিচাৰে। আপোনাৰ পাপ ক্ষমা হোৱাটো আপুনি বিচাৰে নে? আপোনাতকৈ বেছি আপোনাৰ পাপ ক্ষমা কৰিবলৈ যিহোৱাই বিচাৰে। ইয়াৰ সলনি আমি কেৱল মুক্তিৰ মূল্যৰ প্ৰতি কৃতজ্ঞ হোৱা, তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাটোহে যিহোৱাই বিচাৰে। মুক্তিৰ মূল্যৰ যি ব্যৱস্থা কৰা হৈছে, এয়া যিহোৱাৰ প্ৰেমৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হয়।—উপ. ৩:১১. w২৫.০১ ২২-২৩ ¶৮-৯
দেওবাৰ, ২৯ নৱেম্বৰ
চালি-জাৰি চাই নিশ্চিত কৰি থাকা যে প্ৰভুৱে কি বিষয়বোৰ গ্ৰহণ কৰে।—ইফি. ৫:১০.
এয়া সঁচা যে আমি কি দেখিছোঁ, শুনিছোঁ আৰু আমাক কি সঠিক যেন লাগে, তাৰ আধাৰত আমি নিৰ্ণয় লওঁ। কিয়নো বহু বাৰ আমি যি শুনোঁ আৰু দেখোঁ, সেয়া সদায় সঠিক নহʼবও পাৰে। যদি সঠিক হয়, তথাপিও আমি কেৱল চকুৰে দেখা বস্তুৰ অনুসৰি চলা উচিত নহয়, নহʼলে আমি এনে কাম কৰিম যি যিহোৱাৰ দৃষ্টিত ভুল হয়। (উপ. ১১:৯; মথি ২৪:৩৭-৩৯) কিন্তু আমি যদি বিশ্বাসেৰে চলি থাকোঁ, তেনেহʼলে আমি এনে নিৰ্ণয় লʼব পাৰোঁ যি ‘প্ৰভুৱে গ্ৰহণ কৰে।’ ঈশ্বৰৰ পৰামৰ্শ পালন কৰিলে আমি মনৰ শান্তি আৰু প্ৰকৃত আনন্দ পাওঁ। (গীত. ১৬:৮, ৯; যিচ. ৪৮:১৭, ১৮) ইয়াৰ উপৰিও যদি আমি বিশ্বাসেৰে চলি থাকোঁ, তেনেহʼলে ঈশ্বৰে আগলৈ গৈ আমাক অনন্ত জীৱনো দিব। (২ কৰি. ৪:১৮) আমি বিশ্বাসেৰে চলি আছোঁ নে চকুৱে দেখা বস্তুৰে, তাৰ বিষয়ে কেনেকৈ গʼম পাব পাৰোঁ? এয়া জানিবলৈ নিজকে সোধক, ‘মই কিহৰ আধাৰত নিৰ্ণয় লওঁ? মই কেৱল সেই বস্তুবোৰৰ প্ৰতি ধ্যান দিওঁ নে, যিবোৰ চকুৰে দেখা পোৱা যায়? অথবা মই যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ আৰু তেওঁৰ পৰামৰ্শ পালন কৰোঁ?‘ w২৫.০৩ ২০-২১ ¶৩-৪
সোমবাৰ, ৩০ নৱেম্বৰ
এজনে-আনজনৰ লগত শান্তি স্থাপন কৰোঁতা হোৱা।—১ থিচ. ৫:১৩.
আমি প্ৰমোদবনৰ সৌন্দৰ্য্য আৰু বঢ়োৱাটো আমাৰ সকলোৰে দায়িত্ব, যাতে লোকসকলে ইয়াৰ ফালে আকৰ্ষিত হয়। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? যিহোৱাক অনুকৰণ কৰি। যিহোৱাই জোৰ-জবৰদস্তি কৰি কাকো নিজৰ সংগঠনৰ ফালে নানে। ইয়াৰ পৰিৱৰ্তে, প্ৰেমেৰে লোকসকলক নিজৰ ফালে ‘আকৰ্ষিত’ কৰে। (যোহ. ৬:৪৪; যিৰি. ৩১:৩) ভাল মন থকা লোকসকলে যেতিয়া শিকে যে যিহোৱা এজন প্ৰেম কৰোঁতা ঈশ্বৰ হয় আৰু তেওঁৰ বহুতো ভাল গুণ আছে, তেতিয়া তেওঁক প্ৰেম কৰিবলৈ ধৰে আৰু তেওঁৰ ফালে আকৰ্ষিত হয়। যিহোৱাৰ দৰে আমিও নিজৰ ভাল গুণবোৰ আৰু ভাল আচাৰ-ব্যৱহাৰেৰে লোকসকলক প্ৰমোদবনৰ ফালে আকৰ্ষিত কৰিব বিচাৰোঁ। কিন্তু এইদৰে কৰিবলৈ আমি কি কৰিব লাগিব? এটা উপায় হৈছে, আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰা আৰু তেওঁলোকৰ বাবে ভাল কাম কৰা। যেতিয়া নতুন লোকসকলে সভাত আহে, তেতিয়া স্পষ্টকৈ দেখা উচিত যে আমাৰ মাজত কিমান প্ৰেম আছে। এইদৰে কৰিন্থ মণ্ডলীলৈ অহা লোকসকলৰ নিচিনা তেওঁলোকেও অনুভৱ কৰিব পাৰে, যিসকলে কৈছিল, “নিশ্চয় তোমালোকৰ মাজত ঈশ্বৰ আছে।” (১ কৰি. ১৪:২৪, ২৫; জখ. ৮:২৩) তেনেহʼলে, আহক আমি বাইবেলৰ এই পৰামৰ্শ মানিবলৈ সম্পূৰ্ণ চেষ্টা কৰোঁ, “তোমালোক পৰস্পৰ মিলেৰে থাকা।” এইদৰে আমি আজিৰ দৈনিক পাঠত দিয়া পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত। w২৪.০৪ ২৩-২৪ ¶১৬-১৭