ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • es26 পৃষ্ঠা ১২২-১৩৫
  • অক্টোবৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ
  • দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
  • উপশীৰ্ষক
  • বৃহস্পতিবাৰ, ১ অক্টোবৰ
  • শুক্ৰবাৰ, ২ অক্টোবৰ
  • শনিবাৰ, ৩ অক্টোবৰ
  • দেওবাৰ, ৪ অক্টোবৰ
  • সোমবাৰ, ৫ অক্টোবৰ
  • মঙ্গলবাৰ, ৬ অক্টোবৰ
  • বুধবাৰ, ৭ অক্টোবৰ
  • বৃহস্পতিবাৰ, ৮ অক্টোবৰ
  • শুক্ৰবাৰ, ৯ অক্টোবৰ
  • শনিবাৰ, ১০ অক্টোবৰ
  • দেওবাৰ, ১১ অক্টোবৰ
  • সোমবাৰ, ১২ অক্টোবৰ
  • মঙ্গলবাৰ, ১৩ অক্টোবৰ
  • বুধবাৰ, ১৪ অক্টোবৰ
  • বৃহস্পতিবাৰ, ১৫ অক্টোবৰ
  • শুক্ৰবাৰ, ১৬ অক্টোবৰ
  • শনিবাৰ, ১৭ অক্টোবৰ
  • দেওবাৰ, ১৮ অক্টোবৰ
  • সোমবাৰ, ১৯ অক্টোবৰ
  • মঙ্গলবাৰ, ২০ অক্টোবৰ
  • বুধবাৰ, ২১ অক্টোবৰ
  • বৃহস্পতিবাৰ, ২২ অক্টোবৰ
  • শুক্ৰবাৰ, ২৩ অক্টোবৰ
  • শনিবাৰ, ২৪ অক্টোবৰ
  • দেওবাৰ, ২৫ অক্টোবৰ
  • সোমবাৰ, ২৬ অক্টোবৰ
  • মঙ্গলবাৰ, ২৭ অক্টোবৰ
  • বুধবাৰ, ২৮ অক্টোবৰ
  • বৃহস্পতিবাৰ, ২৯ অক্টোবৰ
  • শুক্ৰবাৰ, ৩০ অক্টোবৰ
  • শনিবাৰ, ৩১ অক্টোবৰ
দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৬
es26 পৃষ্ঠা ১২২-১৩৫

অক্টোবৰ

বৃহস্পতিবাৰ, ১ অক্টোবৰ

মই হলে যিহোৱালৈ অপেক্ষা কৰিম।—মীখা ৭:৭.

আমি প্ৰায়ে যিহোৱাৰ সংগঠনৰ পৰা নিৰ্দেশনা পাওঁ, যেনে: প্ৰাচীনৰ পৰা, চাৰ্কিট ওভাৰচিয়াৰৰ পৰা, শাখা কাৰ্য্যালয়ৰ পৰা বা প্ৰশাসন গোষ্ঠীৰ পৰা। আমি সেই নিৰ্দেশনাবোৰ পালন কৰিলে যিহোৱাৰ সেৱা আৰু ভালদৰে কৰিব পাৰোঁ। কিন্তু আমাক যি নিৰ্দেশনা দিয়া হয়, তাৰ প্ৰকৃত কাৰণ কি সেয়া আমি কেতিয়াবা কেতিয়াবা বুজি নাপাবও পাৰোঁ। বা আমাক লাগিব পাৰে যে আমাক যি নিৰ্দেশনা দিয়া হৈছে, সেয়া পালন কৰিলে হানি হʼব। অথবা আমাক যিসকল ভায়ে নিৰ্দেশনা দিয়ে, আমি হয়তো তেওঁলোকৰ দুৰ্বলতাৰ প্ৰতি ধ্যান দিবলৈ ধৰোঁ। যেতিয়া আমি বিশ্বাসেৰে চলোঁ, তেতিয়া আমি ভৰসা ৰাখোঁ যে যিহোৱাইহে সংগঠনক চলাই আছে আৰু কি কৰিলে আমাৰ ভাল হʼব, সেয়া তেওঁ ভালদৰে জানে। সেইবাবে, যেতিয়া আমি কোনো নিৰ্দেশনা পাওঁ, তেতিয়া সেয়া আমি লগে লগে পালন কৰোঁ আৰু আনন্দেৰে এইদৰে কৰোঁ। (ইব্ৰী ১৩:১৭) আমি এয়াও মনত ৰাখোঁ যে এইদৰে কৰিলে মণ্ডলীত একতা থাকিব। (ইফি. ৪:২, ৩) এয়া সঁচা যে নেতৃত্ব লোৱা ভাইসকল অসিদ্ধ হয়। কিন্তু আমি যদি তেওঁলোকৰ কথা পালন কৰোঁ, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক নিশ্চয় আশীৰ্বাদ দিব। (১ চমূ. ১৫:২২) যদি কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে যিহোৱাই নিশ্চয় কৰিব। w২৫.০৩ ২৩-২৪ ¶১৩-১৪

শুক্ৰবাৰ, ২ অক্টোবৰ

তেওঁ নিগূঢ় কথা প্ৰকাশ কৰোঁতা ঈশ্বৰ হয়।—দানি. ২:২৮.

আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ। প্ৰতিদিনে আমি বাইবেলৰ ভৱিষ্যবাণীবোৰ পূৰ হোৱা দেখিবলৈ পাইছোঁ। গোটেই পৃথিৱীক নিজৰ অধীনত ৰাখিবলৈ ‘দক্ষিণ দেশৰ ৰজা’ আৰু “উত্তৰ দেশৰ ৰজাই” এজনে-আনজনৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। (দানি. ১১:৪০) ইয়াৰ উপৰিও বৃহৎ পৰিমাণে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক শুভবাৰ্তা শুনোৱা আৰু লাখ লাখ লোকে ঈশ্বৰৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাটো দেখিবলৈ পাইছোঁ। (যিচ. ৬০:২২; মথি ২৪:১৪) ইয়াৰ লগতে আমি “উচিত সময়ত” কিতাপ-পত্ৰিকাবোৰ পাই আছোঁ, যাৰ যোগেদি আমি ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব পাৰিছোঁ। (মথি ২৪:৪৫-৪৭) ভৱিষ্যতে ডাঙৰ ডাঙৰ ঘটনাবোৰ ঘটিব আৰু যিহোৱাই আমাক সেইবোৰৰ বিষয়ে নতুন বুজাবুজি দি আছে। (হিতো. ৪:১৮) আমি বিশ্বাস ৰাখিব পাৰোঁ যে মহা-সংকট আৰম্ভ হোৱাৰ আগতে আমি সেই সকলো কথা জানিব পাৰিম, যাৰ যোগেদি আমি সমস্যাৰ সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম আৰু একতাত থাকিব পাৰিম। কিন্তু আমি এয়াও স্বীকাৰ কৰোঁ যে আহিবলগীয়া সময়ৰ বিষয়ে আমি সকলো কথা নাজানোঁ। w২৪.০৫ ৮ ¶১-২

শনিবাৰ, ৩ অক্টোবৰ

তেওঁ জিবাৰে পৰৰ কথা চৰ্চ্চি নুফুৰে।—গীত. ১৫:৩.

গীতমালা ১৫ অধ্যায়ত কোৱা হৈছে যে যি ব্যক্তিয়ে যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁ আনৰ বদনাম কৰা উচিত নহয়। তেওঁ মিছা কথা কৈ আনৰ নাম বদনাম কৰা উচিত নহয়। গীতমালা ১৫-ত এয়াও কোৱা হৈছে যে যিহোৱাৰ বন্ধুসকলে নিজৰ ওচৰ-চুবুৰীয়াৰ লগত বেয়া ব্যৱহাৰ নকৰে আৰু নিজৰ বন্ধুসকলক বদনাম নকৰে। (গীত. ১৫:১) কিন্তু আমি কেনে পৰিস্থিতিত এইদৰে কৰিব পাৰোঁ? আমি হয়তো আনৰ বিষয়ে কিছুমান বেয়া কথা কʼব পাৰোঁ আৰু অজানিতে তেওঁলোকৰ নাম বদনাম কৰিব পাৰোঁ। ধৰি লওক, (১) এজনী ভনীয়ে এতিয়া পূৰ্ণসময়ৰ সেৱা কৰিবলৈ এৰি দিছে, (২) এহাল দম্পতীয়ে এতিয়া বেথেলত সেৱা কৰি থকা নাই বা (৩) এজন ভাই এতিয়া প্ৰাচীন বা পৰিচাৰক নহয়। এনে পৰিস্থিতিত যদি আমি আনক কৈ ফুৰোঁ যে নিশ্চয় তেওঁলোকে কিবা ভুল কৰিছে, সেই কাৰণে তেওঁলোকৰ লগত এইদৰে হৈছে, তেনেহʼলে এয়া উচিত নহʼব। আমি সদায় মনত ৰখা উচিত যে ইয়াৰ আঁৰত নিশ্চয় কিবা কাৰণ আছিল, যাৰ বিষয়ে আমি নাজানোঁ। আমি সদায় মনত ৰখা উচিত যে যিসকলে সদায় যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁলোকে ‘নিজৰ বন্ধুৰ অপকাৰ নকৰে আৰু নিজৰ চুবুৰীয়াৰ অহিতে দুৰ্নাম নকৰে।‘ w২৪.০৬ ১১ ¶১১-১৩

দেওবাৰ, ৪ অক্টোবৰ

মই যিহোৱাক সদায় মোৰ সম্মুখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম।—গীত. ১৬:৮.

যদি আমি যিহোৱালৈ ভয় ৰাখোঁ, তেনেহʼলে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি ভাবিম যে এই নিৰ্ণয়ৰ পৰা যিহোৱা আনন্দিত হʼব নে? যিহোৱাৰ প্ৰতি ভয় বঢ়াবলৈ আমি কি কৰিব পাৰোঁ? বাইবেলৰ কোনো এটা ঘটনা পঢ়াৰ সময়ত নিজকে এইদৰে সোধক: ‘মই সেই পৰিস্থিতিত থকা হʼলে কি কৰিলোঁহেঁতেন?’ কল্পনা কৰক, যিহোৱাই ইস্ৰায়েলীসকলক যি দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিল, সেই দেশৰ গোপন তথ্য আহৰণ কৰিবলৈ যোৱা দহজন অধ্যক্ষই মিছা বাতৰি দি আছে আৰু আপুনি তেওঁলোকৰ মাজতে থিয় হৈ আছে। তেওঁলোকে কৈছে যে আমি কনানীয়াসকলৰ পৰা জিকিব নোৱাৰোঁ, এতিয়া আপুনি কি কৰিব? আপুনি তেওঁলোকৰ কথা সঁচা বুলি মানি মানুহলৈ ভয় কৰিব নে যিহোৱালৈ ভয় ৰাখিব আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিব? দুখৰ বিষয় যে সকলো ইস্ৰায়েলীয়ে সঁচা আৰু মিছাৰ মাজত পাৰ্থক্য কৰিব নোৱাৰিলে আৰু যিহোচূৱা আৰু কালেবৰ ওপৰত বিশ্বাস নকৰিলে, যিসকলে সঁচা কথা কৈছিল। সেইবাবে, ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশলৈ যোৱাৰ সুযোগ হেৰুৱালে।—গণ. ১৪:১০, ২২, ২৩. w২৪.০৭ ১০ ¶৭

সোমবাৰ, ৫ অক্টোবৰ

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱা।—হিতো. ১৭:৩.

ভৱিষ্যবক্তা ভৱিষ্যবক্তা হোচেয়াৰ পত্নী গোমৰে হোচেয়াক এৰি আন পুৰুষৰ লগত গুচি গৈছিল। তেতিয়া যিহোৱাই কি কৰিলে? তেওঁ এইদৰে ভাবিছিল নে যে গোমৰৰ ওচৰত এতিয়া কোনো আশা নাই? যিহোৱাই লোকসকলৰ হৃদয় পঢ়িব পাৰে। তেওঁ হোচেয়াক কʼলে, “ইস্ৰায়েলৰ সন্তানবিলাকে ইতৰ দেৱতালৈ মুখ কৰাতো, আৰু শুকান দ্ৰাক্ষাগুটিৰ লদা ভাল পোৱাতো যিহোৱাই তেওঁবিলাকক প্ৰেম কৰাৰ দৰে, তুমি পুনৰায় গৈ উপপতিৰ প্ৰিয়া আৰু ব্যভিচাৰিণী তিৰোতাজনীক প্ৰেম কৰা।” (হোচে. ৩:১; হিতো. ১৬:২) আপুনি মন কৰিলে নে হোচেয়াৰ পত্নীয়ে যেতিয়া বেয়া কাম কৰি আছিল, তেতিয়াই যিহোৱাই হোচেয়াক তাইৰ ওচৰলৈ যাবলৈ, তাইক ক্ষমা কৰিবলৈ আৰু তাইৰ লগত শান্তি স্থাপন কৰিবলৈ কৈছিল। ঠিক সেইদৰে যিহোৱাই নিজৰ সেই লোকসকলক গ্ৰহণ কৰিবলৈ সাজু আছিল, যিসকলে তেওঁৰ পৰা আঁতৰি গৈছিল। তেওঁলোকে বেয়া কাম কৰি আছিল, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰিবলৈ এৰি দিয়া নাছিল। তেওঁ ভৱিষ্যবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল, যাতে তেওঁলোকে অনুতাপ কৰে আৰু বেয়া কাম কৰিবলৈ এৰি দিয়ে। এই উদাহৰণৰ পৰা জানিব পাৰি যে “হৃদয় পৰীক্ষা কৰোঁতা” ঈশ্বৰে পাপ কৰি থকা লোকসকলকো সহায় কৰে আৰু তেওঁক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে। w২৪.০৮ ১০ ¶৭

মঙ্গলবাৰ, ৬ অক্টোবৰ

নিয়ম আহিবলগীয়া ভাল বিষয়বোৰৰ কেৱল এক ছাঁ হয়।—ইব্ৰী ১০:১.

প্ৰথম শতিকাৰ খ্ৰীষ্টান হোৱা যিহূদীসকলে বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া আছিল। কিয় বাৰু? এসময়ত যিহূদীসকল যিহোৱাই বাছনি কৰা লোক আছিল। তেওঁলোকৰ চহৰ যিৰূচালেম বহুত বিশেষ আছিল। যিহোৱাই বাছনি কৰা ৰজা তাৰে পৰা শাসন কৰিছিল। ইয়াৰ উপৰিও যিৰূচালেমত যিহোৱাৰ মন্দিৰ আছিল, যʼত লোকসকলে উপাসনা কৰিবলৈ গৈছিল। তেওঁলোকৰ ধৰ্ম গুৰুসকলে মোচিৰ নিয়মৰ অনুসৰি শিক্ষা দিছিল, যাক তেওঁলোকে সম্পূৰ্ণ হৃদয়েৰে পালন কৰিছিল। যেনে, তেওঁলোকে কি খোৱা উচিত আৰু কি খোৱা উচিত নহয়, চুনৎতৰ বিষয়ে তেওঁলোকৰ কেনে দৃষ্টিভংগী হোৱা উচিত আৰু অনা যিহূদীসকলৰ লগত কেনে ব্যৱহাৰ কৰা উচিত। কিন্তু যীচুৰ মৃত্যুৰ পাছত সকলো সলনি হʼল। মোচিৰ নিয়ম শেষ হৈ গʼল আৰু এতিয়া মন্দিৰত বলিদান দিয়াৰ কোনো প্ৰয়োজন নাছিল। কিন্তু যিহূদী খ্ৰীষ্টানসকলৰ বাবে মোচিৰ নিয়ম এৰি দিয়াটো সহজ নাছিল। কাৰণ এই সকলো কথা তেওঁলোকৰ অন্তৰত বহি গৈছিল। (ইব্ৰী ১০:১, ৪, ১০) আনকি পাঁচনি পিতৰৰ দৰে পৰিপক্ক খ্ৰীষ্টানসকলৰ বাবেও পুৰণি কথাবোৰ এৰাটো সহজ নাছিল। (পাঁচ. ১০:৯-১৪; গালা. ২:১১-১৪) তেওঁলোকৰ এই নতুন বিশ্বাসৰ বাবে যিহূদী ধৰ্ম গুৰুসকলে তেওঁলোকক অত্যাচাৰ কৰিবলৈ আৰু তাড়না দিবলৈ ধৰিলে। w২৪.০৯ ৯ ¶৪

বুধবাৰ, ৭ অক্টোবৰ

যিসকলে তোমালোকৰ মাজত নেতৃত্ব লয় আৰু যিসকলে তোমালোকক ঈশ্বৰৰ বাক্য শুনায়, তেওঁলোকক মনত ৰাখা।—ইব্ৰী ১৩:৭.

যিহোৱাই নিজৰ লোকসকলক যেতিয়া কিবা কাম দিয়ে, তেতিয়া সেই কাম ভালদৰে আৰু শৃংখলাবদ্ধভাৱে হোৱাটো তেওঁ বিচাৰে। (১ কৰি. ১৪:৩৩) উদাহৰণস্বৰূপে, গোটেই পৃথিৱীত তেওঁৰ ৰাজ্যৰ বিষয়ে জনোৱাটো যিহোৱাই বিচাৰে। (মথি ২৪:১৪) এই দায়িত্ব যিহোৱাই যীচুক দিছে। তেওঁ এই কাম ভালদৰে আৰু শৃংখলাবদ্ধভাৱে হʼবলৈ ধ্যান দিয়ে। প্ৰথম শতিকাত যিৰূচালেমত পাঁচনি আৰু প্ৰাচীনসকলৰ এটা সমূহ আছিল, যিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লৈছিল আৰু মণ্ডলীবোৰলৈ পঠিওৱা হৈছিল, যাতে তাত থকা প্ৰাচীনসকলে ভাই-ভনীসকলক ইয়াৰ বিষয়ে জনাই আৰু পৰামৰ্শ দিয়ে। (পাঁচ. ১৪:২৩; ১৫:২; ১৬:৪) ভাই-ভনীসকলে এই পৰামৰ্শবোৰ পালন কৰাৰ বাবে “মণ্ডলীবিলাক বিশ্বাসত দৃঢ় হৈ, দিনে দিনে লেখত বাঢ়ি গল।”—পাঁচ. ১৬:৫. w২৪.০৪ ৮ ¶১

বৃহস্পতিবাৰ, ৮ অক্টোবৰ

মৰিয়ম মগ্দলীনী শিষ্যসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক কʼলে, “মই প্ৰভুক দেখিলোঁ!”—যোহ. ২০:১৮.

নিচান ১৬-ৰ দিনাখন কিছুমান বিশ্বাসী তিৰোতাই যীচুৰ কবৰত আহে। (লূক ২৪:১, ১০) তেওঁলোকৰ মাজত মৰিয়ম মগ্দলীনীও আছিল। আহক তাইৰ বিষয়ে মন কৰোঁ। যেতিয়া মৰিয়ম কবৰলৈ আহে, তেতিয়া তাই কবৰখন খালী দেখে। তাই দৌৰি পিতৰ আৰু যোহনৰ ওচৰলৈ যায় আৰু তেওঁলোকক ইয়াৰ বিষয়ে জনায়। পাছত তেওঁলোকে দৌৰি কবৰলৈ আহে আৰু মৰিয়মো তেওঁলোকৰ পিছে পিছে আহে। যেতিয়া তেওঁলোকে দেখে যে সঁচাকৈ কবৰখন খালী আছে, তেতিয়া তেওঁলোকে নিৰাশ হয় আৰু ঘৰলৈ উভটি যায়। কিন্তু মৰিয়মে তাতে থিয় হৈ কান্দি থাকে। তাই এয়া জনা নাছিল যে এই সকলোবোৰ হৈ থকাটো যীচুৱে চাই আছে। মৰিয়মক কান্দি থকা দেখি যীচুৰ বৰ দুখ লাগিল। সেইবাবে, যীচুৱে তাইক দেখা দিলে। যীচুৱে মৰমেৰে তাইৰ লগত কথা পাতে আৰু তাইক উৎসাহিত কৰে। পাছত যীচুৱে মৰিয়মক এটা গুৰুত্বপূৰ্ণ কাম দিয়ে। যীচুক জীৱিত কৰা হʼল বুলি বাকী শিষ্যসকলক জনাবলৈ কʼলে।—যোহ. ২০:১৭, ১৮. w২৪.১০ ১৩ ¶৭

শুক্ৰবাৰ, ৯ অক্টোবৰ

মিচৰ দেশত মোৰ চিন আৰু অদ্ভুত লক্ষণ অধিকৰূপে প্ৰকাশ কৰিম।—যাত্ৰা. ৭:৩.

মোচি এজন ভৱিষ্যবক্তা, ন্যায়ী, সেনাপতি আৰু ইতিহাসবিদ আছিল। তেওঁ ইস্ৰায়েলী ৰাষ্ট্ৰৰ নেতৃত্ব লৈছিল আৰু তেওঁ ইস্ৰায়েলীসকলক মিচৰ দেশৰ দাসত্বৰ পৰা মুকলি কৰাইছিল। তেওঁ যিহোৱাৰ বহুতো চমৎকাৰ চাইছিল। যিহোৱাই মোচিক বাইবেলৰ প্ৰথম পাঁচখন কিতাপ লিখুৱাইছিল, লগতে গীতমালা ৯০ আৰু হয়তো ৯১-ও লিখুৱাইছিল। এনে লাগে যেন ইয়োবৰ কিতাপো মোচিয়েই লিখিছিল। মোচিয়ে নিজৰ মৃত্যুৰ কিছু সময়ৰ আগত ১২০ বছৰ বয়সত সকলো ইস্ৰায়েলীক একগোট কৰালে আৰু যিহোৱাই কৰা সকলো ভাল কামবোৰ তেওঁলোকক সোঁৱৰাই দিলে। যিসকল ইস্ৰায়েলীয়ে এই কথাবোৰ শুনি আছিল, তেওঁলোকৰ মাজৰ কিছুমানে সৰুতে যিহোৱাই কৰা চমৎকাৰবোৰ চাইছিল আৰু মিচৰীয়াসকলক যিহোৱাই কেনেকৈ শাস্তি দিছিল, সেয়াও চাইছিল। (যাত্ৰা. ৭:৪) যিহোৱাই কেনেকৈ চূফ সাগৰক দুভাগত ভাগ কৰিছিল আৰু তেওঁলোকে খোজকাঢ়ি পাৰ কৰিছিল, এই সকলো চমৎকাৰ তেওঁলোকে নিজ চকুৰে চাইছিল। পাছত সেই সাগৰতে মিচৰীয়াসকলক কেনেকৈ মাৰি পেলাইছিল সেয়াও চাইছিল। (যাত্ৰা. ১৪:২৯-৩১) ইয়াৰ উপৰিও, ৪০ বছৰলৈকে যিহোৱাই অৰণ্যত তেওঁলোকক সুৰক্ষা দিছিল আৰু যত্ন লৈছিল। (দ্বিতী. ৮:৩, ৪) এতিয়া তেওঁলোকে প্ৰতিজ্ঞা কৰা দেশত সোমোৱাৰ সময় আহি পৰিছিল। সেইবাবে, মোচিয়ে মৃত্যুৰ অলপ আগতে তেওঁলোকৰ উৎসাহ বঢ়াব বিচাৰিছিল। মোচিয়ে তেওঁলোকক কি কৈছিল, আহক এতিয়া তাৰ বিষয়ে চাওঁ। w২৪.১১ ৮-৯ ¶৩-৪

শনিবাৰ, ১০ অক্টোবৰ

যদি কোনোৱে এই আহাৰৰ পৰা খায়, তেওঁ সদায় জীয়াই থাকিব। . . . যি আহাৰ মই দিম, সেয়া মোৰ শৰীৰ হয়, যি মই মানুহৰ কাৰণে দিম যাতে তেওঁলোকে জীৱন পায়।—যোহ. ৬:৫১.

গালীলত যীচুৱে ভীৰক যি কথা কৈছিল, সেয়া এনে এটা সমূহৰ বাবে আছিল যিসকলক কোনেও গণিব নোৱাৰে। এয়া সেই দুয়োটা ঘটনাৰ মাজত আৰু এটা পাৰ্থক্য। যেতিয়া ৩২ খ্ৰীষ্টাব্দত যীচু গালীলত আছিল, তেতিয়া তেওঁ যি লোকসকলৰ লগত কথা পাতিছিল, তাৰে মাজৰ বেছি ভাগে আহাৰ পাবলৈ আশা কৰি তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু যীচুৱে তেওঁলোকক এয়া বুজাবলৈ চেষ্টা কৰিলে যে আহাৰত কৈয়ো উত্তম ব্যৱস্থা আছে। যীচুৱে তেওঁলোকক এনে এটা ব্যৱস্থা বিষয়ে জনালে যাৰ বাবে তেওঁলোকে অনন্ত জীৱন পাব পাৰে। যীচুৱে এয়াও কʼলে যে যি লোকসকলৰ মৃত্যু হৈ গৈছে, তেওঁলোকক শেষ দিনা হয়তো আকৌ জীয়াই তোলা হʼব আৰু তেওঁলোক সদায় জীয়াই থাকিব পাৰিব। গতিকে যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজত যি আশীৰ্বাদৰ বিষয়ে কৈছিল, সেয়া কেৱল বাছনি কৰা লোকসকলেহে পালেহেঁতেন, কিন্তু ইয়াত এনে এটা আশীৰ্বাদৰ বিষয়ে কৈছিল যি সকলোৱে পালেহেঁতেন। w২৪.১২ ১১ ¶১০-১১

দেওবাৰ, ১১ অক্টোবৰ

নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা।—কল. ৩:১৯.

মাৰ-পিট কৰা লোকসকলক যিহোৱাই ঘৃণা কৰে। (গীত. ১১:৫) যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত এইদৰে ব্যৱহাৰ কৰে, তেনেহʼলে যিহোৱাই কেতিয়াও সহ্য নকৰিব। (মলা. ২:১৬) যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনেহʼলে যিহোৱাৰ লগত তেওঁৰ যি সম্পৰ্ক আছে, সেয়া বেয়া হৈ যাব। ইয়াৰ লগতে যিহোৱাই হয়তো তেওঁৰ প্ৰাৰ্থনাও শুনিবলৈ বন্ধ কৰি দিব। (১ পিত. ৩:৭) কিছুমান স্বামীয়ে খঙত নিজৰ পত্নীৰ ওপৰত চিঞৰ-বাখৰ কৰে আৰু বেয়াকৈ কয়। কিন্তু যিহোৱাই “ঈৰ্ষা, খং, ক্ৰোধ, আনৰ ওপৰত চিঞৰা আৰু গালি-শপনি” এইবোৰ ঘৃণা কৰে। (ইফি. ৪:৩১, ৩২) যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰে আৰু তাই আঘাত পোৱাকৈ কথা কয়, তেনেহʼলে পত্নীৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে। ইয়াৰ লগতে যিহোৱাৰ লগত তেওঁৰ বন্ধুত্বও নাইকিয়া হʼব পাৰে। (যাকো. ১:২৬) ইয়াৰ উপৰিও যেতিয়া এজন স্বামীয়ে পৰ্ণগ্ৰাফী চায়, তেতিয়াও যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হয়। তেওঁ নিজৰ পত্নীকো অনাদৰ কৰাৰ দৰে হয়। স্বামীসকলে নিজৰ পত্নীৰ বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে। সেইবাবে, এজন বিশ্বাসী স্বামীয়ে কেতিয়াও আন তিৰোতাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখিব, আনকি এইদৰে কৰাৰ বিষয়ে চিন্তাও নকৰিব। যীচুৱেও কৈছিল যে যিজন ব্যক্তিয়ে কোনো তিৰোতাক এনে দৃষ্টিৰে চায়, যাৰ বাবে তেওঁৰ মনত বেয়া ইচ্ছা আহে, তেনেহʼলে তেওঁ নিজৰ ‘মনতে সেই তিৰোতা গৰাকীৰ লগত ব্যভিচাৰ কৰিলে।’—মথি ৫:২৮, ২৯. w২৫.০১ ৯-১০ ¶৬-৮

সোমবাৰ, ১২ অক্টোবৰ

এজন মানুহক . . . যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ কাৰণেহে ভাল মানুহ বুলি গণ্য কৰা হয়।—গালা. ২:১৬.

বাইবেলত এয়াও কোৱা হৈছে যে যিহোৱাৰ সেৱকসকলক ভাল ব্যক্তি বুলি গণ্য কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যিহোৱাই আমাৰ সকলো অভিযোগৰ পৰা আমাক মুকলি কৰিলে আৰু আমাৰ পাপ সম্পূৰ্ণৰূপে মচি দিলে। এইদৰে কৰাৰ যোগেদি যিহোৱাই নিজৰ ন্যায়ৰ মানদণ্ড উলংঘন কৰা নাছিল। তেওঁ আমাৰ পাপবোৰক আওকাণ কৰে বা আমি কিবা ভাল কাম কৰাৰ বাবে তেওঁ আমাক ভাল ব্যক্তি বুলি গণ্য কৰে, এনে নহয়। ইয়াৰ পৰিৱৰ্তে মুক্তিৰ মূল্য দিয়া হʼল আৰু আমি প্ৰায়শ্চিত্তৰ ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰোঁ, সেইবাবে যিহোৱাই আমাৰ ধাৰ বা পাপ ক্ষমা কৰে। (ৰোম. ৩:২৪) যিহোৱাই আমাক ভাল ব্যক্তি বুলি গণ্য কৰিছে, ইয়াৰ পৰা আমাৰ কি লাভ হয়? যিসকলক স্বৰ্গত যীচুৰ লগত শাসন কৰিবলৈ বাছনি কৰা হৈছে, তেওঁলোকক ঈশ্বৰে নিজৰ সন্তান বুলি কৈছে। (তীত ৩:৭; ১ যোহ. ৩:১) যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিলে। এয়া এনে হয় যেন তেওঁলোকৰ ওপৰত লগা সকলো অভিযোগৰ পৰা তেওঁলোকক মুক্ত কৰিলে। সেইবাবে, তেওঁলোকে স্বৰ্গত গৈ যীচুৰ লগত শাসন কৰিব পাৰিব। (ৰোম. ৮:১, ২, ৩০) যিসকলৰ এই পৃথিৱীতে জীয়াই থকাৰ আশা আছে, তেওঁলোককো যিহোৱাই ভাল ব্যক্তি বুলি গণ্য কৰিছে। যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিলে আৰু নিজৰ বন্ধু হʼবলৈ সুযোগ দিলে।—যাকো. ২:২১-২৩. w২৫.০২ ৫-৭ ¶১৭-১৮

মঙ্গলবাৰ, ১৩ অক্টোবৰ

কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।—মথি ১৬:২৩.

এতিয়া আহক চাওঁ যে এবাৰ পাঁচনি পিতৰে কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব নোৱাৰিলে। যীচুৱে নিজৰ পাঁচনিসকলক জনালে যে তেওঁক যিৰূচালেমলৈ যাব লাগিব, যʼত তেওঁক গ্ৰেপ্তাৰ কৰি ধৰ্মগুৰুসকলৰ হাতত গতাই দিয়া হʼব, তাড়না দিয়া হʼব আৰু তাৰ পাছত তেওঁক মাৰি পেলোৱা হʼব। (মথি ১৬:২১) কিন্তু যিহোৱাই যীচুক এইদৰে মৃত্যু হʼবলৈ দিব, এয়া বিশ্বাস কৰিবলৈ পিতৰৰ বাবে হয়তো কঠিন হৈছিল। কাৰণ তেওঁ জানিছিল যে যীচুৱেই প্ৰতিজ্ঞা কৰা খ্ৰীষ্ট হয়, যিজনে ঈশ্বৰৰ লোকসকলক বচাব। (মথি ১৬:১৬) সেইবাবে, পিতৰে তেওঁক অকলশৰীয়াকৈ নি কʼলে, “প্ৰভু, নিজৰ ওপৰত দয়া কৰক, আপোনাৰ লগত এইদৰে কেতিয়াও নহʼব।” (মথি ১৬:২২) এই বিষয়ত পিতৰৰ চিন্তাধাৰা যিহোৱাৰ দৰে নাছিল। সেইবাবে, যীচুৱে তেওঁৰ কথাত সন্মত নহʼল। পিতৰৰ উদ্দেশ্য হয়তো সঠিক আছিল, কিন্তু যীচুৱে তেওঁৰ পৰামৰ্শ নামানিলে। কাৰণ তেওঁ জানিছিল যে তেওঁ নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰিবলৈ দুখ-কষ্ট ভুগিব লাগিব আৰু মৰিবও লাগিব। এই ঘটনাৰ পৰা পিতৰে এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিলে যে তেওঁৰ চিন্তাধাৰা যিহোৱাৰ দৰে কৰিব লাগিব। এয়া আমাৰ বাবেও ভাল শিক্ষা হয়। w২৫.০৩ ৯ ¶৫-৬

বুধবাৰ, ১৪ অক্টোবৰ

যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।—গীত. ৩৪:১৮.

আপোনাৰ কোনো আপোনজনাই আপোনাৰ লগত বিশ্বাসঘাত কৰিছে নে, যাৰ বাবে আপুনি বহুত দুখ অনুভৱ কৰিছে? লোকসকলে আপোনাৰ লগত যিদৰেই ব্যৱহাৰ নকৰক কিয়, আপোনাৰ মৰমিয়াল পিতৃ যিহোৱাই আপোনাক বহুত প্ৰেম কৰে। যদি কোনোবাই আপোনাৰ লগত বিশ্বাসঘাত কৰিছে, তেনেহʼলে দায়ূদে লিখা এই কথাৰ পৰা আপুনি শান্ত্বনা লাভ কৰিব পাৰে।যি আজিৰ দৈনিক পাঠত লিখা আছে। এখন কিতাপত এই পদক এইদৰে বুজোৱা হৈছে, ‘খেদিত মনৰ যি লোকসকল’ বুলি কোৱা হৈছে, সেয়া এনে লোকসকলক চিত্ৰিত কৰে, যাৰ ওচৰত কোনো আশা নাই। যিহোৱাই এনে লোকসকলক কেনেকৈ সহায় কৰে? খন্তেকৰ বাবে চিন্তা কৰক, যেতিয়া এটি সন্তানে কান্দিবলৈ ধৰে, তেতিয়া তেওঁৰ মাক বা দেউতাকে তেওঁক লগে লগে কোলাত লৈ লয় আৰু ফুচলাব ধৰে। ঠিক সেইদৰে যেতিয়া কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে বা আমাক এৰি গুচি যায়, তেতিয়া যিহোৱা আমাৰ কাষত থাকে। তেওঁ জানে যে আমি কেনে দুখৰ মাজেৰে পাৰ হৈ আছোঁ আৰু তেওঁ লগে লগে আমাক সহায় কৰে। তেওঁ খেদিত মনৰ লোকসকলক শান্ত্বনা দিয়ে। ইয়াৰ উপৰিও, তেওঁ আমাক আশা দিছে আৰু ভৱিষ্যৰ বিষয়ে বহুতো প্ৰতিজ্ঞা কৰিছে, যাৰ বিষয়ে ভাবি আমি সমস্যাবোৰ সহিবলৈ সাহস লাভ কৰোঁ।—যিচ. ৬৫:১৭. w২৪.১২ ২৩ ¶১৩-১৪

বৃহস্পতিবাৰ, ১৫ অক্টোবৰ

‘যিহোৱাৰ পৰাই তোমালোকে পুৰস্কাৰ পাবা।’—কল. ৩:২৪.

মণ্ডলীৰ প্ৰাচীনসকলে সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমক ধ্যান দিয়ে আৰু তেওঁলোকৰ ভাল কামক মূল্যাংকন কৰে। সকলো প্ৰাচীনে সাক্ষাৎ কৰে, শিকাই আৰু প্ৰচাৰ কামত ভাগ লয়। কিছুমান প্ৰাচীনে নিৰ্মাণ কামত আৰু দুৰ্যোগ সাহায্য কামত ভাল লয়। আন কিছুমান প্ৰাচীনে ‘ৰোগীক সাক্ষাৎ কৰা সমূহ’ বা ‘চিকিৎসালয় যোগাযোগ সমিতিৰ’ বাবে কাম কৰে। এই প্ৰাচীনসকলে ভালদৰে জানে যে তেওঁলোকে মণ্ডলীৰ বাবে যি পৰিশ্ৰম কৰি আছে, সেয়া যিহোৱাৰ ফালৰ পৰা। সেইবাবে, তেওঁলোকে মনে-প্ৰাণে নিজৰ দায়িত্ব পূৰ কৰিব পাৰে আৰু তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমক ধ্যান দিয়ে আৰু তেওঁলোকক পুৰস্কাৰ দিব। (কল. ৩:২৩, ২৪) এয়া সঁচা যে মণ্ডলীত সকলোৱে প্ৰাচীন হʼব নোৱাৰে। কিন্তু আমি সকলোৱে যিহোৱাৰ বাবে কিবা নহয় কিবা কৰিব পাৰোঁ। যেতিয়া আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয় আৰু বিশ্ব জুৰিত হৈ থকা কামৰ বাবে আমি যিমানে দান নিদিও কিয়, সেয়া চাই যিহোৱা আনন্দিত হয়। লগতে যেতিয়া আমি আনৰ ভুলবোৰ আওকাণ কৰি তেওঁলোকক ক্ষমা কৰোঁ, তেতিয়াও তেওঁ বহুত আনন্দিত হয়। ভৰসা ৰাখক আপুনি যিহোৱাৰ বাবে যি কৰিব পাৰিছে, তাক তেওঁ মূল্যাংকন কৰে। যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপুনি যি পৰিশ্ৰম কৰি আছে, তাৰ পুৰস্কাৰ তেওঁ নিশ্চয় দিব।—লূক ২১:১-৪. w২৪.০৬ ২৩ ¶১২-১৩

শুক্ৰবাৰ, ১৬ অক্টোবৰ

তোমাৰ চিত্ত তাইৰ পথলৈ ঢাল নাখাওক, আৰু তুমি তাইৰ পথে বিপথগামী নহবা।—হিতো. ৭:২৫.

সেই ডেকাজনৰ লগত যি হৈছিল, সেয়া ঈশ্বৰৰ যিকোনো সেৱকৰ লগত হʼব পাৰে। হয়তো এজন খ্ৰীষ্টানে গভীৰ পাপ কৰাৰ পাছত তেওঁ ভাবিব পাৰে সকলোবোৰ হঠাতে হৈ গʼল। তেওঁ হয়তো কʼব, “নাজানোঁ এয়া কেনেকৈ হৈ গʼল।” কিন্তু তেওঁ যদি এই বিষয়ে ভালদৰে ভাবি চায়, তেনেহʼলে তেওঁ অনুভৱ কৰিব যে তেওঁ বুদ্ধিমত্তাৰে কাম কৰা নাছিল আৰু কিছুমান ভুল পদক্ষেপ লʼলে। যেনে, তেওঁ হয়তো এনে ব্যক্তিৰ লগত বন্ধুত্ব কৰিলে, যিসকলে যিহোৱাক প্ৰেম নকৰে বা এনে মনোৰঞ্জন কৰিলে, যি এজন খ্ৰীষ্টানৰ বাবে সঠিক নহয়। অথবা তেওঁ এনে ৱেবছাইট বা ঠাইত যাবলৈ ধৰিলে, যʼত এজন খ্ৰীষ্টানে যোৱাটো উচিত নহয়। তেওঁ হয়তো অনুভৱ কৰে যে তেওঁ প্ৰাৰ্থনা কৰিবলৈ, বাইবেল পঢ়িবলৈ, সভা আৰু প্ৰচাৰলৈ যাবলৈ এৰি দিছে। হিতোপদেশত কোৱা ডেকাজনৰ দৰে এই খ্ৰীষ্টানজনে সঠাতে পাপ কৰা নাছিল। তেওঁ কিছুমান ভুল পদক্ষেপ লৈছিল, যাৰ বাবে পাপ কৰিলে। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি পাপৰ পৰা আঁতৰি থকাৰ লগতে এনে কামবোৰৰ পৰাও আঁতৰি থাকিব লাগে, যিবোৰে আমাক পাপ কৰাব পাৰে। চলোমনে এই কথা বুজাইছিল।—মথি ৫:২৯, ৩০. w২৪.০৭ ১৬ ¶১০-১১

শনিবাৰ, ১৭ অক্টোবৰ

মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।—২ কৰি. ৪:৭.

এই ধন কি হয়? ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা। যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা আনক জনাওঁ, তেতিয়া তেওঁলোকে জীৱন পাব পাৰে। (২ কৰি. ৪:১) মাটিৰ পাত্ৰ কোন হয়? ঈশ্বৰৰ সেৱকসকল, যিসকলে আনক শুভবাৰ্ত্তা জনায়। প্ৰথম শতিকাৰ বেপাৰীসকলে মাটিৰ পাত্ৰত শস্য, দ্ৰাক্ষাৰস, টকা আৰু এনেধৰণৰ আন আন মূল্যৱান বস্তুবোৰ লৈ গৈছিল। ঠিক সেইদৰে যিহোৱাই মাটিৰ পাত্ৰক অৰ্থাৎ আমাক শুভবাৰ্ত্তা জনোৱাৰ দায়িত্ব দিছে, যি বহুত গুৰুত্বপূৰ্ণ। এই কাম ভালদৰে কৰিবলৈ যিহোৱাই আমাক নিশ্চয় সহায় কৰিব। যদি লোকসকলে আমাক খং কৰে বা আমাৰ বিৰোধ কৰে, তেতিয়া আমি কি কৰিম, আপুনিও এইদৰে চিন্তা কৰে নে? মন কৰক যেতিয়া পাঁচনিসকলক প্ৰচাৰ নকৰিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁলোকে কি কৰিলে। তেওঁলোকে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁলোকে নিৰ্ভয় হৈ “সাহেৰে কলে।” যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁলোকক সহায় কৰিলে। (পাঁচ. ৪:১৮, ২৯, ৩১) যদি আপোনাৰো লোকসকলৰ লগত কথা পাতিবলৈ কেতিয়াবা ভয় লাগে, তেনেহʼলে যিহোৱাক সহায় বিচাৰক যাতে লোকসকলৰ প্ৰতি আপোনাৰ প্ৰেম ইমানেই বাঢ়ে যে আপোনাৰ মনৰ পৰা তেওঁলোকৰ প্ৰতি থকা ভয় নাইকিয়া হৈ যায়। w২৪.০৪ ১৬ ¶৮-৯

দেওবাৰ, ১৮ অক্টোবৰ

হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক।—মথি ৬:৯.

আমি যিহোৱাক প্ৰেম কৰাৰ বাবে তেওঁৰ নামক পবিত্ৰ কৰিব বিচাৰোঁ। চয়তানে যিহোৱাৰ বিষয়ে মিছা কথা কৈছে আৰু তেওঁৰ নামৰ ওপৰত কলংক লগাইছে। সেইবাবে, আমি সেই কলংক নাইকিয়া কৰিব বিচাৰোঁ। (আদি. ৩:১-৫; ইয়ো. ২:৪; যোহ. ৮:৪৪) আমি সকলোকে জনাব বিচাৰোঁ যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, লগতে এয়াও যে তেওঁ এজন প্ৰেমী ঈশ্বৰ হয় আৰু তেওঁৰ শাসন কৰাৰ পদ্ধতিয়ে আটাইতকৈ উত্তম আৰু সঠিক। আমি লোকসকলক এয়াও জনাব বিচাৰোঁ যে অতি সোনকালে ঈশ্বৰে এই পৃথিৱীৰ সকলো দুখ-কষ্ট নাইকিয়া কৰি দিব আৰু চাৰিওফালে শান্তি আৰু সুৰক্ষা হʼব। (গীত. ৩৭:১০, ১১, ২৯; ১ যোহ. ৪:৮) এই কথাবোৰ জনোৱাৰ যোগেদি আমি যিহোৱাৰ পক্ষ লওঁ আৰু তেওঁৰ নামৰ মহিলা কৰোঁ। আমি আনন্দিত যে যিহোৱাই আমাক যি নাম দিছে, সেই অনুসৰি আমি কাম কৰিছোঁ। w২৪.০৫ ১৮ ¶১২

সোমবাৰ, ১৯ অক্টোবৰ

কিন্তু যেতিয়া তুমি ভোজৰ আয়োজন কৰা, তেতিয়া তুমি দুখীয়া, খোৰা, অন্ধ আৰু আন বিকলাংগসকলক মাতিবা। তেতিয়া তুমি আনন্দিত হʼবা, কিয়নো তোমাক ঘূৰাই দিবলৈ তেওঁলোকৰ ওচৰত একোৱেই নাই। যেতিয়া ভাল মানুহক আকৌ জীয়াই তোলা হʼব, তেতিয়া তুমি ইয়াৰ পুৰস্কাৰ পাবা।—লূক ১৪:১৩, ১৪.

ভাইসকল, আপুনি “অতিথি-সৎকাৰ কৰা” ব্যক্তি হয় বুলি কেনেকৈ দেখুৱাব পাৰে? আনৰ বাবে ভাল কাম কৰক, সেই লোকসকলৰ বাবেও যিসকল আপোনাৰ ভাল বন্ধু নহয়। (১ পিত. ৪:৯) বাইবেলৰ এখন শব্দকোষে অতিথি-সৎকাৰ কৰা ব্যক্তিৰ বিষয়ে এইদৰে কৈছে, “তেওঁ অচিনাকী লোকসকলৰ বাবে নিজৰ ঘৰৰ দুৱাৰ খোলাৰ লগতে নিজৰ হৃদয়ো খোলে। সেইবাবে, নিজকে সোধক, ‘মই মণ্ডলীত নতুনকৈ অহা লোকসকলক আদৰণি জনাওঁ বুলি সকলোৱে জানে নে?’ (ইব্ৰী ১৩:২, ১৬) অতিথি-সৎকাৰ কৰা ব্যক্তিয়ে নিজৰ ওচৰত যি থাকে, সেইবোৰ আনক দিয়ে। সেই লোকসকলকো যিসকল দুখীয়া হয় আৰু যিসকলে যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰে, যেনে: চাৰ্কিট ওভাৰচিয়াৰ আৰু আলহী বক্তাসকলক।—আদি. ১৮:২-৮; হিতো. ৩:২৭; পাঁচ. ১৬:১৫; ৰোম. ১২:১৩. w২৪.১১ ২১ ¶৬

মঙ্গলবাৰ, ২০ অক্টোবৰ

যি কেইজনী কন্যা সাজু আছিল, তেওঁলোকে দৰাৰ লগত বিয়াৰ ঘৰত সোমাল।—মথি ২৫:১০.

কন্যাৰ উদাহৰণত যীচুৱে কৈছিল যে দহজনী কন্যাই দৰাক লগ কৰিবলৈ গৈছিল। (মথি ২৫:১-৪) তেওঁলোকে দৰাৰ লগত বিয়া ঘৰত যাব বিচাৰিছিল। যীচুৱে তেওঁলোকৰ মাজৰ পাঁচজনীক “বুদ্ধিমান” আৰু পাঁচজনীক “মুৰ্খ” বুলি কৈছিল। বুদ্ধিমান কন্যাই সকলো সাজু কৰি আনিছিল আৰু তেওঁলোকে সতৰ্ক আছিল। তেওঁলোকে যেতিয়ালৈকে দৰা নাহে, তেতিয়ালৈকে অপেক্ষা কৰিবলৈ সাজু আছিল। তেওঁলোকে নিজৰ লগতে চাকি আৰু পাত্ৰত তেলো নিছিল, যাতে আন্ধাৰত তেওঁলোকে পোহৰ পাব পাৰে আৰু তেওঁলোকৰ চাকি নুমাই নাযায়। (মথি ২৫:৬-১০) তাৰ পাছত যেতিয়া দৰা আহিল, তেতিয়া তেওঁলোকে দৰাৰ লগত বিয়া ঘৰলৈ গʼল। ঠিক সেইদৰে, অভিষিক্ত খ্ৰীষ্টানসকলে মচীহ অহালৈকে জাগি থাকিলে আৰু বিশ্বাসী হৈ থাকিলে, দৰাই অৰ্থাৎ যীচু খ্ৰীষ্টই তেওঁলোকক স্বৰ্গলৈ লৈ যাব, যʼত তেওঁলোকে শাসন কৰিব।—প্ৰকা. ৭:১-৩. w২৪.০৯ ২১ ¶৬

বুধবাৰ, ২১ অক্টোবৰ

চোৱা মই কি দেখিলোঁ! সকলো ৰাষ্ট্ৰৰ . . . মাজৰ পৰা ওলোৱা এটা ডাঙৰ ভীৰ।—প্ৰকা. ৭:৯.

আজি গোটেই পৃথিৱীত বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰি আছে আৰু এয়া চাই আমি উৎসাহেৰে প্ৰচাৰ কৰোঁ। প্ৰতি বছৰে কোটি কোটি লোকে স্মৰণীয় দিনত উপস্থিত হয় আৰু আমাৰ লগত বাইবেল অধ্যয়ন কৰে। লাখ লাখ লোকে বাপ্তিষ্মা লৈ আমাৰ লগত প্ৰচাৰ কৰিবলৈ ধৰে। আমি এয়া নাজানোঁ যে আৰু কিমান সংখ্যক লোকে শুভবাৰ্তা গ্ৰহণ কৰিব। কিন্তু আমি জানোঁ যে যিহোৱাই ডাঙৰ ভীৰক একগোট কৰি আছে, যিসকলে মহা সংকটৰ পৰা বাছি ওলাই আহিব। (প্ৰকা. ৭:৯, ১৪) খেতিৰ মালিকৰ সম্পূৰ্ণ বিশ্বাস আছে যে এতিয়া আৰু বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰিব। গতিকে আহক আমি উৎসাহেৰে প্ৰচাৰ কৰি থাকোঁ! (লূক ১০:২) যীচুৰ শিষ্যসকলে সদায় উৎসাহেৰে প্ৰচাৰ কৰিলে। প্ৰথম শতিকাৰ লোকসকলে যেতিয়া দেখিলে যে যীচুৰ পাচঁনিসকলে সাহসেৰে প্ৰচাৰ কৰি আছে, তেতিয়া “তেওঁলোকে জানিব পাৰিলে যে এওঁলোক যীচুৰ লগত থাকিছিল।” (পাঁচ. ৪:১৩) আহক, আমিও তেওঁলোকৰ দৰে সাহসেৰে আৰু উৎসাহেৰে প্ৰচাৰ কৰি থাকোঁ। তেতিয়া লোকসকলে আমাকো চাই কʼব যে আমি যীচুৰ শিষ্য হওঁ। w২৫.০৩ ১৮ ¶১৫; ১৯ ¶১৭-১৮

বৃহস্পতিবাৰ, ২২ অক্টোবৰ

হে যিহোৱা, তুমি যে মানুহৰ বুজ-বিচাৰ লোৱা, মানুহ নো কি?—গীত. ১৪৪:৩.

বাইবেলৰ পৰা জানিব পাৰি যে যিসকল লোকক আন লোকসকলে, একেবাৰে সাধাৰণ বা সৰু বুলি ভাবে, তেওঁলোকৰ ওপৰতো যিহোৱাই ধ্যান দিয়ে। এয়া বুজিবলৈ এটা ঘটনালৈ মন কৰক। ইস্ৰায়লৰ পৰৱৰ্তী ৰজা বাছনি কৰিবলৈ যিহোৱাই ভৱিষ্যবক্তা চমূৱেলক যিচয়ৰ ঘৰলৈ পঠিয়াইছিল। যিচয়ে নিজৰ সাতজন লʼৰাক চমূৱোলৰ ওচৰত থিয় কৰালে, কিন্তু তেওঁৰ সৰু লʼৰা দায়ূদক তেওঁৰ ওচৰলৈ নানিলে। কিন্তু যিহোৱাই দায়ূদক ৰজা বাছনি কৰিলে। (১ চমূ. ১৬:৬, ৭, ১০-১২) কিয় বাৰু? কিয়নো যিহোৱাই দায়ূদৰ হৃদয় চালে। তেওঁ মন কৰিলে যে দায়ূদে যিহোৱাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁক ৰজা বাছনি কৰিলে।যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে বুলি কেনেকৈ দেখুৱাই তালৈ ধ্যান দিয়ক। তেওঁ আপোনাৰ প্ৰয়োজনৰ অনুসৰি আপোনাক পৰামৰ্শ দিয়ে। (গীত. ৩২:৮) চিন্তা কৰক, তেওঁ আপোনাৰ বিষয়ে নজনা হʼলে তেওঁ আপোনাক কেনেকৈ পৰামৰ্শ দিলেহেঁতেন? (গীত. ১৩৯:১) যেতিয়া আপুনি তেওঁ দিয়া পৰামৰ্শবোৰ পালন কৰে আৰু চাই যে তাৰ পৰা আপোনাৰ কিমান লাভ হৈছে, তেতিয়া আপোনাৰ সম্পূৰ্ণ বিশ্বাস হয় যে যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে আৰু আপোনাক বহুত মূল্যৱান বুলি ভাবে। (১ বং. ২৮:৯; পাঁচ. ১৭:২৬, ২৭) আপুনি তেওঁৰ সেৱাত যি পৰিশ্ৰম কৰে, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। তেওঁ আপোনাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে আৰু আপোনাৰ বন্ধু হʼব বিচাৰে।—যিৰি. ১৭:১০. w২৪.১০ ২৫-২৬ ¶৭-৯

শুক্ৰবাৰ, ২৩ অক্টোবৰ

তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। কাৰণ সিহঁত ৰখীয়া নোহোৱা ভেড়াৰ দৰে আছিল।—মাৰ্ক ৬:৩৪.

আপুনি নিশ্চয় যিহোৱাক বহুত প্ৰেম কৰে আৰু আনক সহায় কৰিব বিচাৰে। এনে পৰিস্থিতিত আনক সহায় কৰাৰ ইচ্ছা বঢ়াবলৈ আপুনি কি কৰিব পাৰে? চিন্তা কৰক, ভাই-ভনীসকলক সহায় কৰিলে কিমান আনন্দ পোৱা যায়। যীচুৱে কৈছিল, “লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।” (পাঁচ. ২০:৩৫) যীচুৱে এইদৰে কৰিও দেখুৱালে। তেওঁ আনক সহায় কৰি বহুত আনন্দিত হৈছিল। এটা উদাহৰণলৈ মন কৰক, যি মাৰ্ক ৬:৩১-৩৪ পঢ়িবলৈ পোৱা যায়। এবাৰ যীচু আৰু তেওঁৰ পাঁচনিসকলে বহুত ভাগৰি পৰিছিল আৰু নিজান ঠাইত গৈ আৰাম কৰিব বিচাৰিছিল। কিন্তু লোকসকলে তেওঁলোকক যোৱা দেখা পালে আৰু লোকসকলে তেওঁলোকতকৈ আগতে সেই ঠাইত পালেগৈ। তেওঁলোকে আশা কৰিছিল যে যীচুৱে তেওঁলোকক কিবা শিকাব। যীচুৱে বিচৰা হʼলে তেওঁলোকক মানা কৰিব পাৰিলেহেঁতেন। কাৰণ যীচু আৰু পাঁচনিসকলে ‘আহাৰ খাবলৈও সুযোগ পোৱা নাছিল।’ অথবা কিছুমান কথা শিকাই তেওঁলোকক পঠাই দিব পাৰিলেহেঁতেন। তেওঁ এইদৰে নকৰিলে, কাৰণ যীচুৱে তেওঁলোকক হৃদয়েৰে প্ৰেম কৰিছিল। সেইবাবে, “তেওঁলোকক তেওঁ বহুতো কথা শিকাবলৈ ধৰিলে” আৰু ‘গধূলিলৈকে’ তেওঁলোকক শিকাই থাকিল।—মাৰ্ক ৬:৩৫. w২৪.১১ ১৬ ¶৯-১০

শনিবাৰ, ২৪ অক্টোবৰ

তোমালোকৰ কাৰ্য্যৰ পুৰস্কাৰ দিয়া যাব।—২ বং. ১৫:৭.

পিতৃ-মাতৃসকল বাইবেলৰ সত্যতাবোৰ আনক জনাবলৈ সুযোগ বিচাৰি থাকিবলৈ নিজৰ সন্তানক উৎসাহিত কৰক। (ৰোম. ১০:১০) নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাটো সৰু লʼৰা-ছোৱালীয়ে খোজকঢ়াৰ দৰে হয়। যেতিয়া কোনো সৰু লʼৰা বা ছোৱালীয়ে খোজকাঢ়িবলৈ শিকে, তেতিয়া আৰম্ভণিতে তেওঁ থিয় হʼবলৈ শিকে আৰু তাৰ পাছত সৰু সৰু খোজ দিয়ে। ঠিক সেইদৰে কোনো ডেকাই আৰম্ভণিতে নিজৰ বিশ্বাসৰ বিষয়ে আনক কিছুমান সহজ কথা জনায়। যেনে, তেওঁ স্কুলত কোনো লʼৰা-ছোৱালীক সুধিব পাৰে, “তুমি জানা নে ইঞ্জিনিয়াৰসকলে প্ৰায়ে প্ৰকৃতিৰ বস্তুবোৰ চাই ডিজাইন বনায়? আহা তোমাক মই এখন ভাল ভিডিঅʼ দেখুৱাও।” তাৰ পাছত ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ধাৰাবাহিকৰ এখন ভিডিঅʼ দেখুৱাই তেওঁক প্ৰশ্ন সুধিব পাৰে, “প্ৰকৃতিৰ বস্তুবোৰৰ গঠন চাই যেতিয়া বৈজ্ঞানিকসকলে কিবা নতুন বস্তু বনায়, তেতিয়া সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰে। গতিকে প্ৰকৃতিৰ বস্তুবোৰৰ বাবে কোনে প্ৰশংসা পোৱা উচিত?” এই কথা-বতৰাৰ পৰা হয়তো সেই লʼৰা বা ছোৱালীজনীৰ আৰু বেছিকৈ জানিবলৈ মন যাব। w২৪.১২ ১৯ ¶১৭-১৮

দেওবাৰ, ২৫ অক্টোবৰ

এজন মানুহৰ পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল।—ৰোম. ৫:১২.

আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ যিহোৱাই মুক্তিৰ মূল্যৰ ব্যৱস্থা কৰিলে আৰু যীচুক এই পৃথিৱীত পঠিয়ালে। কিন্তু এজন সিদ্ধ মানুহৰ বলিদানৰ পৰা লাখ লাখ মানুহে কেনেকৈ জীৱন পাব পাৰে? পাঁচনি পৌলে এইদৰে কৈছে, “যিদৰে এজন মানুহে আজ্ঞা পালন নকৰাৰ কাৰণে বহুতো লোক পাপী হʼল, ঠিক সেইদৰে এজন মানুহে আজ্ঞা পালন কৰাৰ কাৰণে বহুতো লোক ভাল মানুহ বুলি গণিত হʼব।” (ৰোম. ৫:১৯; ১ তীম. ২:৬) আন কথাত কʼবলৈ গʼলে এজন সিদ্ধ মানুহৰ ভুলৰ বাবে সকলো মানুহৰ লোকচান হʼল, গতিকে তাৰ ক্ষতিপূৰণ কৰিবলৈও এজন সিদ্ধ মানুহে আজ্ঞা পালন কৰিব লাগিব। যিহোৱাই বিষয়টো এনেই এৰি দিব নোৱাৰিলেহেঁতেন নে? তেওঁ আদমৰ বিশ্বাসী সন্তানসকলক অনন্ত জীৱন জীয়াই থকাৰ সুযোগ দিব নোৱাৰিলেহেঁতেন নে? অসিদ্ধ হোৱাৰ বাবে আমাৰ হয়তো লাগিব পাৰে যে যিহোৱাই এইদৰে কৰা হʼলে কিমান ভাল আছিল। কিন্তু যিহোৱাই এইদৰে কৰা হʼলে এয়া তেওঁৰ ন্যায় সিদ্ধান্তৰ অনুসৰি নহʼলহেঁতেন। এয়া এনে হʼলহেঁতেন যেন তেওঁ আদমৰ পাপ আওকাণ কৰিছে। কিন্তু যিহোৱাই এইদৰে কেতিয়াও নকৰে। কাৰণ তেওঁ সদায় ন্যায় কৰে। w২৫.০১ ২১ ¶৩-৪

সোমবাৰ, ২৬ অক্টোবৰ

আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ।—২ কৰি. ৫:৭.

পাঁচনি পৌলক অলপতে মাৰি পেলোৱা হʼব বুলি তেওঁ জানিছিল। তথাপিও তেওঁ যিদৰে জীৱন-যাপন কৰিলে, তাৰ বিষয়ে মনত পেলাই তেওঁ আনন্দিত আছে। তেওঁ এইদৰে কৈছে, “মই নিজৰ দৌৰ সম্পূৰ্ণ কৰিলোঁ, মই বিশ্বাসক ধৰি ৰাখিছোঁ।” (২ তীম. ৪:৬-৮) পৌলে যিহোৱাৰ সেৱা কৰাৰ ভাল নিৰ্ণয় লʼলে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ এই নিৰ্ণয়ৰ পৰা যিহোৱা আনন্দিত আছে। আমিও ভাল নিৰ্ণয় লʼব বিচাৰোঁ যাতে যিহোৱা আমাৰ পৰা আনন্দিত হয়। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? পৌলে নিজৰ বিষয়ে আৰু আন বিশ্বাসী খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল, “আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ।” বাইবেলত বহু বাৰ যেতিয়া ‘চলাৰ’ কথা আহে, তেতিয়া সাধাৰণতে এজন ব্যক্তিয়ে কেনেধৰণৰ জীৱন-যাপন কৰে, তাক বুজোৱা হয়। কিন্তু বিশ্বাসেৰে চলা ব্যক্তিয়ে যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু যিকোনো নিৰ্ণয় লোৱাৰ আগতে সেই বিষয়ে যিহোৱাই কি ভাবে, তালৈ মন কৰে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস থাকে যে বাইবেলত যিহোৱাই যি কৈছে, সেইবোৰ পালন কৰিলে তেওঁৰেই লাভ হʼব। ইয়াৰ উপৰিও আগলৈ গৈ যিহোৱাই তেওঁক পুৰস্কাৰো দিব।—গীত. ১১৯:৬৬; ইব্ৰী ১১:৬. w২৫.০৩ ২০ ¶১-২

মঙ্গলবাৰ, ২৭ অক্টোবৰ

নিজকে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিবলৈ নিজৰ চিন্তাধাৰা সলনি কৰা।—ৰোম. ১২:২.

বহুতো ভাই-ভনী আগতে হিংসাত্মক কাম কৰিছিল। কিন্তু ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত তেওঁলোকে সাল-সলনি কৰিব পাৰিলে। (যিচ. ৬৫:২৫) তেওঁলোকে নিজৰ বেয়া ইচ্ছাক দমন কৰিলে। (ইফি. ৪:২২-২৪) এইবোৰ কৰাৰ সত্ত্বেও যিহোৱাৰ উপাসকসকলৰ পৰা ভুল হয়। কিন্তু যিহোৱাই ‘সকলো মানুহক’ একতাৰ বান্ধোনত বান্ধিছে, সেইবাবে তেওঁলোকৰ মাজত প্ৰকৃত প্ৰেম আৰু শান্তি আছে। (তীত ২:১১) এনেধৰণৰ আচৰিত কাম কেৱল সৰ্ব্বশক্তিমান ঈশ্বৰেহে কৰিব পাৰে। যিহোৱাই কোৱা কথা পূৰ নোহোৱাকৈ নাথাকে। (যিচ. ৫৫:১০, ১১) বৰ্তমান সময়ত আমি তেওঁৰ কথা পূৰ হোৱা দেখিবলৈ পাইছোঁ আৰু প্ৰমোদবনৰ দৰে পৰিৱেশত জীয়াই আছোঁ। যিহোৱাই আমাক এনে এক পৰিয়াল দিছে, যʼত আমি শান্তি আৰু সুৰক্ষা লাভ কৰোঁ। এই পৰিয়াল মৰুভূমিৰ দৰে এই জগতৰ মাজত হোৱা ধুনীয়া বাগিচাৰ দৰে হয়। (গীত. ৭২:৭) সেইবাবে, আমি যিমান পাৰোঁ সিমান লোকক এই পৰিয়ালৰ সদস্য হʼবলৈ সহায় কৰিব বিচাৰোঁ। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? উৎসাহেৰে প্ৰচাৰ কামত ভাল লোৱাৰ যোগেদি।—মথি ২৮:১৯, ২০. w২৪.০৪ ২৩ ¶১৩, ১৫

বুধবাৰ, ২৮ অক্টোবৰ

খ্ৰীষ্টৰ দৰে চিন্তাধাৰা আমাৰো আছে।—১ কৰি. ২:১৬.

যীচুৱে নিজৰ সম্পূৰ্ণ মগজুৰে যিহোৱাক প্ৰেম কৰিছিল। তেওঁ জানিছিল যে তেওঁৰ বাবে ঈশ্বৰৰ ইচ্ছা কি আৰু এই ইচ্ছা পূৰ কৰিবলৈ তেওঁ বহুতো কষ্ট ভুগিবলগীয়া হʼব। তথাপিও তেওঁ এয়া পূৰ কৰিবলৈ সাজু আছিল। তেওঁ নিজৰ সম্পূৰ্ণ ধ্যান নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰাত লগাইছিল আৰু ইয়াক পূৰ কৰাত কোনো বস্তুক বাধা দিবলৈ নিদিলে। পিতৰ আৰু আন পাঁচনিসকলে যীচুৰ লগত সময় অতিবাহিত কৰাৰ ভাল সুযোগ পালে আৰু যীচুৱে কিদৰে চিন্তা কৰে, তাৰ বিষয়ে শিকিবলৈ পালে। যেতিয়া পিতৰে ঈশ্বৰৰ প্ৰেৰণাৰে প্ৰথম চিঠিখন লিখিলে, তেতিয়া তেওঁ খ্ৰীষ্টৰ দৰে চিন্তাধাৰা আৰু দৃষ্টিভংগী ৰাখিবলৈ খ্ৰীষ্টানসকলক উৎসাহিত কৰিলে। (১ পিত. ৪:১) যি গ্ৰীক শব্দৰ অনুবাদ “সাজু থাকা” বুলি কৰা হৈছে, সেয়া এনে এজন সৈনিকৰ বাবে ব্যৱহাৰ হৈছিল, যিজনে নিজৰ অস্ত্ৰ-শস্ত্ৰ লৈ যুদ্ধত যাবলৈ সাজু আছে। ঠিক সেইদৰে যদি এজন খ্ৰীষ্টানে যীচুৰ দৰে চিন্তাধাৰা আৰু দৃষ্টিভংগী ৰাখে, তেতিয়া এয়া এনে হয় যেন তেওঁ অস্ত্ৰ-শস্ত্ৰ লৈ নিজৰ বেয়া ইচ্ছা আৰু জগতৰ ৰজা চয়তানৰ লগত যুদ্ধ কৰিবলৈ সাজু আছে।—২ কৰি. ১০:৩-৫; ইফি. ৬:১২. w২৫.০৩ ৮-৯ ¶১-৩

বৃহস্পতিবাৰ, ২৯ অক্টোবৰ

মানুহৰ মনৰ কল্পনা গভীৰ জলৰ নিচিনা; কিন্তু বুদ্ধিমানে তাক উলিয়াব পাৰে।—হিতো. ২০:৫.

আপুনি যাৰ লগত ডেটিং কৰি আছে, তেওঁৰ বিষয়ে কি কি কথা জনাটো গুৰুত্বপূৰ্ণ? তেওঁৰ প্ৰেমত পৰাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব পাৰে। যেনে, তেওঁৰ লক্ষ্য কি? যদি আপুনি কাৰোবাৰ লগত ডেটিং কৰি আছে, তেনেহʼলে তেওঁ কেনেধৰণৰ ব্যক্তি হয়, এয়া আপুনি কেনেকৈ জানিব পাৰে? এজনে-আনজনৰ লগত খুলি কথা পাতক, প্ৰশ্ন সোধক আৰু মনোযোগেৰে শুনক। (যাকো. ১:১৯) বেছিকৈ কথা পতাৰ সুযোগ পোৱা কাম কৰক। যেনে, একেলগতে আহাৰ খাব পাৰে, ফুৰিবলৈ যাব পাৰে আৰু প্ৰচাৰ কৰিব পাৰে। এজনে-আনজনক আৰু ভালদৰে জানিবলৈ আপুনি বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ লগত একেলগে সময় কটাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে একেলগে মিলি এনে কিছুমান কাম কৰক, যাতে আপুনি জানিব পাৰে যে বেলেগ বেলেগ পৰিস্থিতিত তেওঁ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে। w২৪.০৫ ২৭-২৮ ¶৬-৭

শুক্ৰবাৰ, ৩০ অক্টোবৰ

ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা।—ইফি. ৫:১.

ভৱিষ্যতে আমি আৰু বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব আৰু তেতিয়া আমি যিহোৱাৰ ওপৰত আগতকৈ বেছি ভৰসা কৰাৰ প্ৰয়োজন হʼব। বাইবেলত যিসকল বিশ্বাসী সেৱকৰ ঘটনা উল্লেখ আছে আৰু আজি যিসকল সেৱকৰ অনুভৱ প্ৰকাশিত কৰা হয়, তেওঁলোকৰ উদাহৰণৰ ওপৰত মনন কৰিলে জানিব পাৰিম যে যিহোৱাই কেনেকৈ তেওঁলোকৰ বাবে শিলাৰ দৰে হৈছিল। যিহোৱাই কেনেকৈ তেওঁলোকক সহায় কৰিলে আৰু যত্ন লʼলে। এইদৰে কৰিলে আপুনিও যিহোৱাক নিজৰ শিলা বনাব পাৰিব। লগতে আপুনি এনে গুণবোৰ বঢ়াব পাৰিব, যিয়ে মণ্ডলীৰ ভাই-ভনীসকলক মজবুত কৰিব পাৰে। যীচুৱে নিজৰ শিষ্য চিমনক “কৈফা” নাম দিছিল (গ্ৰীক ভাষাত পিতৰ) যাৰ অৰ্থ হৈছে “শিলাৰ টুকুৰা।” (যোহ. ১:৪২) পিতৰে আগলৈ গৈ মণ্ডলীৰ আন লোকসকলক শান্ত্বনা দিলেহেঁতেন আৰু তেওঁলোকক মজবুত কৰিলেহেঁতেন। সেইবাবে, যীচুৱে তেওঁক সেই নাম দিছিল। বাইবেলত প্ৰাচীনসকলৰ বিষয়েও কোৱা হৈছে যে তেওঁলোকে “বৃহৎ শিলৰ ছাঁ যেন হব” অৰ্থাৎ তেওঁলোকে মণ্ডলীৰ ভাই-ভনীসকলৰ ৰক্ষা কৰিব। (যিচ. ৩২:২) প্ৰাচীনসকলৰ উপৰিও আমিও এইদৰে পাৰোঁ আৰু আমাৰ শিলা যিহোৱাৰ দৰে হʼব পাৰোঁ। w২৪.০৬ ২৮ ¶১০-১১

শনিবাৰ, ৩১ অক্টোবৰ

কেৱল তেওঁকে উপাসনা কৰাটো যিহোৱাই বিচাৰে।—দ্বিতী. ৪:২৪, NW.

ইস্ৰায়েলৰ যিসকল ৰজাই সত্য উপাসনাক সহযোগ কৰিছিল, যিহোৱাই তেওঁলোকক বিশ্বাসী বুলি কৈছিল। কিন্তু বেছি ভাগ ৰজাই যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। তেওঁলোকে মিছা দেৱী-দেৱতাবিলাকক উপাসনা কৰিবলৈ যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে। (১ ৰাজা. ২১:২৫, ২৬; ২ বং. ১২:১) সকলোৱে কেৱল যিহোৱাৰ উপাসনা কৰা উচিত, এই কথা যিহোৱাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ? ৰজাসকলৰ বিষয়ে কʼবলৈ গʼলে লোকসকলক সত্য উপাসনা কৰিবলৈ উৎসাহিত কৰাটো তেওঁলোকৰ দায়িত্ব আছিল। কিন্তু ৰজাসকলে যদি এইদৰে নকৰে, তেনেহʼলে লোকসকলে মিছা উপাসনা কৰিবলৈ ধৰিলেহেঁতেন। ইয়াৰ আৰু বেয়া পৰিণাম হʼলহেঁতেন। যেনে, লোকসকলে ডাঙৰ ডাঙৰ পাপ কৰিলেহেঁতেন আৰু এজনে-আনজনৰ লগত বেয়া ব্যৱহাৰ কৰিলেহেঁতেন। (হোচে. ৪:১, ২) মন কৰক, ৰজা আৰু প্ৰজাসকল যিহোৱাৰ সমৰ্পিত লোক আছিল। যদি তেওঁলোকে যিহোৱাক এৰি মিছা দেৱী-দেৱতাক উপাসনা কৰিবলৈ ধৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ লগত বিশ্বাসঘাত কৰাৰ দৰে হʼলহেঁতেন। (যিৰি. ৩:৮, ৯) যেতিয়া এজন পতি বা পত্নীয়ে নিজৰ সংগীৰ লগত বিশ্বাসঘাত কৰে, তেতিয়া তেওঁৰ সংগীজনক বহুত দুখ লাগে। ঠিক সেইদৰে, যেতিয়া যিহোৱাৰ সমৰ্পিত সেৱক এজনে তেওঁক এৰি আন দেৱী-দেৱতাবিলাকৰ উপাসনা কৰিবলৈ ধৰে, তেতিয়া যিহোৱাকো বহুত দুখ লাগে।—দ্বিতী. ৪:২৩. w২৪.০৭ ২২-২৩ ¶১২-১৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2026 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক